ৰাইজে কৈছেঃ কেব নালাগে, নালাগে, নালাগে, নালাগে…

ৰাইজে কৈছেঃ কেব নালাগে, নালাগে, নালাগে, নালাগে…

মৃদুল কুমাৰ সন্দিকৈ

ৰাইজৰ খং আৰু ৰোষৰ বলি হৈছে ইজনৰ পাছত সিজন নেতা । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ক্ৰমশঃ তীব্ৰতৰ হৈছে আন্দোলন। শনিবাৰ অৰ্থাৎ ৭ ডিচেম্বৰ, ২০১৯ৰ কেইবাগৰাকী নেতাক প্ৰতিবাদকাৰী ৰাইজে প্ৰশ্নৰে থকাসৰকা কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠা দেখা গৈছিল।

দেওবাৰেও সেই প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছিল। মন্ত্ৰী অতুল বৰাৰ বাসগৃহত প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰাৰ লগতে বিভিন্ন স্থানত প্ৰতিবাদকাৰীসকলে অন্য ধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰে। এই প্ৰতিবাদৰ মাজতেই ডিব্ৰুগড়ত কেব বিৰোধী প্ৰতিবাদকাৰীসকলে অগপৰ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি নখোৱা উৎসৱৰ প্ৰস্তুতি চলি থকাৰ মাজতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি এনে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত দলটোৰ নেতা সকল কিয় নিমাতে আছে বুলি প্ৰশ্ন কৰে।

৯ ডিচেম্বৰ, ২০১৯ত এই বিধেয়ক লোকসভাত উত্থাপন হোৱাৰ আগদিনা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদী কাৰ্যসূচী সমুহৰ ভিতৰত উল্লেখযোগ্য আছিল

  • কেবৰ বিৰুদ্ধে মহানগৰীত আছুৰ নেতৃত্বত শ শ আছু কৰ্মীৰ জোৰ সমদল। এই সমদলত সমুজ্জল ভট্টাচাৰ্য, লুৰণিজ্যোতি গগৈয়ে নেতৃত্ব দিয়ে।
  • বোকাখাতত অতুল বৰাৰ বাসগৃহ ঘেৰাও কৰে কেব বিৰোধী প্ৰতিবাদকাৰীয়ে।
  • বিধায়ক ভাস্কৰ শৰ্মাৰ ঘৰো ঘেৰাও কৰে প্ৰতিবাদকাৰীসকলে।
  • গোলাঘাটত অগপ কাৰ্যালয় ঘেৰাও কৰি গৃহ জিলাতেই অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ এক অস্বস্তিকৰ পৰিৱেশলৈ ঠেলি দিয়ে।
মথুৰাপুৰত আছুৰ প্ৰতিবাদ…
  • ডিব্ৰুগড়ত জুবিন গাৰ্গে সংবাদমেল সম্বোধন কৰি জাতিৰ এই দুৰ্যোগৰ সময়ত যতীন বৰাক বিজেপি ত্যাগ কৰি ৰাজপথলৈ আহিবলৈ আহ্বান জনায়।উল্লেখযোগ্য যে, কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেই ডিব্ৰুগড়ৰ চৌকেডিঙিৰ খেলপথাৰত ৮ ডিচেম্বৰত আয়োজিত কৰা জুবিনৰ সংগীতানুষ্ঠান প্ৰশাসনে নিৰাপত্তাজনিত কাৰণত বাতিল কৰা বুলি ঘোষণা কৰিছিল।
  • ৰূপহীহাটত অনুষ্ঠিত অগপৰ এক দলীয় অনুষ্ঠানত এ জে ৱাই চি পি সমৰ্থকে প্ৰৱেশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই অনুষ্ঠানত উপস্থিত আছিল মণিমাধৱ মহন্ত। তেওঁৰ সন্মুখতে এ জে ৱাই চি পি প্ৰতিবাদকাৰীসকলে অগপ মুৰ্দাবাদ ধ্বনি দি উত্তাল কৰি তোলে।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্থিতি ঘোষণা। সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই কয়- শ্ৰীমন্ত শংকৰদেৱ সংঘই নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত ইতিমধ্যে বিৰোধিতা কৰিছে। আৰু সেই মতামত সংসদীয় যুটীয়া সমিতিক অৱগত কৰিছিল। আজিও এই একে স্থিতিতেই শ্ৰীমন্ত শংকৰদেৱ সংঘ অটল আছে আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষতি হ'ব পৰা কোনো কাম নকৰিবলৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনায়।
  • সোণাপুৰত কাৰ্বি ছাত্ৰ সন্থাৰ কেবৰ বিৰুদ্ধে জোঁৰ সমদল।
  • মথুৰাপুৰত কেবৰ বিৰুদ্ধে প্ৰতিবাদী সমদল বাহিৰ।
  • বটদ্ৰৱাত কেবৰ বিৰোধিতাৰে আছুৰ বাইক ৰেলী। এই বিধেয়ক কোনো কাৰণতে নামানো বুলি মন্তব্য কৰি আছু প্ৰতিবাদকাৰীসকলে বিজেপি গ' বেক, হিমন্ত বিশ্ব শৰ্মা হায় হায়, সৰ্বানন্দ মুৰ্দাবাদ ধ্বনিৰে বটদ্ৰৱাৰ ৰাজ-পথ উত্তাল কৰি তোলে।
  • আলফা নেতা জিতেন দত্তই কেব বাতিল নকৰিলে অসমৰ তেল, কয়লা আৰু ৰেল সেৱা বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে।
শিৱসাগৰত মটক যুৱ ছাত্ৰ পৰিষদৰ কেবৰ বিৰুদ্ধে উলংগ প্ৰতিবাদ
  • সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ৰনুজ পেগুৰ বাসগৃহও ঘেৰাও কৰে ধেমাজি আছুৱে। ইয়াৰ লগতে তেওঁলোকৰ বাসগৃহৰ দেৱালত 'ন' কেব' বুলি লিখি দিয়ে প্ৰতিবাদকাৰী সকলে।
  • শ্বহীদ ন্যাসৰ সন্মুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক'লা পতাকা প্ৰদৰ্শন কৰে আছু সমৰ্থকে।
  • হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহতো পোষ্টাৰিং কৰে প্ৰতিবাদকাৰীসকলে।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আমছুৰ প্ৰতিক্ৰিয়া – এই বিধেয়কে ভাৰতীয় সংবিধানক অপমান কৰিছে।
কেবৰ বিৰুদ্ধে দৰঙত আছুৰ প্ৰতিবাদী কাৰ্যসূচী…
  • মঙলদৈত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বাইকে ৰেলী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই এই বাইক ৰেলী বাহিৰ কৰে।
  • গোৱালপাৰাৰ ৰাজপথত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন। গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাই অগপৰ সভাপতি অতুল বৰাৰ পুত্তলিকা দাহ কৰে।
  • মাৰ্ঘেৰিটাত কেব বাতিলৰ দাবীত হেংদাং লৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশাল বাইক ৰেলী।
  • টিহুত কেবৰ বিৰোধিতাৰে আছুৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ শৱ যাত্ৰা।
মুখ্যমন্ত্ৰীক শ্বহীদ ন্যাসৰ সমীপত ক'লা পতাকা প্ৰদৰ্শন…
