নাৰীশক্তি- কোটাৰ ৰাজনীতি

7,525

হিমাক্ষী বৰা

ৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ নাথাকে নাৰী। ৰাজনীতিটো এতিয়া নাৰী সক্ৰিয়। আহোম ৰাজত্ব কালত ৰাণী ফুলেশ্বৰীৰ ভূমিকা কথাও কয় ইতিহাসে। একেদৰেই সতী জয়মতীয়ে শাসন নকৰিলেও আহোম ৰাজত্ব কালত কৰা চৰম ত্যাগ বুৰঞ্জীয়ে সোঁৱৰে। মূলা গাভৰুৱে মহিলা হৈয়ো শত্ৰুৰ বিৰুদ্ধে যুঁজ দিছিল এইখন অসমতে।

নাৰী এক বৃহৎ শক্তি। নাৰীয়েই গঢ়ে মানুহ। ৰাজনীতিত নাৰীৰ প্ৰত্যক্ষ অংশ গ্ৰহণ অতিকৈ প্ৰয়োজন।সমাজ উন্নয়নৰ ক্ষেত্ৰত নিৰ্ণায়ক তথা সাংগঠনিক শক্তি হিচাপে কাম কৰে মহিলা সকলে। ৰাষ্ট্ৰ এখনৰ ক্ষেত্ৰতে নহয় এখন ঘৰ এটা পৰিয়ালৰ প্ৰথম শিক্ষক, প্ৰথম পৰিচালক মাতৃ। তেওঁ এফালে সন্তান চোৱা চিতা কৰাৰ লগতে সামগ্ৰিক ভাৱে সন্তানৰ চৰিত্ৰ গঠনত মাতৃ এগৰাকীৰ দায়িত্ব অন্যতম। তেওঁলোক সন্তান, ঘৰ, অঞ্চলনেই নহয় এখন ৰাষ্ট্ৰৰো ভৱিষ্যত দ্ৰষ্টা।

ৰাজনীতিত মহিলা সকলৰ অংশগ্ৰহণ আৰু মহিলা সকলক ৰাজনৈতিক ক্ষমতা প্ৰদান বৰ্তমান সময়ৰ এটা খুবেই প্ৰাসংগিক বিষয়। ইয়াৰ লগত সম্পৰ্কীত হৈ আছে মহিলাৰ সৱলীকৰণৰ প্ৰসংগ। এখন সমাজত মহিলাৰ প্ৰয়োজন, মহিলাৰ উন্নয়ন সম্পৰ্কীয় বিষয়ৰ সিদ্ধান্ত গ্ৰহণত সেয়ে মহিলা এগৰাকীয়ে অধিক বলিষ্ঠ ভাৱে উপস্থাপন কৰিব পাৰিব বুলিও থাৱৰ কৰিব পাৰি বা সেয়াই স্বাভাৱিক।

ভৌগোলিক আৰু লিংগ জৰীপ অনুসৰি পৃথিৱীত পুৰুষৰ বিপৰীতে সমান সংখ্যক মহিলাৰ অৱস্থিতি যদিও পুৰুষ শাসিত সমাজ এখনত লিংগ বৈষম্যৰ বলি হৈ আহিছে মহিলা সকল। পুৰুষতান্ত্ৰিক সমাজ এখনৰ মহিলা সকলক সন্তান উৎপাদনৰ আহিলা হিচাপে ব্যৱহাৰ কৰি থকা হৈছে সমাজত।

সমাজত নাৰীৰ সৰ্বোত্তোপ্ৰকাৰৰ বিকাশৰ অবিহনে সমাজৰ স্বাভাৱিক গতি সম্ভৱ নহয়। নাৰীৰ অৱহেলিত অৱস্থাৰ প্ৰধান কাৰক সমাজ, সেই কথা প্ৰতীয়মান হৈ আহিছে সমসাময়িক সমাজ ব্যৱস্থাত। প্ৰাক-স্বাধীন কালত অথবা স্বাধীনোত্তৰ কালত ৰচিত সাহিত্যৰাজিবোৰেও এই কথাৰেই প্ৰতিফলন ঘটাইছে।

গণতান্ত্ৰীয় ব্যৱস্থাৰ বাবেই গণতান্ত্ৰিক অধিকাৰ হিচাপেই ভাৰতীয় মহিলাসকলে ৰাজনীতিত অংশগ্ৰহণ কৰি আহিছে আৰু চৰকাৰৰ বিভিন্ন আঁচনি প্ৰকল্প সিদ্ধান্ত গ্ৰহণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।১৯৯৩ চনৰ ২৪ এপ্ৰিল মাহত সংবিধানৰ ৭৩ তম সংশোধনীৰ জৰিয়তে দেশলৈ আগমন ঘটিছিল এক নতুন বিপ্লৱৰ। ১৯৯৪ চনৰ সংশোধনে মহিলা সকলক প্ৰদান কৰিলে বিশেষ সুবিধাৰ। এইখিনিতে উল্লেখ লাগিব যে শেহতীয়াকৈ এক বুজন সংখ্যক মহিলাই শক্তিশালী ৰূপত দেশৰ ৰাজনৈতিক ক্ষেত্ৰত নিজৰ নৈপুণ্যতা প্ৰদৰ্শন কৰিছে।

