তৃতীয় বিশ্বযুদ্ধলৈ আপুনি সাজুনে?…

তৃতীয় বিশ্বযুদ্ধলৈ আপুনি সাজুনে?…

ডিম্পুল বৰগোহাঁই

প্ৰথম, দ্বিতীয় বিশ্বযুদ্ধ পাৰ হ'ল। বহুলোক মৃত্যু হ'ল, বহু ঘূণীয়া হ'ল। দুখনকৈ বিশ্বযুদ্ধৰ পাৰ হোৱা পাছত সমগ্ৰ বিশ্ববাসীয়ে কামনা কৰিছিল দুনাই আকৌ নহওক তৃতীয় বিশ্বযুদ্ধ। কিয়নো যুদ্ধত কেৱল প্ৰাণহানিয়ে নহয়, বহুতৰ সপোন ভাগে, বহুতৰ ভাগে আশা আৰু হেপাঁহ। কিন্তু যুদ্ধ কামনা নকৰা স্বত্বেও আকৌ হ'ব বিশ্বযুদ্ধ, মৃত্যু হব লাখ লাখ লোক! অচিৰেই পৃথিৱীত সূত্ৰপাত হ'ব তৃতীয় বিশ্বযুদ্ধৰ পটভূমি!

যুদ্ধ কেতিয়া হয়? যেতিয়া কোনো বস্তু, এটা পক্ষৰ ওচৰত উভৈনদীকৈ আছে আৰু আনটো পক্ষ সেই একেটা বস্তুৰেই অভাৱত ভুগিছে। ইতিহাস সাক্ষী আছে বিশ্বৰ বহু যুদ্ধ এনে কাৰণেই সূত্ৰপাত হৈছে। ৰাজ্যত হোৱা অভাৱ দুৰ কৰিবলৈ অন্য ৰাজ্যৰ পৰা আ-অলংকাৰ, ধন-সোণ লুটি অনা বহু ৰজাৰ কাহিনীও ইতিহাসৰ পৃষ্ঠাত লিপিৱদ্ধ।ৰাজ্য নিয়াৰিকৈ চলিবলৈ যিদৰে বিভিন্ন সময়ত যুঁজ দিব লগা হয় তেনেদৰে নিজে সুচলভাৱে চলিবলৈয়ো যুঁজ কৰিবলগীয়া হয়।এয়া পিছে অন্য এখন যুঁজ, জীৱনৰ যুঁজ!

দৈনন্দিন প্ৰয়োজনীয় সকলোখিনি সামগ্ৰীৰ যাতে অভাৱ নহয়, তাৰ বাবে সকলোৱে যুঁজ দিয়ে। অন্ন, বস্ত্ৰ, বাসস্থানৰ বাবে প্ৰতিদিনেই বহুলোকে হাড়ভগা পৰিশ্ৰম কৰে। এয়াইতো জীৱনৰ যুঁজ।মানুহ হিচাপে জীয়াই থাকিবলৈ থাকিবলৈ এটা ঘৰ, লজ্জা নিবাৰণ কৰিবলৈ কাপোৰ আৰু জীয়াই থাকিবলৈ প্ৰয়োজন অন্ন। তিনিটা মৌলিক প্ৰয়োজনৰ ভিতৰত নিসন্দেহে সকলোৱে প্ৰথম আৰু প্ৰাথমিক প্ৰয়োজন হিচাপে গুৰুত্ব দিব অন্নক। সেয়েহে হয়তো শ্ৰমিকজনৰ পৰা উচ্চ পদস্থ বিষয়া সকলোৱে কয় 'পেটটোৰ বাবেই কৰি আছো কাম'।

