পঞ্চায়ত নিৰ্বাচনৰ আৱৰ্জনা…

পঞ্চায়ত নিৰ্বাচনৰ আৱৰ্জনা…

♦ ৰাজৰ্ষি চহৰীয়া

দুপৰীয়া প্ৰায় ৩.২২ বাজিছিল। মই নিজৰ ডিউটী শেষ কৰি ঘৰত উপস্থিত হোৱা সময় এইটো। দুৱাৰখন খুলিয়ে দেখিলো ছ'ফাখনত বহি আছে মা। হাতত ৰিমৰ্ট আৰু সমুখত টিভিটোত চলি আছে এটা নিউজ চেনেল। প্ৰথমে মন নিদি ভিতৰৰ ৰূমটোলৈ সোমাই গ'লো কিন্তু কাণত পৰিল টিভিটোত কোৱা এটা শব্দ- 'পঞ্চায়ত নিৰ্বাচন'। টিভি ৰূমলৈ ওলাই আহি মাৰ হাতৰ পৰা ৰিমৰ্টটো কাঢ়ি লৈ ভ'লিউমটো (Volume) অলপ বঢ়াই দিলো। নিউজ চেনেলটোত কেইজনমান ৰাজনীতিবিদ, ৰাজনৈতিক আৰু আলোচনা চক্ৰত অংশ লোৱা নিউজ চেনেলটোৰে এংকৰজন।

তেওঁলোকে কোৱা কথাবোৰ শুনি গ'লো, বুজি গ'লো আৰু পাৰ কৰিলো সম্পূৰ্ণ ৬০ মিনিট। কিন্তু শুনিবলৈ নাপালো মোৰ কাণত পৰিবলগীয়া কেইটামান বাক্য বা ক'বলৈ গ'লে কেইটামান প্ৰশ্ন। এনেকুৱা লাগিল যেন এই আলোচনাত এখন চকী টানি আনি ময়ো বহি লওঁ আৰু কিছু কথা কৈ যাও। মই পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিদ্বন্দ্বী নহয় বা ইয়াৰ সৈতে জড়িত নহয়, কিন্তু পঞ্চায়ত নিৰ্বাচন মোৰ সৈতে সম্পূৰ্ণভাৱে জড়িত। কাৰণ মোৰ দৰে সাধাৰণ জনতাৰ ভোট অবিহনে যে এই পঞ্চায়ত নিৰ্বাচন হ'ব নোৱাৰে এইখিনি মই জ্ঞাত।

এইকেইদিন ৰাজ্যত কেৱল পঞ্চায়ত নিৰ্বাচনৰেই বতাহ। বাতৰি কাকত, ডিজিটেল মাধ্যম, নিউজ চেনেল, ছ'চিয়েল মিডিয়া সকলোতে কেৱল পঞ্চায়ত নিৰ্বাচনৰ বতাহ বলি আছে। ৫ আৰু ৯ ডিচেম্বৰৰ পৰা ৰাজ্যৰ ২৬খন জিলা আৰু ১৪টা মহকুমাত ভোটগ্ৰহণ পৰ্ব আৰম্ভ হ'ল আৰু ১২ ডিচেম্বৰৰ পৰা তিনিদিনৰ পাছত অৰ্থাৎ ১৪ ডিচেম্বৰ পৰ্যন্ত অব্যাহত আছে ভোটগণনা। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দলসমূহৰ প্ৰাৰ্থী আৰু সমৰ্থকৰে ভৰি আছিল ভোটগ্ৰহণ কেন্দ্ৰ কেইটা। কিন্তু এই পঞ্চায়ত নিৰ্বাচনৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজৰ বাবে জানো সৃষ্টি হোৱা নাই কোনো ধৰণৰ অসুবিধা? প্ৰশ্নটোৰ উত্তৰ যদিও মোক প্ৰত্যক্ষভাৱে কোনো নিদিলে বা মই কাকো সোধা নাই, কিন্তু দৈনন্দিন জীৱনত গতানুগতিকভাৱেই প্ৰথমে সৃষ্টি হ'ল এনে কিছু প্ৰশ্ন। আৰু পৰ্যায়ক্ৰমে পাই গ'লো প্ৰশ্নবোৰৰ উত্তৰ।