ইন্দিৰা গন্ধী আছিল ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী। ৰাষ্ট্ৰীয় ৰাজনীতিৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিতো প্ৰভাৱ বিস্তাৰ কৰিছিল তেওঁ।বিশ্ববিখ্যাত আলোচনী ‘ফবচ’-এ প্ৰস্তুত কৰা বিশ্বৰ শক্তিশালী মহিলাৰ তালিকাত ত্ৰয়োদশ স্থান পাইছিল ছোনীয়া গান্ধীয়ে।

বৰ্তমান মহিলাসকলেও ৰাজনীতিত বিশেষভাৱে অংশগ্ৰহণ কৰি আহিছে। ইউ পি এৰ অধ্যক্ষা ছোনিয়া গান্ধী, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল, পশ্চিম বঙ্গৰ মুখমন্ত্ৰী মমতা বেণাৰ্জী,  ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা বসুন্ধৰা ৰাজে সিন্ধিয়া, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত বহা মায়াৱতী, প্ৰাক্তন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী উমা ভাৰতী,  দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থকা শীলা দীক্ষিত, লোকসভাৰ বিৰোধী দলৰ দলপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সুষমা স্বৰাজ, তামিলনাডুৰ মুখ্যমন্ত্ৰী জয়া ললিতা, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ মীৰা কুমাৰ, পঞ্জাৱৰ সাংসদ তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী অম্বিকা সোনি আদি হ’ল দেশৰ শক্তিশালী আৰু প্ৰভাৱশালী ৰাজনৈতিক নেত্ৰীৰ উদাহৰণ।

বৰ্তমান সময়ত মহিলাৰ অংশগ্ৰহণ ভাৰতীয় ৰাজনীতিত ক্ৰমে বৃদ্ধি পাইছে। কিন্তু আশানুৰুপভাৱে ৰাজনৈতিক ভাৱে শক্তিশালী স্থানত থকা মহিলাই সৱলীকৰণত বিশেষ উল্লেখনীয় ভূমিকা পালন কৰি পৰা নাই।

 ইয়াৰ গুৰিতে কিন্তু অন্য কিছুমান গুৰুত্বপূৰ্ণ দিশ জড়িত হৈ আছে। বৰ্তমান যিসকল মহিলাই ৰাজনীতিৰ পথাৰখনত শক্তিশালীভাৱে খোজ পেলাইছে, সেইসকল মহিলাৰ ৰাজনীতিলৈ অহাৰ পটভূমিৰ বিষয়ে অধ্যয়ন কৰিলে দেখা পোৱা যায় যে, তেওঁলোক প্ৰায়খিনিয়ে উত্তৰাধিকাৰী সূত্ৰে বা বিধৱা কোটোৰ জৰিয়তে ৰাজনীতিলৈ অহা। ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰায় আটাইকেইগৰাকী মহিলাই এই উদাহৰণৰ অংশ। আনহাতে সামাজিক আৰু অৰ্থনৈতিক ভাৱে পিছপৰা শ্ৰেণীক প্ৰতিনিধিত্ব কৰা মহিলা ৰাজনীতিত প্ৰায় শূন্য। সেয়ে ক্ষমতাত থকা মহিলা আৰু সাধাৰণ মহিলাৰ দূৰত্ব চকুত পৰা।

অসমৰ ক্ষেত্ৰখনলৈ লক্ষ্য কৰিলে দেখা যায় যে  কনকলতা বৰুৱা, পুষ্পলতা দাসৰ দৰে বহু মহিলাই সক্ৰিয়ভাৱে অংশ লৈছিল দেশৰ স্বাধীনতাৰ সংগ্ৰামত।কংগ্ৰেছৰ কৰাছী আন্দোলনতো আলোচিত হৈছিল মহিলাৰ সম-অধিকাৰৰ প্ৰসংগত।এই আটাইবোৰ দিশ সামৰি উল্লেখ কৰিব পাৰি চন্দ্ৰপ্ৰভা শইকীয়ানীৰ প্ৰসংগ। দেশৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ লগতে এখেতে নাৰী জাগৰণৰ বাবে কাম কৰিছিল।