আহাৰ হৈছে মানুহৰ প্ৰথম মৌলিক প্ৰয়োজন। সুস্থ-সবল এটা শৰীৰ পাবলৈ হ'লে পুষ্টিকৰ আহাৰ খোৱাটো খুবেই প্ৰয়োজন। পুষ্টিকৰ আহাৰৰ সমান্তৰালভাৱে আমাৰ দেহটোৱে লাভ কৰিব লাগিব পৰ্যাপ্ত পৰিমাণৰ পানী। দুদিন আপুনি ভাত বা ৰুটি নোখোৱাকৈ থাকিব পাৰে! কিন্তু পানী নোখোৱাকৈ নোৱাৰে। দেহৰ ৰক্ত সঞ্চালনৰ পৰা আদি কৰি হজম শক্তিৰলৈকে সকলো দিশতে পানীৰ প্ৰভাৱ অনন্য। কেৱল মানুহেই নহয় পৃথিৱীৰ সমগ্ৰ জীৱকূল পানীৰ ওপৰতে নিৰ্ভৰশীল। কিন্তু কল্পনা কৰকচোন, হঠাতে পৃথিৱীত পানীৰ তীব্ৰ নাটনি!কেউফালে পানীৰ অভাৱ, এটুপি খোৱাৰ পানীৰ বাবে হাহাকাৰ সমগ্ৰ জীৱকূল! এনে পৰিস্থিতিত এই পানীক লৈ এখন যুদ্ধ নহ'বনে? এই যুজঁত কেৱল মানুহেই নহয়, অংশ ল'ব সমগ্ৰ জীৱকূলে! এতিয়া ভাৱক, এইখন প্ৰথম, দ্বিতীয়তকৈ ভয়াৱহ এখন তৃতীয় যুদ্ধ নহ'ল জানো?

পানীৰ বাবেই হ'ব তৃতীয় যুদ্ধ! আচৰিত লাগে ভাবিলে, নহয়নে? সকলোৱে ভাবিব যুদ্ধ হ'ব পৰাকৈ ইমানো অভাৱ হোৱা নাই পানীৰ! বিশেষকৈ অসমৰ মানুহে পানীৰ বাবে বিশ্বযুদ্ধ হ'ব বুলি ক'লে পাগলৰ ব্যাখ্যা বুলিয়ে আখ্যা দিব। বছৰেকত ২-৩ টাকৈ ডাঙৰ বানপানী, বৰষুণ দিলেই ৰাস্তাই-ঘাটে কৃত্ৰিম বানপানী হোৱাৰ পাছত এনে ধৰণৰ কথাত আচৰিত হোৱাটোৱে স্বাভাৱিক। কিন্তু অপ্ৰিয় হ'লেও মিছা নহয় যে, আগন্তুক সময়ত বিশ্বত পানীৰ বাবে বিশ্বযুদ্ধ হলেও আচৰিত হ'ব লগা একো নাই।

৫৪ শতাংশ ভাৰতীয় সন্মুখীন হৈছে বিশুদ্ধ খোৱাপানীৰ অভাৱত, উত্তৰ পূৰ্বাঞ্চলৰ এই হাৰ ১০ শতাংশ

পানীৰ বাবে হ'বলগা বিশ্বযুদ্ধখনৰ কু্ছ-কাৱাজ ইতিমধ্যে আৰম্ভ হৈছে। ২১ শতিকাৰ আৰম্ভণিতে সমগ্ৰ বিশ্বই বিশুদ্ধ পানীৰ ক্ষেত্ৰত এক অভাৱনীয় নাটনি সন্মুখীন হৈছিল আৰু এই নাটনিৰ বাবে তলত উল্লেখ কৰা সাতটা কাৰণকে মূলত জগৰীয়া কৰিব পাৰি-

