মন্ত্ৰী কিষাণৰ চাকৰিৰ বজাৰঃ মুম্বাইৰ পৰা ৰাজীৱৰ আৰু আঁৰৰ কথা…

মন্ত্ৰী কিষাণৰ চাকৰিৰ বজাৰঃ মুম্বাইৰ পৰা ৰাজীৱৰ আৰু আঁৰৰ কথা…

মৃদুল কুমাৰ সন্দিকৈ

মন্ত্ৰী কিষাণৰ চাকৰিৰ বজাৰঃ মুম্বাইৰ পৰা ৰাজীৱৰ আৰু আঁৰৰ কথা…

ব্যস্ততাৰ মাজতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পত্ৰখন পঢ়াতো উচিত। তেওঁৰে মন্ত্ৰীসভাৰ এজন মন্ত্ৰীৰ বিৰুদ্ধে লিখা হৈছে এই পত্ৰত। ছচিয়েল মিডিয়াৰ জৰিয়তে ৰাজীৱ কুমাৰ মাঝি নামৰ এজন শিক্ষিত যুৱকে লিখা এই পত্ৰখনে ছচিয়েল মিডিয়াৰ মাধ্যমেৰে জনসাধাৰণৰ মাজত ধুমুহাৰ সৃষ্টি কৰিছে।

ৰাজীৱ মাঝিয়ে ৫জুন ২০২১ত মুখ্যমন্ত্ৰীলৈ লিখা এই মুকলি পত্ৰত তেওঁৰ মন্ত্ৰীসভাৰ শ্ৰম আৰু চাহ জনগোষ্ঠীৰ উন্নয়ন মন্ত্ৰী সঞ্জন কিষানৰ বিৰুদ্ধে নিযুক্তিৰ নামত ব্যাপক অনীতি হোৱাৰ অভিযোগ তুলিছে। পূৰ্বৰ সোণোৱাল চৰকাৰ দিনতো কিছুদিনৰ বাবে এই বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা কিষানে শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি কল্যাণ সঞ্চালকালয়ত নিযুক্তিৰ নামত আত্মীয় স্বজনক নিযুক্তি দিয়াৰ অভিযোগ তুলি দহটা উদাহৰণো দাঙি ধৰিছে।

ভিডিঅটো চাবলৈ ক্লিক কৰক এই লিংকতঃ

ছচিয়েল মিডিয়াত ৰাজীৱে এটা ভিডিঅ আপলোড কৰি সকলোৰে আস্থা আৰু বিশ্বাস ৰখা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা এই সন্দৰ্ভত এক তদন্তৰ আশা কৰিছে। ৰাজীৱ মাঝিৰ মতে সঞ্জয় কিষাণে শেহতীয়াকৈ দিয়া নিযুক্তিত নেহা কৰ্মকাৰ নামৰ যিগৰাকী মহিলাক নিযুক্তি প্ৰদান কৰিছিল সেই মহিলাগৰাকী সঞ্জয় কিষাণৰ ব্যক্তিগত সহায়ক সঞ্জীৱ কৈৰীৰ ঘনিষ্ঠ।

ইয়াৰ উপৰিও সঞ্জয় কিষাণৰ কাৰ্যালয়ৰ কৰ্মচাৰী সঞ্জীৱ নেওগক পিয়ন, মন্ত্ৰীগৰাকীৰ পত্নীৰ ভায়েক থমাছ ধনক ই এছ আইৰ ফাৰ্মাচিষ্ট, মন্ত্ৰীগৰাকীৰ ৰান্ধনী দ্বীপেন কৈৱৰ্ত্তাক চকীদাৰ, মন্ত্ৰীগৰাকীৰ অফিচৰ আন এগৰাকী কৰ্মচাৰী দিপাংকৰ কায়স্থক ই এছ আই পিয়ন, মন্ত্ৰীগৰাকীৰ ব্যক্তিগত সহায়ক টিংকু বৰাক ভাতৃক নৱজ্যোতি বৰাক পিয়ন, মন্ত্ৰীগৰাকীৰ গাড়ীচালকৰ পত্নী ৰেখা কাকতিক ই এছ এই ড্ৰেচাৰ, মন্ত্ৰীগৰাকীৰ পত্নী ভাতৃ অৰুণ তপ্নক এ টি ই পি এ ফৰ জুনিয়ৰ এষ্টিটেন্ট ৰূপে নিযুক্তি দিয়াৰ অভিযোগ তোলা হৈছে।