২৩,৫০৫ টা ভোটকেন্দ্ৰত আৰম্ভ হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰাৰ্থী আৰু সমৰ্থকসকলৰে ভৰি পৰিল এই ভোটকেন্দ্ৰসমূহ। বিভিন্ন চৰকাৰী কাৰ্যালয়, বিদ্যালয়ক ভোটকেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰাৰ হ'ল। কিন্তু ইয়াৰ সৃষ্টি হ'ল বহু অসুবিধাৰ। এতিয়া প্ৰথম প্ৰশ্ন উত্থাপন হয়- ভোটকেন্দ্ৰলৈ যোৱা লাখ লাখ লোকৰ বাবে প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰৰ পৰ্যাপ্ত ব্যৱস্থা আছিল নে এই ভোটকেন্দ্ৰসমূহত? দিনৰদিনটো ভোটকেন্দ্ৰৰ বাহিৰতেই থিয় দি থকা প্ৰাৰ্থী-সমৰ্থকসকলে বিচাৰিবলগীয়া হ'ল এটা শৌচাগাৰ। কিন্তু ছ'চিয়েল মিডিয়াত লাভ কৰা এটা পোষ্টে দি গ'ল ইয়াৰ উত্তৰ। তিনিদিন ধৰি অব্যাহত থকা এই ভোটগণনা প্ৰক্ৰিয়াৰ সময়ত ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰিল বৰপেটাৰ এটা শৌচাগাৰ। কাৰণ কেবা সহস্ৰাধিক প্ৰাৰ্থী-সমৰ্থকে ব্যৱহাৰ কৰা এই শৌচাগাৰটোৰ ভৰ্তি হ'ল টেংকীটো।

ইয়াৰোপৰি ভোটকেন্দ্ৰত দেখিবলৈ পোৱা গ'ল আৰু এটি দৃশ্য। ভোটকেন্দ্ৰসমূহৰ চাৰিওফালে জমা হোৱা আৱৰ্জনাসমূহ। প্লাষ্টিক, কাগজকে ধৰি ব্যৱহাৰৰ অনুপযোগী সকলো সকলো জাৱৰ পৰি থকা দেখিবলৈ পোৱা গ'ল কেন্দ্ৰসমূহৰ বাহিৰত। কিন্তু ইমানবোৰ জাৱৰ যদিও দেখা গ'ল, কিন্তু একাংশ ভোটকেন্দ্ৰত দেখা পোৱা নগ'ল এটাও ডাষ্টবিন। যাৰবাবে সৃষ্টি হ'ল কদৰ্যময় পৰিৱেশৰ। কিন্তু এই পৰিৱেশ সৃষ্টি হোৱাৰ পূৰ্বেই জানো ল'ব পৰা নগ'ল হয় ইয়াৰ প্ৰতিকাৰ?

