দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনঃ ৩+১+১ নে ২+২+১…

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনঃ ৩+১+১ নে ২+২+১…

♦ মৃদুল কুমাৰ সন্দিকৈ

অন্ত পৰিল লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। দেশৰ মুঠ ৯৫টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তালিকা অনুসৰি সন্ধিয়া প্ৰায় ৬ বজালৈকে ৰাজ্য অনুসৰি ভোটদানৰ হাৰ আছিল এনেধৰণৰ- অসমত ৭৬.২২ শতাংশ, বিহাৰত ৬২.৩৮ শতাংশ, ছত্তীশগড়ত ৭১.৪০ শতাংশ, কৰ্ণাটকত ৬৭.৬৭ শতাংশ, মহাৰাষ্ট্ৰত৬১.২২ শতাংশ, মণিপুৰত ৬৭.১৫ শতাংশ, ওড়িশাত ৫৭.৯৭ শতাংশ, পুডুচেৰীত ৭৬.১৯ শতাংশ, তামিলনাডুত ৬৬.৩৬ শতাংশ, উত্তৰ প্ৰদেশত ৬৬.০৬ শতাংশ ,পশ্চিম বংগত ৭৬.৪২ শতাংশ আৰু জম্মু-কাশ্মীৰত ৪৫.০৫ শতাংশ।

দ্বিতীয় পৰ্যায়ত তামিলনাডুত ৩৮ টা সমষ্টিত, বিহাৰত ৫টা, জম্মু-কাশ্মীৰত ২টা, উত্তৰ প্ৰদেশত ৮টা, কৰ্ণাটকত ১৪টা, মহাৰাষ্ট্ৰত ১০টা, পশ্চিম বংগত ৩টা, অসমত ৫টা আৰু ওড়িশাত ৫ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায়। দেশৰ প্ৰায় ১৫.৪ কোটি ভোটাৰে নিৰ্ণয় কৰিলে ১৬৩৫ জন প্ৰাৰ্থীৰ ভাগ্য।

দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত ৯৫টা সমষ্টিৰ ভিতৰত ৩৫টাই আছিল এআইডিএমকেৰ দখলত। ২৬টা সমষ্টি বিজেপি আৰু ১১টা সমষ্টি আছিল কংগ্ৰেছৰ দখলত। বাকী সমষ্টিবোৰ আঞ্চলিক আৰু সৰু সৰু ৰাজনৈতিক দলৰ দখলত আছিল। তাৰে কৰিমগঞ্জ সমষ্টিত ২০১৪ চনত নিৰ্বাচিত হৈছিল এআইইউডিএফৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস।

অসমত অনুষ্ঠিত হোৱা ৫ সমষ্টিৰ ভোটগ্ৰহণৰ হাৰ ৭৬.২২ শতাংশ। সৰ্বাধিক নগাঁৱত ৭৫.৭১ শতাংশই ভোটাধিকাৰ সাব্যস্ত কৰে। ইয়াৰ বিপৰীতে সৰ্বনিম্ন ভোটদানৰ হাৰ হ'ল ডিফুত। ডিফু সমষ্টিত ভোটদানৰ হাৰ ৬৯.৫১ শতাংশ। ইফালে কৰিমগঞ্জত ৭১.৪১ শতাংশ, শিলচৰত ৭১.৮৯ শতাংশ, মঙ্গলদৈত ৭০.০৭ শতাংই ভোটাধিকাৰ সাব্যস্ত কৰিলে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমত ভোটদানৰ হাৰ আছিল ৬৮ শতাংশ। প্ৰথম পৰ্যায়তকৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধি পাইছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰাৰ পাছত এতিয়া কোন সমষ্টিত কোন প্ৰাৰ্থী জয়ী হ'ব তাক লৈ আলোচনা চলিছে। নগাঁও সমষ্টিত যথেষ্ট সংখ্যক ভোটাৰে এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। পুৱাৰে পৰা সমষ্টিটোৰ ভোটকেন্দ্ৰ সমূহত দিঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে।

এই সমষ্টিটোত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ জয় ইমান সহজ নহ'ব। ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ প্ৰভাৱ থকা অঞ্চল সমূহত ৯০ শতাংশ ভোট কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰাৰ বিপৰীতে ১০ শতাংশ ভোটহে আন প্ৰাৰ্থীয়ে লাভ কৰিব বুলি অনুমান কৰা হৈছে।