এই সন্দৰ্ভত তেওঁ কিছু নথি-পত্ৰও এই পোষ্টটোৰ সৈতে গাঠিঁ দিছে। নিযুক্তি কেলেংকাৰীত নাম সাঙুৰ খাই পৰা সঞ্জয় কিষাণৰ বিৰুদ্ধে অভিযোগ তুলি ৰাজীৱ মাঝিয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে লিখা মুকলি পত্ৰখনৰ পূৰ্ণ পাঠ আছিল এইধৰণৰ-

An Open letter with a Small video to Our Honourable CM Sir on the irregularities and corruption in Job under Labour welfare and Tea Tribe welfare department

Sir,With reference to the matter cited above I citizen of Assam would like to bring few irregularities that happened during appointment of various posts under Labour and Tea Tribe welfare department. Sir, it is seen that betraying the legal talent Job are being distributed to family member and office staff of Hon'ble Minister purely illegally. So,in this matter a high level enquiry is required to give justice to those candidates who are betrayed.

This is for your information and necessary action. The below list of family member and office staff & their relatives who got job are as follows-

1) Sanjib Neog ( office staff of Hon'ble Minister got job as peon under Labour welfare department)

2) Dipankar kayastha ( office staff of Hon'ble Minister got job in ESI as Peon)

3) Navajyoti Borah( brother of office staff Tinku Borah got job as peon in labour welfare department)

4) Munmi Deka ( AP member of Rangpuria Panchayat Tinsukia wife of personal PA Salit Patra of Hon'ble Minister got job as peon in labour welfare department)

5) Dipen Kaibatra ( cook of Hon'ble Minister got job as chowkidar in labour welfare department at Dibrugarh )

6) Thomas Dhan( brother of wife of Hon'ble Minister got job as pharmacist in ESI)

7)Rekha Kakati ( Wife of personal driver of Hon'ble Minister got job as Dresser in ESI)

8) Neha Karmakar ( Close Friend of PA Sanjeev Kairee of Hon'ble Minister got job as junior Assistant in ATEPFO)

9) Aruna Topno ( Relative of wife of Hon'ble Minister got job as junior Assistant in ATEPFO) and many more

Your interference in this regard is highly needed to give justice to betrayed talented candidates.

Sir also public wants to know under which criteria the above mentioned candidate got selected

নিযুক্তিৰ ক্ষেত্ৰত এইধৰণৰ অভিযোগ নতুন নহয়। মন্ত্ৰী হৈ থকা সময়ত নৱ দলেৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ উত্থাপন হৈছিল। এছ আই কেলেংকাৰীৰ সময়ত কি হৈছিল সেয়া অসমৰ ৰাইজে দেখিলে। মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে গণি গণি ১লাখ যুৱক-যুৱতীক চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাই।

নিবনুৱা যুৱক-যুৱতীসকলে সেই আশাত বন্দী হৈ আছে। সেই নিযুক্তি পৰ্ব আৰম্ভ হোৱাৰ পূৰ্বে চৰ্চালৈ অহা এনে অভিযোগে মুখ্যমন্ত্ৰীৰ ওপৰতে সন্দেহৰ আঙুলি তুলিব। সঞ্জয় কিষাণে মিতিৰ-কুটুম আৰু আত্মীয়ক কিহৰ ভিত্তিত কেনেকৈ চাকৰি প্ৰদান কৰিছিল, সেই তদন্ত কৰিলে এই অভিযোগ সচাঁ নে মিছা পোহৰলৈ আহিব।

ৰাজীৱ মাঝি নামৰ যুৱকজনে কৰা অভিযোগ যদি সচাঁ হয়, তেনেহলে তেনে কেলেংকাৰীত নাম সাঙুৰ খাই পৰা এগৰাকী মন্ত্ৰীয়ে মন্ত্ৰী হৈ থকাতো কিমান সমীচিন হ'ব? মন্ত্ৰীৰ ঘনিষ্ঠ হ'ল বুলিয়ে এনে দুৰ্নীতি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া সতীৰ্থ মন্ত্ৰীৰ বিৰুদ্ধে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে।

এই বিষয়টোৱে চৰ্চা লাভ কৰা পাছত মন্ত্ৰী সঞ্জয় কিষাণে অভিযোগ অস্বীকাৰ কৰিছে। কিন্তু কেৱল অভিযুক্ত মন্ত্ৰীজনৰ ভাষ্যৰ ওপৰতেই জানেো এই কথা সচাঁ-মিছা, এই বিষয়টো এৰি দিব পাৰি। আনবোৰ দিশত সদায় সজাগ-সৰ্তক হৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এতিয়া দুৰ্নীতিমুক্ত এক প্ৰশাসন গঢ়ি তোলাতো ডাঙৰ প্ৰত্যাহ্বান।

