ৰাজ্যৰ ৪ সমষ্টিত ৫৪ প্ৰাৰ্থীৰ মাজত অন্তিম নিৰ্বাচনী যুঁজ…

ৰাজ্যৰ ৪ সমষ্টিত ৫৪ প্ৰাৰ্থীৰ মাজত অন্তিম নিৰ্বাচনী যুঁজ…

♦ মৃদুল কুমাৰ সন্দিকৈ

মঙলবাৰে অন্ত পৰিব অসমত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ১৪টা সমষ্টিৰ বাকী থকা চাৰিটা সমষ্টিত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। এইবাৰ লোকসভা নিৰ্বাচনত ৰাইজে বহু দৃশ্য প্ৰত্যক্ষ কৰিলে যদিও, পূৰ্বৰ দৰে নিৰ্বাচনী বতাহ অসমত পৰিলক্ষিত নহ'ল। বেছিভাগ সমষ্টিতেই কংগ্ৰেছ আৰু বিজেপিৰ মাজতেই মুল প্ৰতিদ্বন্দ্বিতা সীমাৱদ্ধ হৈ ৰ'ব।

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ দেশৰ ১১৬টা সমষ্টিত অনুষ্ঠিত হ'ব। ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰসমূহ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে। মঙলবাৰে অসমত ভোট দিবলৈ আহিব প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং। দুপৰীয়া ২ বজাত আহি তেওঁ গুৱাহাটী পোৱাৰ কথা। বৰঝাৰ বিমান বন্দৰৰ পৰা  পোনে পোনে তেওঁ দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাব। প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীৰ ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰ হ'ল- ৬২৩ আৰু তেওঁৰ পত্নীৰ গুৰচৰণ কৌৰৰ ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰ- ৬২৪।

প্ৰাক্তন প্রধানমন্ত্ৰী মনমোহন সিঙে আহি দিছপুৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা ফাইল ফটো…
প্ৰাক্তন প্রধানমন্ত্ৰী মনমোহন সিঙে আহি দিছপুৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰা ফাইল ফটো…

লোকসভা নিৰ্বাচনৰ তিনি পৰ্যায়ৰ প্ৰচাৰত সংবাদমাধ্যমক বিশেষ দৃষ্টি ৰখা লোকজন আছিল হিমন্ত বিশ্ব শৰ্মা। ৰাজপথত পদযাত্ৰাৰে মন্ত্ৰীগৰাকীয়ে বিজেপি প্ৰাৰ্থীৰ বাবে যথেষ্ট কষ্ট কৰিলে। সেই প্ৰচাৰ অভিযানত তেওঁ কোনো মুহূৰ্তত অশ্বস্তিৰো সন্মুখীন হৈছিল। শিৱসাগৰত তেওঁৰ সন্মুখত প্ৰাক্তন আছু নেতাই 'মিছা নক'ব' বেনাৰ দাঙি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

বিশ্বনাথ চাৰিআলিত সন্মুখলৈ মানুহ অহাৰ বাবে তেওঁ পদযাত্ৰাত অংশ নলৈ ঘূৰি অহাৰ ভাবুকি দিছিল। নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ আগদিনা মহানগৰীত তেওঁ পিচল খাই পৰিছিল। তাৰমাজতেই গুৱাহাটীৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক ভিডিঅ' ভাইৰেল হৈছে। এই ভিডিঅ'ত সমদলত তেওঁৰ সন্মুখলৈ অহা দুজন যুৱকক সন্মুখলৈ অহাৰ বাবে মন্ত্ৰীগৰাকীয়ে ঠেলি আঁতৰাই দিয়াৰ দৃশ্য বন্দী হৈছে।

এই ভিডিঅ'ত থকা দৃশ্যাংশ চালেই বুজা জনে সকলো বুজিব পাৰিব। এজন প্রভাৱশালী নেতাৰ সন্মুখলৈ অহাৰ দশা কি হৈছিল এই যুৱক সমৰ্থক দুজনৰ। এইবোৰ নিৰ্বাচনী প্ৰচাৰৰ দৃশ্য। কিন্তু সেই দৃশ্যবোৰেও দি যায় কিছু ভৱিষ্যতৰ বাৰ্তা।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ ছ'চিয়েল মিডিয়াতো বহু কথা চৰ্চা হৈছে। এইবাৰ নিৰ্বাচনত ডিজিটেল মিডিয়াৰো এক বিশেষ ভূমিকা আছে। কোনো কোনোৱে এই নিৰ্বাচনৰ পোষ্টমৰ্তেমো আৰম্ভ কৰিছে ডিজিটেল মিডিয়াত। পূৰ্বতে ছ'চিয়েল মিডিয়াত চৰ্চা হোৱা এই কথাবোৰ গুৰুত্ব দিয়া হোৱা নাছিল যদিও, সাম্প্ৰতিক সময়ত তেনে কিছু দৃশ্যই সচেতন লোকক ভবাই তুলিব। তেনে এখন দৃশ্য এয়া-