নিশা প্ৰায় ৯ মান বজাত ঘৰৰ পৰা এইবোৰ ভাবি ওলাই যোৱা পাছত স্কুটীখনত তেল ভৰাবলৈ সোমালো পেট্ৰ'ল পাম্পত। কাষতে ওলমাই থোৱা এটা এল ই ডি টিভিত চলি আছিল নিউজ চেনেল এটা। তাতো একেই পঞ্চায়ত নিৰ্বাচনৰ কথা। কাষৰে অট' চালকজনে (তেল ভৰাবলৈ অহা) ক'লে- 'এইবাৰ বোলে দেশৰ প্ৰধানমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী কোন নজনা প্ৰাৰ্থীয়েও নিৰ্বাচনত দৌৰত ভাগ লৈছে! কি যে হ'ব ৰাজ্যখনৰ ভগৱানে জানে…'। কাষতে মই এইবোৰ শুনি থাকিলো যদিও, নিদিলো কোনো প্ৰতিক্ৰিয়া। কিন্তু অট' চালকজনৰ কথাষাৰতো যেন বিচাৰি পালো লুকাই থকা প্ৰশ্ন কেইটা। যিজন প্ৰাৰ্থীয়ে এই সামান্য প্রশ্ন কেইটাৰ উত্তৰ নাজানে, তেওঁ বাৰু পঞ্চায়ত ল' বা পঞ্চায়ত এক্টখন জানিব বা বুজিব পাৰিবনে? চৰকাৰী আঁচনি এখনে কেনেকৈ সৰ্বসাধাৰণৰ বাবে উপযোগী হ'ব আৰু তাৰ চৰকাৰী প্ৰক্ৰিয়াটো আচলতে কোন বাটেৰে যায় সেয়া বুজিব পাৰিবনে? নে বিডিঅ', জুনিয়ৰ ইঞ্জিনিয়াৰে যিদৰে বুজাই দিব সেই মতেই কৰিব কামবোৰ? কাৰণ সঠিকভাৱে কোনেও ক'ব নোৱাৰে যে জুনিয়ৰ ইঞ্জিনিয়াৰ বা বিডিঅ'জন দুৰ্নীতিৰ সৈতে লিপ্ত নহয়।

এই প্ৰশ্নৰ উত্তৰ কোনে দিব নাজানো কিন্তু ইয়াৰ উপায় নথকাও নহয়। নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলক যদি চৰকাৰে নিজ নিজ পদৰ কৰ্মবোৰ সুচাৰুৰূপে সম্পাদন কৰিবলৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিয়ে তেন্তে নিশ্চয় তেওঁলোকৰ লগতে সৰ্বসাধাৰণো উপকৃত হ'ব। কাৰণ প্ৰাৰ্থীয়ে সুচাৰুৰূপে কৰি যোৱা কামবোৰৰ দ্বাৰা পোনপটীয়াকৈ উপকৃত হ'ব ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজ।

তাৰোপৰি দৃষ্টি ৰখা ভাল যে, পূৰ্বে পঞ্চায়ত সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য, গাঁও পঞ্চায়ত সদস্য পদত নিৰ্বাচিত প্ৰাৰ্থীসকলে সম্পাদন কৰা থকা এই কাম-কাজবোৰ নতুনকৈ নিৰ্বাচিত প্ৰাৰ্থীসকলে সততাৰে কৰিবনে? নিৰ্বাচনী আয়োগে নিৰ্ধাৰণ কৰি দিলে যে- পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ বাবে অতি কমেও প্ৰাৰ্থীগৰাকী মেট্ৰিকৰ দেউনা পাৰ হোৱা হ'ব লাগিব। কিন্তু এইবাৰ দেখিবলৈ পোৱা গ'ল যে, আমেৰিকাৰ পৰা এম পি এ কৰি প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ পৰা মেট্ৰিক পাছ কৰা প্ৰাৰ্থীলৈ সকলোৱে নামি পৰিছে এই নিৰ্বাচনী দৌৰত। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, মেট্ৰিক পাছ কৰা প্ৰাৰ্থীজন অসৎ বা দুৰ্নীতিগ্ৰস্ত আৰু উচ্চশিক্ষিত প্ৰাৰ্থীগৰাকী সৎ বা নিকাবান। ইয়াৰ উত্তৰ শিক্ষাগত অৰ্হতাৰে নহয়, নিজৰ পদবী লাভ কৰাৰ পাছত ৰাজ্য আৰু ৰাজ্যবাসীৰ বাবে কৰি যোৱা কামবোৰেহে দিব।