  • ডিব্ৰুগড়ত অগপৰ কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড কৰা ৮জন প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে। সেই প্ৰতিবাদকাৰীসকলৰ ভিতৰত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক ৰাহুল ছেত্ৰী আৰু প্ৰাক্তন সম্পাদক ডেভিড হাজৰিকাও আছিল।
  • গোলাঘাটত অতুল বৰাৰ বাসগৃহৰ সন্মুখৰ পৰা প্ৰতিবাদকাৰীক আঁতৰাবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়।মন্ত্ৰী অতুল বৰাৰ বাসগৃহৰ সন্মুখত ছাত্ৰ মুক্তিৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
  • মানকাচৰত অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজেৰ বিশাল সমদল। শ শ জনতাই বেনাৰ, পোষ্টাৰ হাতত লৈ এই বিদেয়কৰ বিৰোধিতা কৰে।
  • ৰহাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰহা শিক্ষাৰ্থী সমাজৰ প্ৰতিবাদী কাৰ্যসূচী।
ৰহা শিক্ষাৰ্থী সমাজৰ কেব বিৰোধী প্ৰতিবাদী কাৰ্যসূচী…
  • ইফালে, কেব সমৰ্থন কৰা নেতা সকলক কটাক্ষ কৰি চৌদিশে পোষ্টাৰিং অব্যাহত আছে।
  • নলবাৰী কলেজৰ প্ৰৱেশদ্বাৰত অচিনাক্ত লোকে অগপৰ ৩ মন্ত্ৰীৰ বিৰুদ্ধে পোষ্টাৰ আঁৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই পোষ্টাৰত কেবৰ সমৰ্থন কৰা অগপৰ তিনি মন্ত্ৰীৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কৰা দেখা পোৱা যায়।
  • পৰেশ বৰুৱাৰ ভাতৃয়েও কেবৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি কেব আহিলে জাতি ধ্বংস হ'ব বুলি মন্তব্য কৰে। জেৰাই গাঁৱৰ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাই এই আহ্বান জনায়।
  • অখিল গগৈয়ে এই প্ৰতিবাদ কেব বাতিল নোহোৱালৈকে চলি থাকিব বুলি মন্তব্য কৰে।
  • সদৌ অসম ছাত্ৰ সন্থাই সন্ধিয়া ভাগলৈ কেবৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি জোঁৰ সমদলৰ কাৰ্যসূচী হাতত লয়।
সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ…
  • ফেচবুক যোগে কেবৰ বিৰুদ্ধে অসমৰ ছাত্ৰ সমাজে কৰা আন্দোলনক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰে এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰে।
  • ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীয়েও মৌনতাৰ অন্তত কেব তেওঁ সমৰ্থন নকৰে বুলি ঘোষণা কৰি এক অনুষ্ঠানত আয়োজন কৰে।
  • অভিনেত্ৰী প্ৰস্তুতি পৰাশৰেও কেব বিৰোধী আন্দোলনত চামিল হৈ ৰাজপথলৈ ওলাই আহে।
  • অসম নাগৰিক সমাজে গুৱাহাটীৰ পৰা ছয়গাঁৱলৈকে কেইবাখনো নাগৰিক সভা আয়োজন কৰাৰ লগতে সমদল উলিয়ায়। মুকলি ট্ৰাকত উঠি কেবৰ পৰা হ'ব পৰা বিপদৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য আৰম্ভ কৰা এই সাংগীতিক যাত্ৰা গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰৰ পৰা পুৱা ১০.৩০ বজাত আৰম্ভ হৈ ক্ৰমে ১১ বজাত মালিগাঁও, দুপৰীয়া ১২ বজাত গুৱাহাটী বিশ্ববিদ্যালয়, দুপৰীয়া ১ বজাত মিৰ্জা , আবেলি ১.৩০ বজাত কুকুৰমাৰা, আবেলি ২ বজাত ৰামপুৰ হৈ আবেলি ৩ বজাত ছয়গাঁৱত সামৰণি পৰে।