১. ক্ৰম:বৰ্ধিত জনস্ংখ্যা।

২. ক্ৰম:বৰ্ধিত নগৰীকৰণ প্ৰক্ৰিয়া।

৩. ভূমি ব্যৱহাৰত পৰিৱৰ্তন।

৪.তৰিৎ গতিৰ উদ্যোগীকৰণ প্ৰক্ৰিয়া।

৫. খাদ্য উৎপাদন প্ৰক্ৰিয়াত পৰিৱৰ্তন।

৬. উন্নত জীৱন শৈলী আৰু পানী ব্যৱহাৰত মিতব্যয়ী জ্ঞানৰ অভাৱ।

৭. পেলনীয়া পানীৰ ব্যৱস্থাপনা প্ৰতি অমনোযোগিতা। 

পৃথিৱীৰ উপৰিভাগৰ প্রায় ৭০ শতাংশ পানীয়ে আগুৰি আছে৷ ইয়াৰ ৩ শতাংশ পানীহে সজীৱ অর্থাৎ ব্যৱহাৰৰ উপযোগী৷ এই ৩ শতাংশ পানীৰ ২ শতাংশ পানী মেৰু অঞ্চলত বৰফ আকাৰত আবদ্ধ হৈ আছ়ে, বাকী ১ শতাংশ পানী নৈ, জান, জুৰি, বিল, খাল, ডোং, হ্রদ আৰু মাটিৰ অন্তৰভাগত ব্যৱহাৰ কৰিব পৰা অৱস্থাত আছে৷ এই পানীৰ শতকৰা ৭০ ভাগ কৃষি কার্যত, ২৫ শতাংশ উদ্যোগ, কল-কাৰখানা আৰু ৫ শতাংশ ঘৰুৱা কাম- কাজত ব্যৱহাৰ হয়৷ ভাৰতৰ ৯০ শতাংশ পানী কৃষি কার্যত, ৭শতাংশ কল-কাৰখানা, উদ্যোগ আৰু ৩ শতাংশ ঘৰুৱা কাম-কাজত ব্যৱহাৰ হয়৷এতিয়া প্ৰশ্ন হয়, ব্যৱহাৰৰ বাবে থকা এই ৩ শতাংশ পানীৰ পৰা আমি কিমান দিনলৈ বিশুদ্ধ খোৱাপানী পাই থাকিম?

ভাৰতৰ বিভিন্ন ৰাজ্যৰ ভূ-গৰ্ভত থকা পানীৰ পৰিমান

পৃথিৱীৰ পানীৰ প্ৰাপ্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থান ১৩৩ নং। ভাৰতত নৱীকৰণ পানীৰ উৎস বছৰি প্রায় ১,৮১৭ বৰ্গ কিলোমিটাৰ । এনে পৰিপ্ৰেক্ষিতত এক সংস্থাই দাবী কৰিছিল যে, এনেদৰে থাকিলে ভাৰতত ২০২৫ চনৰ পৰা গভীৰ পানীৰ সংকটে দেখা দিয়াৰ সম্ভাৱনা আছে। কিন্তু লক্ষ্যণীয় কথাটো হ'ল যে, ২০২৫ ত সমগ্ৰ দেশত পানীৰ নাটনিৰ যি ভৱিষ্যৎবাণী দিয়া হৈছিল ইয়াৰ প্ৰক্ৰিয়া ২০১৯ৰ পৰাই আৰম্ভ হৈছে। বৰ্তমান দেশৰ কেইবাখনো ৰাজ্যত পানীৰ তীব্ৰ নাটনিয়ে দেখা দিছে। বিশেষকৈ মহাৰাষ্ট্ৰ, চেন্নাইত ইয়াৰ প্ৰভাৱ সবাৰ্ত্মক।

খোৱাপানীৰ বাবে হাহাকাৰ

বর্তমান পৃথিৱীত মানুহৰ সংখ্যাই ৬০০কোটি অতিক্রম কৰিছে৷ এজন মানুহক দৈনিক গড়ে ২০-৪০ লিটাৰ পানীৰ প্রয়োজন হয়৷ এজন সুস্থ মানুহক দৈনিক খোৱাৰ বাবে গড়ে ২.৭ লিটাৰ পানীৰ প্রয়োজন হয়৷ সমগ্র বিশ্বত এদিনত খোৱাপানী ৫ বিলিয়ন ঘনমিটাৰ প্রয়োজন হয়৷ কিন্তু এতিয়াও সকলোৰে বাবে এই বিশুদ্ধ খোৱাপানী যোগান ধৰাটো সম্ভৱ হোৱা নাই৷

