ইউৰোপত চলাইছে কোটি টকীয়া প্ৰচাৰ! পৰ্যটকৰ বাবেহে এটিডিচিৰ নাই তথ্যনিৰ্ভৰ ৱেবছাইট, এয়াও কিন্তু সঁচা…

ইউৰোপত চলাইছে কোটি টকীয়া প্ৰচাৰ! পৰ্যটকৰ বাবেহে এটিডিচিৰ নাই তথ্যনিৰ্ভৰ ৱেবছাইট, এয়াও কিন্তু সঁচা…

● মৃদুল কুমাৰ সন্দিকৈ

অসমলৈ পৰ্যটকক আকৰ্ষিত কৰিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ফলাফল যিয়েই নহওক, ইয়াৰ বাবদ ৰাজকোষৰ কোটি কোটি ধন ব্যয় হোৱাৰ সত্যটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। অতি শেহতিয়াকৈ অসমৰ পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে ইউৰোপৰ কেইবাখনো দেশত ৰোড শ্ব' অনুষ্ঠিত কৰাৰ খবৰে প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি কৰিছে।

প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেছেদৰ পাতি পৰ্যটন বিভাগৰ কোটি কোটি ধন ব্যয় কৰা একেখিনি মানুহে এতিয়া ইটালী, স্পেইন, লণ্ডন আদি স্থানত পৰ্যটকক আকৰ্ষিত কৰিবৰ বাবে ৰোড শ্ব' অনুষ্ঠিত কৰিছে। অনবদ্য অসমৰ অভিলাসী বিজ্ঞাপনে বিশ্বৰ পৰ্যটকৰ মানচিত্ৰত অসমক প্ৰতিষ্ঠা কৰিব নোৱাৰা বুলি অনুভৱ কৰি এই বিভাগটোৱে ইউৰোপৰলৈ ৮জনীয়া এটা দল প্ৰেৰণ কৰিছে।

অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত যোৱা এই ৮ জনীয়া দলটোত আছে অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক ভাস্কৰ ফুকন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, তথ্য বিষয়া মনোৰঞ্জন হাজৰিকা আৰু হীৰেণ শইকীয়া। লগতে এই দলটোত আছে তিনিগৰাকীকৈ অভিনেত্ৰী ক্ৰমে বৰষাৰাণী বিষয়া, নিশিতা গোস্বামী আৰু তনভী শৰ্মা।

২৯ অক্টোবৰত অসমৰ পৰা ৰাওনা হোৱা দলটোৰ লগত আছে পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ পত্নীও। বিদেশৰ বিলাসী হোটেলত অসমলৈ পৰ্যটকক আকৰ্ষিত কৰিবলৈ তেওঁলোকে চলোৱা এই উদ্যোগ আচলতে এক গুলীত দুই চিকাৰৰ দৰে হৈছে। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ বিকাশ হওক বা নহওক, চৰকাৰী ধনেৰে তেওঁলোকৰ ইউৰোপ ভ্ৰমণৰ ইচ্ছা অন্ততঃ পূৰণ হ'ল।

সামাজিক মাধ্যমসমূহত তেওঁলোকে দিয়া বিভিন্ন আলোকচিত্ৰত পৰ্যটনৰ বিকাশতকৈ ব্যক্তিগত ভ্ৰমণত গুৰুত্ব দিয়া যেন বোধ হোৱাৰ বাবেই সামাজিক মাধ্যমতে ইয়াক লৈ আলোচনা চলিছে। চৰকাৰী কাৰ্যসূচীৰে বিদেশলৈ যোৱা এই দলটোৰ আলোকচিত্ৰ সংবাদ মাধ্যমে ব্যৱহাৰ কৰাক লৈ খোদ পৰ্যটন বিভাগৰ অধ্যক্ষগৰাকীয়ে প্ৰশ্ন তুলিছে।

এটা চৰকাৰী ভ্ৰমণ সূচীৰে যোৱা এই অনুষ্ঠানৰ আলোকচিত্ৰ আৰু ইয়াৰ অংশীদাৰ হোৱাসকলৰ আলোকচিত্ৰ সংবাদ মাধ্যমে ব্যৱহাৰ কৰাত তেওঁলোকে সুখীহে হ'ব লাগিছিল। কিন্তু জোলোঙাৰ মেকুৰী ওলাই পৰাৰ ভয়ত সেয়া অপৰাধ বুলি আখ্যা দিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই। ইয়াৰ বিৰুদ্ধে বিদেশৰ মাটিৰ পৰাই জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ প্ৰতি আক্ষেপ ব্যক্ত কৰি লিখিছিল- অসম পৰ্যটন বিভাগে ইটালী আৰু স্পেইনত অনুষ্ঠিত হোৱা ৰোড শ্ব'ৰ বাতৰি সন্দৰ্ভত জ্ঞানৰ অভাৱৰ বাবে সংবাদ মাধ্যমে ঋণাত্মক বাতৰি পৰিৱেশ কৰিছে। তেওঁ দাবী কৰিব খোজে যে যোৱা কেইবছৰত তেওঁ দায়িত্ব লোৱাৰ পাছত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। লগতে তেওঁ এই যুক্তি দিছে যে অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ মূল আকৰ্ষণ বন্যপ্ৰাণী পৰ্যটন, প্ৰকৃতি আৰু পাৰিপাৰ্শ্বিকতাৰ পৰ্যটন।

ইয়াৰ বাবে কোনো আধুনিক আন্তঃগাঁথনিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে খোদ অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষগৰাকীয়ে। পৰ্যটকৰ সংখ্যা যদি বৃদ্ধি পাইছেই তেন্তে ইমান টকা ব্যয় কৰি আকৌ ইউৰোপত পৰ্যটন বিভাগৰ ৰোড শ্ব' পতাৰ যুক্তি ক'ত? অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ তথ্য অনুসৰি, এটা বছৰত অসমত বিদেশী পৰ্যটকৰ সংখ্যা ১০ হাজাৰ বৃদ্ধি পাইছে। এয়া সাধাৰণ সংখ্যা নহয়।

১০ হাজাৰ বিদেশী পৰ্যটক বৃদ্ধি পোৱাৰ পাছত পৰ্যটন ক্ষেত্ৰখনৰ নদন বদন অৱস্থা বুলিব পাৰি। তাৰ পাছতো এইদৰে ইউৰোপৰ কেইবাখনো দেশ সামৰি এটা বিভাগৰ কোটি টকা ধন ব্যয়ৰে এনে ৰোড শ্ব' অনুষ্ঠিত কৰাৰ যুক্তিযুক্ততা থাকিব পাৰেনে? সেই প্ৰশ্নৰ উত্তৰ এতিয়া পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষগৰাকীয়েহে দিব পাৰিব।

পৰ্যটনৰ ক্ষেত্ৰখনৰ বাবে আন্তঃগাঁথনিৰ কিমান প্ৰয়োজন সেই কথাটো অনুভৱ কৰিব নোৱাৰা জয়ন্ত মল্ল বৰুৱাই এটা কথা ক'বনে- বিদেশৰ পৰা অহা এই পৰ্যটক সকলে এনেবোৰ ঠাইলৈ আহোতে আকাশেদি উৰি গৈ তাত পৰিবগৈ নেকি? বাট পথ, হোটেলৰ লগতে স্থানীয় লোকৰ সংস্কৃতি আৰু অসম তথা ইয়াৰ থলুৱা শিল্পক বিশ্বমুখী কৰাৰ বাবে আন্তঃগাঁথনিৰ প্ৰয়োজন নহ'বনে?