দুৰ্নীতি ৰোধ কৰিব নোৱাৰিলে দিনে-ৰাতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানেই কষ্ট নকৰক সেই প্ৰচেষ্টা অথলে যাব। এই অভিযো আৰু তথ্য ফাদিল কৰা ৰাজীৱ মাঝিৰ সৈতে আমি কথা পাতিছিলো। মুম্বাইত সুপ্ৰতিষ্ঠিত এইজন যুৱক। ডিব্ৰুগড়ৰ এই যুৱকজনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বি বি এ কৰি মুম্বাইত এম বি এ কৰিছিল।

Renovix HR Services Private Limitedকে ধৰি আন এটা কোম্পানীৰ জৰিয়তে ৰাজীৱ মাঝিয়ে এম এম চি আৰু দেশৰ ১২০টাৰো অধিক কোম্পানীৰ নিযুক্তি, প্ৰশিক্ষণ আৰু উন্নয়নৰ দিশতো চোৱাচিতা কৰে। নিযুক্তিৰ ক্ষেত্ৰত কি কি বেমেজালি হব পাৰে সেই সন্দৰ্ভত অধ্যয়ন কৰিছিল ৰাজীৱে।

অসমত থাকি ৩-৪মাহ অধ্যয়ন কৰিহে এই অভিযোগ মুখ্যমন্ত্ৰীলৈ মুকলি পত্ৰৰ জৰিয়তে প্ৰেৰণ কৰিছে। মন্ত্ৰীগৰাকীয়ে ২০১৯ত এই যুৱকজনক অসমলৈ মাতি আনিছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো লগ ধৰিছিল তেওঁ। তেওঁ প্ৰস্তাৱ দিছিল অসমৰ ১০-১৫হাজাৰ যুৱকক নিযুক্তিৰ বাবে অসম চৰকাৰে তেওঁক এখন নিযুক্তি মেলা আয়োজন কৰি দিয়ক।

৫০-৬০টা কোম্পানীৰ সৈতে তেওঁ কথাও পাতিছিল। তেওঁ জনালে চৰকাৰৰ আগ্ৰহহীনতাৰ বাবেই তেওঁ এই কাম বাদ দিলে। ৰাজ্যৰ নিযুক্তি ক্ষেত্ৰখনত হোৱা বেমেজালি সন্দৰ্ভত তেওঁৰ হাতত বহু তথ্য মজুত আছে। মাত্ৰ ৭মাহ মন্ত্ৰী হৈ ২০২০-২১বৰ্ষৰ ৫০টা মান নিযুক্তিতে ঘনিষ্ঠ তথা আত্মীয়ৰ ১০-১২জন লোকক নিযুক্তি দিয়া এই দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীজনৰ বিৰুদ্ধে ক্ষোভ ব্যক্তি কৰি তেওঁ কলে- চূড়ান্ত ভাৱে তেওঁ ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰিছে।

মুখ্যমন্ত্ৰীৰ প্ৰতি তেওঁৰ আহ্বান যদিও তেওঁ বিজেপিৰ সমৰ্থক নহয়। মুখ্যমন্ত্ৰীৰ কাম-কাজ ভাল পায়। তেওঁৰ বিশ্বাস আছে মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ চৰকাৰৰ দিনত সংঘটিত এই দুৰ্নীতিৰ তদন্তৰ ব্যৱস্থা কৰি ইয়াৰ বিৰুদ্ধে পদক্ষেপ ল'ব। ছচিয়েল মিডিয়াত এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছত বিভিন্ন জনে তেওঁক মেনেজ কৰাৰ চেষ্টা কৰিছে।

জনৈক ক্ষীৰোদ বৰুৱা নামৰ এজন লোকে ফোন কৰি এইবোৰ ডিলিট কৰি দিবলৈ আৰু বুজা-পৰা কৰিবলৈ হেচাঁ দিছে। ৰাজীৱ মাঝিৰ মতে চাকৰিত আবেদন কৰি চাকৰি নাপাই তেওঁ এনে অভিযোগ উত্থাপন কৰা নাই। সম্পূৰ্ণ অধ্যয়ন আৰু দায়িত্বসহকাৰে তেওঁ এই কাম কৰিছে।

কোভিডৰ সময়ত ৰাজ্যত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে। উপযুক্ত মেধাৱী ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি অঙহী-বঙহীক পিছ দুৱাৰেদি চাকৰি দিয়া এই চক্ৰ উৎখাত হ'ব লাগে। লগতে তেওঁ কলে, বুজা-পৰা কৰবলৈ একো নাই। মুখ্যমন্ত্ৰীয়ে তদন্তৰ ব্যৱস্থা নিশ্চয় কৰিব। ইয়াত মোৰ কোনো স্বাৰ্থ নাই। মই যতে আছো সুখেৰে আছো। এতিয়া দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in