সৰুতে খেলিছিলো তোৰ পদূলিত গুদ-গুদ…

সৰুতে খেলিছিলো তোৰ পদূলিত গুদ-গুদ…

মৃদুল কুমাৰ সন্দিকৈ

কিমান যে খেল আমাৰ মাজৰ পৰা হেৰাই গ'ল। সেই পৰম্পৰাগত খেলবোৰে এটা জাতি-জনগোষ্ঠীৰ পৰিচয় আছিল। অসমত বহু জনপ্ৰিয় পৰম্পৰাগত খেল এতিয়া নামতহে আছেগৈ। সেইবোৰ খেলা মানুহ নাই।

সৰুতে মাৰ্বল লৈ তিনিআলি-চাৰিআলিত খেলাৰ মাদকতাই আছিল পৃথক। স্কুলৰ পৰা আহি আবেলি মাৰ্বল গুটি জেপত লৈ সংগীসকলৰ সৈতে খেলা সেই দিনবোৰ এতিয়া অতীত হ'ল। আজিৰ ল'ৰাই কাৰ্টুন চাই, মাৰ্বল খেলিবলৈ আজৰি ক'ত?

মনলৈ উভতি আহে ল'ৰালি মাৰ্বলবোৰ দেখিলে… (ফটোঃ গুগ'লৰ সৌজন্যত)

ব'হাগ বিহুত কণীযুঁজ হৈছিল। সিও আছিল এক খেল। সেই পৰম্পৰা এতিয়া বহু স্থানত আছে যদিও, সেয়া প্ৰায় বিলুপ্তিৰ পথত। পূৰ্বৰ দৰে সেই কণীযুঁজৰ আমোদ আৰু আমেজ এতিয়া নাই। কিন্তু এটা সময় আছিল, বহাগ বিহুৰ সময়ত উজনিৰ ফালে কণীযুঁজ হৈছিল।

কণীযুঁজ এতিয়াও পৰম্পৰা হৈয়ে আছে ব'হাগ বিহুত…

আমি শৈশৱতে খেলা সেই খেলবোৰৰ উপৰিও আমাৰ দেউতা, ককা, আজুককাহঁতে আন বহু খেল খেলিছিল। যিবোৰ খেলৰ কথা আমি এতিয়া শুনিছোহে। অসমৰ বহু স্থানত অতীতে খেলা এক জনপ্ৰিয় খেল আছিল টাং-গুটি।

বিশেষকৈ গৰু চৰাবলৈ যোৱা সময়ত এই খেল আছিল গৰখীয়া সকলৰ মাজত অতি জনপ্ৰিয়। এডাল বাহৰ সৰু মাৰি লৈ বহল পথাৰত এই খেল খেলা হয়। এটা মাটিৰ গাঁত খান্দি দুটা দলত বিভক্ত হৈ এই খেল খেলাৰ নিয়ম।

আজিৰ ল'ৰাই নাজানে টাং-গুটি কি…

উৎসৱৰ সময়ত বিশেষকৈ বিহুৰ সময়ত এক বিশেষ প্ৰতিযোগিতা হৈছিল। সেয়া আছিল ৰচী টনা খেল। এডাল দীঘল ৰচী লৈ দুটা মূৰত ধৰি দুটা দলে টানে। ৰচীডালৰ মধ্যভাগৰ পৰা যিটো দলে টানি নিজৰ ফালে বেছি ৰচীৰ অংশ লৈ আহিব পাৰে সেই দলেই জিকে এই খেলত।

বহাগ বিহুৰ সময়ত এই খেল আজিও অসমৰ বিভিন্ন স্থানত হয়। নিজৰ সুবিধা অনুসৰি এই খেলৰ নিয়ম বনাই লোৱা হয় যদিও, দুখন গাঁৱৰ মাজত নিৰপেক্ষ বিচাৰকৰ উপস্থিতিত এই খেল পাতি গাঁৱৰ লোকসকলে বৰ আনন্দ উপভোগ কৰিছিল। এতিয়া অৱশ্যে সেই খেলৰ বাবে নিৰ্দিষ্ট কিছু নীতি-নিয়ম নিৰ্ধাৰণ কৰি লোৱা হৈছে।

জোৰ লগাকে হাইছা… (দৃশ্যঃ মাজুলী, ফটোঃ গুগ'লৰ সৌজন্যত)