ভাৰতত বিশ্বৰ ১৮ শতাংশ লোকে বসবাস কৰ়ে, কিন্তু বিশ্বৰ মুঠ জলসম্পদৰ ৪শতাংশহে ভাৰতত আছে৷ জনসংখ্যা বৃদ্ধিৰ ফলত ভাৰতৰ প্রতিগৰাকী ব্যক্তিয়ে বছৰেকত পাবলগীয়া পানীৰ পৰিমাণ ক্রমাগতভাৱে কমিবলৈ লৈছে৷ এই পৰিমাণ ১৯৪৭ চনত ৬০৪২ ঘনমিটাৰৰ পৰা ২০০১ আৰু ২০১১ত ক্রমে ১৮১৬ আৰু ১৫৪৫ ঘনমিটাৰলৈ হ্রাস পায়৷ হিচাপ কৰি দেখা গৈছে যে এজন ভাৰতীয়ই ২০১৫ চনত ১৩৪০ ঘনমিটাৰ আৰু ২০৫০ চনত১০৪০ ঘনমিটাৰ পানীহে পাব৷ ভাৰতত জলসংকটৰ আভাস পাবলৈ হ'লে এই তথ্যই যথেষ্ট৷

ছবিয়ে কয় সকলো কথা

মৌচুমী বায়ুৰ প্রভাৱত অসম তথা উত্তৰ-পূর্বাঞ্চলত পানীৰ অভাৱ হোৱা নাই৷ অসমৰ নগাঁও, কামৰূপ, গোৱালপাৰা আৰু কার্বি আলঙৰ পানীত ৮ৰ পৰা ১৫ মাইক্রগ্রাম ফ্ল'ৰাইড প্রতিলিটাৰ পানী পোৱা গৈছে৷ কার্বি আলং জিলাৰ ফ্ল'ৰাইড আক্রান্ত পানী খাই স্কেলেটেল ফ্লৰছিছ আৰু দাঁতৰ ফ্ল'ৰছিছ হোৱা দেখা যায়৷ ধেমাজি আৰু মাজুলী জিলাৰ ভূ-ভাগৰ প্রতিলিটাৰ পানীত আর্ছেনিকৰ পৰিমাণ ০.০৫ মিলিগ্রামতকৈ বেছি পোৱা গৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন মতে, প্রতি লিটাৰ পানীত০.০০১ মাইক্র মিলিগ্রামতকৈ বেছি আর্ছেনিক থাকিলে, সেই পানী স্বাস্থ্যৰ বাবে উপযোগী নহয়৷

অসমৰ কাছাৰ, দৰং, ধেমাজি, ধুবুৰী, গোৱালপাৰা, হাইলাকান্দি, গোলাঘাট, যোৰহাট, কার্বি আলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মৰিগাঁও, নলবাৰী, শিৱসাগৰ আৰু শোণিতপুৰ জিলাত প্রতি লিটাৰ পানীত 1 মিলিগ্রামতকৈ অধিক লোহা পোৱা যায়৷ ব্রহ্মপুত্র উপনৈত চীনৰ বৃহৎ বান্ধ নির্মাণে চিৰ প্রৱাহিত ব্রহ্মপুত্রৰ লগতে অসম তথা উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ ভৱিষ্যতলৈ বিপদ কঢ়িয়াই অনাৰ আশংকা কৰা হৈছে৷ ব্রহ্মপুত্রৰ ওপৰত চীনদেশৰ আগ্রাসী মনোভাবৰ মূল কাৰণ হৈছে চীনৰ সৈতে ভাৰতৰ পানী সম্পর্কীয় কোনো দ্বিপাক্ষিক চুক্তি নাই৷



