হনসিকাঃ দেৱী নহয় এগৰাকী অভিনেত্ৰী…

হনসিকাঃ দেৱী নহয় এগৰাকী অভিনেত্ৰী…

পংকজ শৰ্মা

৯০ৰ দশকৰ ল'ৰা-ছোৱালীৰ বাবে ডিডি-১ যোগে সম্প্ৰচাৰিত এখন ধাৰাবাহিক আছিল খুবেই প্ৰিয়। 'চাকালাকা বুম বুম' নামৰ এই ফেণ্টাছী ধাৰাবাহিকখনৰ সম্প্ৰচাৰ হৈছিল ২০০০ চনৰ পৰা। ২০০৪ চনলৈ ৪৯১ টা খণ্ডৰে সম্প্ৰচাৰিত হোৱা এই ধাৰাবাহিকখনতে প্ৰথমবাৰলৈ দেখা পোৱা গৈছিল শিশু শিল্পীগৰাকীক। নাম হনসিকা মটৱানী। মৰম লগা এই শিশু শিল্পীগৰাকীয়ে ২০০১ চনৰ পৰা ষ্টাৰ প্লাছ যোগে সম্প্ৰচাৰিত হিন্দী ধাৰাবাহিক 'দেশ মে নিকলা হোগা চান্দ'তো অভিনয় কৰে।

১৯৯১ চনৰ ৯ আগষ্টত মুম্বাইৰ এটাসিন্ধী পৰিয়ালত জন্মগ্ৰহণ কৰা হনসিকাৰ অভিনয় প্ৰতিভা সকলোৱে লক্ষ্য কৰিছিল। যাৰবাবে ৰাকেশ ৰোশনৰ দ্বাৰা পৰিচালিত হৃতিক আৰু প্ৰীতি জিন্টা অভিনীত 'কই মিল গয়া'তো এটি শিশুচৰিত্ৰত অভিনয়ৰ সুযোগ পায় হনসিকাই। সেই সময়ত হনসিকাৰ বয়স আছিল ১২ বছৰ। ২০০৩ চনতমুক্তিলাভ কৰা এই ছবিখনে লাভ কৰিছিল অভূতপূৰ্ব জনপ্ৰিয়তা। হৃতিক, প্ৰীতিৰ লগতেঅভিনয়ৰ চৰ্চা হৈছিল কণমানি হনসিকাৰো।

২০০৮ চনৰ এখন হিন্দী ছবিৰ বাবেচৰ্চালৈ আহে হনসিকা মটৱানীৰ নাম। ১৭ বছৰীয়া হনসিকাই হিমেশ ৰেশমীয়াই অভিনয় আৰু পৰিচালনাকৰা 'আপ কা চুৰুৰ' ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰাৰ পিছতে হনসিকাক লৈ আৰম্ভহৈ সৰৱ চৰ্চা। কিয়নো ২০০৩ চনৰ 'কই মিল গয়া'ত অভিনয়ৰ সময়ত হনসিকাৰ বয়স আছিল ১২ বছৰ। কিন্তু তাৰ ৫ বছৰপিছত 'আপ কা চুৰুৰ'ত অভিনয় কৰা ১৭ বছৰীয়া হনসিকাক দৰ্শকে প্ৰত্যক্ষ কৰিছিলপূৰ্ণ যৌৱনা এগৰাকী নায়িকাৰ ৰূপত। এয়া কেনেকৈ সম্ভৱ?

'আপ কা চুৰু'ৰ ছবিত অভিনয় কৰা হিমেশ ৰেশমীয়া হনসিকাতকৈ ১৮ বছৰ ডাঙৰআছিল। কিন্তু ছবিখন উপভোগ কৰাৰ সময়ত দৰ্শকে যেন এটা পলৰ বাবেও অনুভৱ নকৰিলে সেইবয়সৰ প্ৰভেদ। কিয়নো ছবিখনৰ মূল নায়িকা হনসিকা মটৱানীক ছবিখনত এগৰাকী প্ৰাপ্তবয়স্কঅভিনেত্ৰীৰ দৰেই লাগিছিল। তেওঁৰ দেহৰ প্ৰতি ভাঁজে ভাঁজে ফুটি উঠিছিল যৌৱন। কিন্তুসেয়া কোনো প্ৰসাধনৰ বাবে নাছিল।