অৱশ্যে নগাঁও সদৰকে ধৰি ভাষিক সংখ্যালঘু অধ্যুষিত লামডিং, হোজাই আদি স্থানত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ব্যাপক সমৰ্থন লাভ কৰিছে। নগাঁও চহৰতো বিজেপিয়ে ভাল ফলাফল লাভ কৰিব। মৰিগাঁও, জাগীৰোড আদিত দুই দলৰ মাজত যথেষ্ট প্ৰতিদ্বন্দ্বিতা হৈছে। ৰহা বিধানসভা সমষ্টিত বহু লোকেই ভোটাধিকাৰ সাব্যস্ত নকৰাত কংগ্ৰেছ এক প্ৰকাৰ এই সমষ্টিটোত লাভাৱাম্বিত হৈছে।

নগাঁও লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হ'ব বুলি ধাৰণা কৰিলেও শেষ মুহূৰ্তত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ধৰ্মীয় সংখ্যালঘু ভোটেৰে শেষ হাঁহি মাৰিলেও আচৰিত হ'বলগা একো নাথাকিব। কৰিমগঞ্জ লোকসভা সমষ্টিত মূল প্ৰতিদ্বন্দ্বিতা এআইইউডিএফ আৰু বিজেপিৰ মাজতে হ'ব বুলি ধাৰণা কৰা হৈছে। এই সমষ্টিটোত ৰাধেশ্যাম বিশ্বাস এজন শক্তিশালী প্ৰাৰ্থী। বিজেপিৰ কৃপানাথ মাল্লাই তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও এআইইউডিএফৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতি ভোটাৰৰ বিশেষ আকৰ্ষণ পৰিলক্ষিত হয়। সমষ্টিটোত কংগ্ৰেছে স্বৰূপ দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।

শিলচৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ ফালেই বতাহ বলা যেন অনুমান কৰা হৈছে। বৰ্তমানৰ সাংসদ তথা কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱৰ সৈতে বিজেপিৰ প্ৰাৰ্থী ডা০ ৰাজদ্বীপ ৰয়ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু শেষ হাঁহি সুস্মিতা দেৱেই মাৰিব পাৰে বুলি নিৰ্বাচনী প্ৰেক্ষাপট চাই অনুমান কৰা হৈছে। পূৰ্বৰ পৰা এই সমষ্টিটোত প্ৰয়াত কংগ্ৰেছ নেতা সন্তোষ মোহন দেৱৰ বিশেষ প্ৰভাৱ আছিল। ভোট গ্ৰহণৰ পূৰ্বে প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰেও নিৰ্বাচনত প্ৰভাৱ পেলাব।

মঙ্গলদৈ লোকসভা  নিৰ্বাচনৰ যুঁজ অতি কঠিন হৈছে। ধৰ্মীয় সংখ্যালঘু ভোটাৰ থকা স্থানত কংগ্ৰেছ আৰু আন স্থান সমূহত বিজেপিৰ প্ৰভাৱ পৰিলক্ষিত হয়। দলগাঁৱত কংগ্ৰেছ প্ৰাৰ্থীয়ে যথেষ্ট ভোট লাভ কৰিব বুলি ভবা হৈছে। কিন্তু আন কিছু স্থানত বিজেপি প্ৰাৰ্থীগৰাকীৰ অতি বিপুল সঁহাৰি পৰিলক্ষিত হয়। এই সমষ্টিটোত দুয়োজন প্ৰাৰ্থীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত অতি কম ভোটৰ ব্যৱধানত বিজেপিয়ে শেষ হাঁহি মৰাৰ সম্ভাৱনা নথকা নহয়। অৱশ্যে ধৰ্মীয় সংখ্যালঘু ভোটাৰ আৰু বড়ো জনগোষ্ঠীয় ভোটাৰৰ প্ৰভাৱ থকা মঙ্গলদৈ সমষ্টিত অতি কম ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও জয়ী হ'ব পাৰে বুলিও একাংশই মন্তব্য কৰিছে।

