অখিল গগৈৰ চিঠিঃ টাইমছ নাঁৱে ক’লে- ২০১৬তকৈ অসমত ৭খন আসন কমিব বিজেপিৰ…

অখিল গগৈৰ চিঠিঃ টাইমছ নাঁৱে ক’লে- ২০১৬তকৈ অসমত ৭খন আসন কমিব বিজেপিৰ…

ডিম্পুল বৰগোহাঁই

নিৰ্বাচনলৈ আৰু বেছি দিন নাই। ইতিমধ্যে প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হবলগীয়া সমষ্টিসমূহত প্ৰাৰ্থীসকলে প্ৰদান কৰিছে মনোনয়ন। সহস্ৰাধিক সমৰ্থকক লগত লৈ প্ৰাৰ্থীসকলে শক্তি প্ৰদৰ্শন কৰাৰ অপ্ৰাণ চেষ্টা চলাইছে। কিছুমানে বাইক ৰেলী কৰিছে আৰু কিছুমানে গায়ন-বায়নেৰে পদব্ৰজেই আৰম্ভ কৰিছে মনোনয়ন পৰ্ব।

প্ৰথন পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৯মাৰ্চ যদিও শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, সোমবাৰ পৰ্যন্ত ৪৭টা সমষ্টিৰ ৫২গৰাকী প্ৰাৰ্থীয়ে ১১২খন মনোনয়ন পত্ৰ দাখিল কৰিছে। এই আপডেট সোমবাৰৰ নিশা ৮বজালৈকে।

মনোনয়ন পৰ্ব পূণগতিত চলি থকাৰ মাজতে সোমবাৰে নিশা টাইমছ নাওৱে দেশত হব লগা কেইবাখনো ৰাজ্যক লৈ প্ৰকাশ কৰিছে অপিনিয়ন প'ল। এই সমীক্ষাত অসমত পুনৰ বিজেপি মিত্ৰজোঁট তথা এন ডি এৰ চৰকাৰ হব বুলি প্ৰকাশ কৰিছে।

টাইমছ নাওৱে এই অপিনিয়ন পলত বিজেপি মিত্ৰজোঁট তথা এন ডি এক প্ৰদান কৰিছে ৬৭খন আসন। ইফালে কংগ্ৰেছ মিত্ৰজোঁটক প্ৰদান কৰা হৈছে ৫৭খন আসন। বাকী অন্যান্যক মাত্ৰ দুখন আসন প্ৰদান কৰা হৈছে এই সমীক্ষাত।

টাইমছ নাওঁৰ এই সমীক্ষাত ২০১৬ৰ নিৰ্বাচনী ফলাফলকৈ বিজেপিৰ এইবাৰ ফলাফল কিছু বেয়া হব বুলি আশাংকা প্ৰকাশ কৰা হৈছে। যাৰ বাবে এইবাৰ বিজেপি মিত্ৰজোঁটে ৭খন আসন পূৰ্বতকৈ কমকৈ পাব বুলি তেওঁলোকে এই অপিনিয়ন প'লত উল্লেখ কৰিছে।

আনহাতে কংগ্ৰেছৰ ক্ষেত্ৰত এই সমীক্ষাত ফলাফল উৰ্ধগামী হ'ব বুলি উল্লেখ কৰা হৈছে। ২০১৬তকৈ ২০২১ত প্ৰায় ১৮খন আসন বেছিকৈ পাব কংগ্ৰেছ মিত্ৰজোটেঁ। ২০১৬ত ৩৯খন আসন পোৱা কংগ্ৰেছ মিত্ৰজোঁটে ২০২১ত ৫৭খন আসন পাব বুলি টাইমছ নাওৱে প্ৰকাশ কৰিছে।

ইফালে অন্যান্যক মাত্ৰ দুখন আসন দিছে দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানটোৱে। দুটাকৈ নতুন আঞ্চলিক দলৰ জন্ম আৰু আনহতে ৫বছৰ শাসনাধিষ্ঠ বিজেপি দলৰ প্ৰতি প্ৰতিষ্ঠানবিৰোধী ঢৌ অলপ হলেও থকা স্বত্ত্বেও অন্যান্যক মাত্ৰ ২খন আসন প্ৰদান কৰিছে টাইমছ নাওৱে।