তেওঁলোকে দাবী কৰিছে যে পৰ্যটন ক্ষেত্ৰখনলৈ পৰিবৰ্তন অনাৰ বাবেই বিদেশৰ ট্যুৰ অপাৰেটৰৰ সৈতে তেওঁলোক মিলিত হৈছে। ঠায়ে ঠায়ে বিলাসী হোটেলত অসমৰ সংস্কৃতি, থলুৱা গীত-মাত প্ৰদৰ্শন কৰিছে। লজ্জাজনক কথাটো হ'ল- অসমৰ বিহু নৃত্য প্ৰদৰ্শন কৰি থকাৰ সময়ত মঞ্চৰ পিছফালে জিলিকি আছিল গুজৰাটৰ এখন বেনাৰ। এয়াই অসমৰ পৰ্যটন নিগমৰ বিশ্বমুখী প্ৰচাৰ।

পিছফালে গুজৰাটৰ বেনাৰ লৈ বিদেশৰ মাটিত পৰ্যটন বিভাগৰ প্ৰচাৰ

জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমত দিয়া তেওঁৰ ব্যক্তিগত ফটো সংবাদ মাধ্যমে ব্যৱহাৰ কৰা বুলি অভিযোগ তুলিছে। মন কৰিব, এই ফটোখন তেওঁৰ ব্যক্তিগত সামাজিক মাধ্যমৰ একাউন্টৰ পৰা সংগ্ৰহ কৰা নহয়। কিন্তু এই খিনিতে জয়ন্ত মল্ল বৰুৱাই তেওঁ এই বিষয়ে দিয়া পোষ্টটোতে এগৰাকী অসমীয়াই কি লিখিছে তাকো পঢ়াৰ প্ৰয়োজন। যশোৱা খাউণ্ডে লিখিছে- Sir whatever you say now there was some faults.the photographs which yr group shared were like you all are in personal vacation….if you all are going on a good relevant cause then there should also be a disciplinary line of what you should share or not….you cannot go and have fun time with our money.the govt money is our money….you see the non sense behavior of the immaturely matured girls in yr group…they are sharing their photos n videos as if they are on a personal trip to do spas n leisure…how could they do just nonsense?….yr cause was just but yr n yr group members behavior make all of us questioned…upto two or three photos it was fine to share.but when u r on a duty n going with peoples money you should behave also like a responsible citizen….last sir there are students of art and culture in our universities. Why didnot you select young students from universities which are good enough in our cultural side.?…these are film actors.and they behaved like tht only.like every actor does to connect with their fans.they forgot tht it was a govt trip n they must do this n share tht… (মূল পোষ্টটো কোনো সম্পাদনা কৰা নাই)

জয়ন্ত মল্ল বৰুৱাৰ পোষ্টত দিয়া মতামত

অসমলৈ পৰ্যটক আহিব। এয়া ভাল খবৰ। কিন্তু পৰ্যটকক আকৰ্ষিত কৰিবলৈ লোৱা কিছু পদক্ষেপ ৰাইজৰ চকুত হাস্যকৰ হৈ পৰিলে সংবাদ মাধ্যমে তাক তুলি ধৰাত আপত্তি ক'ত? ছ'চিয়েল মিডিয়াত জয়ন্ত মল্ল বৰুৱাক উদ্দেশ্যি লিখা প্ৰতিম প্ৰতাপ বৰুৱাৰ এটা লেখা হয়তো তেখেতৰ দৃষ্টিগোচৰ হোৱা নাই। সেই লেখাটোত তেওঁ লিখিছিল- বহু কোটি টকাৰ বিনিময়ত অসম ট্যুৰিজিমৰ ব্ৰেণ্ড এম্বেছেদৰ পতা হৈছিল যে বলিউদৰ অভিনেত্ৰীগৰাকী, তেখেতে ইমানদিনে অসমলৈ পৰ্য্যাপ্ত পৰিমানৰ পৰ্য্যটক আনিব নোৱাৰিলে নেকি যে এতিয়া আন এটা টীম ইউৰোপলৈ যাবলগীয়াত পৰিল? এই টীমটোৱে ইউৰোপলৈ গৈ তাত প্ৰিচাইজলী কি কি কৰিছে বাৰু অসমলৈ পৰ্য্যটক আনিবৰ কাৰণে? (তেনেকুৱা এটা টীমৰ বিষয়ে, তেওঁলোকে বিদেশত অফিচিয়েল মিটিঙত বিদেশী মানুহৰ সন্মুখত উচ্চাৰণ কৰা "সেই অতি উচ্চস্তৰৰ" ইংৰাজীখিনিৰ বিষয়ে, তেওঁলোকৰ মাজৰে ইংৰাজী ভাষাত ছুপাৰ এক্সপাৰ্ট এজনে নিজৰ সেই অতি উচ্চস্তৰৰ ইংৰাজীখিনি শ্ৰোতাসকলে বুজিকে নাপাব বুলি ভয় কৰি ইংৰাজীৰ সলনি বিশুদ্ধ অসমীয়া মিহলি হিন্দীতে "অতি সুন্দৰ উচ্চাৰণেৰে" ভাষণ দিওঁতে সন্মুখৰ শ্ৰোতামণ্ডলীয়ে কি ৰিয়েক্ট কৰিছিল সেইবিষয়ে এজন পত্যক্ষদৰ্শীয়ে মোক কিছু কথা কৈছিল।)

