বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক…

বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক…

মৃদুল কুমাৰ সন্দিকৈ

কোৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ কাৰাগাৰসমূহৰ পৰা বহু কয়দীক মুকলি কৰি দিবলৈ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। COVID-19ৰ প্ৰতি লক্ষ্য ৰাখি দোষী সাব্যস্ত হোৱা আৰু বিচাৰধীন এনে কয়দীসকলক বেৰল বা বে'লত মুক্তি দিয়া হৈছে।

দেশৰ বিভিন্ন প্ৰান্তৰ কাৰাগাৰত থকা সহস্ৰাধিক এনে কাৰাবন্দীক কাৰাগাৰৰ পৰা মুকলি আকাশলৈ ওলাই আহিবলৈ দিয়া হৈছে। সমগ্ৰ ভাৰতত কাৰাগাৰত প্ৰায় ৪.৫ লাখ কাৰাবন্দী বন্দী হৈ আছে। ২০১৮চনৰ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰৰ তথ্য অনুসৰি কাৰাগাৰৰ ক্ষমতাতকৈ ১৭.৬ শতাংশ অধিক লোক কাৰাগাৰত বন্দী হৈ আছে।

অসমৰ পৰাও কেইবাজনো অপৰাধীক ইতিমধ্যে মুকলি কৰি দিয়া হৈছে কাৰাগাৰৰ পৰা। ২৮ মাৰ্চ, ২০২০ত ৪১গৰাকী কাৰাবন্দীক তেজপুৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। কোৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী কাৰাগাৰতো তিনিজন স্বাস্থ্য বিভাগৰ বিষয়াকে ধৰি এজন চিকিৎসকক নিযুক্তি দিছে এই বিষয়টো দৃষ্টিগোচৰ কৰিবলৈ।

গুৱাহাটী কাৰাগাৰত ১হাজাৰ কাৰাবন্দী থাকিব পাৰে যদিও, প্ৰায় ১২০০ৰো অধিক কাৰাবন্দী আছে। পৰ্যায়ক্ৰমে সমগ্ৰ দেশত কাৰাবন্দীসকলক ইতিমধ্যে কাৰাগাৰৰ পৰা প্ৰেৰণ নতুবা জামিনত মুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে।

নলবাৰী কাৰাগাৰৰ পৰাও ৪৫গৰাকী বিচাৰধীন অপৰাধীক মুকলি কৰি দিয়া হৈছে এই দিন কেইটাত। কৰিমগঞ্জৰ কাৰাগাৰ কৰ্তৃপক্ষয়ো তেনে ব্যৱস্থা গ্ৰহণ কৰিছে। অসমত মুঠ ৭২২গৰাকী কাৰাবন্দীক এই সময়চোৱাত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কাৰাগাৰ কৰ্তৃপক্ষই মুকলি কৰি দিছে।

কাৰাগাৰসমূহৰ মহাপৰিদৰ্শক দশৰথ দাসৰ অনুসৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত এখন উচ্চস্তৰীয় কমিটী গঠন কৰি কাক কাক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ'ব সেই সিদ্ধান্ত লোৱা হৈছে। কৰিমগঞ্জ, বৰপেটা জিলা কাৰাগাৰ কৰ্তৃপক্ষই মুঠ ৩০জন কাৰাবন্দীক মুকলি কৰি দিছিল।

অসমৰ ৩১খন জিলাত ৮ সহস্ৰাধিক কাৰাবন্দী আছে। সেই সকলৰ ভিতৰতে এজন বিশেষ কাৰাবন্দী হ'ল অখিল গগৈ। 'কা' বিৰোধী আন্দোলনৰ সময়ত যোৰহাটৰ পৰা ১২ ডিচেম্বৰ, ২০১৯ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক।

অখিল গগৈক পৰৱৰ্তী সময়ত ১৬ ডিচেম্বৰ, ২০১৯ত NIAয়ে জিম্মাত লৈছিল। তাৰপাছত ১৭ ডিচেম্বৰত NIAই আদালতত হাজিৰ কৰাই অখিল গগৈক লৈ যোৱা হৈছিল দিল্লীলৈ। দীৰ্ঘদিন ধৰি ৰাজ্যৰ বিভিন্ন সমস্যা সন্দৰ্ভত অখিল গগৈয়ে মাত মাতি আহিছে। শাসক-বিৰোধী সকলোৰে বাবে অখিল গগৈৰ এই প্ৰতিবাদী সত্তা বিভিন্ন সময়ত ৰাজনৈতিক সমীকৰণৰ অনুঘটক হৈ আহিছে।

শাসনলৈ অহাৰ আগতে বিজেপিয়ে অখিল গগৈক আৰু তেওঁ নেতৃত্ব দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন কৰিছিল। সেই অখিল গগৈ এতিয়া বিজেপিৰে চকুৰ কুটা হৈ পৰিল 'কা' আন্দোলনৰ সময়ত।