নিৰ্বাচনী প্ৰচাৰৰ বাবে যিকোনো প্ৰকাৰে, যিকোনো মাধ্যমকে ব্যৱহাৰ কৰা হৈছে। আনকি ৰাজনীতি কি বুজি নোপোৱা শিশুকো নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ দৰে ঘটনা ঘটিছে। এইবোৰ ঘটনা বা দৃশ্য চিন্তনীয়। নিৰ্বাচনত অসমৰ ভোটাৰক আকৰ্ষিত কৰাৰ বাবে এইবাৰ বিজেপিয়ে ৰোড শ্ব', বিশাল নিৰ্বাচনী জনসভা আয়োজন কৰাৰ বিপৰীতে বিৰোধী কংগ্ৰেছ দলে ৰোড শ্ব' অনুষ্ঠিত কৰিলেও সেই দিশত বিজেপিতকৈ পিছ পৰি ৰ'ল।

অৱশ্যে তৃণমূল পৰ্যায়লৈ গৈ দলটোৱে ভোটাৰ ৰাইজৰ সংস্পৰ্ষ লাভৰ চেষ্টা কৰিছিল। প্ৰচাৰৰ দিশত যথেষ্ট পিছ পৰি ৰ'ল কংগ্ৰেছ। ২০১৯ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ জয়ী হ'লে ২০২০ৰ ৩১ মাৰ্চ পৰ্যন্ত ২৪ লাখ চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰতিটো দৰিদ্ৰ পৰিয়ালক ৭২ হাজাৰ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে। অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান, জাগীৰোড আৰু কাছাৰৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতিও দিছে কংগ্ৰেছে।

কংগ্ৰেছৰ আন প্ৰতিশ্ৰুতি সমূহৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলক দেশৰ ভিতৰতে কাৰিকৰী উচ্চ শিক্ষাৰ কেন্দ্ৰস্থলৰূপে গঢ়ি তোলাৰো প্ৰতিশ্ৰুতি আছে। অসমতো নিবনুৱাক ভাট্টা প্ৰদানৰ কথা কৈছে কংগ্ৰেছে। ইফালে, বিজেপিয়েও দক্ষতা, স্বচ্ছতা আৰু সততা তথা বিশ্বাসৰ শ্ল'গানেৰে ৰাইজৰ পৰা ভোট ভিক্ষা কৰিছে। আকৌ এবাৰ মোডী চৰকাৰ শ্ল'গান দি দলটোৱে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতি সংকল্পৱদ্ধ, অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে প্ৰতিটো জাতি-জনগোষ্ঠী, ভাষা-সংস্কৃতি আৰু ৰাজনৈতিক ক্ষেত্ৰত সাংগঠনিক সুৰক্ষাৰ বাবে দায়ৱদ্ধতাৰ কথাও উল্লেখ কৰিছে।

ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ মৰিগাঁও, জাগীৰোডৰ পৰা ছয়গাঁও আৰু ছিপাঝাৰৰ পৰা টিহু পৰ্যন্ত সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে। ঘৰে ঘৰে খোৱাপানী, সকলোৰে ঘৰলৈ বিজুলি, দৰিদ্ৰ কৃষকক পেঞ্চন, ক্ষুদ্ৰ দোকানীক পেঞ্চন, ৯ কোটি দৰিদ্ৰ পৰিয়ালক ৫ টকালৈকে বিনামূলীয়া চিকিৎসা, অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালক পকীঘৰ, শ্ৰমিকৰ বেতন বৃদ্ধি আদি ভাল লগা প্ৰতিশ্ৰুতি দিছে শাসকীয় দলটোৱে।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত চাৰিটা সমষ্টিৰ ভোটাৰে কাক জয়যুক্ত কৰে সেয়া ভোটাৰৰ নিজস্ব বিষয়। কিন্তু কিছু দিশত এই সমষ্টি কেইটাত কাক ভোট দিব তাক লৈ ৰাইজে এইবোৰ বিষয়ৰ লগতে আন কিছু দিশ বিবেচনা কৰি চোৱাৰ সম্ভাৱনা আছে। গুৱাহাটী লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুঠ ১৭জন প্ৰাৰ্থীয়ে। প্ৰাৰ্থী কেইজন ক্ৰমে-

১. ববিতা শৰ্মাঃ কংগ্ৰেছ

২. কুইন ওজাঃ বিজেপি

৩. মনোজ শৰ্মাঃ তৃণমূল কংগ্ৰেছ

৪. অভিজিত চক্ৰৱৰ্তীঃ ভাৰতীয় গণ পৰিষদ

৫. ছাদেক আলীঃ ৰিপাব্লিকেন পাৰ্টি অৱ ইণ্ডিয়া (এ)

৬. পংকজ দাসঃ স্বৰ্ণ ভাৰত পাৰ্টি

৭. পাৰ্থ প্ৰতীম বৰুৱাঃ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল

৮. মামণি শৰ্মাঃ পূৰ্বাঞ্চল জনতা পাৰ্টি (ছেকুলাৰ)