প্ৰতিম প্ৰতাপ বৰুৱাই লিখা কথাখিনি

On a serious note, – অসমলৈ পৰ্য্যটকক আকৰ্ষণ কৰিবলৈ এনেকৈ ইউৰোপলৈ যোৱাৰ প্ৰয়োজন নাই – এই কথাটো আমাৰ এইসকলে যিমান সোনকালে উপলব্ধি কৰে সিমানে ভাল। তাতকৈ আমাৰ বা-বিষয়াসকল ভাৰতৰে উত্তৰাখণ্ড, হিমাচল, ৰাজস্থান, লেহ-লাডাখলৈ যাওক। চাওকগৈ তেওঁলোকে তাত কি কৰিছে, কেনেকৈ কৰিছে। চাওকগৈ, সৌ সিদিনালৈকে মানুহে চিনি নোপোৱা উত্তৰাখণ্ডৰ মণ্ডল নামৰ সৰু গাওঁখন কেনেকৈ এতিয়া এখন ধুনীয়া পৰ্য্যটনস্থল হৈ পৰিল। তাৰ বাবে মণ্ডলৰ সেই স্থানীয় পাহাৰী মানুহখিনিয়ে নিজা উদ্যোগত কি কি কৰিছিল, কেনেকৈ কৰিছিল সেইটো তেওঁলোকৰ পৰাই শিকি লওক। হিমাচল প্ৰদেশৰ তীৰ্থন ভেলী নামৰ ঠাইখনৰ নাম আজি কিছুদিন আগলৈকে কোনেও নাজানিছিল। আজিকালি তাত হাজাৰৰ ঘৰত দেশী-বিদেশী পৰ্য্যটকে নীৰলে কিছু সময় কটাবলৈ, বৰশীৰে মাছ ধৰিবলৈ, আৰু ট্ৰেকিং কৰিবলৈ যায়। চাওকগৈ সেইবোৰ ঠাই তেওঁলোকে কেনেকৈ সজাইছে। চাওকগৈ তাত তেওঁলোকে পৰ্য্যটকৰ সুবিধা আৰু আকৰ্ষণৰ বাবে কি কি কৰিছে।