আচলতে তৃণমূল পৰ্যায়ৰ পৰা যদি ৰাজনৈতিক ক্ষেত্ৰখন বা চৰকাৰী কৰ্মচাৰীবোৰ দুৰ্নীতি বিৰোধী হয় তেন্তে উচ্চ স্তৰলৈ ইয়াৰ প্ৰভাৱ পৰে। কাৰণ এজোপা গছৰ প্ৰাণ ডাল, ফল, বা ফুলত নহয়, তাৰ শিপাতহে থাকে। নিম্ন স্তৰৰ পৰা যদি দুৰ্নীতি আঁতৰ হয় তেন্তে নিশ্চয় সমগ্ৰ ৰাজ্য তথা দেশৰেই ৰাজনৈতিক ক্ষেত্ৰখনে এক স্বচ্ছ ৰূপ ধাৰণ কৰিব। যাৰ আশা প্ৰত্যেকগৰাকী নাগৰিকেই কৰে।

এইবাৰৰ নিৰ্বাচনী ভোটগণনা প্ৰক্ৰিয়া কিছু দীঘলীয়া হৈছে। বহু পলম হৈছে নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল উলিওৱাত। এই অভিযোগ বা মন্তব্য সৰ্বসাধাৰণৰ। এই প্ৰশ্নৰ অৱশ্যে উত্তৰ হিচাপে নিৰ্বাচনী আয়োগৰ আয়ুক্ত হীৰেন্দ্ৰনাথ বৰাই কৈছে- 'বেলট পেপাৰৰ ব্যৱহাৰে এইবাৰ নিৰ্বাচনী প্ৰক্ৰিয়া লেহেমীয়া কৰিছে।' কিন্তু এই কথাষাৰতো জানো লুকাই থকা আন এটি প্ৰশ্ন? পূৰ্বেও পঞ্চায়ত নিৰ্বাচনত ব্যৱহাৰ হৈছিল বেলট পেপাৰ। য'ত জয়ী হৈছিল বৰ্তমানৰ বিৰোধী দল কংগ্ৰেছ। কিন্তু এইবাৰহে ইমান পলম কিয়? নিৰ্বাচনী আয়োগৰ আয়ুক্তগৰাকীৰ কথাষাৰত ৰাইজে নাপালে সন্তুষ্টি। কিন্তু পলম হোৱাৰ উত্তৰ নাপালেও ৰাইজে দেখিলে যে, এইবাৰ নিৰ্বাচনত সৃষ্টি হ'ল কিছুমান বিসংগতি। কোনো কোনো ভোটকেন্দ্ৰত বেলট পেপাৰৰ অভাৱ, বেলট পেপাৰত সৃষ্টি হোৱা বিসংগতি, ভোটকেন্দ্ৰৰ বাহিৰত উদ্ধাৰ হোৱা ষ্টাম্প আদি। ২০১৮ পঞ্চায়ত নিৰ্বাচনত যে কিছু পৰিমানে হ'লে বিসংগতিৰ সৃষ্টি হৈছে এইবোৰে জানো প্ৰমাণ দি যোৱা নাই? কিন্তু ইয়াৰ উত্তৰ বৰ্তমানেও সন্তোষজনকভাৱে পোৱা নাই ৰাজ্যবাসীয়ে।

লক্ষণীয় যে, সৰ্বসাধাৰণ চৰকাৰী কাৰ্যালয়লৈ কিবা ব্যক্তিগত বা অফিচিয়েল কামত গৈ এই কেইদিনত প্ৰায়ে শুনিবলৈ পোৱা কথাষাৰ হ'ল- 'অফিচত মানুহ একেবাৰেই নাই আপুনি কালি বা পৰহিলৈ আহক। ছাৰ/বাইদেউ আহিব।' সৰ্বসাধাৰণেও নিৰাশাৰে ভৰি উভতি আহিছে চৰকাৰী কাৰ্যালয়সমূহৰ পৰা। ড্ৰাইভিং লাইচেঞ্চ, চাকৰিৰ বাবে ফৰ্ম জমা দিয়াৰ দৰে বিভিন্ন কামৰ ক্ষেত্ৰত সৰ্বসাধাৰণে অসুবিধাৰ সন্মুখীন হৈ আহিছে। হয়তো এই অসুবিধাৰ সৃষ্টি নহ'ল হেঁতেন যদিহে চৰকাৰী পক্ষই আগতীয়াকৈ ল'লে হয় কিছু পদক্ষেপ।