৯. ৰাজীৱ কাকতিঃ হিন্দুস্থান নিৰ্মাণ দল

১০. ৰাতুল কুমাৰ চৌধুৰীঃ সমাজৱাদী পাৰ্টি

১১. ৰুবী নেওগঃ নেশ্যনেল ৰিপাব্লিকেন কংগ্ৰেছ

১২. আলিমুদ্দিন আহমেদঃ নিৰ্দলীয়

১৩. উপমন্যু হাজৰিকাঃ নিৰ্দলীয়

১৪. উৎপল বৰগোঁহাইঃ নিৰ্দলীয়

১৫. জোণমণি দেৱী খাউণ্ডঃ নিৰ্দলীয়

১৬. ফাৰুক আহমেদ ভূঞাঃ নিৰ্দলীয়

১৭. শংখ সিনহাঃ নিৰ্দলীয়

এই সমষ্টিটোত মুল যুঁজ বিজেপি আৰু কংগ্ৰেছৰ মাজতেই হ'ব বুলি ভবা হৈছে। কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা আৰু বিজেপি প্ৰাৰ্থী কুইন ওজাই গুৱাহাটী সমষ্টিৰ জয়ৰ প্ৰত্যাশা থকা প্ৰাৰ্থী বুলি বহুতে ক'ব খোজে। অৱশ্যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে উপমন্যু হাজৰিকাই সমষ্টিটোত ব্যাপক প্ৰচাৰ কৰা পৰিলক্ষিত হৈছিল। এই প্ৰাৰ্থীজনে ৪ লাখ গোহাঁৰি পত্ৰ বিলাইছিল সমষ্টিটোৰ ভোটাৰৰ মাজত।

কোকৰাঝাৰ সমষ্টিত মুল নিৰ্বাচনী যুঁজ অনুষ্ঠিত হ'ব চাৰিগৰাকী প্ৰাৰ্থীৰ মাজত। সমষ্টিটোত বৰ্তমানৰ সাংসদ তথা নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াৰ লগতে বিপিএফৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্ম, কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাম ৰাভা আৰু ইউ পি পি এল প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্মৰ নামৰ ভোটাৰৰ মাজত চৰ্চালৈ আহিছিল।

বৰপেটা সমষ্টি সংখ্যালঘু অধ্যূষিত এটা সমষ্টি। কংগ্ৰেছে এই সমষ্টিটোত আব্দুল খালেকক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে অগপই বিজেপি আৰু বিপিএফৰ মিত্ৰদলৰ প্ৰাৰ্থী হিচাপে দীপক দাসক এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এ আই ইউ ডি এফেও সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদান কৰিলেও, বৰপেটাত অগপ আৰু কংগ্ৰেছৰ মাজতেই মুল নিৰ্বাচনী যুঁজ সীমাৱদ্ধ হৈ ৰ'ব।

ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ প্ৰভাৱ থকা ধুবুৰী সমষ্টিত এইবাৰ মুল প্ৰতিদ্বন্দ্বী সকলৰ ভিতৰত আছে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল, কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী আৰু অগপৰ প্ৰাৰ্থী জাৱেদ ইছলাম। এই সমষ্টিটোত ভোটাৰৰ বিন্যাস আৰু পূৰ্বৰ নিৰ্বাচনী ফলাফললৈ চাই এ আই ইউ ডি এফৰ প্ৰভাৱ আছে বুলি ভবা হয় যদিও, যোৱা পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোত এ আই ইউ ডি এফে বৰ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

ইফালে, এনে এক চৰ্চাও হৈছিল যে, এই সমষ্টিটোত কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰি সমষ্টিটোৰ পৰা বদৰুদ্দিন আজমলক জয়ী হোৱাৰ সুবিধা কৰি দিছে। সেই সকলো সমীকৰণ মিলালে বদৰুদ্দিন আজমল এই সমষ্টিটোৰ এজন শক্তিশালী প্ৰাৰ্থী। কিন্তু নিৰ্বাচনী প্ৰেক্ষাপটৰ ফালৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী আৰু অগপৰ মিত্ৰদলৰ প্ৰাৰ্থীগৰাকীকো আওকাণ কৰিব নোৱাৰি।

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমত চাৰিটা সমষ্টিত মুঠ ৫৪জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ কিছু তথ্য এনে ধৰণৰ-

  • অসমৰ চাৰি সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সংখ্যা ৫৪গৰাকী।
  • ইয়াৰে ১২গৰাকী প্ৰাৰ্থী কোটিপতি।
  • তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ২২ শতাংশ প্ৰাৰ্থী কোটিপতি।
  • তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অসমৰ প্ৰাৰ্থীসকলৰ গড়ে সম্পত্তিৰ পৰিমান ৪.২৬ কোটি।
  • ৫৪ জন প্ৰাৰ্থীৰ ভিতৰত ৬জন (১১শতাংশ) প্ৰাৰ্থীৰ বিৰুদ্ধে আছে গুৰুত্বপূৰ্ণ অপৰাধমূলক গোচৰ।
  • ৮জন প্ৰাৰ্থীয়ে তেওঁলোকৰ বিৰুদ্ধে গোচৰ থকা কথা জানিবলৈ দিছে নিৰ্বাচন আয়োগক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in