আৰু হিমাচল, উত্তৰাখণ্ড, লেহ-লাডাখৰ পৰ্বতত ১৩ ৰ পৰা ১৭ হাজাৰ ফুট উচ্চতাত থকা ৰাস্তাবিলাক চাওকগৈ, হোটেলবিলাক চাওকগৈ, টেন্টবিলাক চাওকগৈ। সেইবোৰ ৰাস্তাত আপোনাৰ বাবে গাড়ী চলোৱা ড্ৰাইভাৰসকলৰ লগত কথা পাতক। চাওক আৰু নিজে বুজক, আপোনাৰ সুৰক্ষা, আপোনাৰ সুবিধা আৰু আপোনাৰ সুখ-আনন্দৰ বাবে তেওঁলোক কিমান সচেতন, কিমান ভদ্ৰ, কিমান বিশ্বাসী, কিমান দক্ষ, কিমান নিয়মানুৱৰ্তী, কিমান সাহসী। হিমালয়ৰ যিকোনো অচিনাকী ঠাইত নিশা কটাওক। কোনোবা পাহাৰীয়া গাঁৱত স্থানীয় মানুহৰ মাজলৈ যাওক। কোনোবা এখন পাহাৰী নদীৰ পাৰত তম্বুৰ তলত নিশা কটাওক। ৰাজস্থানলৈ যাওক। জয়চালমীৰৰ মৰুভূমিত তম্বুত নিশা কটাওক। ঘূৰি আহি নিজকে সোধক কৰ'বাত কোনোবা ঠাইত কিবা অসুবিধা পাইছিলনেকি? হিমালয় পৰ্বতৰ সেই ১৫ – ১৭ হাজাৰ ফুট উচ্চতাত বা জয়চালমীৰৰ মৰুভূমিত কিবা বিপদৰ মুখামুখি হৈছিলনেকি? আকৌ এবাৰ তালৈ যাবনে? নোযোৱাকৈ থাকিব পাৰিবনে? স্থানীয় মানুহবিলাকৰ পৰা শিকক পৰ্য্যটন কি। নিজৰ ঠাইখনক কেনেকৈ মৰমেৰে ৰাখিব লাগে সেইটোও শিকক তেওঁলোকৰ পৰা। আৰু তাৰ পিছত আমাৰ অসমখনো তেনেকৈ সজাওক। অসমখনকো তেনেকৈ মৰম কৰক। তাৰ পিছত সকলো কথা নিজে নিজেই আগবাঢ়িব। তাকে নকৰি এনেকৈ টেক্সপেয়াৰ্ছৰ টকা এসোপা অবাবত খৰছ কৰি পৰ্য্যটক অনাৰ নামত নিজে ইউৰোপলৈ বিলাস ভ্ৰমণলৈ যোৱাৰ দৰকাৰ নাই।

এই কথাখিনি এইকাৰণে সম্পূৰ্ণভাৱে উদ্ধৃতি কৰি দিয়া হৈছে যে এয়া বৃহত্তৰ স্বাৰ্থত লিখা কথা। এইবোৰ কথা জয়ন্ত মল্ল বৰুৱাৰ দৰে লোকসকলে অনুধাৱন কৰাৰ প্ৰয়োজন আছিল। এইখিনিতে মনত পেলাই দিয়া প্ৰয়োজন যে অসমৰ পৰ্যটন খণ্ডৰ বিকাশৰ বাবে ইয়াৰ পূৰ্বেও জয়ন্ত মল্ল বৰুৱাৰ উদ্যোগতে হয়তো মুম্বাইত ৰোড শ্ব' অনুষ্ঠিত হৈছিল। যদি তেওঁ পাহৰা নাই, ২২ আগষ্ট, ২০১৯ত তেনে এক ৰোড শ্ব'ত অংশ লৈছিল। ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ৰোড শ্ব'ত উপস্থিত আছিল পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মও।

মুম্বাইত আয়োজন কৰা ৰোড শ্ব'ৰ এক দৃশ্য

জয়ন্ত মল্ল বৰুৱাই এনেবোৰ খবৰ আৰু প্ৰশ্ন উত্থাপন কৰাৰ বাবে সংবাদ মাধ্যমক এঘণ্টা সময় মুখামুখিকৈ বহাৰ প্ৰত্যাহ্বান জনাইছে। সেই প্ৰত্যাহ্বান ৰাইজৰো থাকিব তেওঁৰ প্ৰতি। লগতে তেওঁৰ ঘৰৰ ওচৰৰে বুঢ়া গোঁসাইৰ থানখনো এক ভাল পৰ্যটন ক্ষেত্ৰ। সেই থানখনৰ উন্নয়নৰ বাবে ভাৱি চাবলৈ সজ্ঞীৱ দত্ত নামৰ ব্যক্তিগৰাকীয়ে জনোৱা আহ্বান হয়তো তেওঁ গুৰুত্বসহকাৰে ল'ব।

পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষগৰাকীয়ে ৰোড শ্ব' পঞ্চতাৰকাযুক্ত বা বিলাসী হোটেলত অনুষ্ঠিত কৰা বুলি মন্তব্য আগবঢ়াইছে। তেওঁ কৈছিল- সেইবোৰ বিলাসী হোটেলতে হয়। কিন্তু তাত কিমানজন পৰ্যটক আছিল বা উপস্থিতিৰ সংখ্যা কিমান সেই সন্দৰ্ভতো তথ্য ৰাজহুৱা কৰিলে ভাল।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা থাইলেণ্ডৰ বেংককলৈ বহু পৰ্যটক আহে। এনেদৰে ইউৰোপৰ পঞ্চতাৰকা হোটেলত প্ৰচাৰ চলোৱাতকৈ বেংককলৈ অহা পৰ্যটক সকলৰ মাজত অসমৰ বিষয়ে প্ৰচাৰ, প্ৰসাৰ চলালে হয়তো ইয়াৰ বেছি প্ৰভাৱ পৰিলহেঁতেন। পৰ্যটকক বিশেষভাৱে আকৰ্ষণ কৰিব পৰা উত্তৰাখণ্ড, ৰাজস্থান, হিমাচল প্ৰদেশ আদি ৰাজ্যৰ পৰ্যটন নীতি সন্দৰ্ভতো বিচাৰ বিশ্লেষণ আৰু অধ্যয়নৰ প্ৰয়োজন আছিল।

এইবোৰ একো কৰা নহ'ল। ইউৰোপৰ মাটিত ৰোড শ্ব" কৰিবলৈ গৈ ছ'চিয়েল মিডিয়াযোগে তাৰ দৃশ্য লাইভ কৰি, নিজৰ একাউন্টত ফটো আপলোডেৰে জানো অসমৰ পৰ্যটন ক্ষেত্ৰলৈ বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব পাৰি?

এতিয়া তথ্য-প্ৰযুক্তিৰ যুগ। ইন্টাৰনেটতে মানুহে বিভিন্ন ঠাইৰ বিষয়ে ফুৰিবলৈ যোৱাৰ আগতে বিস্তৃত তথ্য সংগ্ৰহ কৰি লয়। এই ডিজিটেল প্লেটফৰ্মত উপলব্ধ তথ্য সমূহেও পৰ্যটকক আকৰ্ষণত বিশেষ ভূমিকা পালন কৰে। জয়ন্ত মল্ল বৰুৱাই পৰ্যটন উন্নয়ন নিগমৰ দায়িত্ব লৈ এনেবোৰ দিশত কিমান চকু-কাণ দিলে তাৰ আভাষো ল'বলৈ চেষ্টা কৰা হৈছিল।

এই চৰ্চা চলি থকাৰ মাজতে অসম পৰ্যটন উন্নয়ন নিগমৰ ৱেবচাইট প্ৰত্যক্ষ কৰি অবাক হব সকলো। পৰ্যটন নিগমৰ অধ্যক্ষৰূপে দায়িত্ব লৈ তেওঁ কি আপডেট কৰিলে, এই নিগমৰ কোন কি দায়িত্বত আছে । http://www.assamtourismonline.com এই লিংকত গৈ কোনোবা বিদেশী পৰ্যটকে যদি দৰ্শন কৰে তেন্তে তাত কি দেখা পাব? ৱেবচাইটটোত আছে ট্যুৰিষ্ট লজৰ সন্দৰ্ভত আছে এক শিতান। কিন্তু তাত নাই কোনো তথ্য। এই ট্যুৰিষ্ট লজত ক্লিক কৰিলে ওলাব 'দ্য পেজ ইজ আণ্ডাৰ কনষ্ট্ৰাকশ্যন।'

