নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ কি, জানেনে?

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ কি, জানেনে?

♦ মৃদুল কুমাৰ সন্দিকৈ

'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ হ'ল ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ সংশোধনীৰ এক বিধেয়ক। এই বিধেয়কখন ২০১৬ চনৰ ১৯ জুলাইত প্ৰথম উত্থাপন কৰা হৈছিল। বৰ্তমান অসম তথা উত্তৰ-পূৰ্বাঞ্চলত তীব্ৰ বিৰোধিতা কৰা এই বিধেয়কখনৰ জৰিয়তে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ কিছু সংখ্যালঘু জাতিৰ অবৈধ অনুপ্ৰৱেশকাৰীক ভাৰতীয় নাগৰিকত্ব দিব বিচৰা হৈছে।

কোনো বিদেশী নাগৰিকে ভাৰতত বাস কৰাৰ সময়সীমা ১১ বছৰ হ'লেহে পূৰ্বতে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে। কিন্তু এই বিধেয়কৰ জৰিয়তে এই নিয়ম সলনি কৰি ইয়াৰ সময়সীমা ৬ বছৰ কৰিব বিচৰা হৈছে। এই বিধেয়কখনে কিন্তু মুছলমানৰ বাদে খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন, পাৰ্ছী আদি লোকৰ লগতে বিশেষতঃ হিন্দু লোকক নাগৰিকত্ব দিবলৈ বিচাৰিছে।

ভাৰতীয় সংবিধান অনুসৰি এজন লোকক ভাৰতীয় নাগৰিক বুলি গণ্য কৰা হয় যদিহে-

১. জন্মসূত্ৰে তেওঁ ১৯৫০ চনৰ ২৬ জানুৱাৰী বা তাৰ পাছত ভাৰতত জন্ম হয়।

২. দ্বিতীয়তে পিতৃ-মাতৃ ভাৰতীয় নাগৰিক হ'লে তেওঁ ভাৰতীয় নাগৰিক হ'ব।

৩. ভাৰতীয় নাগৰিকত্ব বিধি অনুসৰি (১৯৮৬ চনৰ ভাৰতীয় নাগৰিকত্ব আইন অনুসৰি) আবেদন জনাই ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰে।

৪. কোনো বিদেশীয়ে স্বাভাৱিক প্ৰক্ৰিয়াৰে ভাৰতীয় নাগৰিক হিচাপে থাকিবলৈ আবেদন জনালে আৰু চৰকাৰে সেই আবেদনত অনুমোদন দিলে তেওঁ ভাৰতীয় নাগৰিক হ'ব পাৰে।

৫. কোনো নতুন অঞ্চল ভাৰতৰ ভৌগলিক সীমাত অন্তৰ্ভূক্ত হ'লে সেই অঞ্চলৰ বাসিন্দা সকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰিব।

ভাৰতৰ সংবিধানত নাগৰিকত্ব এক ডাঙৰ বিষয়। ভীমৰাও আম্বেদকাৰে নাগৰিকত্ব সন্দৰ্ভত সংবিধানত মন্তব্য কৰিছে- 'কোনো লোক জন্মসূত্ৰে ভাৰতীয় হ'লে, যদিহে তেওঁৰ পিতৃ-মাতৃ বৈধ ভাৰতীয় তেন্তে তেওঁ ভাৰতীয় নাগৰিক। তাৰ উপৰিও পূৱ পাকিস্তান, পশ্চিম পাকিস্তান আৰু আফগানিস্তানৰ কোনো ধৰ্মীয় সংখ্যালঘু লোকে উক্ত দেশৰ নাগৰিকৰ প্ৰমান পত্ৰসহ ১১ বছৰ ভাৰতত বাস কৰিলে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব।'