দেশৰ ৬৭% গ্ৰামাঞ্চলবাসী আৰু ৭% চহৰৰ লোক পৰিষ্কাৰ পানীৰ পৰা বঞ্চিত , চেন্নাইত এগৰাকী মহিলা

তথ্য মতে, চীনে ব্রহ্মপুত্রৰ উপনৈ ঝিয়া নদীৰ লাহল জলবিদু্যৎ প্রকল্প নির্মাণৰ কাম চলাই আছে৷ ২০১৪ চনত আৰম্ভ হোৱা এই প্রকল্পটোৱে ব্রহ্মপুত্রলৈ কমকৈ পানী প্রৱাহিত কৰাৰ উপৰি বান্ধটোৱে ২৯৫ মিলিয়ন কিউবেক পানী জমা ৰখাৰ বাবে কৌশল গ্রহণ কৰিছে¼ ২০১৯ চনত এই প্রকল্পটোৰ কাম সম্পূর্ণ হ'ব৷ আনহাতে চীনে ব্রহ্মপুত্রৰ ওপৰত জাংমু নদীবান্ধৰ নির্মাণ সম্পূর্ণ কৰাৰ লগতে নদীখনৰ তিববত অংশত নদীবান্ধৰ আঁচনি লৈছে৷ ইয়াৰ উপৰি ছিকিমৰ সমীপত দেশখনে আৰু তিনিটা নদীবান্ধ ক্রমে দাও, জিয়াচা আৰু জাইজু প্রকল্পৰ কাম কৰি আছে৷ চীনে এই সম্পর্কত ভাৰতক তথ্য দিয়াৰ পৰা বিৰত আছে৷ ব্রহ্মপুত্রৰ ওপৰত চীনৰ নদীবান্ধ নির্মাণে অসম তথা উত্তৰ- পূর্বাঞ্চলৰ কিমান ক্ষতি হ'ব এই ভয়াৱহ মহাসংকটৰ বাবে হয়তো বেছি দিন বাট চাব নালাগিব৷

ব্রহ্মপুত্রৰ ওপৰত নদীবান্ধ নির্মাণৰ ফলত উত্তৰ-পূর্বাঞ্চলত জলবায়ু, জৈৱ-বৈচিত্র্য, জনগাঁথনি, কৃষি উৎপাদন, মাছ উৎপাদনৰ লগত পৰিস্থিতি তন্ত্রৰো ব্যাপক পৰিৱর্তন হ'ব৷ ভাৰত চৰকাৰে চীনদেশৰ লগত অতি সোনকালে ব্রহ্মপুত্র নদীৰ পানীৰ সম্পর্কত দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে সমস্যা সমাধান কৰিব লাগে৷ যদি ভাৰত চৰকাৰৰ নদী সংযোগ আঁচনিৰ যোগেদি ব্রহ্মপুত্রৰ পানী ভাৰতৰ অন্য ৰাজ্যলৈ নিয়াৰ ব্যৱস্থা কৰে তেনেহ'লে উত্তৰ-পূবত জৈৱ-বৈচিত্র্যৰ পৰিৱর্তনৰ লগতে পাহাৰীয়া ৰাজ্যসমূহত গভীৰ পানীৰ নাটনিয়ে দেখা দিব৷ ভৱিষ্যতে অসম তথা উত্তৰ-পূর্বাঞ্চলত পানীৰ সংকটে দেখা দিয়াৰ উপৰি এক অস্থিৰ সামাজিক, ৰাজনৈতিক পৰিস্থিতিৰ সম্ভাৱনাই দেখা দিছে৷