  • এই প্ৰতিবাদী যাত্ৰাত অংশ লয় অৰুপ বৰবৰা, অজিত কুমাৰ ভূঞা, প্ৰশান্ত ৰাজগুৰু, পৰেশ মালাকাৰ, অখিল ৰঞ্জন দত্তৰ লগতে অসম নাগৰিক সমাজৰ বিষয়ববীয়া আৰু বহু সাধাৰণ নাগৰিকে।
কেবৰ বিৰুদ্ধে বটদ্ৰৱাত আছুৰ বাইক ৰেলী…
  • লেখক শিল্পী সমাজেও গুৱাহাটী ক্লাৱত কেবৰ বিৰুদ্ধে প্ৰতিবাদী সমদল বাহিৰ কৰে। এই সমদলত অংশ লয় হীৰেণ গোঁহাই, উদয়াদিত্য ভৰালী, প্ৰভাত বৰা, প্ৰকাশ মহন্ত, অনুৰাধা শৰ্মা পূজাৰী, নবীন বৰুৱা, অতনু ভট্টাচাৰ্য, বীৰেন সিংহ, ৰাণী গোঁহাই, অৰিন্দম কটকী, সমীৰ তাঁতীকে ধৰি বিশিষ্ট লিখক-বুদ্ধিজীৱিসকলে।
  • চচলত প্ৰাক্তন আলফা ঐক্যমঞ্চৰ বেনাৰত পুৱা ৮ বজাৰ পৰা ৪ বজালৈকে অনশনৰ কাৰ্যসূচী ৰূপায়ন কৰে। এই অনুষ্ঠানত অংশ লয় অনুপ চেতীয়াকে ধৰি কেইবাগৰাকীয়ে আলফাৰ আলোচনাপন্থী নেতাই অংশ লয়।
  • চৰাইদেউত আঞ্চলিক ছাত্ৰ সন্থাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰ্ধানমন্ত্ৰী মোডী, মুখ্যমন্ত্ৰী সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ কেব বিৰোধী প্ৰতিবাদী কাৰ্যসূচী..
  • কেবৰ বিৰোধিতা কৰি দিল্লী বিশ্ববিদ্যালয়ৰ এ বি ভি পি উত্তৰ-পূব ক্ষেত্ৰৰ ১২জনকৈ ছাত্ৰ নেতাই পদত্যাগ কৰে।
  • কেবৰ বিৰোধিতা কৰাৰ কথা সদৰী কৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰেন্দ্ৰ সিঙে। তেওঁ লগতে কয়- এই বিধেয়ক গণতন্ত্ৰ বিৰোধী।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূব বাসীক একলগ হৈ থিয় হ'বলৈ আহ্বান সাংসদ গৌৰৱ গগৈৰ।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চাপৰমুখতো জোঁৰ সমদল বাহিৰ।
  • নামতিত ঐক্যসেনাৰ উত্তাল প্ৰতিবাদ। বিধায়ক প্ৰদীপ হাজৰিকাক কেব সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ দাবী।
প্ৰতিবাদীৰ ৰোষৰ পৰা কোনো মতে বাচিল মন্ত্ৰী ফণীভূষণ চৌধুৰী…
  • কংগ্ৰেছ নেতা অধিৰঞ্জন চৌধুৰীয়ে ঘোষণা কৰে- কংগ্ৰেছে বিৰোধিতা কৰিব কেবৰ।
  • বিভিন্ন দল-সংগঠনে আহ্বান দিয়ে ৯ আৰু ১০ ডিচেম্বৰত অসম বন্ধ। এই বন্ধৰ প্ৰতি সঁহাৰি জনাই ৯ আৰু ১০ ডিচেম্বৰত কাজিৰঙাৰ অৰ্কিড পাৰ্ক বন্ধ থকাৰ কথা ঘোষণা কৰে কৃষক মুক্তিয়ে।
  • কেবৰ বিৰুদ্ধে শিৱসাগৰত সদৌ অসম মটক ছাত্ৰ সন্থাই উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে।
  • সৰুপথাৰ মহাবিদ্যালয় ছাত্ৰ সমাজ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে বজ্ৰ হুংকাৰ কাৰ্যসূচী ৰূপায়ন কৰে ।