পৰ্দাপ্ৰথা, পতিতাবৃত্তি আৰু দেৱদাসীপ্ৰথা নিবৃত্তিও এই নাৰী কল্যাণৰ কামসমূহৰ অন্তৰ্গত আছিল। তেখেতে অসমত মহিলা সমিতি পাতি মহিলাৰ সামাজিক মৰ্যাদা আৰু সন্মানৰ বাবে সংগঠিত ৰূপত কাম কৰিবলৈ আৰম্ভ কৰিছিল। অসম মহিলা সমিতিৰ সম্পাদিকা হিচাপে সাত বছৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। কেৱল স্ত্ৰী-শিক্ষাৰ আৰু নাৰীৰ সংস্থাপনৰ বাবে কাম নকৰি, তেওঁলোকে শিশু-কল্যাণ আৰু শাৰীৰিক ভাৱে অক্ষম লোকৰ হকেও কাম কৰিছিল।

ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দি চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ১৯২৩ চনত আৰু ১৯৪৩ চনত দুবাৰ কাৰাবাস খাটিছিল। কিছুকাল কৃষক সভাৰো সভানেত্ৰী আছিল। কিন্তু ১৯৫৭ চনত তেখেতে বজালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হৈ পৰাজিত হৈছিল তেওঁ।

অৱশ্যে বিগত প্ৰায় ৩ টা দশকত অসমত প্ৰত্যক্ষ ৰাজনীতিত অংশ লোৱা বেছি সংখ্যক মহিলাই আহিছে বিধৱাৰ কোটাত। ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি ৰাজনীতৈক জীৱনৰ পৰ্যায়ক্ৰমিক অংশ গ্ৰহণৰ বিপৰীতে এই দৰে অহা মহিলা নেত্ৰী সকলৰ প্ৰসংগত উল্লেখ কৰিব লাগিব, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ললিত ৰাজখোৱাৰ পত্নী ৰেনুপমা ৰাজখোৱা, প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰী ললিত শৰ্মাৰ পত্নী অলকা দেশাই শৰ্মা, নগেন নেওঁগৰ পত্নী অজন্তা নেওঁগ, বিস্মিতা গগৈ, প্ৰণতি ফুকন, সুমিত্ৰা পাটিৰৰ নাম। একেদৰে উত্তৰাধিকাৰী সূত্ৰে ৰাজনীতিলৈ আহিছে  সুশ্মিতা দেৱ, অংকিতা দত্তৰ দৰে বহু নেত্ৰী।

ইয়াৰ বিপৰীতে কিন্তু ৰাজনৈতিক ইতিহাসত প্ৰথম মুখ্যমন্ত্ৰী হিচাপে আনোৱাৰ টাইমুৰৰ নাম খোদিত হৈ থাকিব।৮০ চনত ৰাজনীতিত এক জটিল সামাজিক আৰু ৰাজনৈতিক সন্ধিক্ষণত ৰাজ্যখনক সৱল নেতৃত্ব দিছিল টাইমুৰে।

মহিলাৰ ৰাজনীতিত অংশ গ্ৰহণৰ বিষয়টোত মহিলাসকল নিজৰ দায়িত্ব আৰু প্ৰতিনিধিত্বৰ প্ৰতি সচেতন হ’লেহে মহিলাৰ সৱলীকৰণ সম্ভৱ হ’ব। ইয়াৰ বাবে ৰাজনৈতিক অংশগ্ৰহণৰ বাদেও মহিলাসকলৰ সকলো দিশতে ব্যক্তিত্বৰ সঠিক বিকাশ হোৱাটো খুবেই প্ৰয়োজন।

২০১৬ চনৰ ৰাজ্যসভাত মহিলাৰ অংশগ্ৰহণৰ প্ৰসংগ উল্লেখ কৰিলে সমূখলৈ আহে বহু বলিষ্ঠ নেত্ৰীৰ নাম। উদাৰহণ স্বৰূপে পূৱ কোকৰাঝাৰ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অংশ লৈছিল প্ৰমিলা ৰাণী ব্ৰহ্মই আৰু লাভ কৰিছিল ৭৬,৪৯৬ টা ভোট। একেদৰে বকোৰ কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসে ৬৯,৯৯৬টা, হাজোৰ সুমন হৰিপ্ৰিয়াই ৫৫,০৯৬টা, পানেৰিৰ বিপিএফ প্ৰাৰ্থী কমলি বসুমতাৰীয়ে ৩৮,৬৬৮ টা, সৰুপথাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলিনা তিৰ্কীয়ে ৬৭,১,৫০ টা আৰু টিয়কৰ ৰেণুপ্ৰভা ৰাজখোৱাই ৪০,৯,২৮ টা ভোট লাভ কৰিছিল। প্ৰমিলা ৰাণী ব্ৰহ্মই প্ৰথমে ইউপিএৰ পৰা নিৰ্বাচনত অংশ লৈছিল যদিও পৰৱৰ্তী সময়ত যোগ দিছিল এনডিএত। আনহাতে নিৰ্বাচনত জয়ী হোৱা নাছিল যদিও আমগুৰিৰ অগপ প্ৰাৰ্থী প্ৰদীপ গগৈৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দিতা আগৱঢ়াইছিল অংকিতা গগৈয়ে। তেওঁ লাভ কৰিছিল ৪০,৩৯০ টা ভোট। শেহতীয়া এই তালিকাখনলৈ লক্ষ্য কৰিলেও দেখা যায় ইয়াৰে অধিক সংখ্যক কোটা ৰাজনীতিৰ অংশ।