২০১৬ৰ বিধানসভা নিৰ্বাচনত ১৩খনকৈ আসন অন্যান্যই লাভ কৰা অসমত ২০২১ত মাত্ৰ ২খন পাব বুলি অপিনিয়ন প'লত প্ৰকাশ কৰিছে টাইমছ নাওৱে। অৱশ্যে এই সমীক্ষাক লৈ ল কিছু কিছুৱে কব বিছাৰিছে যে, অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত গভীৰৰ লৈকে সোমাই এই সমীক্ষা কৰা হোৱা নাই।

ৰাষ্ট্ৰীয় এটা সংবাদমাধ্যমে মাত্ৰ কেইজন মান লোকৰ মতামতেৰে প্ৰস্তুত কৰা এই সমীক্ষাই কোনো সঠিক ৰাজনৈতিক প্ৰেক্ষাপটক প্ৰতিনিধিত্ব নকৰে বুলি মত প্ৰকাশ কৰিছে একাংশই। এই যুক্তি দলিয়াই দিব পৰা নহয় যদিও, শেহতীয়াকৈ ৰাজনৈতিক কাম-কাজবোৰলৈ চাই নৱগঠিত আঞ্চলিক দলদুটাই বিশেষ কিবা সফলতাও যে ২০২১ত পাব তাৰ আশাও একেবাৰে ক্ষীণ।

মিত্ৰতাত হৈছে বুলি দুয়োটা দলে কিছুদিনৰ আগতে ঘোষণা কৰিছিল যদিও শেহতীয়াকৈ টিকট বিতৰণ প্ৰক্ৰিয়াত অসমৰ ৰাইজে দুয়োটা দলৰ সেই মিত্ৰতা দেখা নাপালে। বৰ্তমানলৈ প্ৰকাশ কৰা প্ৰায় ১৫টা সমষ্টিত দুয়োটা দলে নিজা নিজাকৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে। ইয়াৰ পাছতো দুয়োটা দলৰ মাজত মিত্ৰতা আছে বুলি কৰা ঘোষণাৰ জানো কিবা অৰ্থ আছে?

অখিল গগৈয়ে কাৰাগাৰৰ পৰাই চিঠিৰ ওপৰত চিঠি লিখি বিজেপিক পৰাভূত কৰিব লাগে বুলি আহ্বান জনাই আহিছে। কিন্তু কাৰ্যক্ষেত্ৰত বাস্তৱসন্মত আৰু দুৰদৰ্শী সিদ্ধান্ত নললে অসমৰ ৰাইজ কিদৰে আশ্বস্ত হব? মুখেৰে মিত্ৰতা আৰু কাৰ্যত বিৰোধীৰ দৰে আচৰণে আঞ্চলিকতাবাদী শিবিৰৰ সাধাৰণ ভোটাৰৰ মনত কি ভাৱৰ উদয় কৰিছে এবাৰ দুই দলৰ নেতৃত্বই হৃদয়ংগম কৰাটো উচিত।

সোমবাৰে মনোনয়ন দাখিল কৰি অখিল গগৈয়ে আকৌ ৰাইজৰ দল সভাপতি গৰাকীয়ে অসমবাসীক উদ্দ্যেশি প্ৰেৰণ কৰিলে দ্বিতীয়খন চিঠি। এই চিঠিতো সভাপতিগৰাকীৰ একেই আহ্বান অসমবাসীলৈ। যিকোনো ত্যাগৰ বিনিময়ত বিজেপিক পৰাভূত কৰিবলৈ সাজু বুলি লিখি তেওঁ লিখিছে বিজেপিক কিয় পৰাভূত কৰিব লাগে তাৰ ১০টা কাৰন।