  • ৯ ডিচেম্বৰ, ২০১৯ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'শৰাইঘাটলৈ যাওঁ বলক' শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা।
কেবৰ বিৰুদ্ধে এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ প্ৰতিক্ৰিয়া…
  • ৯ ডিচেম্বৰত বিভিন্ন দল-সংগঠনে আহ্বান দিয়া অসম বন্ধলৈ সমৰ্থন অসম অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদৰ।
  • নগৰবেৰাত নাগাৰা নামেৰে কেবৰ বিৰুদ্ধে প্ৰতিবাদ।
  • এই প্ৰতিবাদৰ মাজতে আন্দোলনকাৰীলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে- আপোনালোকে আন্দোলন নকৰিব। কৰ্ম-সংস্কৃতিয়েহে দেশ আগবঢ়াই নিব।
  • কেবক লৈ দুই শিবিৰত বিভক্ত হ'ল অসম গণ পৰিষদ। দলটোৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীয়ে কেবৰ বিৰোধিতা কৰি কয়- নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়া জাতিক ধ্বংস কৰিব।
  • তেজপুৰলৈ যোৱা অভিনেতা যতীন বৰাক চাৰ্কিট হাউছৰ সন্মুখত প্ৰতিবাদকাৰীয়ে তেওঁৰ বাহন আগভেটি দি ধৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে, জোনাকী ছবিগৃহৰ পুনৰ নিৰ্মাণৰ পাছত এই ছবিগৃহটোৰ শোভাৰম্ভণি অনুষ্ঠান আয়োজন কৰা হৈছিল ৯ ডিচেম্বৰত। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ কথা। মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ অগ্ৰগতিৰ খবৰ ল'বলৈ আহোতেই প্ৰতিবাদকাৰীসকলে তেওঁক আগভেটি দি ধৰি গাড়ীৰ পৰা নামি আহিবলৈ আহ্বান জনায়। শোণিতপুৰ আৰক্ষী অধীক্ষক সঞ্জয় কৃষ্ণই কোনোমতে যতীন বৰাক সেই স্থানৰ পৰা আঁতৰাই পঠাই যদিও, তাৰ পূৰ্বে যতীন বৰাক উদ্দেশ্যি প্ৰতিবাদকাৰীসকলে যথেষ্ট ক্ষোভ উজাৰে। প্ৰতিবাদকাৰীৰ সন্মুখীন হ'ব নোৱাৰিলে যতীন বৰাই
  • কেবৰ বিৰুদ্ধে উত্তৰ-পূব ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধলৈ জমিয়ত উলেমাৰ সমৰ্থন।
  • ১২ ডিচেম্বৰত এ জে ৱাই চি পিৰ দিশপুৰ চলৌ কাৰ্যসূচী ঘোষণা। লগতে এ জে ৱাই চি পি নেতৃত্বই ৯ আৰু ১০ ডিচেম্বৰৰ অসম বন্ধলৈ সংগঠনটোৰ সমৰ্থন থকাৰ কথা ঘোষণা কৰে।
  • গীতৰ জৰিয়তে কল্পনা পাটোৱাৰীয়ে কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
  • গায়িকাগৰাকীয়ে গাই- 'পাৰ যদি অসমক ৰক্ষা কৰ, নহ'লে ডিঙিত চিপজৰী লগাই মৰ…।'
  • তেজপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰৱেশ নিষিদ্ধ কৰিলে আছুৱে।
কেবৰ বিৰুদ্ধে লেখক-শিল্পী সমাজৰ প্ৰতিবাদী সমদল…
  • এ বি ভি পিৰ পৰা পদত্যাগ কৰিলে তিতাবৰ নগাঁও সমিতিৰ কেইবাজনো বিষয়ববীয়াই।তেওঁলোকৰ ঘোষণা কেব কেতিয়াও মানি নলয়।
  • কেবৰ বিৰোধিতাৰে উত্তাল তামুলপুৰ, বাক্সা, লখিমপুৰ, শিৱসাগৰ। সৰ্বানন্দ সোণোৱাল হায় হায়, মোডী হায় হায় ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত।