অতি ষড়যন্ত্ৰমূলকভাৱে অখিল গগৈক গ্ৰেপ্তাৰ কৰাই নহয়, দীৰ্ঘদিন ধৰি বিভিন্ন আইনী মেৰপাকেৰে কাৰাগাৰত বন্দী কৰি ৰখাবলৈ শাসকীয় দলটোৱে কোনো সুযোগ ব্যৱহাৰ নকৰাকৈ এৰা নাই। ইটোৰ পাছত সিটো গোচৰত অখিল গগৈক গ্ৰেপ্তাৰ কৰি যিকোনো প্ৰকাৰে কাৰাগাৰত বন্দী কৰি থবলৈ যেন প্ৰতিজ্ঞাবদ্ধ এই চৰকাৰ।

NIAৰ গোচৰত অখিল গগৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থাকোতে গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাই এক গোচৰত তেওঁক কাৰাগাৰৰ ভিতৰতে পুনৰ গ্ৰেপ্তাৰ কৰিছিল। ইফালে, মাওবাদীৰে সম্পৰ্ক থকা বুলি গোচৰ ৰুজু কৰি অখিল গগৈৰ বিৰুদ্ধে কোনো প্ৰমাণ আৰু তথ্য সম্বলিত অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবে ৯০ দিনৰ অন্তত অখিল গগৈক NIA আদালতে জামিন প্ৰদান কৰিছিল।

অখিল গগৈক পুনৰ জিম্মাত বিচাৰিছিল যদিও, NIA আদালতে সেই আৱেদন মঞ্জুৰ নকৰিলে। NIAৰ গোচৰত জামিন পোৱাৰ পাছতেই অখিল গগৈক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছিল। 'কা' আন্দোলনৰ সময়ত ৰুজু হোৱা এক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল গগৈক।

এই গোচৰৰ জামিন লাভ কৰাৰ পাছত পুনৰ চাবুৱা আন্দোলনত কা আন্দোলনৰ সময়ত ৰুজু হোৱা ২৮৯/১৯ নম্বৰৰ আন এক গোচৰত অখিল গগৈক চাবুৱা আৰক্ষীয়ে জিম্মাত লয়। অৰ্থাৎ কাৰাগাৰৰ পৰা অখিল গগৈ ওলাই আহি দুৱাৰমুখ পাওঁতে পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই নাটক চলি থাকিল।

সেই গোচৰত অখিল গগৈয়ে জামিন পোৱাৰ পাছত পুনৰ সেইখন থানাতেই কা আন্দোলনৰ সময়ত ৰুজু হোৱা ২৯০/১৯ নম্বৰৰ আন এক গোচৰত অখিল গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কেৱল সেয়াই নহয়, চাবুৱা থানাৰ পূৰ্বৰ গোচৰৰ জামিন নাকচ কৰি তেওঁৰ ওপৰত আন ল'ফুল প্ৰিভেঞ্চন এক্টৰ ধাৰাও জাপি দিয়া হয়।

এইদৰে ১২ ডিচেম্বৰ, ২০১৯ৰ পৰা প্ৰায় ৩ মাহৰো অধিক কাল অখিল গগৈ কাৰাগাৰতে বন্দী হৈ আছে। ইফালে, NIA আদালতে অখিল গগৈক জামিন দিয়া আৰু NIAৰ জিম্মাত পুনৰ নিদিয়া ৰায়ৰ প্ৰত্যাহ্বান জনাই NIAয়ে কাষ চাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

সেই সন্দৰ্ভত শুনানি অনুষ্ঠিত হ'ব ৭ এপ্ৰিলত। অখিল গগৈৰ বিৰুদ্ধে যিসমূহ গোচৰ ৰুজু কৰা হৈছে সেই গোচৰসমূহৰ মুল অভিযোগ হ'ল কা আন্দোলনৰ সময়ত যি ধংসাত্মক আৰু হিংসাত্মক কাৰ্য সম্পাদন হৈছিল সেয়া অখিল গগৈৰ নেতৃত্বতে হৈছিল।

এনে এক নিৰ্দিষ্ট অভিযোগক লৈ বাৰে বাৰে বিভিন্ন থানাত ৰুজু হোৱা গোচৰত অখিল গগৈক গ্ৰেপ্তাৰ কৰি তেওঁৰ মানৱ অধিকাৰ ইতিমধ্যে খৰ্ব কৰা বুলিও অভিযোগ উঠিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে।

কোৰোনা ভাইৰাছৰ আতংক আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে কাৰাগাৰৰ পৰা বহু দাগী অপৰাধীক মুকলি কৰি দিয়া হ'ল। কিন্তু জাতীয় স্বাৰ্থত 'কা'ৰ বিৰুদ্ধে মাত মতা অখিল গগৈৰ ক্ষেত্ৰত চৰকাৰে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ইবাৰৰ পাছত সিবাৰকৈ তেওঁক কাৰাগাৰৰ ভিতৰত সোমোৱাই ৰাখিছে।

