বুৰী নজৰ ৱালে তেৰা মুহ কালা : ৫ দিনত দিচাঙৰ বিল ২৫.৬ লাখ…

বুৰী নজৰ ৱালে তেৰা মুহ কালা : ৫ দিনত দিচাঙৰ বিল ২৫.৬ লাখ…

মৃদুল কুমাৰ সন্দিকৈ

আস্তাবল । বহুতৰ মনত হয়তো আছে, প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীত পঢ়ি থকা সময়ত এটা প্ৰশ্ন আহিছিল। প্ৰশ্নটো আছিল- এটা শব্দত প্ৰকাশ কৰা । ঘোঁৰা ৰখা ঠাইক কি বুলি কয় ? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ আছিল আস্তাবল ।

তেনে এখন আস্তাবল এতিয়া গঢ়ি তোলা হৈছে দিছপুৰৰ সমীপবৰ্তী সোনাপুৰৰ দিচাং ৰিজৰ্টত । ৭০ টা কোঠাৰ এই আস্তাবলত থাকিব আমাৰ ভাবি জনপ্ৰতিনিধি । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছৰ ৯৩ গৰাকী প্ৰাৰ্থীক এই ৰাজনৈতিক আস্তাবললৈ তলব কৰা হৈছিল ।

সকলোৱেই অবশ্যে অহাৰ সম্ভাবনা ক্ষীন । তথাপিও ৮০ জনৰ কাৰনে এই আস্তাবলত থকা মেলাৰ বন্দবস্ত কৰা হৈছে । ভাৰতৰ ৰাজনীতিতেই নহয় বিশ্বৰ ৰাজনীতিত এনে নজিৰ নাই । নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত হৰ্ছ ট্ৰেডিং হয় ।

ইটো দলৰ পৰা আনটো দলে বিধায়ক,সাংসদ বেছা – কিনা কৰে । যি প্ৰক্ৰিয়াক হৰ্ছ ট্ৰেডিং ৰূপে আখ্যা দিয়া হয় । ৰাইজে নিৰ্বাচন কৰি পঠোৱা জন প্ৰতিনিধি গৰাকী বিভিন্ন প্ৰলোভনত ভোল যায় । ভাৰতৰ ৰাজনৈতিক ইতিহাসত এনে উদাহৰণ বহু আছে । কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পূৰ্বেই হৰ্ছ ট্ৰেডিঙৰ ভয়ত ভাবী বিধায়কক হোটেল বা ৰিজৰ্টত বন্দী কৰি থোৱা উদাহৰণ কিন্তু নাই । এই ক্ষেত্ৰত অসম প্ৰথম ।

ৰাজনীতিত আয়া ৰাম গয়া ৰাম বুলি এটা কথা আছে । ১৯৬৭ চনৰ কথা হাৰিয়াণাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম হৰ্ছ ট্ৰেডিঙৰ ঘটনা ঘটিছিল । গয়া লাল নামৰ নিৰ্দলীয় বিধায়ক গৰাকী হাৰিয়াণাৰ হোদাল সমষ্টিৰ পৰা জয়ী হৈছিল সেইবাৰ । মাত্ৰ ১৫ দিনত তেওঁ তিনিবাৰকৈ দল সলাইছিল ।

প্ৰথমে বিধায়ক জনে কংগ্ৰেছত যোগদান কৰিছিল । তাৰ পিছত তেওঁ ইফনাইটেড ফ্ৰন্টত যোগ দিয়া । ইয়াৰ কেই ঘন্টামনৰ পিছতেই তেওঁ আকৌ ঘূৰি আহে কংগ্ৰেছলৈ । কংগ্ৰেছৰ সেই সময়ৰ হাৰিয়াণাৰ নেতা ৰাও বিৰেন্দ্ৰ সিঙে চণ্ডীগড়ত গয়ালালক লগত লৈ এক সংবাদমেল সম্বোধৰ কৰি এটা কথা কৈছিল ।