ছবিখনে মুক্তি লাভ কৰাৰ পিছতেসংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াত হনসিকাক লৈ বহু আলোচনা হয়। ছবি জগতৰে জড়িতবহুতে দাবী কৰে যে হনসিকাই নিজৰ শৰীৰিক অৱয়ব সলনি কৰিবলৈ চিকিৎসকৰ সহায় লৈছে।হনসিকাৰ কিশোৰী দেহত যৌৱন ফুটাই তুলিবলৈ তেওঁ হ'ৰমনেল ইনজেকশ্যনৰ প্ৰয়োগ কৰাও বুলিওচৰ্চা চলে। হনসিকাৰ মাতৃ নিজেই এগৰাকী চালৰ বিশেষজ্ঞ। গতিকে অভিনেত্ৰীগৰাকীয়ে কমবয়সতে নিজকে ডাঙৰ কৰিবলৈ এনে কৰাটো সকলোৱে সম্ভৱ বুলিয়েই ধৰি ল'লে। অৱশ্যে এইসন্দৰ্ভত নাছিল কোনো প্ৰমাণ। মাতৃ বা হনসিকাই নিজেও ইয়াক লৈ কোনোদিন মন্তব্য কৰানাই।

বলীউডৰ খবৰ ৰখা একাংশৰ মতে, হনসিকাই কমবয়সতে প্ৰাপ্তবয়স্ক হোৱাৰ চেষ্টাৰে প্ৰয়োগ কৰা ইনজেকশ্যনে তেওঁক কিছু পৰিমাণেক্ষতিও কৰে। ইনজেকশ্যন লোৱাৰ পিছত আকস্মিকভাৱে প্ৰয়োজনাধিক শকত হৈ পৰিছিলঅভিনেত্ৰীগৰাকী। মুখমণ্ডলত সৃষ্টি হৈছিল দাগৰ। কিন্তু কিছুদিন অভিনয় জগতৰ পৰা আতৰিতেওঁ নিজৰ ওজন হ্ৰাস কৰাৰ লগতে অন্য অসুবিধাবোৰো দূৰ কৰিবলৈ সক্ষম হয়।

এতিয়া দক্ষিণৰ ছবিজগতৰ এটাজনপ্ৰিয় নাম হনসিকা মটৱানী। আল্লু অৰ্জুনৰ সৈতে তেলেগু ছবিত অভিষেক ঘটাই হনসিকাইপ্ৰথমখন ছবিতেই 'শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী- দক্ষিণৰ ছবি'ৰ ফিল্ম ফেয়াৰসন্মান লাভ কৰিবলৈ সক্ষম হয়। হিমেশ ৰেশমীয়াৰ সৈতে ২০০৮ চনত 'আপ কা চুৰুৰ'ত অভিনয় কৰিবলীউডত অভিষেখ ঘটোৱাৰ পিছতে অন্য এখন হিন্দী ছবি 'হিঃ দ্য অনলী ওৱান'ৰ বাবেওচুক্তি বদ্ধ হয় হনসিকা। কিন্তু ছবিখনৰ শ্বুটিং আধা সম্পূৰ্ণ হোৱাৰ পিছতে বিভিন্নকাৰণত ছবিখনৰ কাম বন্ধ হৈ পৰে।

২০০৮ চনতে হনসিকা মটৱানীয়ে এখনকানাড়া ছবিত অভিনয় কৰে। পুনীথ ৰাজকুমাৰৰ বিপৰীতে তেওঁ অভিনয় কৰা ছবিখনৰ নাম আছিল 'বিন্দাছ'। হনসিকাইঅভিনয় কৰা সেইখনেই এতিয়ালৈকে একমাত্ৰ কানাড়া ছবি। ২০১১ চনত 'মাপ্পীল্লাই'নামৰ ছবিখনৰে তামিল ছবিজগতত ভৰি থয় হনসিকাই। ছবিখনত নায়কৰ চৰিত্ৰত অভিনয় কৰেধনুশে। তাৰ পিছতে হনসিকাই অন্য এখন ছবি 'এংগায়ুম কাধাল'ত জয়ৰাম ৰবিৰ বিপৰীতে অভিনয় কৰে। দুয়োখন ছবিয়েই বক্স অফিচতসফলতা লাভ কৰে আৰু তামিল ছবিজগতত হনসিকা মটৱানী এগৰাকী সফল অভিনেত্ৰী হৈ পৰে।

২০১১ চনত দক্ষিণৰ চুপাৰষ্টাৰবিজয়ৰ সৈতে 'বেলায়ুদ্ধম' নামৰ ছবিখনত অভিনয় কৰা হনসিকাই দৰ্শকৰ মাজত লাভ কৰেঅভূতপূৰ্ব জনপ্ৰিয়তা। ছবিখনত হনসিকাক এগৰাকী গাঁৱলীয়া ছোৱালীৰ ৰূপত প্ৰত্যক্ষ কৰেদৰ্শকে। ক'বলৈ গ'লে এই ছবিখনৰ জৰিয়তেই হনসিকাই তেওঁৰ অভিনয় প্ৰতিভা সম্পূৰ্ণৰূপেফুটাই তুলিবলৈ সক্ষম হয়।