এই নাগৰিকত্ব আইন ১৯৫৫ত উল্লেখিত পূৱ পাকিস্তান, ধৰ্মীয় সংখ্যালঘু শব্দই এতিয়া সমস্যাৰ সৃষ্টি কৰিছে। কিয়নো ১৯৭১ চনত পূৱ পাকিস্তান বাংলাদেশ ৰূপে এখন পৃথক ৰাষ্ট্ৰ হ'ল। যাৰ বাবে বাংলাদেশৰ কোনো নাগৰিকে ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন কৰাৰ কোনো অৱকাশ নাই।

অসমত এই বিধেয়কক লৈ প্ৰতিবাদ হোৱাৰ কাৰণ আছে। নাগৰিকত্ব আইন ১৯৫৫ৰ মতে যিবোৰ বিদেশী লোকে পৰ্যাপ্ত নথি পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰে বা ভিছাৰ ম্যাদ শেষ হোৱাৰ পাছত ভাৰতত বসৱাস কৰি আছে তেওঁলোকক অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰা হয়। ইফালে, ১৯৮৫ চনত স্বাক্ষৰিত অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ সকলো অবৈধ বাংলাদেশী নাগৰিকক বিদেশী বুলি গণ্য কৰি বিতাৰিত কৰাৰ কথা আছিল।

শেহতীয়া এই নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ই অসম চুক্তিক অৱমাননা কৰে। কিয়নো এই বিধেয়কখন আইনত পৰিণত হ'লে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগতে বাংলাদেশ, আফগানিস্তান আৰু পূৱ পাকিস্তানৰ পৰা ভাৰতলৈ অহা সেই দেশৰ সংখ্যালঘু লোক সকলে ভাৰতত থকাৰ অনুমতি লাভ কৰিব।

এই বিধেয়কে 'অভাৰচিছ চিটিজেন কাৰ্ডহোল্ডাৰ'ৰ ৰেজিষ্ট্ৰেশ্যন চমুকৈ অ চি আইৰ নিয়মো ভংগ কৰিব। ভাৰত এনে এখন দেশ যিখন দেশে বহু বিদেশী নাগৰিকৰ বোজা লৈ আছে। তাৰ ভিতৰত অসমত এই বোজা সৰ্বাধিক। ইতিমধ্যে ভাৰতত ইৰান, বাংলাদেশ, শ্ৰীলংকা, পাকিস্তান, আফগানিস্তান, তীব্বত আদি দেশৰ বহু অনুপ্ৰৱেশকাৰী আছে।

পূৱ বংগৰ পৰা অহা শৰনাৰ্থীসকল পশ্চিম বংগ, বৰাক উপত্যকা আৰু ত্ৰিপুৰাত বসবাস কৰি আছে। বেছিভাগ শৰনাৰ্থী এই ঠাই সমূহত থকাৰ বিপৰীতে অতি কম সংখ্যক শৰনাৰ্থীহে অন্য ৰাজ্যই লয়। সেই সময়ত পূৱ বংগৰ পৰা অহা লোকসকলৰ কিছু অংশক দিল্লী, ওড়িশা, মধ্যপ্ৰদেশতো সংস্থাপন কৰা হৈছিল। বংগমূলীয় শৰনাৰ্থী থকা ৰাজ্য সমূহৰ ভিতৰত অসম আৰু পশ্চিম বংগতে বেছি সংখ্যকে বসবাস কৰিছিল।

ভাৰতীয় সংবিধানৰ ৫/১১ অনুচ্ছেদত নাগৰিকত্বৰ কথা উল্লেখ আছে। সংবিধানে ভাৰতীয় সংসদত নাগৰিকত্ব আইন গ্ৰহণৰ ক্ষমতাও দিছিল। ১৯৫৫ চনত এই আইন সংসদত গৃহীত হৈছিল। য'ত ৫টা প্ৰক্ৰিয়াৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰিব বুলি উল্লেখ আছে। কিন্তু ২০১৬ চনত লোকসভাত উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কত কেইটামান নিৰ্দিষ্ট ধৰ্মৰ লোকক ভাৰতীয় নাগৰিক হোৱাৰ সুবিধা দিয়াৰ বাবে যি প্ৰচেষ্টা লোৱা হৈছে সেই প্ৰচেষ্টাই সংবিধানৰ ১৪ নং অনুচ্ছেদত থকা সম অধিকাৰ ভংগ কৰিব।

ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ। তেনে ক্ষেত্ৰত এইদৰে নিৰ্দিষ্ট ধৰ্মীয় লোকক নাগৰিকত্ব প্ৰদানৰ বাবে এই সংশোধনী পদক্ষেপে ভাৰতীয় সংবিধানে প্ৰদান কৰা ধৰ্ম নিৰপেক্ষতাক উলংঘন কৰে। এই বিধেয়কখন গৃহীত হ'লে অসমৰ ভাষিক গাঁথনিত ই বিৰূপ প্ৰভাৱ পেলাব। অসমীয়া ভাষা সংকটাপূৰ্ণ হ'ব।

অসমৰ খিলঞ্জীয়া ভূমি পুত্ৰসকলৰ আৰ্থ আৰু ৰাজনৈতিক অধিকাৰ সংকোচন কৰিব এই বিধেয়কে। ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষৰ চৰিত্ৰক ই বিনষ্ট কৰিব। এই বিধেয়কখনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াক মূল্যহীন কৰি তুলিব। নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে অসম আৰু অসমীয়াৰ বাবে শুভ বুলি ক'ব নোৱাৰি। সেয়েহে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে।

এই খিনিতে লক্ষণীয় কথা যে ২০১৪ চনলৈ কোনো লোকে নাগৰিকত্ব আবেদন কৰিব পাৰিলে এন আৰ চিৰ জৰিয়তে বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াত চূড়ান্ত বেমেজালি আৰু নাগৰিকত্বৰ বাবে আবেদন কৰা লোকসকলে নাগৰিকত্ব লাভ কৰিলে এন আৰ চিতো তেওঁলোকৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ বাধ্য হ'ব। তেনে পৰিস্থিতিত এন আৰ চিৰ বৈধ-অবৈধ নাগৰিকৰ সময়সীমাৰ কি মূল্য থাকিব।

লক্ষণীয় যে, ২০১৪ আৰু ২০১৫ চনত দুখন অধিসূচনাৰ জৰিয়তে ভাৰতে পাৰপত্ৰ অধিনিয়ম সংশোধন কৰিছিল। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে অহা ৬টা নিৰ্দিষ্ট ধৰ্মৰ লোকক বৈধ কাগজ নাথাকিলেও জেললৈ বা দেশান্তৰ কৰিব নোৱাৰিব বুলি নিয়ম বান্ধি দিছে। এই বিধেয়কক লৈ হোৱা আলোচনাত ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৱে ঘোষণা কৰিছিল ২০১৪ চনলৈকে অহা সকলো হিন্দু নাগৰিকেই বৈধ নাগৰিক। অৰ্থাৎ হিন্দু নাগৰিকৰ বাবেহে চৰকাৰে যে এই বিধেয়কখন আনিবৰ বাবে চেষ্টা চলাইছে সেয়া সেইদিনাই স্পষ্ট হৈ পৰিছিল।

২০১৯ চনত ৮ জানুৱাৰীত গণ প্ৰতিবাদৰ পিছতো কেন্দ্ৰীয় চৰকাৰে লোকসভাত এই বিধেয়ক গৃহীত কৰিছিল। ৰাজ্যসভাত অৱশ্যে এই বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পথ সহজ নহ'ব যদিও সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে। পুনৰ ৩১ জানুৱাৰী, ২০১৯ত এই বিধেয়কখন ৰাজ্যসভাত উত্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে চেষ্টা চলাব বুলি চৰ্চা হৈছে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নাগালেণ্ডৰ কেবিনেটে বৈঠক অনুষ্ঠিত কৰি বিধেয়কখনৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰাই নহয়, ইয়াৰ প্ৰত্যাহাৰৰ দাবীৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। ১৮ জানুৱাৰী, ২০১৯ত এই বৈঠক অনুষ্ঠিত হৈছিল। লগতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ই ঘোষণা কৰিছে কোনো কাৰণতে এই বিধেয়ক নাগালেণ্ডত কাৰ্যকৰী নহয়।