তেওঁ কৈছিল – গয়া ৰাম ৱাছ নাও আয়া ৰাম । তেতিয়াৰ পৰাই ভাৰতৰ ৰাজনীতিত আয়া ৰাম গয়া ৰাম বাক্যাংশ সংযোজন হ'ল । অসমৰ ২০২১ চনৰ নিৰ্বাচনৰ ফলাফল কি হ'ব সেয়া এতিয়াও ইভিএমত বন্দী । বিজেপিৰ দাবী পুনৰ তেওঁলোকে শাসনলৈ ঘূৰি আহিব । কংগ্ৰেছৰ দাবী তেওঁলোকৰ নেতৃত্বধীন মহাজোঁটেই ৰাজ্যত চৰকাৰ গঠন কৰিব ।

এই দোমোজাৰ অংক বোৰৰ মাজতেই এতিয়া হৰ্চ ট্ৰেডিঙৰ ভূতে কংগ্ৰেছ,এআইইউডিএফ,বিপিএফক বাৰুকৈ খেদিছে । এআইইউডিএফে প্ৰথম তেওঁলোকৰ কেইবাজনো প্ৰাৰ্থীক ৰাজস্থানলৈ লৈ গৈ হোটেলত ৰখাইছিল । অবশ্যে বেছি দিন তেওঁলোক তাত নাথাকিল ।

খবৰ অনুসৰি বিপিএফে মানসৰ ৰিজৰ্টত ৰখাইছে তেওঁলোকৰ প্ৰাৰ্থী সকলক । কংগ্ৰেছেও সেই পথকেই অনুসৰন কৰি নিজৰ প্ৰাৰ্থী সকলক দিচাং ৰিজৰ্টত ৰখোৱাৰ ব্যৱস্থা কৰিলে ২২ এপ্ৰিল ২০২১ ৰ পৰা । কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত নিজ দলৰ প্ৰাৰ্থী সকলক এক প্ৰকাৰৰ গৃহবন্দী আৰু বহি জগতৰ পৰা সংযোগ বিহীন কৰি ৰখা এই কাৰ্যক লৈ সাধাৰণ মানুহৰ মাজত হাঁহিৰ খোৰাক যোগাইছে ।

এক নিৰ্ভৰ যোগ্য তথ্য অনুসৰি ৰিজৰ্টৰ নতুনকৈ বনোৱা লজিঙৰ ব্যৱস্থা থকা এটা বিল্ডিঙৰ ৭০ টা কোঠাত ৰিপুন বৰাৰ পৃষ্ঠপোষকতাতে বুক কৰা হৈছিল । এই ৰিজৰ্টৰ কোনো কৰ্মচাৰীকেই বিশ্বাসত লোৱা নাই ।

ভাবী বিধায়ক সকলক ৰখাবলৈ যি কেইটা কোঠা বুক কৰা হৈছে সেই কোঠা কেইটাত থকা কংগ্ৰেছ প্ৰাৰ্থী সকলক খাদ্য বা আন সেৱা যোগানৰ বাবে দলে নিৰ্বাচন কৰি দিয়া বিশেষ ব্যক্তিক দায়িত্ব দিয়া হৈছে । আছুতীয়াকৈ থকা ৰিজৰ্টৰ এই বিল্ডিং টোলৈ সোমাব পৰা দুখন গেট আছে । সন্মুখত প্ৰবেশ কৰা গেট খনত ব্যক্তিগত নিৰাপত্তাৰক্ষী নিয়োগ কৰি কেবল পাছ থকা লোকক হে প্ৰবেশৰ অনুমতি দিয়া হৈছে তাত ।

পিছ ফালৰ গেট খন সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছে । ৰিজৰ্ট থনৰ ১০০৪ নং কোঠাত বুধবাৰৰ নিশাই গৈ উপস্থিত হৈছিল গৈ ৰিপুন বৰা । ৰিজৰ্টৰ কোঠা সমূহৰ পৰা পাকঘৰলৈ যোৱা পথটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা । ইয়াৰ পৰা ওলাও বুলি কোনো ওলাব বা সোমাব নোৱাৰে ।