কেৱল বিজেপি চৰকাৰেই নহয়, পূৰ্বৰ কংগ্ৰেছ চৰকাৰেও অখিল গগৈক কেইবাবাৰো কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। ৰাইজৰ পক্ষত থাকি নদীবান্ধ, ভূমি সমস্যা, মাটি পট্টা, দুৰ্নীতি আৰু শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অখিল গগৈয়ে মাত মাতিছিল।

এইবোৰৰ বাবেই অখিল গগৈ সদায় লক্ষ্য হৈ আহিছে চৰকাৰী পক্ষৰ। জনতাৰ কণ্ঠ হৈ পৰা অখিল গগৈৰ হৈ এই সময়চোৱাত যি ধৰণে আন দল-সংগঠনে মাত মাতিব লাগিছিল সেয়াও পৰিলক্ষিত হোৱা নাই। কিন্তু এজন মানুহক কিহৰ বাবে এনে চৰকাৰী ৰোষৰ বলি কৰা হৈছে সেই কথা কোনেও নজনাকৈ থকা নাই।

কাৰাগাৰৰ পৰা অখিল গগৈ এদিন মুকলি হ'ব। অখিল গগৈক আৰু কিমান দিনলৈ এইদৰে মানসিক নিৰ্যাতন চলাব চৰকাৰে ? আইন-আদালতে এই বিষয়টো আজিৰ পৰিৱেশ-পৰিস্থিতিত নিশ্চয় নিৰপেক্ষভাৱে বিবেচনা কৰি অখিল গগৈক ন্যায় প্ৰদান কৰিব ।

অখিল গগৈ কোনো সাধাৰণ অপৰাধী নহয়। অখিল গগৈৰ ওপৰত জাপি দিয়া গোচৰসমূহ এক ধৰণৰ অভিযোগ । তেনে বহু অভিযোগ আন দল-সংগঠনৰ নেতাৰ বিৰুদ্ধেও আছে। সেই সকল এতিয়াও মুকলি আকাশৰ তলতেই আছে। কেৱল অখিল গগৈক কিয় লক্ষ্য কৰা হৈছে এই প্ৰশ্নৰ উত্তৰ চৰকাৰেও সময়ত দিব লাগিব বা ইয়াৰ প্ৰত্যুত্তৰ পাব।

কাৰাগাৰত থকা সময়ত অখিল গগৈৰ স্বাস্থ্য ক্ষেত্ৰত ল'ব লগা নিয়ম কাৰাগাৰ কৰ্তৃপক্ষই অৱমাননা কৰাৰো অভিযোগ উঠিছিল। উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈছিল অখিল গগৈ। ইয়াৰ প্ৰভাৱ অখিল গগৈৰ পৰিয়াল তথা সন্তানৰ ওপৰতো পৰিছিল।

এখন গণতান্ত্ৰিক দেশত প্ৰতিবাদ কৰাৰ বাবেই কিমান তলৰ পৰ্যায়লৈ গৈ চৰকাৰে কোনো এজন ব্যক্তিক ৰোষৰ বলি কৰিব পাৰে সেয়া ইতিমধ্যে প্ৰমাণ হৈছে। সমগ্ৰ দেশতেই লকডাউন চলি আছে। এই সময়চোৱাত অসমৰ ৰাইজে প্ৰতিটো খবৰ অতি গুৰুত্বসহকাৰে পৰ্যবেক্ষণ কৰিছে।

অসমবাসীৰ আস্থা আছে ন্যায় ব্যৱস্থাৰ ওপৰত। অখিল গগৈৰ বিৰুদ্ধে চলা এই চৰকাৰী ষড়যন্ত্ৰ ওৰ পৰিব কেতিয়া? পাবনে অখিল গগৈয়ে ন্যায়? সেই প্ৰশ্নবোৰ এতিয়া নহ'লেও এদিন ৰাইজে কৰিব। অখিল গগৈলৈ ভয় কৰা সকলে তেওঁক কাৰাগাৰত বন্দী কৰি থলেই সকলো সমস্যা সমাধান হ'ব বুলি হয়তো ভাবিছে। কিন্তু সেইসকলে এই কথাও বুজা উচিত- তেওঁ এক প্ৰতিবাদ সত্তা। গণতন্ত্ৰত প্ৰতিবাদ সাব্যস্ত কৰাতো অপৰাধ হ'ব নোৱাৰে। 'কা' বিৰোধী আন্দোলনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনা সকলোৱে নিন্দা, গৰিহণা কৰে। কিন্তু তাৰ সমস্ত দোষ অখিল গগৈৰ ওপৰত জাপি ৰং চোৱাতো কেতিয়াও এখন গণতান্ত্ৰিক দেশত শুভলক্ষণ নহয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in