গগৈৱে লিখা এই ১০কাৰনৰ প্ৰথম কাৰনটোৱে লিখিছে, বিজেপি এটা স্বৈৰতান্ত্ৰিক শক্তি, সাম্প্ৰাদায়িক শক্তি আৰু আৰ এছ এছৰ নিৰ্দেশত এই ভাৰতত গণতন্ত্ৰক বিদায় দি হিন্দুত্ববাদী ভাৰতবৰ্ষ বা ফেচিবাদ প্ৰতিষ্ঠা কৰিব খোজে। ই পৰম্পৰাগত সাম্প্ৰদায়িক শক্তিতকৈ অধিক ভয়াৱহ বুলি উল্লেখ কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে।

চিঠিখনত গগৈয়ে বিজেপিয়ে ধৰ্মীয় উন্মাদনাৰে ৰাজ্যৰ ঐক্য-সংহতি বিনষ্ট কৰিব বিচাৰিছে বুলি উল্লেখ কৰিছে। বিজেপিক বিসৰ্জন কিয় দিব লাগে, তাৰ অন্যতম এটা কাৰন হিচাপে গগৈয়ে উল্লেখ কৰিছে যে, এইখন চৰকাৰৰ দিনত মূল্যবৃদ্ধি , কৃষক বিৰোধী অৱস্থান, জনগণ বিৰোধী সিদ্ধান্ত হাঁহিমুখে গ্ৰহণ কৰিছে। জাতিদ্ৰোহী কামক ভাল কাম বুলি অপ্ৰচাৰৰ এক পৰিৱেশ গঢ়ি উঠিছে। এই কাম অতি ভয়ংকৰ বুলি উল্লেখ কৰিছে গগৈয়ে।

গগৈয়ে উল্লেখ কৰা কৰা কাৰন বোৰৰ ভিতৰত, কা প্ৰসংগ, নদীবান্ধ প্ৰসংগ, চাকৰি নিযুক্তিক লৈ কেলেংকাৰী প্ৰসংগ, বিভিন্ন চিণ্ডিকেটৰ দৰে প্ৰসংগ উল্লেখ কৰি বিজেপিক এইবাৰ উতখাত কৰিব লাগে বুলি অসমবাসীক আহ্বান জনাইছে।

চিঠিৰ শেষত অখিল গগৈৱে লিখিছে, কোনো জনা-বুজা মানুহে, কোনো গণতান্ত্ৰিক ব্যক্তিয়ে, কোনো স্বাধীনচিতীয়া মানুহে, দেশক ভালপোৱা ব্যক্তিয়ে শান্তিত থাকিবলৈ পোৱা নাই বিজেপিৰ চৰকাৰৰ দিনত।' গগৈয়ে লগতে আগন্তুক নিৰ্বাচনত যদিহে সমষ্টিত আঞ্চলিক দল বা বাওপন্থী দলৰ কোনো প্ৰাৰ্থী নাই, তেনেহলে জিকাৰ সম্ভাৱনা থকা প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাইছে অখিল গগৈৱে।

গগৈৰ আহ্বান অসমবাসীয়ে নিশ্চয় বুজিব। কিন্তু তেওঁলোকেও পৰিকল্পিতভাৱে এই যুদ্ধখনত যুজঁ দিব লাগিব। এতিয়ালৈকে ১৫টাকৈ সমষ্টিত মিত্ৰতাত থকা দুয়োটা দলে কিয় প্ৰাৰ্থিত্ব থিয় কৰাৰ লগা হল এইবোৰ প্ৰশ্নও উত্তৰ বিচাৰিব সাধাৰণ ভোটাৰে। আঞ্চলিকতাবাদ বা জাতীয়তাবাদ প্ৰতিষ্ঠা হব লাগে বুলি দুয়োটা দলেই আহ্বান জনালেও, ৰাইজ আশ্বস্ত হব পৰাকৈ তেওঁলোকেই এই পৰিৱেশ ৰচনা কৰিব লাগিব। আজি হয়তো বহুতেই কব, অখিল-লুৰীণ বা দুয়োটা দলৰ নেতৃত্বই বৰ্তমানলৈ এই ক্ষেত্ৰত চকুত লগাকৈ সফল হব পৰা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in