এতিয়া প্ৰশ্ন হয় হৰ্ছ ট্ৰেডিঙৰ ভয়ত ৰিজৰ্টত নি নিজ দলৰ প্ৰাৰ্থী সকলক ৰখোৱা কংগ্ৰেছে কিমান ধন ব্যয় কৰিছে ইয়াৰ বাবে । জানিব পৰা মতে প্ৰতিজন বিধায়কৰ থকা আৰু খোৱা বাবদ প্ৰতিদিনে ৭০০০ কৈ টকা বিছাৰিছিল ৰিজৰ্ট খনৰ মালিকে । দৰদামৰ অন্তত ৬,৪০০ টকাত দুই পক্ষৰ মাজত চুক্তি হৈছে ।

সেই হিচাপত ৮০ জন প্ৰাৰ্থী ৰখাবলৈ প্ৰতিদিনাই কংগ্ৰেছ দলে এই ৰিজৰ্টত দিব লাগিব ৫ লাখ ১২ হেজাৰ টকা । মুঠ ৫ দিনৰ বাবে এই ৰিজৰ্ট খন বুক কৰা হৈছে । ইয়াৰ বাবদ দলটোৱে ব্যয় কৰিব লাগিব ২৫ লাখ ৬০ হাজাৰ টকা । ৰিজৰ্ট খনৰ আছিল এক বিবাহ অনুষ্ঠান । ইয়াৰো প্ৰস্তুতি চলিছিল । কিন্তু কংগ্ৰেছে ৫ দিনৰ বাবে বুক কৰাৰ বাবে বিবাহ অনুষ্ঠান তাৰ পৰা বাতিল কৰা হৈছে ।

তাত থাকিব লগা প্ৰাৰ্থী,প্ৰাৰ্থী সকলৰ ওপৰত চকু দিবলৈ ৰখোৱা কৰ্মী, নিৰাপত্তাৰক্ষীৰ কোভিড টেষ্ট কৰা হৈছে । বিধায়ক সকলক অপ্যায়ন কৰিবলৈ লোকেল মাছ,মাংস ব্যৱস্থা কৰিছে ৰিজৰ্ট কতৃপক্ষই । বিনোদনৰ বাবে টেনিছ ক'ৰ্ট,ভলীবল ক'ৰ্টৰো ব্যৱস্থা কৰা হৈছে ।

এয়া ৰাজনীতিৰ নামত, গনতন্ত্ৰৰ নামত চলা ভণ্ডামি আৰু অবক্ষয়ৰ প্ৰতিফলন নহয় নে ? ইমান তললৈ গৈছে নেকি আমাৰ গনতান্ত্ৰিক মূল্যবোধ । নিজ দলৰ প্ৰাৰ্থী সকলক ৰাজনৈতিক ঘোঁৰা সজাইছে কোনে ? দলৰ এই সকল প্ৰাৰ্থীৰ ওপৰত বিশ্বাস নাই নে প্ৰাৰ্থী সকলৰ দলৰ ওপৰত বিশ্বাস নাই ।

তেওঁলোক থাকিব লাগিছিল নিজা সমষ্টিত,চকু ৰাখিব লাগিছিল ষ্ট্ৰং ৰুমত । ষ্ট্ৰং ৰুমৰ নিৰাপত্তাৰ কথা বিভিন্ন সময়ত কৈ তেওঁলোকে অভিযোগ তুলি আহিছে । সেই দায়িত্ব পালন কৰাৰ সলনি দলে অনুশাসনৰ নামত নিজৰ প্ৰাৰ্থী সকলক ফলাফল ঘোষণাৰ পূৰ্বে গছত কঠাল ওঠত তেল, নৌ খাওতেই চেল বেল জাতীয় হোৱা নাই নে ?

