আজৰি নাই! ইমানেই আন্তৰিকতা অসমীয়াৰ প্ৰতি…

আজৰি নাই! ইমানেই আন্তৰিকতা অসমীয়াৰ প্ৰতি…

মৃদুল কুমাৰ সন্দিকৈ

এজন সাধাৰণ লোক। আকৌ হঠাৎ তেওঁৰ সৈতে সাক্ষাৎ হৈছিল মহানগৰীৰ ৰাজপথত। নিশা তেওঁ কৈ গ'ল নিজৰ কথা। জীৱনৰ কথা, পৰিয়ালৰ কথা নাছিল এইবোৰ। কৈছিল জাতি আৰু মাটিৰ কথা। দুবেলাৰ দুমুঠি যোগাৰ কৰিবলৈ তেওঁৰ সমস্যা। তথাপিও তেওঁৰ মনত ক্ষোভ-আক্ষেপ।

মানুহজনে কৈছিল অসমচুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন চৰকাৰে সময়মতে গ্ৰহণ কৰাৰ উচিত আছিল। 'কা' বিৰোধী আন্দোলনক প্ৰশমিত কৰিবলৈ এয়া চৰকাৰে নাটক কৰিলে নেকি বুলিও তেওঁ সন্দেহ কৰিছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতি আহ্বান জনাই তেওঁ কোৱা কথা কেইটা প্ৰতিজন অসম আৰু অসমীয়াক ভাল পোৱা মানুহৰ মনৰ কথা। অসমৰ মাটিতেই খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , গৃহ মন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল- অসমচুক্তিৰ ৬ নং দফা আখৰে আখৰে তেওঁলোকে পালন কৰিব।

ইয়াক কাৰ্যকৰী কৰিবল গঠন কৰি দিয়া সমিতিখনৰ প্ৰতিবেদনত থকা পৰামৰ্শৱালী পূৰণ কৰি অসমৰ খিলঞ্জীয়া সকলক সাংবিধানিক আৰু আইনগত নিৰাপত্তা দিব। কিন্তু ১৫ ফেব্ৰুৱাৰী, ২০২০তে এই সমিতিৰ বাবে ধাৰ্য কৰা ৬মাহ সময়সীমা পূৰণ হ'ল।

সমিতিয়ে প্ৰতিবেদন দাখিল কৰিবলৈ বিচাৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰা খবৰো প্ৰচাৰ হ'ল সংবাদমাধ্যমত। কিন্তু অসমবাসীক প্ৰতিশ্ৰুতি দিয়া, এই উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শলানী আখৰে আখৰে পালন কৰিম বুলি কোৱা সকলৰ আজৰি নোলাল।

এক ৰাজনৈতিক মেৰপাকৰ মাজত এই সমিতিৰ পৰামৰ্শলানী সোমাই পৰিল নেকি? সেই সমালোচনা তুংগত উঠা সময়ত সংবাদমেল পাতি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ২৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিবলৈ গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শ।

এতিয়া প্রশ্ন উঠিছে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে ২০১৯চনৰ ১৫ জুলাইত জাননী নং ১১০১২/০৪/২০১৯এনইভিআই যোগে এই সমিতিখন গঠনৰ কথা সদৰী কৰিছিল। অসমচুক্তিৰ ৬ নং দফা সন্দৰ্ভত পৰামৰ্শ প্ৰদানৰ বাবে বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনা কৰি প্ৰতিবেদন দাখিল কৰিব।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত এই সমিতিত অসমৰ খিলঞ্জীয়া লোকসকলৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, ভাষা, ঐতিহ্য সংৰক্ষণৰ বাবে সংবিধানিক, আইনগত পৰামৰ্শ দিবলৈ দায়িত্ব দিয়া হৈছিল।

এই সন্দৰ্ভত জাৰি কৰা গৃহ মন্ত্ৰালয়ৰ জাননীত এই কথা স্পষ্টকৈ উল্লেখ আছিল যে, ৰাজ্য চৰকাৰে সকলোবোৰ ব্যৱস্থা কৰি দিলেও এই সমিতি প্ৰত্যক্ষ সংযোগত থাকিব গৃহ মন্ত্ৰালয়ৰ উত্তৰ-পূবৰ দায়িত্বত থকা যুটীয়া সচিব গৰাকী।