ডিফু লোকসভা সমষ্টিত একপক্ষীয়ভাৱেই বিজেপিয়ে শেষ হাঁহি মৰাৰ এক প্ৰেক্ষাপট দেখিবলৈ পোৱা যায়। কেইবাবাৰো ধৰি এই সমষ্টিত প্ৰতিনিধিত্ব কৰা কংগ্ৰেছৰ সাংসদ গৰাকীক লৈ ভোটাৰৰ মাজত বিশেষ আগ্ৰহ পৰিলক্ষিত নহ'ল। তাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী হৰেণ সিং বে' আছিল অধিক সক্ৰিয়। বৰ্তমান কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদো আছে বিজেপিৰ দখলতে। সমষ্টিটোত হৰেণ সিং বে'ৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা বৰ্তমানৰ কংগ্ৰেছ সাংসদ বীৰেণ সিং ইংতিৰ প্ৰচাৰো আছিল নিস্তেজ। অৱশ্যে এই সমষ্টিটোত এক বিশেষ ভাৱমূৰ্তি আছে কংগ্ৰেছ সাংসদ গৰাকীৰ।

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা অসমৰ ৫টা সংসদীয় সমষ্টিৰ ভিতৰত ২টাত বিজেপি, ২টাত কংগ্ৰেছ আৰু এটাত এআইইউডিএফৰ প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। অৱশ্যে এই ফলাফল ৩-১-১ হোৱাৰ সম্ভাৱনাও নথকা নহয়। মঙলদৈ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'লে ইয়াৰ ফলাফল ৩-১-১ হোৱাৰ সম্ভাৱনাই অধিক।

অৱশ্যে ৰাজনীতিৰ কথা কোনেও ক'ব নোৱাৰে। যিকোনো মুহূৰ্ততে সলনি হ'ব পাৰে ৰাজনৈতিক সমীকৰণ। নিজস্ব দৃষ্টিভংগীৰে এই বিশ্লেষণ কৰিলেও সঠিক উত্তৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনাহে পোৱা যাব। কিন্তু এইটো ঠিক, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত ৩+১+১=৫ বা ২+২+১=৫ হোৱাৰ সম্ভাৱনাই অধিক।

দ্বিতীয় পৰ্যায়ৰ কেইটামান বিশেষ তথ্যঃ

অসমঃ

  • অসমত ৫খন আসনত হৈছিল ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ৬৯,১০,৫৯২জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ৫০।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৮৯৯২টা।

বিহাৰঃ 

  • বিহাৰত অনুষ্ঠিত হৈছিল ৪খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ৮৫,৫২,২৭৪ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ৬৮।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৮৬৪৪টা।

জম্মু-কাশ্মীৰঃ

  • জম্মু-কাশ্মীৰত অনুষ্ঠিত হৈছিল ২খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ২৯৬০০২৭ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ২৪।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৪৪২৬টা।

উত্তৰপ্ৰদেশঃ

  • উত্তৰপ্ৰদেশত অনুষ্ঠিত হৈছিল ৮খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ১,৪০,৭৬,৬৩৫ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ৮৫।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ১৬,১৬২টা।

কৰ্ণাটকঃ

  • কৰ্ণাটকত অনুষ্ঠিত হৈছিল ১৪খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ২৬৩৩৮২৭৭ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ২৪১।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৩০,৪১০টা।

মণিপুৰঃ

  • মণিপুৰত অনুষ্ঠিত হৈছিল ১খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ৯২৮৬২৬ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ১১।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ১৩০০টা।

পশ্চিমবংগঃ

  • পশ্চিমবংগত অনুষ্ঠিত হৈছিল ৩খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ৪৯৩২৩৪৬ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ৪২।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৫৩৯০টা।

ওড়িশাঃ

  • ওড়িশ্যাত অনুষ্ঠিত হৈছিল ৫খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ৭৬৯৩১২৩ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ৩৫।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৯১১৭টা।

ছত্তীশগড়ঃ

  • ছত্তীশগড়ত অনুষ্ঠিত হৈছিল ৩খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ৪৮৯৫৭১৯ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ৩৬।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৬৪৮৪টা।

তামিলনাডুঃ

  • তামিলনাডুত অনুষ্ঠিত হৈছিল ৩৮ খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ৫৮৪৪২৭৬৭ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ৮২২।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৬৪২২৫টা।

পুডুচেৰীঃ

  • পুডুচেৰীত অনুষ্ঠিত হৈছিল ১খন আসনত ভোটগ্ৰহণ।
  • মুঠ ভোটাৰৰ সংখ্যা ৯৭৩১৬১ জন।
  • মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৮।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৯৭০টা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in