কিন্তু প্ৰশ্ন হয়, যিদৰেই নহওক ৰাজনীতিত মহিলাৰ অংশগ্ৰহণে আমাৰ ৰাজ্যৰ মহিলা সৱলীকৰণত কিমান সহায় কৰিছে।দেখা যায় যে ৰাজনীতিৰ ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ প্ৰায় সন্তোষজনক হলেও মহিলাসকলৰ সামগ্ৰিক উন্নয়নৰ দিশতো কিন্তু মুঠেও সন্তোষজনক নহয়।

২০০৬ চনৰ এক তথ্য অনুসৰি ৰুৱাণ্ডা আৰু ছুইডেনৰ ক্ৰমে ৪৯% আৰু ৪৫% মহিলা প্ৰতিনিধি দেশৰ ৰাজনীতিত আছে।  সেইদৰে নেদাৰলেণ্ড, কিউবা, ডেনমাৰ্ক, কষ্টাৰিকা, স্পেইন, নৰৱে, ফিনলেণ্ড, আৰ্জেণ্টিনা আৰু জাৰ্মেনিৰ দৰে ৰাষ্ট্ৰত মাত্ৰ ৩০% মহিলা দেশৰ ৰাজনীতিত আছে। কিন্তু ইয়াৰ পিছতো একেষাৰতে এইবোৰ দেশৰ অৱস্থা উন্নত বুলিব পাৰি।

ইয়াৰ বিপৰীতে ভাৰত পাকিস্তান বাংলাদেশ আদি ৰাষ্ট্ৰত মহিলা প্ৰতিনিধি যথেষ্ট সংখ্যক থকাৰ পিছতো মহিলাসকলৰ স্থিতি উন্নত নহয়।ইয়াৰ পৰা স্পষ্ট হয় যে, মহিলাই ৰাজনীতিত অংশ গ্ৰহণ কৰিলে বা ক্ষমতা লাভ কৰিলেই মহিলাৰ স্থিতি উন্নত নহয়।যি উদ্দেশ্যৰে ভাৰতীয় সংবিধানে ৰাজনীতিলৈ অহাৰ সুবিধা প্ৰদান কৰিছে সেই অনুসৰি ৰাজনৈতিক ক্ষমতা লাভ কৰা মহিলাসকলে মহিলা সৱলীকৰণৰ বাবে বিশেষ মনোযোগ দিব লাগিব। অন্যথা কেৱল মহিলাৰ ৰাজনীতিত অংশগ্ৰহণে সামগ্ৰিক উন্নয়ন আনিব পাৰিব বুলি ক’ব পৰা নাযায়।

৮ মা, আন্তৰ্জাতিক নাৰী দিৱস। সমগ্ৰ বিশ্বত পালন কৰা হ’ব এই দিৱসটি। বিশ্ব ৰাজনীতিটো নাৰীয়ে ইতিমধ্যে লাভ কৰিছে বহু সন্মান তথা সুযোগ। কিন্তু সুযোগ অথবা আন্তৰ্জাতিক নাৰী দিৱসে বিশ্বৰ গ্ৰামীণ সমাজ, অৰ্থব্যৱস্থা, সংস্কৃতি আৰু প্ৰগতি সৱল ভূমিকা পালনেৰে দৰাচলতে নাৰীক কিমান দূৰলৈ আগুৱাই নিব।

নাৰী সৱলীকৰণ শ্লোগান হৈ ৰ’ব নে নাৰী শ্লোগানে এফালে নাৰীক মুক্ত বিহংগত পৰিণত কৰাৰ বিপৰীতে আনফালে বৃহৎ সংখ্যকক সদায় পুতৌৰ পাত্ৰ অথবা উপভোগ্য সামগ্ৰী হিচাপে আত্মপ্ৰকাশ কৰাব সেয়াহে বৰ্তমান সময়ৰ আটাইতকৈ লক্ষণীয় দিশ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি