চাণক্যক কোনে ক’ব এইবোৰ কথা…

চাণক্যক কোনে ক’ব এইবোৰ কথা…

মৃদুল কুমাৰ সন্দিকৈ

'There are no available rooms for these dates'… অনলাইন যোগে গুৱাহাটীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা হোটেল ৰেডিশ্যন ব্লুৰ এটা কোঠা বুক কৰিবলৈ চেষ্টা কৰোঁতে কম্পিউটাৰ মনিটৰত এই বাৰ্তা ভাঁহি আহিছিল। বৰ্তমান হোটেলখনত খালী কোঠা নাই।

সাধাৰণ কোঠাবোৰ বাদ দি যিবোৰ চ্যুট কোঠা আছিল সেইবোৰ কেতিয়াবাই বুক কৰি থোৱা হৈছিল মহাৰাষ্ট্ৰৰ অতিথিসকলৰ বাবে। ৭০ টা কোঠাত ৫৫ জন বিধায়কে মহাৰাষ্ট্ৰৰ ভাগ্য আৰু মাৰাঠী জাতীয়তাবাদৰ বিধাতাৰ হৈ গুৱাহাটীৰ এই পঞ্চতাৰকা হোটেলত আশ্ৰয় লৈছিলহি।

হিচাপ কৰা সকলে হিচাপ উলিয়াইছে। মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাত ব্যস্ত হৈ থকা একনাথ সিন্দেৰ নেতৃত্বাধীন বিসম্বাদী বিধায়কৰ হোটেল ভাড়াতে হেনো দিব লাগিব ৫৬ লাখ টকা। এই বিধায়কসকল বৰ চৌখিন। মুম্বাইৰ জীৱন আৰু গুৱাহাটীৰ জীৱনৰ মাজত প্ৰাৰ্থক্য আছে।

দৈনিক তেওঁলোকৰ খাদ্যৰ নামতে বিল উঠিছে ৮ লাখ। কিবা আছে তেওঁলোকৰ খাদ্যৰ তালিকাত? কোনেবা দিছে তেওঁলোকৰ খাদ্য, হোটেলৰ ভাড়া? চাৰ্টাৰ্ড বিমান, গাড়ী লৈ চুৰাট-গুৱাহাটী অহা-যোৱা কৰোঁতে বা কিমান টকাৰ ব্যয় হৈছে? সেই সঠিক হিচাপ কৰিবলৈ নোৱাৰিলেও ওচৰে-পাজৰে তেওঁলোকৰ নামত ব্যয় হোৱা ধনৰ এটা উমান কৰিব পাৰি।

চুৰাটৰ পৰা গুৱাহাটীলৈ বিসম্বাদী বিধায়কসকল আহিছিল স্পাইছজেটৰ এখন চাৰ্টাৰ্ড বিমানেৰে। এই বিমানৰ নূন্যতম ভাড়া ৫০ লাখৰ কম নহ'ব। ই আৰ জে-১৩৫ এল আৰ এনে এখন এয়াৰ ক্ৰাফ্টেৰে ৩০ জন যাত্ৰী কঢ়িয়াই আনিব পাৰে। আপোনাৰ-মোৰ দৰে সৰু মানুহৰ বাবে চৰকাৰ ভঙা-পতা এনে খেলবোৰৰ হিচাপ মূৰৰ ওপৰেৰে যাব।

এইবোৰ দেখাৰ খৰচ। নেদেখাও বহু খৰচ থাকে। হিচাপ কৰি কৰি সাধাৰণ জনতাই পাৰ নাপায়। পানীত ডুবি থকা ৰাজ্য। ৫ কেজি চাউল, আধা লিটাৰ মিঠাতেল, ১ কিলো ডাইল, এপেকেট নিমখ পালেই আমাৰ বাবে যথেষ্ট। ফাইভ ষ্টাৰ হোটেলত ৮ লাখ টকাকৈ খাদ্য খায় ৫৬ লাখ টকীয়া হোটেলৰ কোঠাত বহি ৰাজনীতি আৰু গণতন্ত্ৰত উন্মেষিত শক্তি হিচাপে তেওঁলোকে আত্মপ্ৰকাশ কৰিবলৈ যথেষ্ট ব্যয় কৰিবলগা হয়।

তেওঁলোকক এনেকৈ ৰাজ আতিথ্য দিয়া হৈছে যে, মন্ত্ৰী বিধায়ক উচ্চপদস্ত বিষয়াই প্ৰতি মুহূৰ্ততে খবৰ ৰাখিছে। হয়তো কাৰোবাৰ গোপন নিৰ্দেশ আছে, নতুবা ভঙা-পতাৰ এই খেলত আঁতৰৰ পৰা কোনোবাই নিয়ন্ত্ৰক হৈ সকলোবোৰ চম্ভালিছে।

এক গুলীত দুই চিকাৰ হ'ব। শিৱ সেনাৰ সৈতে হোৱা সংঘাত আৰু মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ সুযোগ তেওঁলোকে কেতিয়াও এৰি দিব নোখোজে। এই অপসংস্কৃতি আগতেও আছিল। মানুহৰ প্ৰতিনিধি হৈ যোৱা বহু জনপ্ৰতিনিধিয়ে নিজক বিভিন্ন কাৰণত বিক্ৰী কৰাৰ প্ৰৱণতা এতিয়া অধিক তীব্ৰতৰ হৈছে।

এতিয়া এনেকুৱা জনক বিক্ৰী যাব বিচৰা নেতাৰো অভাৱ নাই, অভাৱ নাই কিনিব খোজা নেতাৰো। তাৰ মাজতে এচাম ৰাজনৈতিক দালালে এই কাম যোগসূত্ৰ স্থাপনেৰে ইমান সহজভাৱে কৰি পেলায় যে, 'হৰ্ছ ট্ৰেডিঙ' নামৰ এনে কাৰবাৰ কৰিব পৰাটো এতিয়া ৰাজনীতিত অন্য এক কৃতিত্ব হৈ পৰিছে।

মুম্বাইৰ পৰা উদ্ধৱ ঠাকৰেৰ হৈ বহু আহ্বান জনোৱা হৈছে। শিৱসেনাৰ এচাম নেতাই কাৰোবাৰ গ্ৰাসত পৰাতকৈ বিসম্বাদী নেতা একনাথ সিন্দেকে তেওঁলোকে বিধায়িনী দলৰ নেতা পাতি মুখ্যমন্ত্ৰীৰ চকীত বহুৱাবলৈ সাজু বুলিও প্ৰস্তাৱ দিছে। শুকুৰবাৰৰ দিনা হঠাৎ মুম্বাইলৈ উৰা মাৰিলে একনাথ সিন্দে।

সকলোৱে ভাবি আছে চৰকাৰ ভাঙিব। বিজেপিৰ সৈতে মিলি শিৱসেনাৰ বিসম্বাদী আৰু নিৰ্দলীয় বিধায়কসকলে ৰাজ্যপালৰ কৰোণাৰ নাটকৰ অন্তৰ পাছত শপত বাক্য পাঠ কৰিব। কিন্তু যিমান সহজ বুলি ভবা হৈছিল চৰকাৰ ভঙা -পতাৰ এই কাৰবাৰটো সহজহৈ যেন থকা নাই।

প্ৰয়োজনীয় বিধায়ক থকাৰ পাছতো কিয় থেৰু-গেৰু কৰি থকা হৈছে। আউল লাগিছে ক'ত? মিলা নাই নেকি দুই পক্ষৰ চৰকাৰ গঠনৰ পূৰ্বৰ স্বত্ব আৰু সমীকৰণ। উত্তৰ কি হ'ব পাৰে, সেয়া পৃথক বিষয়। মহাৰাষ্ট্ৰত যিয়েই বা যি দলৰে চৰকাৰ নহওক অসমৰ কি লাভ হ'ব?

মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে ৰেডিশ্যন ব্লুত মানুহ আহি থাকিলে চৰকাৰে কেইটামান টকা ৰাজহ পাব। কিন্তু সেই টকা কেইটাৰ বিপৰীতে হোটেলত থকা, হোটেলত খোৱা, বিল বোৰ বাৰু কোনে দিছে- জানিবলৈ মন নাযায় নে আপোনালোকৰ?

ধাৰত চলি আছে অসম। প্ৰকৃতিৰ কোপদৃষ্টি অসমৰ ওপৰত। শিৱ সেনাৰ সৈতে অসম, অসমীয়াৰ প্ৰত্যক্ষ সংঘাতৰ এই প্ৰেক্ষাপটে কোনো ৰাজনৈতিক দলক লাভাম্বিত কৰিলেও অসমৰ বাবে ই দুৰ্ভাগ্যজনক ৰূপেই বিবেচিত হ'ব। কিন্তু সেইবোৰ কথা চাণক্য হ'ব খোজা সকলক বাৰু কোনে বুজাব?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in