মেঘালয়ৰ মুখ্যমন্ত্ৰীয়েও এই কথা জনাই দিছে। ভাৰতীয় সংবিধানৰ ৩৭১(ক) ধাৰাৰ অধীনত নাগালেণ্ডত বিশেষ সুৰক্ষা দিয়া আছে। বেংগল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগুলেশ্যন ১৮৭৩ৰ জৰিয়তে ইনাৰ লাইন ব্যৱস্থা প্ৰৱৰ্তন কৰা আছে। তাৰ পাছতো এই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ শংকিত।

অসমত তেনে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা সম্ভৱ নহয়। কিয়নো এইখন ৰাজ্য হ'ল উত্তৰ-পূলৰ দ্বাৰ স্বৰূপ। কিন্তু এই নাগৰিকত্ব বিধেয়কৰ ফলত অসমত সৃষ্টি হ'ব পৰা পৰিৱেশ, পৰিস্থিতিক লৈ এচাম নেতা তথা ৰাজ্য চৰকাৰ একেবাৰে সচেতন নহয়। কেৱল ৰাজনৈতিক সুৰক্ষাৰে এই অঞ্চলটোত খিলঞ্জীয়া সকলৰ স্বাৰ্থ কিমান দিনলৈ সুৰক্ষিত হ'ব! কিয়নো আন সকলো অধিকাৰ অনা-অসমীয়া সকলৰ হাতলৈ গুচি যোৱাৰ পিছত এই ৰাজনৈতি ক্ষমতা কাৰ দ্বাৰা পৰিচালিত হ'ব সেয়া কোনোবাই ভাবিছেনে?

এতিয়াও বহু সময়ত অভিযোগ উঠে, ফাঁচী বজাৰেহে বোলে চৰকাৰ পাতে! ধনৱন্ত শ্ৰেণীৰ হাতৰ পুতলা হয় চৰকাৰ। ভাৰতীয় ৰাজনীতিত এয়া সঁচা-মিছা সকলোৱে দেখি আহিছে। যদি অসম চুক্তিৰ ৬ নং দফা অনুসৰি খিলঞ্জীয়াৰ ৰাজনৈতিক সুৰক্ষাৰে অসমলৈ বিদেশী অনাৰ কথা চিন্তা চৰ্চা কৰা হৈছে, তেন্তে এইবোৰ দিশ জানো আওকান কৰিব পাৰিব?

ৰাজ্যবাসীৰ প্ৰতিবাদৰ ৰূপ দেখি এই বিধেয়কখন বাতিল কৰাৰ সলনি অন্য ধৰণে কেন্দ্ৰীয় চৰকাৰে ইয়াক অতি কৌশলগত ভাৱে ৰূপায়ণৰ কথা চিন্তা কৰিছে। উত্তৰ পূৱত এই বিধেয়ক গৃহীত কৰাৰ পাছত নাগৰিকত্ব লাভ কৰা নাগৰিক নাথাকিলে বিশেষ ভাট্টা দিয়াৰ কথা কোৱা হৈছে। চৰকাৰে বাৰে বাৰে এই কথা বুজাবলৈ চেষ্টা কৰিছে যে এই বিধেয়কৰ জৰিয়তে অতি কম মানুহহে অসমলৈ আহিব।