হিন্দী, কানাড়া, তামিল, তেলেগুত প্ৰায় ৭০ খন ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছে হনসিকাই। লাভ কৰিছে বহু বঁটা-সন্মান। কিন্তু এই অভিনয় প্ৰতিভা হনসিকাই অন্য বহুতৰ দৰে বংশগতভাৱে পোৱা নাছিল। তেওঁৰ পিতৃ প্ৰদীপ মটৱানী এগৰাকী ব্যৱসায়ী। মাতৃ মোনা মটৱানী চিকিৎসক। শৈশৱত যেতিয়া হনসিকাই স্কুলত ছুটি নাট সমূহত অভিনয় কৰিছিল, সেয়া দেখি পিতৃ-মাতৃয়ে হনসিকাক অভিনয়ৰ বাবে অনুপ্ৰাণিত কৰিছিল। আৰু তেনেকৈয়ে প্ৰথমে ধাৰাবাহিক আৰু পিছলৈ ছবিত অভিনয়ৰ সুযোগ লাভ কৰি সফলতাৰ শীৰ্ষত আৰোহণ কৰে হনসিকা মটৱানীয়ে।

বৌদ্ধ ধৰ্মত বিশ্বাসী হনসিকামটৱানী। বুদ্ধৰ মাগ দৰ্শনেৰে তেওঁ আগুৱাই নিব খোজে নিজকে। সফলতা বা বিফলতা তেওঁবিচাৰ নকৰে। সেয়া তেওঁ বহু সাক্ষাৎকাৰত উল্লেখ কৰি আহি আহিছে। ছবি জগতত শিল্পীৰমাজত প্ৰতিযোগিতা আছে। কিন্তু সেই প্ৰতিযোগিতাত তেওঁ কেতিয়াও নামিব নিবিচাৰে।

ছবিজগতৰ অভিনেতা বা অভিনেত্ৰীৰনামত মন্দিৰ স্থাপন কৰাটো শিল্পীগৰাকীৰ বাবেই এক গৌৰৱৰ বিষয়। তেওঁৰ অনুৰাগীসকলেতেওঁৰ প্ৰতি দেখুওৱা এই ভালপোৱা, আন্তৰিকতাই প্ৰমাণ কৰি দিয়ে শিল্পীগৰাকী কিমান জনপ্ৰিয়।তামিল ছবিজগতত মাত্ৰ ২গৰাকী অভিনেত্ৰীৰ নামতহে তেওঁলোকৰ অনুৰাগীসকলে মন্দিৰ স্থাপনকৰি এই সন্মান প্ৰদৰ্শন কৰিছে। তাৰ ভিতৰত এগৰাকী হৈছে তামিল ছবিৰ চিৰ সেউজঅভিনেত্ৰী খুছবু। আনগৰাকী অভিনেত্ৰী নমিথা।

হনসিকা মটৱানীৰ অনুৰাগীসকলেও চেন্নাইত তেওঁৰ নামত এটি মন্দিৰ স্থাপনৰ প্ৰস্তুতি চলাইছিল। কিন্তু সেই বিষয়ে জানিব পাৰি হনসিকাই তেওঁৰ অনুৰাগীসকলক তেনে নকৰিবলৈ অনুৰোধ জনায়। তেওঁৰ প্ৰতি থকা ভালপোৱা মন্দিৰ নিৰ্মাণেৰে নহয়, সাধাৰণ দৰিদ্ৰ জনক সহায় কৰিহে প্ৰকাশ কৰিবলৈ আহ্বান জনায় হনসিকাই।

হনসিকা মটৱানীয়ে নিজেও সদায়আৰ্তজনৰ কাষত থিয় হৈ আহিছে। বহু দৰিদ্ৰক হনসিকাই প্ৰদান কৰি আহিছে আশ্ৰয়, খাদ্য। প্ৰতিবছৰে ১০ গৰাকী স্তন কেন্সাৰত আক্ৰান্ত মহিলাৰ চিকিৎসাৰ খৰছ বহন কৰে তেওঁ। কেৱলদৈহিক ৰূপ বা অভিনয় প্ৰতিভাৰ বাবেই আজি হনসিকা মটৱানী ইমান জনপ্ৰিয় নহয়। তেওঁৰজনপ্ৰিয়তাৰ এটা কাৰণ তেওঁৰ অন্তৰৰ সৰলতা,মানুহৰ প্ৰতি থকা নিস্বাৰ্থ ভালপোৱা।ইনজেকশ্যনৰ জৰিয়তে তেওঁ নিজৰ শৰীৰিক অৱয়ব সলনি কৰক বা নকৰক, তেওঁ কিন্তুসেই 'চাকালাকা বুম বুম' কিম্বা 'কই মিল গয়া'ৰ কণমানি মৰমলগা ছোৱালীজনীৰ মনটো কেতিয়াও সলনি কৰা নাই।এয়া তেওঁৰ অনুৰাগীসকলেই কয়।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in