তালৈ গৈছে এনে কিছু প্ৰাৰ্থী, যি সকলৰ জয়ৰ সম্ভাবনা ক্ষীণ । হৰ্ছ ট্ৰেডিঙৰ সৈতে তেওঁলোকৰ নাম সাঙুৰ খোৱাতোৱেই হাস্যকৰ । জালুকবাৰীত কংগ্ৰেছৰ প্ৰাৰ্থী আছিল ৰমেন বৰঠাকুৰ । তেওঁ কেনেকৈ বিজেপিৰ হৰ্ছ ট্ৰেডিঙলৰ লক্ষ্য হ'ব পাৰে ।

এইবাৰ নিৰ্বাচনত ৰাইজে বিকল্পৰ সন্ধান কৰা বুলি কংগ্ৰেছ তথা বিৰোধীয়ে দাবী কৰে । ধৰা হ'ল এই বিকল্প সন্ধানৰ অনুসৰি ফলাফল কংগ্ৰেছ মহাজোঁটৰ পক্ষত গ'ল । কিন্তু এই আস্থাহীন পৰিবেশ,হোটেল ৰাজনীতিয়ে ৰাইজলৈ কি বাৰ্তা দিলে ?

৫ দিনৰ বাবে হোটেলত বাৰু বন্দী কৰি থলে তেওঁলোকক । তাৰ পিছত কি হ'ব । তেনে প্ৰৱনতা থকা প্ৰাৰ্থীৰ বাবে বিধায়ক সকলৰ মানসিকতা সলনি হ'ব জানো । ৰাজ্যত কোভিডৰ সংক্ৰমন তীব্ৰ গতিত বৃদ্ধি পাইছে । পূৰ্বতকৈ চৰকাৰৰো কোভিডকলৈ সচেতনাতাৰ অভাৱ ৰাইজে প্ৰত্যক্ষ কৰিছে । সম্ভাবনা শেষ হৈ গৈছে । সংশয় আৰু দুভাবনাই বাট ভেটি ধৰিছে ।

কালিলৈ চৰকাৰ গঠন কৰিম বুলি ভাবি থকা দলটোৰ নৈতিক দায়িত্ব কি হ'ব লাগিছিল । বৰ্তমানৰ চৰকাৰৰ ওচৰত তেওঁলোকে কি দাবী তুলিব লাগিছিল । ইয়াৰ সলনি হোটেল ৰাজনীতিৰ পৃষ্ঠপোষকতাৰে ক্ষমতা দখলৰ স্বপ্নত নিজৰ বিধায়কক বন্দী কৰি অস্তিত্ব ৰক্ষাৰ প্ৰচেষ্টাত ব্ৰতী হৈছে ।

হায় ৰাজনীতি,হায় গনতন্ত্ৰ । এই স্খলিত প্ৰমূল্যবোধৰ মাজত আমি কেনেকৈ দেখো উত্তৰণৰ সপোন । ক'ত পাৰ্থক্য আছে তেওঁলোকৰ সৈতে আজি দিছপুৰত থকা সকলৰ । এই অপ সংস্কৃতিৰ বেহাৰ মেলা সকল যেনেকৈ দায়ী, ইয়াৰ পট- পৰিবেশ ৰচনা কৰাৰ নামত সন্দেহৰ বীজ জন প্ৰতিনিধি সকলৰ মনত ভৰাই দিয়া সকল জানো কম দায়ী ?

কোনে শুনে কাৰ কথা । ক্ষমতা পালেই তেওঁলোক ৰজা । বাকী প্ৰতিশ্ৰুতি,ৰাইজৰ চিন্তা,জাতি -মাটিৰ কথা সকলো মিছা । লংকা পালেই সকলো ৰাবন,সেইটোৱেইটো সঁচা । যদি ভবাৰ দৰে ফলাফল নহয়,বা এই প্ৰচেষ্টাই বিক্ৰী যাব বিচৰা সকলক বাধা দিব নোৱাৰে, তেতিয়া কি হ'ব ?

আমি এনে প্ৰাৰ্থীক ভোট দিছো, যি সকলৰ বিশ্বাসযোগ্যতা নিজ দলৰ মজিয়াতেই নাই । তেওঁলোকে ৰাইজক কি বিশ্বাস জন্মাব । এই নিৰ্বাচনৰ পিছত অসমৰ এনে ৰাজনৈতিক কেন্দ্ৰিক কাৰবাৰ বোৰ দেশৰ ৰাজনৈতিক ইতিহাসৰ চৰ্চিত অধ্যায় হৈ চিৰদিনৰ বাবে ৰৈ যাব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in