  • মাজুলীত কেবৰ বিৰোধিতাৰে অগপ জিলা সমিতিৰ ঘোষণা- সমুহীয়াভাৱে কৰিব পদত্যাগ।
  • কেব গৃহীত হ'লে ৰক্তাক্ত হ'ব অসম- নুমলীগড়ত এই হুংকাৰ প্ৰতিবাদকাৰীৰ।
  • কেবৰ সন্দৰ্ভত শশী থাৰুৰ মন্তব্য- নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱা মানেই মহাত্মা গান্ধীৰ বিচাৰ ভাৱধাৰাক ভৰিৰে মোহাৰি জিন্নাৰ ভাৱধাৰাক জয়ী কৰোৱা।ধৰ্মৰ আধাৰত নাগৰিকত্ব প্ৰদান কৰিলে ভাৰত পাকিস্তানৰ হিন্দু সংস্কৰণ হ'ব বুলি মন্তব্য কৰে থাৰুৱে।
  • ধাৰাবাহিকভাৱে অসম বিৰোধী মন্তব্যৰ কৰা জনৈক গৰ্গ চেটাৰ্জী নামৰ লোকজনৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু। ফেচবুকত অসম বিৰোধী মন্তব্য কৰি আছিল এই ব্যক্তিগৰাকীয়ে।
  • ডিব্ৰুগড়ত ৰাতুল গগৈ নামৰ এজন লোকে কেবৰ বিৰোধিতা কৰি বিজেপিৰ সাধাৰণ সদস্যৰ পদ ত্যাগ কৰে।
  • কেব গৃহীত হ'লে দেৰগাঁৱত ব্ৰহ্মপুত্ৰ অঞ্চলত বিধায়ক মৃণাল শইকীয়াৰ প্ৰৱেশ নিষিদ্ধ বুলি ঘোষণা কৰে প্ৰতিবাদকাৰীয়ে।

এইদৰেই কেবৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হৈ আছে। ক্ৰমশঃ প্ৰবল হৈছে এই প্ৰতিবাদী সংগ্ৰাম। কিন্তু অসমৰ ৰাইজৰ এই প্ৰতিবাদলৈ কাণসাৰ দিয়া নাই দিল্লী তথা দিশপুৰে। কিহৰ কাৰণেনো কেব বিচৰা নাই অসমৰ ৰাইজে তাৰ যুক্তিযুক্ততা হৃদয়ংগম কৰিবলৈ এইসকলে নেতাৰ এতিয়া আজৰি নাই।

তেওঁলোক আকোৰগুজ হৈ লাগি আছে যিকোনো প্ৰকাৰে কেব আনিবই। ইয়াৰ বিপৰীতে অসমৰ খিলঞ্জীয়া লোক তথা জাতীয় দল-সংগঠন উত্তৰ-পূবৰ জাতীয় সংগঠনসমূহে কেবৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী।

অবৈধ বাংলাদেশী নাগৰিকৰ বোজা জোৰ কৈ অসম তথা উত্তৰ-পূবক জাপি দিব খোজা সকলৰ বিৰুদ্ধে ৰাইজে যি প্ৰতিবাদ সাব্যস্ত কৰিছে, সেই প্ৰতিবাদ এতিয়া এক গণ আন্দোলনলৈ ৰূপান্তৰিত হৈছে। স্বতঃস্ফূতভাৱে এই আন্দোলন গঢ় লৈ উঠিছে যদিও, ইয়াৰ তীব্ৰতা আৰু ৰাইজৰ ক্ষোভৰ উমান পোৱা নাই শাসক পক্ষই।

এইদৰেই ৰাইজে কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাইজে এটা কথাই কৈছে- জাতীয় জীৱনক নিঃশেষ কৰিব পৰা, খিলঞ্জীয়াৰ স্বাৰ্থত আঘাত হনা এনে বিধেয়ক আমাক নালাগে। কিন্তু চৰকাৰে কৈছে- যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দি হিন্দু বাংলাদেশীক চৰকাৰে আনিবই। তাৰ বিৰুদ্ধে ৰাইজ গৰজি উঠিছে। ৰাইজে শেষ মুহূৰ্তলৈকে কৈছে- কেব আমাক নালাগে, নালাগে, নালাগে। অৱশ্যে তাৰ মাজতেই এদিন জাতীয় জীৱনৰ ত্ৰাণকৰ্তা ৰূপত ভুমুকি মৰা একাংশয়ো সেই কেব আনিব খোজা সকলৰ সৈতে বিভীষণৰ ৰূপত সহযোগ আগবঢ়াই নিজকে জাতীয় জীৱনত বদন ৰূপত উদঙাই দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in