ডাঙৰৰ লগতে সৰুসকলে কপাতি, কুকুৰা যুঁজ, কাবাদী, ৰজা-ৰাণী, হৰি, বাঘ গ' আদি খেল প্ৰায়ে খেলিছিল। সকলোবোৰ খেলৰ নাম ঠাইভেদে বেলেগ বেলেগ। উজনি অসমত হেতালি বুলি এক বিশেষ খেল আছিল।

হাতৰ আঙুলিত শিলৰ বা আন গুটিৰ ভাৰসম্য ৰক্ষা কৰি এই খেল খেলিব লাগে। এই খেলৰ বাবে দুজন প্ৰতিপক্ষৰ প্ৰয়োজন। খেলবোৰ আছিল বৰ জনপ্ৰিয়। এতিয়া অৱশ্যে এই খেল হেৰাই যোৱাৰ দৰেই। পৰম্পৰাগত বহু খেলক লৈ চৰ্চা হৈছে যদিও, চৰ্চা আৰু অধ্যয়নৰ অবিহনেই এই খেলবোৰ

হেতালি খেলৰ কিছু দৃশ্য (উৎসঃ Traditional Sports and Games of Assam)

অসমৰ পৰম্পৰাগত খেলৰ সন্দৰ্ভত বিশেষভাৱে কাম কৰি আছে চিৰঞ্জীৱ শৰ্মাই। 'অসমৰ ক্ৰীড়াৰ ইতিহাস থলুৱা তথা পৰম্পৰাগত খেল-ধেমালি (প্ৰথম খণ্ড)' নামৰ গ্ৰন্থৰ লিখক দ্বয় চিৰঞ্জীৱ শৰ্মা আৰু গহীন সোণোৱালে এই সন্দৰ্ভত লিখিছে এইদৰে-

'হেতালি হৈছে পাঁচটা গুটিৰ খেল ।বিশেষকৈ ছোৱালী বোৰৰ খুৱেই প্ৰিয় আছিল এই খেল। স্কুলৰ পানী খোৱা ছুটিত, স্কুলৰ ছুটিৰ পিছত সমনীয়াৰ সৈতে আজৰি সময় পাৰ কৰিবলৈ আমি সচৰাচৰ হেতালিকে মাধ্যম হিচাপে লৈছিলো। হেতালি খেলাটো এক মনোৰঞ্জনৰ দৰে আছিল । কিন্ত্ত আজিকালি হেতালি নাম হয়তো বহুতে শুনাই নাই।এই খেল ঘূৰণীয়াকৈ বহি একাদিক্ৰমে খেলি যায়। প্ৰথমতে এটা এটাকৈ,তাৰ পিছত দুটা দুটাকৈ,তিনিটা আৰু অকলশৰে এটাকৈ অাৰু শেষত চাৰিটাকৈ গুটি একেলগে ।'

কুকুৰা যুঁজ… (ফটোঃ গুগ'ল)

এই খেলৰ কেইবাটাও স্তৰ আছে। হেতালি খেলিবলৈ হাতৰ বিশেষ ভাৰসম্যৰ প্ৰয়োজন। কেৱল লিখিয়েই এই খেলবিধৰ বিষয়ে বুজাব নোৱাৰি। অসমৰ পৰম্পৰাগত খেলসমূহৰ সন্দৰ্ভত চকুত লগা ধৰণে আলোচনা, অধ্যয়নৰ যথেষ্ট প্ৰয়োজন থাকিলেও, সেয়া সঠিকভাৱে হোৱা বুলি ক'ব নোৱাৰি।

চিৰঞ্জীৱ শৰ্মাই একক ভাৱে এই দিশত যথেষ্টখিনি কৰিছে যদিও অসমৰ পৰম্পৰাগত খেলৰ সন্দৰ্ভত আৰু অধিক কৰণীয় আছে। পৰম্পৰাগত খেলসমূহ খেলিবলৈ বিশেষ সা-সঁজুলিৰ প্ৰয়োজন নহয়। প্ৰকৃতিত উপলব্ধ কিছু সামগ্ৰীৰ জৰিয়তেই এই খেল খেলিব পাৰি।

উজনি অসমত খুব জনপ্ৰিয় আন এক খেল আছিল বাকগুটি। বিশেষকৈ গৰু চৰাবলৈ যাওঁতে বা ঘৰত এনে থকা সময়ত চোতালৰ মাটিত বা কাগজত এই খেল অতি সহজতেই খেলিব পাৰি। দবাৰ দৰেই এই খেল খেলিব লাগে যদিও, খেলৰ কৌশল লক্ষণীয়।

বাঘগুটি খেল… (ফটোঃ ডিম্পুল বৰগোঁহাই)

বাঘগুটি বা বাঘগ' খেল খেলিবলৈ বিশেষকৈ কচুৰ ঠাৰি, শিলগুটি বা খৰিৰ শুকান অংশ সৰু সৰুকৈ খণ্ড কৰি খেলা হয়। গাঁৱত আগতে পকা পুল বনালে তাত ল'ৰাবোৰে এই খেল খেলিবলৈ বাঘগুটি আঁকি লয়। আৰু আবেলি সময়ত তাত বহি সেই খেল দুজনে খেলে আৰু তাৰ চাৰিওফালে মানুহৰ জুম বান্ধে।

সৰুতে খেলা আন এবিধ খেল আছিল তামোল ঢকুৱাৰে খেলা বিশেষ খেল। তামোল গছৰ পাতৰ শুকান অংশ খহি পৰাৰ পাছত চিৰিলি চিৰিলি পাতবোৰ ঠাৰিৰ পৰা আঁতৰাই এজনে সেই দীঘল ঠাৰিৰ অংশত ধৰি টানে আৰু বহলত অংশত সৰু ল'ৰাবোৰ বহি সেই খেলৰ উপভোগ লয়।

সেই খেল ইমানেই জনপ্ৰিয় আছিল যে ছ'চিয়েল মিডিয়া, ফেচবুকতো এতিয়া এই খেলক লৈ চৰ্চা হয়। ফেচবুকত তিলক বৰাই তামোলৰ ঢকুৱা সন্দৰ্ভত এদিন লিখিছিল-

'ঢকুৱা পিৰিতি'
'
আমাৰ ওচৰৰে এটা ভাইটি আৰু এজনী ভন্টি আছিল । অৱশ্যে তেওঁলোকৰ মিতিৰৰ সম্ৱন্ধ নাছিল । একেবাৰে সৰু তেতিয়া । ধুলি বালি খেলাৰ দিন । সৰুৰে পৰা দুয়োটা বৰ মিল । ইটোক নেদেখিলে সিটো থাকিব নোৱাৰে । সিহঁতে কিন্তু তামোলৰ ঢকুৱাৰ টনা গাড়ী বৰ চলাইছিল । ইটোৱে সিটোক বদলা বদলিকৈ ঢকুৱাত গাড়ীত উঠাই চোঁচৰাই লৈ ফুৰে । মুঠতে ঢকুৱাই হ'ল সিহতৰ প্রিয় বাহন । এদিন সিঁহত ডাঙৰ হ'ল । স্কুল যোৱা হ'ল ,ডেকা হ'ল, গাভৰু হ'ল । কিন্তু সদায় সিহঁত দুয়োটা একে লগতে থাকে । ইটোৱে সিটোৰ লগ নেৰে । এদিন শুনিলো – সিহঁত দূটাৰ বিয়াও হৈ গ'ল । হৰ্ঠাৎ কিছুদিন আগতে সিহঁতক মই টেঙাখাত বজাৰত লগ পাই গ'লো । দূয়োটা এখন বাইকেৰে আহি আছিল । মোক দেখি সিহঁত বাইক ৰখাই নামি আহিল । মইতো সিহঁতক ঢকুৱা গাড়ী চলাই ফুৰোতেই পোৱা । সেই কাৰণে চিধাই ক'লো –" কিহে, বাইকতহে দেখোন, ঢকুৱাখন কি কৰিলা ? বাঃ মানিলো দেই তোমালোকক , এক্কেবাৰে ঢকুৱাতে পিৰিতি আৰম্ভ কৰিলা আৰু লেঠাই চিঙি দিলা, মানে 'ঢকুৱা পিৰিতি' জিন্দাবাদদ ।" দূয়োটাই
লাজ লাজকৈ একেস্বৰে ক'লে –"ককাইদেউ……।'

তামোলৰ ঢকুৱাৰ গাড়ী… (ফটোঃ তিলক বৰা)

আজিৰ ল'ৰা-ছোৱালীয়ে তামোলৰ ঢকুৱাত হয়তো উঠি পোৱা নাই। কিন্তু এদিন আছিল এইবোৰ আবেলিৰ পাহৰিব নোৱাৰা ধেমালি। হাঁহি-খিকিন্দালিৰ মাজত অতিবাহিত হৈছিল সময়। তামোলৰ ঢকুৱাতে বহুতে এৰি থৈ আহিছে নিজৰ শৈশৱ।

শৈশৱত খেলা আন এবিধ খেল আছিল চোৰ-পুলিচৰ খেল। কাগজৰ টুকুৰাত চোৰ, পুলিচ বুলি সৰুকৈ লিখি তাৰ বিপৰীতে নম্বৰ দি লোৱা হৈছিল। ৪-৫জনতকৈ অধিক শিশু গোট খালেই খেলা হৈছিল এই কেল। চোৰ, পুলিচ, দাৰোগা, অ' চি আদি লিখি থোৱা টুকুৰাবোৰ যাৰ হাতত পৰে সেই মতে তেওঁলোকে নিজৰ টুকুৰা আনে নেদেখাকৈ লুকুৱাই ৰাখিছিল। আৰু 'পুলিচ'ৰ টুকুৰা পোৱা জনে বিচাৰি উলিয়াব লাগিছিল 'চোৰ'। অৰ্থাৎ যাৰ হাতত চোৰৰ টুকুৰা পৰিছে তেওঁক সঠিক ভাৱে চিনাক্ত কৰিব পাৰিলেই নম্বৰ পাইছিল। যদি চিনাক্ত কৰিব নোৱাৰে তেন্তে পুলিচে 'শূন্য' আৰু চোৰে সম্পূৰ্ণ নম্বৰ পাইছিল।

চোৰ-পুলিচৰ খেল… (ফটোঃ ডিম্পুল বৰগোঁহাই)

ৰজা-ৰাণী খেল, ঘিলা খেল, কৰি খেল, লুকা-ভাকু খেল, চাৰি চুটীয়া খেল, খৈ খেল, গৰখীয়া এচাৰি খেল, অলৌগুটি, টলৌগুটি, কৰি খেল, কুকুৰা যুঁজ. তীৰ মৰা খেল, আলি ছিগা খেল, তিৰোতাৰ চৰিয়া খেল, কুকুৰ খেল, গছ কুমটি খেল, পেং খেল আদি অনেক খেল আছিল আমাৰ।

ৰজা-ৰাণী খেল গাঁৱৰ শিশু সকলৰ মাজত অতিকৈ জনপ্ৰিয় আছিল। এই খেলৰ বাবে শিশু সকলক দুটা ভাগত ভাগ কৰি লৈ তাৰ মাজৰ পৰা যোৰ পাতি বিভিন্ন নাম লৈ ৰজা-ৰাণীক সুধেহি- কাক লাগে? উদাহৰণ স্বৰূপে- জুনু, মুনু দুই নাম ঠিক কৰি তেওঁলোকে ৰজা-ৰাণীক সুধিবহি- জুনুক লাগে নে মুনুক লাগে? যদি ৰজাই জুনুক লাগে বুলিকয়, তেতিয়াহলে ৰাণীয়ে মুনুক পাব। এনেদৰে দুভাগ কৰি এই খেল খেলা হয়।

নামনি আৰু উজনি অসমত দৰিয়া কোটৰ খেলৰ প্ৰচলন আছে। সমতল মাটিত এই খেল খেলা হয়। খেলৰ বাবে ছয়টা বা চাৰিটা কোঠালিৰ নক্সা বনাই ন্যূনতম ছয় জন আৰু সৰ্বাধিক দহ জনলৈকে এই খেল খেলিব পাৰি।

দৰিয়া কোটৰ নক্সা… (ফটোঃ গুগ'লৰ সৌজন্যত)

বুলবুলি চৰাই যুঁজ অসমৰ অন্যতম এক চৰ্চিত পৰম্পৰাগত খেল।কথিত অনুসৰি মাঘ মাহৰ প্ৰথম দিনা এজন ৰজাই হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ আহি তাত দুটা বুলবুলি চৰাই যুঁজ প্ৰথম দেখিছিল। আৰু পাছত সেই যুঁজত মুগ্ধ হৈ ৰজাই মাঘৰ বিহুত এই যুঁজৰ পৰম্পৰা আৰম্ভ কৰিছিল। বুলবুলি চৰাইযুঁজৰ বাবে বিশেষভাৱে ধৰা হয় বুলবুলি চৰাই। এমাহ প্ৰশিক্ষণ দিয়াৰ অন্তত নিচাজাতীয় ভোগ খুৱাই এই যুঁজৰ বাবে বুলবুলি চৰাইক সাজু কৰা হয়।

বুলবুলি চৰাইৰ যুঁজ (ফটোঃ কুঁহিপাঠ)

অসমত ম'হ যুঁজ এক পুৰণি পৰম্পৰাগত খেল। আহোম ৰজাসকলে এই খেলৰ পৃষ্ঠপোষক আছিল। বিহুৰ বতৰত এই খেল এতিয়াও কিছু কিছু ঠাইত হয়। কিন্তু এদিন ম'হ যুঁজৰ বাবেই ৰূপহীপথাৰ, সামদৈ পথাৰ আদি বিখ্যাত আছিল। এতিয়া ম'হ যুঁজৰ বাবে বিখ্যাত আহতগুৰি। স্বৰ্গদেউ প্ৰমত্ত সিংহই এই খেল উপভোগ কৰিবৰ বাবেই ৰংঘৰ নিৰ্মাণ কৰি লৈছিল।

আহতগুৰিৰ ম'হযুঁজৰ এক দৃশ্য …

কুকুৰ ঠেঙিয়া, ইৰিকটি-মিৰিকটি, চিলনী চিলনী, টেকেলি ভঙা, নাওখেল, হাতীযুঁজ, হছিন বিচনী, হথা-বথা, পাখা খেল,লাঠি খেল, তেল দিয়া বাঁহ বা কলগছত উঠা খেল, তিনি ঠেঙিয়া দৌৰ, ৰবাব টেঙাৰ খেল আদি খেলবোৰে সেই সময়ত অসমীয়া সমাজত সম্প্ৰীতিৰ নিৰ্দৰ্শন দাঙি ধৰিছিল।

ৰাইজ বহিছে কড়ি খেলিবলৈ…

হাউখেল আছিল অসমত ৬০ দশকৰ পৰা ৮০ দশকৰ ভিতৰত অন্যতম জনপ্ৰিয় খেল। অৱসৰ বিনোদনৰ লগতে এই খেলে শাৰীৰিক চৰ্চাৰ আৰু মানুহক আনন্দ দিছিল।এটা ঘাইখুটিক কেন্দ্ৰ কৰি এই খেল খেলা হৈছিল।

এনেদৰেই খেলা হয় টেকেলি ভঙা খেল…

ঘিলা খেল পুৰুষ-মহিলা সকলোৱে খেলিব পৰা এটি পৰম্পৰাগত খেল। এই খেলৰ নিয়ম অনুসৰি এদোখৰ সমান ঠাইত ১২টা আঙুলি জোখৰ আঁতৰে আঁতৰে ঘিলাবোৰ পতা হয়। তাৰপাছত এটা নিৰ্দিষ্ট দূৰৰ পৰা ঘিলা এটা দলিয়াই লগাব পাৰিলেই সেই ঘিলা লগোৱা জনে লাভ কৰে। অৱশ্যে এই খেলত কিবা কাৰণত ভুল ঘিলাত লাগিলে ঘিলা ভৰিবও লাগে।

ঘিলা খেলৰ এক দৃশ্য…

ঢোপখেলো পুৰুষ-মহিলা উভয়ে খেলে। ফটা কানিৰে সাধাৰণতে ঢোপ বনাই দুটা ফৈদে দলিয়া দলিয়াকৈ এই খেল খেলে। কুমুৰা খেলত ল'ৰা ছোৱালীবোৰে এটাই আনটোৰ কঁকালত ধৰি শিকলিৰ দৰে সাজে। তাৰপাছত প্ৰতিপক্ষ দলটোৱে গাই- ইৰিকটি মিৰিকটি বাঁহৰ শলা, মোমাইৰ পদূলিত বান্ধিলো ঘোঁৰা, ৰজাৰ জীয়েকে ফুৰিবলৈ যাওঁতে পহু এটা পালে, তাকে খাবলৈ কুমুৰা এটা লাগে। তাৰপাছত তেওঁলোকে শিকলিৰ দৰে এজনে আনজনৰ কঁকালত ধৰি থকাৰ পৰা এৰুৱাবলৈ চেষ্টা কৰে। যদি এৰুৱাব পাৰে তেনেহলে বিজয়ী হয়।

কড়ি খেলৰ গুটি…

গাঁৱৰ শিশু সকলৰ মাজত কাবাডী খেল বৰ জনপ্ৰিয় আছিল। পথাৰ, বিদ্যালয়ৰ খেলপথাৰ আদিত আবেলি এই খেল শিশুসকলে লগলাগি খেলিছিল। সেই খেলে শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশত সহায় কৰিছিল।

কাবাডী কাবাডী কাবাডী…

একেদৰে উশাহ নোলোৱাকৈ দৌৰি এটা নিৰ্দিষ্ট ঘৰৰ পৰা বিপক্ষৰ খেলুৱৈক চুবলৈ গৈ খেলা খেলবোৰৰো প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বেছ জনপ্ৰিয় আছিল। বিদ্যালয়ৰ জিৰণি সময়ত বা বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ সময়ত এই খেল খেলিছিল শিশুসকলে। ল'ৰা-ছোৱালীসকলে মিলি খেলা এই খেলবিধ এতিয়া প্ৰায় বিলুপ্ত হ'ল।

অলৌগুটি তলৌগুটি খেল…

কাগজ বা কিবা গুটি এটা হাতত থাকিলেই দুজনে খেলিব পৰা খেল আছিল অলৌগুটি-টলৌগুটি। বিপক্ষ দলে দুই হাত পিছফাললৈ নি গুটিটো এখন হাতত লুকুৱাই ৰাখি মুঠি মাৰি সন্মুখলৈ দুই মুঠি লৈ অহাৰ পাছত আন জনে এটা হাতৰ মুঠিৰ পৰা আৰম্ভ কৰি গাই- অলৌগুটি-তলৌগুটি কচুগুটি গাই, এইখন হাতত এৰি এইখন হাতত পায়।

যিখন হাতত 'পাই' বুলি দেখুৱাই সেইখন হাতত গুটি থাকিলে গুটি লুকুৱাগৰাকী হাৰে, নহ'লে তেওঁ জিকে। এনে অনেক পৰম্পৰাগত খেল ঠাই বিশেষ অতীতৰ পৰাই খেলি অহা হৈছিল। শিশুসকলৰ মাজত জনপ্ৰিয় আন এক খেল আছিল তাই-মাই।

বিশেষকৈ ককা-আইতাক সকলে শিশুৰ সৈতে খেলিছিল এই খেল। 'তাই-মাই বৰঘৰৰ মেকুৰী সৰু ঘৰলৈ যায়, ঢাকন পেলাই পইতা খায়' গাই খেলা এই খেল কণ কণ শিশুসকলে বৰ ৰস পাইছিল। সৰু ল'ৰা-ছোৱালীক ভাত খোৱা সময়ত বা তেওঁলোকৰ সৈতে সময় অতিবাহিত কৰি ককাকে প্ৰায়ে খেলা এই খেল নোহোৱা হোৱাৰ দৰেই।

নাও খেল…

এই খেলৰ শেষত ভাত চুৰ কৰি খোৱা মেকুৰী বিচাৰি শিশুক গুদগুদি কৰি দিওতে বৰ ৰস পাইছিল শিশুবোৰে। এনে ৰসাল আৰু জীৱনমুখি খেলবোৰ চকুৰ আগতে হেৰাই গৈছে। এতিয়া ল'ৰা-ছোৱালীয়ে এই খেলবোৰৰ সলনি কাৰ্টুন চায়ে সময় অতিবাহিত কৰে। এই খেলবোৰতকৈ তেওঁলোকৰ প্ৰিয় কাৰ্টুন চৰিত্ৰবোৰ।

ডৰেমন, ট'ম এণ্ড জেৰী, ছোটা ভীম, নবিতা, মিকী মাউছ, ডনাল্ড ডাক আদিহে শিশুসকলৰ চিনাকি চৰিত্ৰ হৈ পৰিছে। এই চৰিত্ৰ বা কাৰ্টুনবোৰে শিশুসকলক মানসিক আনন্দ দিয়ে ঠিকেই, শাৰীৰিক আনন্দ দিব নোৱাৰে। কিন্তু আমাৰ পৰম্পৰাগত খেলবোৰে সৰু-ডাঙৰসকলোকে দিছিল মানসিক আনন্দৰ লগতে হয় শাৰীৰিক কচৰৎ। এই খেলবোৰ আছিল একতাৰ লগতে সুস্থ জীৱনবোধৰ উৎস।সেয়েহে এনে খেলবোৰক লৈ পৰিকল্পিত আৰু সুচিন্তিত অধ্যয়ন তথা ইয়াৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে যথেষ্টখিনি কৰণীয় আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in