বিশ্বৰ বিভিন্ন প্রান্তত পানীক লৈ বিবাদৰ সৃষ্টি হোৱা দেখা যায়৷ ভাৰতত কাবেৰী নদীৰ পানী ভাগ- বাটোৱাৰাক লৈ প্রায় ১০০ বছৰ ধৰি তামিলনাডু আৰু কর্ণাটকৰ মাজত বাদ-বিবাদ চলি আছে৷ দুয়োখন ৰাজ্যই কৃষি আৰু উদ্যোগৰ কাবেৰীৰ অধিক পানী ব্যৱহাৰৰ দাবী তুলিছে৷ ১৯৯০ চনৰ ২ জুনৰ এই বিষয়টো নিষ্পত্তি কৰিবলৈ Cauvery Water Dispute Tribunal প্রতিষ্ঠা কৰা হয়৷ এই ট্রিবুনেলে কর্ণাটক চৰকাৰক কাবেৰীত এক নির্দিষ্ট পৰিমাণৰ পানী দিবলৈ নির্দেশ দিলে যাতে তামিলনাডু মেট্র'ৰ বান্ধটো কার্যক্ষম হৈ থাকে৷

সিন্ধু, চিনাব আৰু ঝিলাম নদীৰ পানীক লৈ 1960 চনত ভাৰত আৰু পাকিস্তানৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়৷ এই পানী চুক্তিৰ মাজতেই পাকিস্তানৰ অর্থনীতি নিহিত হৈ আছে৷ ৰাবি, ৰিয়াধ নদী, সুতলেজ আৰু যমুনা সংযোগকাৰী নলাৰ পানী বিতৰণক লৈ পঞ্জাব আৰু হাৰিয়ানাৰ মাজত হোৱা বিবাদ ১৯৮৫ চনত গঠন কৰা ইৰাদী ট্রিবুনেলৰ সিদ্ধান্তই সমাপ্ত কৰে৷ এতিয়াও ভাৰতত বৃহৎ নদীবান্ধ, জল বিতৰণ আদিৰ বিৰুদ্ধে চলি থকা আন্দোলনসমূহত লাখ লাখ মানুহ জড়িত হৈ পৰিছে৷

ভাৰতত বিগত ১২ টা বছৰত লাখ লাখ কৃষকে সর্বস্বান্ত হৈ আত্মহননৰ পথ বাছি লোৱাৰ কাৰণবিলাকৰ ভিতৰত খৰাং বতৰ আৰু পানীৰ অভাৱেই প্রধান৷ মধ্য প্রাচ্যৰ দেশবিলাকৰ বোৱঁতী নদীয়েই হ'ল পানীৰ প্রধান উৎস৷ এই নদীবোৰ হ'ল জর্ন নদী, টাইগ্রীচ ইউফ্রেটিচ নদী আৰু নীল নদী৷ ইথিঅ'পিয়াই নীল নদীৰ 80 শতাংশ পানীৰ ওপৰত নিয়ন্ত্রণ আৰোপ কৰিছে আৰু ভৱিষ্যতে ইয়াৰ পৰিসৰ বৃদ্ধি হোৱাৰ আশা আছে৷

জর্ন নদীৰ পানীক লৈ ইতিমধ্যে চিৰিয়া আৰু ইজৰাইলৰ মাজত বিবাদৰ সূচনা হৈছে৷ তুৰস্কই টাইগ্রীচ আৰু ইউফ্রেটিচ নদীৰ পানী চৌডী আৰব, কুৱেইট, চিৰিয়া, ইজৰাইল, জর্ন আদি দেশলৈ ৰপ্তানি কৰাৰ আঁচনি গ্রহণ কৰিছে৷ বর্তমান মধ্য প্রাচ্যৰ দেশবিলাকত পানীৰ অৱস্থিতি চাই, অদূৰ ভৱিষ্যতে যে পানীক লৈ দেশবিলাকৰ মাজত সংঘর্ষ নহ'ব তাক ক'ব নোৱাৰি৷ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত উদ্ভৱ হোৱা সমস্যা প্রকৃততে পানীৰ সমস্যা বুলি বিবেচনা কৰা হয়৷এতিয়া ৰাইজেই বিবেচনা কৰক, পানীৰ বাবে তৃতীয় বিশ্বযুদ্ধ হ'ব পৰা প্ৰসংগতো সচাকৈয়ে অমূলক নে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in