ইউৰোপত প্ৰচাৰ চলোৱাত ব্যস্ত! অসম পৰ্যটন উন্নয়ন নিগমৰ ৱেবচাইটৰ দশা…

এইবোৰ কথাও জানোে গুৰুত্ব দিব নালাগে? এইবোৰ জানো মিছা? এজন পৰ্যটকে পৰ্যটন উন্নয়ন নিগমে প্ৰচাৰ চলোৱাৰ দৰে অসমৰ প্ৰতি আকৃষ্ট হৈ ৰাজ্যখনৰ পৰ্যটন উন্নয়ন নিগমৰ ৱেবচাইট খুলি কি পাব তাৰ নমুনা এয়া।

কেৱল এয়াই নহয়, ইভেন্ট কেলেণ্ডাৰ শিতানত এই ৱেবচাইটোত নাই কোনো বিশেষ তথ্য। ২০১৪ চনৰ কিছু তথ্যৰ বাদে যোৱা ৪-৫ বছৰত ইয়াত কোনো তথ্য সন্নিৱিষ্ট নকৰাটো আশ্বৰ্য্যজনক। কোটি কোটি টকা ব্যয়ৰে বিদেশৰ মাটিত পৰ্যটকক আকৰ্ষিত কৰিবলৈ যোৱা অসম পৰ্যটন নিগমৰ অধ্যক্ষক সুধিব খোজো কেইলাখ মান কেইহাজাৰমান টকা ব্যয়ৰে নিজৰ ৱেবচাইটটোকে ঠিক কৰাৰ প্ৰয়োজনীয়তা তেওঁলোকে কিয় অনুভৱ কৰা নাই? অথচ কোটি টকা ব্যয়ৰে তেওঁলোকে বিদেশত চলাইছে অসমৰ পৰ্যটন ক্ষেত্ৰক লৈ।

ৱেবছাইটত নাই কোনো আপডেট…

পৰ্যটকৰ বাবে যাতায়ত আৰু থকাৰ স্থান অতি গুৰুত্বপূৰ্ণ। পৰ্যটন বিভাগে পৰ্যটক অহা প্ৰায়বোৰ স্থানতে প্ৰশান্তি নামৰ ট্যুৰিষ্ট লজৰ স্থাপন কৰিছিল। সেইবোৰৰ অৱস্থা কি আজি? সেই ট্যুৰিষ্ট লজ কেইটাই চলাব নোৱাৰি এই বিভাগটোৱে লীজত দিবলগা হৈছে সেইবোৰ।

পৰ্যটন বিভাগৰ সম্ভাৱনা বহু আছে। সেই সম্ভাৱনা বাস্তৱসন্মতভাৱে তুলি ধৰি কোনোৱেই পৰ্যটকক আকৰ্ষণৰ বাবে উপযুক্তভাৱে কাৰ্যসন্মত আঁচনি গ্ৰহণ কৰা নাই। এই বিভাগটো এতিয়া কিছু কিছুৰ বাবে সোণৰ কণী পৰা হাঁহ হৈ পৰিছে। মুখত উন্নয়নৰ কথা কলেও ইয়াৰ অচিলা লৈ একাংশই পৰ্যটনৰ ক্ষেত্ৰখন উন্নয়নৰ নামত কি কৰিছে তাৰ শেহতীয়া উদাহৰণ জয়ন্ত মল্ল বৰুৱা নহয় বুলি ইমানৰ পাছতো অসমবাসীয়ে মানি ল'ব কিয়? আনক সমালোচনা কৰাৰ আগতে জয়ন্ত মল্ল বৰুৱাই এই প্ৰশ্নৰো উত্তৰ দিব লাগিব। নহ'লে কেৱল সংবাদ মাধ্যমেই নহয়, অসমৰ জনতাই বিভিন্ন মাধ্যমত এইবোৰ কথা তেওঁক সুধিবই। উত্তৰ দিয়া নিদিয়াটো তেওঁৰ কথা। কিন্তু যি বুজিব লাগে অসমৰ ৰাইজে ইতিমধ্যে বুজি উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in