উত্তৰ পূৱত সৃষ্টি হোৱা গণ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ভাট্টাৰ নীতিৰে নতুন পথৰ সন্ধান কৰিলেও ভাৰতীয় নাগৰিক হোৱাৰ পাছত তেওঁলোক যে অসমলৈ নাহিব, তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে। এখন স্বাধীন দেশৰ নাগৰিক হিচাপে তেওঁলোকে যিকোনো ঠাইলৈ যাব পাৰে। অসমত ইনাৰ লাইন ব্যৱস্থা প্ৰযোজ্য কৰাও সম্ভৱ নহয়। খুউব বেছি অসমক বিশেষ ৰাজ্যৰ মৰ্যাদাৰে খিলঞ্জীয়াৰ বাবে কিছু ৰক্ষা কৱচ সৃষ্টি কৰি চৰকাৰে যিকোনো প্ৰকাৰে এই বিধেয়কখন গৃহীত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কৈছে- এই আইনৰ অধীনত নাগৰিকত্ব গ্ৰহণ কৰিব খোজা লোকে উত্তৰ পূৱৰ বাহিৰে দেশৰ অন্য ঠাইত থাকিব বিচাৰিলে তেওঁলোকক বিশেষ ভাট্টা প্ৰদান কৰা হ'ব। অসমক বাদ দি উত্তৰ পূৱৰ প্ৰায় কেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক এই সন্দৰ্ভত নিজৰ বিৰোধিতা ব্যক্ত কৰিছে।

এফালে ৰক্ষা কৱচৰ কথা কৈ আনফালে অসম চুক্তিক আওকান কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত থাকি চৰকাৰে দুমুখীয়া নীতি গ্ৰহণ কৰিছে। অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসমৰ খিলঞ্জীয়াক কেতিয়াও সাংবিধানিক ৰক্ষা কৱচ দিব নোৱাৰে। ইয়াৰ বাবে চৰকাৰে সদিচ্ছা থাকিলে সংবিধান সংশোধনৰ বিধেয়কৰ জৰিয়তে এই বিষয়টো আগুৱাই নিলেহেঁতেন।

সমান্তৰালভাৱে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চৰকাৰৰ ল'ৰা-ধেমালি সদৃশ হৈছে। ইয়াৰ জৰিয়তে খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মাজত বিভেদৰ বীজ সিঁচি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৃষ্টি হোৱা আন্দোলনক মষিমূৰ কৰিব খোজা হৈছে। আজি ত্ৰিপুৰাৰ যি পৰিৱেশ এদিন অসমৰো সেই একেই পৰিৱেশ হ'ব। ১৮৮১ চনত ত্ৰিপুৰতা থলুৱা ত্ৰিপুৰীৰ সংখ্যা আছিল ৮৭.০৬ শতাংশ, বঙালী ভাষী লোকৰ সংখ্যা আছিল ১২.৯৪ শতাংশ। দেশৰ প্ৰথমটো লোক পিয়লৰ তথ্য এয়া।

২০১১ চনৰ লোক পিয়লৰ তথ্য মতে ত্ৰিপুৰাত থলুৱা ত্ৰিপুৰী লোকৰ সংখ্যা ৩১.৭৮ শতাংশ আৰু বঙালী ভাষী লোকৰ সংখ্যা ৬৮.২১ শতাংশ। এনেদৰে সলনি হ'ল জন গাঁঠনি। নিশেঃষ হৈ গ'ল ত্ৰিপুৰী জাতি। অথচ সেইখন ত্ৰিপুৰাত ৮৩ শতাংশই হিন্দু লোক। সেই ছবি অসমৰ ৰাইজে দেখিছে। ইয়াৰ পাছত কেনেদৰে অসমৰ ৰাইজে মানি লয় হিন্দু বাংলাদেশী আনিলে অসমীয়া জাতি ৰক্ষা হ'ব?

চৰকাৰে কৈছে ৮ লাখ হিন্দু বাংলাদেশী আহিব। কিন্তু অসম আৰু অসমীয়াৰ প্ৰশ্ন- ৮ লাখ কিয় এজন বিদেশীৰ বোজা আমি ল'ব লাগে কিয়? আজি বিজেপি বা মোডী চৰকাৰে কোৱা কথাবোৰ স্ববিৰোধী। এফালে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা আৰু আনফালে বিদেশীৰ বোজা। এই পৰিস্থিতিত ৰাইজে কিয় নাভাৱিব নিজৰ ভৱিষ্যতৰ কথা!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in