যোৱা কালি অৰ্থাৎ বৃহস্পতিবাৰে ভোটগণনাত নিয়োজিত কৰ্মচাৰী কেইজনমান হঠাৎ ঢলি পৰে কৰ্মৰত অৱস্থাতেই। ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু ইয়াৰ কাৰণ কি? কামৰ অধিক হেঁচা পৰাৰ বাবেই স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিছে তেওঁলোকৰ। ইয়াৰোপৰি শুকুৰবাৰেও পোৱা গ'ল একেই খবৰ। নগাঁৱৰ এটা ভোটগণনা কেন্দ্ৰত ৩জনকৈ কৰ্মচাৰী হঠাৎ অসুস্থ হৈ পৰে। তেওঁলোকৰ এই অসুস্থতাৰ কাৰণো নিৰ্বাচনী প্ৰক্ৰিয়াত হোৱা বিলম্বতা নহয় জানো। কৰ্তব্যৰ ক্ষেত্ৰত ছীফ্ট ছিছটেম (কৰ্তব্যত নিয়োজিত কৰ্মচাৰীৰ সালসলনি) আছে যদিও, কম সময়ত অধিক কৰ্ম সম্পাদন কৰিবলগা এই মানসিক আৰু শাৰীৰিক হেঁচাই নহয়নে বাৰু? এইটোও এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন।  কিন্তু উত্তৰ দিব কোনে? সময়ত ইয়াৰ উত্তৰ বিচাৰি পাওঁ বা নাপাওঁ কিন্তু সৰ্বসাধাৰণে সকলো বুজি পায় কেৱল ভাল দিন অহাৰ অপেক্ষা আৰু আশাতহে ৰৈ থাকে।

এই আটাইবোৰ প্ৰশ্নৰেই উত্তৰ চৰকাৰৰ হাততহে আছে বুলি সৰ্বসাধাৰণে ভাবে। এইবাৰৰ পঞ্চায়তত নিৰ্বাচনত ২৬খন জিলা আৰু ১৪টা মহকুমাত মুঠ ৪০টা ভোটকেন্দ্ৰত ৪৩,৫১৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্যৰ নিৰ্ণয়ৰ বাবে ৰাজ্যখনৰ ১,৫৬,৪১,৪৫৬গৰাকী ভোটাৰে ভোট দান কৰে। কিন্তু এতিয়া প্ৰশ্ন হয় যে- এই প্ৰাৰ্থীবোৰৰ ভাগ্য নিৰ্ণয় হোৱাৰ পাছত ৰাজ্যবাসীয়ে লাভ কৰিব নে সুখকৰ দিন? লাভ কৰিব নে চৰকাৰী পক্ষই ৰাইজক উপলব্ধ কৰোৱা সকলো সুবিধা? নে ভোটকেন্দ্ৰৰ বাহিৰত পৰি থকা জাৱৰবোৰৰ দৰে পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিত প্ৰাৰ্থীসকলো সৰ্বসাধাৰণৰ বাবে আৱৰ্জনা সদৃশ হৈ পৰিব নেকি? এই প্ৰশ্নৰ উত্তৰ পোৱা যাব পৰৱৰ্তী সময়ত নিৰ্বাচিত প্ৰাৰ্থীসকলে সম্পাদন কৰা কৰ্মৰ দ্বাৰাহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in