উচ্চস্তৰীয় সমিতি গঠন কৰি গৃহ মন্ত্ৰালয়ে জাৰি কৰা জাননীখন…

সেই সূত্ৰে এই জাননীত ৫নং দফাত উল্লেখ আছিল যে সমিতিখনত প্রশাসনীয় সহযোগ ৰাজ্য চৰকাৰে আগবঢ়াব। তেনেস্থলত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰি দিয়া এখন সমিতিৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰেই গ্ৰহণ কৰাৰ পূৰ্বৰ নিয়ম।

২০১৪চনৰ ৫ ফেব্ৰুৱাৰীত গৃহ মন্ত্ৰালয়ে গঠন কৰিছিল এম পি বেজবৰুৱা সমিতি। উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গঠন কৰা এই সমিতিৰ প্ৰতিবেদন গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰিছিল। তেনেস্থলত এই সমিতিখনে দাখিল কৰিব লগা প্ৰতিবেদন অসম চৰকাৰে গ্ৰহণ কৰাৰ যুক্তি ক'ত?

সমিতি গঠন কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোডীয়ে ৭ ফেব্ৰুৱাৰীত শেহতীয়াকৈ কোকৰাঝাৰত কৈছিল- সমিতিয়ে প্ৰতিবেদন দাখিল কৰিলেই চৰকাৰে ক্ষীপ্ৰ ব্যৱস্থা হাতত ল'ব। যিহেতু বিষয়টোৰ সৈতে গৃহ মন্ত্ৰালয় বিশেষভাৱে জড়িত তেনে্স্থলত সমিতিৰ প্ৰতিবেদনৰ প্ৰতি গৃহ মন্ত্ৰালয়ৰ হঠাৎ আগ্ৰহহীনতা লক্ষণীয় বিষয়।

১১ ডিচেম্বৰ, ২০১৯ত ৰাজ্যসভাত প্ৰতিশ্ৰুতি দিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। অসম আন্দোনৰ শ্বহীদসকলৰ ত্যাগ অথলে যাব নিদিও বুলি কৈ ৰাজ্যসভাত অমিত শ্বাহে কৈছিল যে- অসমৰ সমস্যা সঁচা অৰ্থত সমাধান হ'ব লাগিব। এই সময় আহিলে। এই কাৰণে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ৬ নং দফাৰ সমিতিয়ে যিমান সোনকালে পাৰে এই প্ৰতিবেদন ভাৰত চৰকাৰক দি দিয়ক আৰু ভাৰত চৰকাৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব।

ইয়াৰ পূৰ্বে ৫ জানুৱাৰী, ২০১৯ত অসমচুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিবলৈ পৰামৰ্শ দানৰ উদ্দেশ্যে প্ৰথমখন সমিতি গঠন কৰা হৈছিল। লোকসভা নিৰ্বাচনৰ পূৰ্বে গঠন কৰা এই সমিতিত মুঠ ৯জন সদস্য আছিল।

অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া এম পি বেজবৰুৱা নেতৃত্বত গঠিত কৰা হৈছিল এই সমিতি। কিন্তু সেই সময়ত এই সমিতি গঠনক লৈ ব্যাপক প্ৰতিক্ৰিয়া হোৱাৰ পাছত আৰু সমিতিৰ কেইবাজনো সদস্যই চৰকাৰৰ আন্তৰিকতাক লৈ সন্তুষ্ট নোহোৱাত এই সমিতি নিষ্ক্ৰীয় হৈ পৰিছিল।পৰৱৰ্তী সময়ত গঠন কৰা হৈছিল আন এখন সমিতি।

২০১৯চনৰ ৫ জানুৱাৰীত গঠন কৰা সমিতিখন…

তেনেস্থলত ইমান আন্তৰিকতা প্ৰদৰ্শন কৰা চৰকাৰে বা অমিত শ্বাহ-মোডীয়ে কিয় প্ৰত্যক্ষভাৱে এই প্ৰতিবেদন গ্ৰহণ কৰিব নোৱাৰিলে তাক লৈ স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে। 'কা' বিৰোধী আন্দোলনৰ সময়ত এয়া চৰকাৰৰ এক ললীপপ আছিল নেকি?

আন্দোলন স্থবিৰ হৈ পৰা বুলি ভাবি চৰকাৰে এতিয়া সমিতিৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈও আজৰি নোহোৱা কাৰ্যই চকু কঁপালত তুলিছে অসমবাসীৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ পৰামৰ্শমতেই মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ সহযোগী সকলৰ সৈতে ৬নং দফা কাৰ্যকৰী সমিতিৰ প্ৰতিবেদন গ্ৰহণ কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে। যদি গৃহ মন্ত্ৰীয়ে ৰাজ্য চৰকাৰক তেনে পৰামৰ্শ দিছে তেতিয়াহলে ৰাজ্যসভাত গৃহ মন্ত্ৰীয়ে এই প্ৰতিবেদন ভাৰত চৰকাৰক দিয়াৰ পাছত ক্ষীপ্ৰ ব্যৱস্থা ল'ব বুলি কৰি থকা ঘোষণা মিছা আছিল নেকি?

বিভিন্ন খবৰ ওলাইছে এই সমিতিৰ প্ৰতিবেদনক লৈ। সমিতিৰ অধ্যক্ষৰ সহিতে সদস্য বৰ্গই নতুন দিল্লীত প্ৰতিবেদন জমা দিবলৈ বিচাৰি সাক্ষাৎ নোপোৱা বুলি প্ৰকাশ পোৱা খবৰ মিছা বুলিও দাবী কৰিছে শাসক পক্ষই। এই সন্দৰ্ভত মিছা খবৰ প্ৰকাশ কৰা বুলিও চৰ্চা চলিছে। কিন্তু তাৎক্ষণীকভাৱে প্ৰতিবেদন জমা দিবলৈ কোৱা সমিতিখনে সময়মতে প্ৰতিবেদন প্ৰস্তুত কৰাৰ পাছতো কিয় গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ আজৰি নহ'ল সেয়া জানো আন এক আলোচনা বা চিন্তনীয় বিষয় নহয়?

হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে, এই প্ৰতিবেদন ৰূপায়নৰ ক্ষেত্ৰত সাংবিধানিক আৰু আইনগত দিশ জড়িত হৈ থাকিব। সেই ফালৰ পৰা সমিতিৰ সৈতে আলোচনা হ'ব আৰু ভৱিষ্যতে এই প্ৰতিবেদন গোপনীয় ভাৱে ৰখা হ'ব বুলি জনোৱা হৈছে। কিন্তু এই সমিতি গঠন কৰা সময়ত সমিতিৰ পৰামৰ্শ ৰাজহুৱাভাৱে উপলব্ধ হোৱাকৈ বেৱছাইট বা আন মাধ্যমত প্ৰকাশ কৰা হ'ব বুলিও চৰ্চা হৈছিল।

সমিতিয়ে এনে কিছু পৰামৰ্শ দিছে নেকি যিবোৰ পৰামৰ্শ চৰকাৰে মানি ল'বলৈ প্ৰস্তুত নহয় বা ইনাৰ লাইন পাৰ্মিটকে ধৰি সংৰক্ষণৰ আন কিছু দিশ এই পৰামৰ্শলানীত আছে নেকি সেয়াও বিচাৰ্যৰ বিষয়। এই পৰিস্থিতিত এই বিষয়টো এতিয়া শাসক পক্ষই যিমান যুক্তি দিলেও সাধাৰণ মানুহৰ দৃষ্টিত যে ৰহস্যময় হৈ পৰিছে সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে।

৬নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে যি তৎপৰতা প্ৰদৰ্শন কৰিছিল, সেই তৎপৰতা হঠাৎ নাইকীয়া হোৱা ঘটনাই অসমবাসীকো ভাবিবলৈ বাধ্য কৰাইছে যে সমিতিয়ে প্ৰদান কৰা পৰামৰ্শলানী ৰূপায়নৰ ক্ষেত্ৰত পূৰ্বতে দিয়া নিশ্চয়তা আৰু এতিয়াৰ বাস্তৱৰ মাজত আছে আকাশ-পাতাল পাৰ্থক্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in