পানীৰ বাবে ‘পানী’ হ’ল নেকি…

পানীৰ বাবে ‘পানী’ হ’ল নেকি…

মৃদুল কুমাৰ সন্দিকৈ

: আপুনি কটনত পঢ়িছিল

: নাই পঢ়া

– তথাপি এইখন কলেজ আপোনাৰ অচিনাকী নহয় ।খুব মৰমলগাকৈ চিনাকী ।

কটনকলৈ হোৱা ব্যক্তি বিশেষৰ আলাপ এয়া । এই খন কলেজৰ ছাত্ৰই এদিন দেশৰ স্বাধীনতাৰ কাৰনে জপিয়াই পৰিছিল । কাৰাবাস খাটিছিল । পুলিচৰ বয়নেত খোচত চিৰদিনৰ বাবে ঘূনীয়া হৈছিল । এই কলেজৰ হোষ্টেলত থকা ল'ৰাই ভাষাৰ কাৰনে । প্ৰান আহুতি দিলে ।

নিৰঞ্জন বৰুৱা এটা চিনাকী নাম । যি 'কটন কলেজ' পঢ়িছে । কলেজ খনৰ দৈনন্দিন ঘটনা প্ৰবাস,ছাত্ৰ-ছাত্ৰী সকলৰ মানসিকতা,অসম তথা দেশৰ ৰাজনৈতিক তথা অৰ্থসামাজিক পৰিবেশ কটন কলেজত আছে ।

কৰবী চলিহাৰ সৈতে নিৰঞ্জন বৰুৱাৰ চিনাকী হৈছিল কবিতাৰ মাধ্যমেৰে । নিৰঞ্জন বৰুৱাৰ কবিতাৰ আবৃত্তি শুনিয়েই তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল কৰবী । পৰবৰ্তী সময়ত সেই সম্পৰ্কই প্ৰেমলৈ সলনি হৈছিল ।

আন্দোলন,সাহিত্য চৰ্চা, সামাজিক দায়িত্ববোধ,হোষ্টেলীয়া জীৱনৰ ব্যস্ততা এই 'কটন কলেজ' ৰ মাজতেই আছে । নতুনকৈ কলেজলৈ যোৱা ল'ৰা ছোৱালী বোৰৰ ওপৰত ৰেগিং চলিছিল । তথাপিও কষ্ট কৰি কটনতে ৰৈ গৈছিল । কাৰন কটন মানে এক সুকীয়া আমেজ ।

এয়া,এখন কিতাপৰ পাতত কটন কলেজ । কিতাপ খনৰ নাম আছিল 'কটন কলেজ' । ১৯৬৫ চনত প্ৰকাশ পাইছিল নবীন বৰুৱাৰ এই উপন্যাস খন । পৰবৰ্তী সময়ত ঔপন্যাসিক নবীন বৰুৱা হেৰাই গ'ল । তেওঁৰ কলম থমকি ৰ'ল । কিন্ত কটন কলেজ থাকি গ'ল পাঠকৰ মনত,হৃদয়ত ।

এখন কলেজকলৈ লিখা এই খনেই আছিল প্ৰথম উপন্যাস । তাৰ পিছত প্ৰণৱ শৰ্মাৰ 'মেডিকেল কলেজ' হিৰণ্য কাশ্যপৰ অসম কৃষি বিশ্ববিদ্যালয়ক লৈ লিখা উপন্যাস সময়ৰ দস্তাবেজ হৈ অসমীয়া সাহিত্যত ৰৈ গ'ল ।

কটন কলেজ বহুতৰ বাবে আবেগ । ব্ৰিটেছে শাসন কৰি থকাৰ সময়তে অসমৰ সেই সময়ৰ চীফ কমিচনাৰ ছাৰ হেনৰি ষ্টেডমেন কটনে অসমত এখন উচ্চ শিক্ষানুষ্ঠান খোলাৰ সপোন দেখিছিল । সেই অনুসৰিয়ে ১৯০১ চনৰ ২৭ মেত কটন কলেজ আৰম্ভ হৈছিল ।

কটনৰ প্ৰথম অধ্যক্ষ আছিল ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন । মাত্ৰ ৫ জন অধ্যাপকেৰে আৰম্ভ কৰিছিল এই খন কলেজ । তাৰ পিছত কটনে পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল । অসমৰ বৌদ্ধিক কেন্দ্ৰৰ চৰ্চা বিন্দু হৈ পৰিছিল কটন । স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি সাহিত্য সংস্কৃতি আন্দোলনৰ নেতৃত্ব লৈছিল কটনীয়ানে ।

১৯৯২ চনত কটন কলেজক স্নাতকত্তোৰ শিক্ষাৰ প্ৰতিষ্ঠান ৰূপে ঘোষণা কৰা হৈছিল । ৰাজ্যৰ মেধাবী ছাত্ৰ ছাত্ৰী সকলৰ সপোন আছিল কটনৰ ছাত্ৰ হোৱা । কাৰন কটনত পঢ়িবলৈ পোৱাটো আন এক স্বীকৃতি।

প্ৰায় ১১৬ বছৰৰ পিছত ২০১৭ চনৰ ১ জুনত কটন কলেজ ইতিহাস হ'ল । কটন কলেজ হেৰাই গ'ল । কটন কলেজ কটন বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ল । এই ঐতিহাসিক মৰ্যদা সম্পন্ন কটন কলেজকলৈ মানুহৰ আগ্ৰহ,আন্তৰিকতা এতিয়াও অন্ত হোৱা নাই ।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে আৰম্ভ কৰিছিল কা বিৰোধী আন্দোলন । ৰাজপথত আন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছত্ৰীক একত্ৰিত কৰি বাহিৰ কাৰ মিছিলেই পৰবৰ্তী সময়ত কা আন্দোলনৰ প্ৰেক্ষাপট ৰচনা কৰিছিল । অৱশ্যে এই ভালকাম বোৰৰ মাজতো কটনৰ একাংশ ছাত্ৰৰ অনাকাংক্ষিত কৰ্মকাণ্ডই বাতৰিৰ শিৰোনাম দখল কৰে ।

ফলাফল ঘোছণাৰ সময়ত কটনৰ ফলাফল নিমন্নগামী হোৱা বুলিও আলোচনা চলে । পুনৰবাৰ সৰস্বতী পূজা ১৬ ফেব্ৰুৱাৰী ২০২১ত কটনৰ একাংশ ছাত্ৰৰ কৰ্মই এই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান খনৰ গৰিমাত কালিমা সানিলে ।

অভিযোগ মতে , সৰস্বতী পূজা অনুষ্ঠিত কৰাৰ দিনাই কেইজন মান কটনৰ ছাত্ৰই পানী বটল বিচৰাক কেন্দ্ৰ কৰি কটনৰ সমীপৰ ফুটপাথত থকা এখন ৰেষ্টুৰেন্টত আক্ৰনন চলালে । এক প্ৰকাৰৰ গুণ্ডামী । কি পৰিস্থিতিত এই কাণ্ড সংঘটিত হ'ল সেয়া তদন্তৰ বিষয় । আৰক্ষীয়ে ইতিমধ্যে পানবজাৰ থানাত ৯৫/২১ নম্বৰ গোচৰ ৰুজু কৰি এজন কটনৰ ছাত্ৰক আটক কৰিছে ।

আটক কৰা ছাত্ৰ জনৰ নাম দ্বীপ জ্যোতি বৰ্মন । এই আক্ৰমনৰ ঘটনাত সীতানাথ ব্ৰহ্ম চৌধুৰী হোষ্টেলত থকা কেইজনমান কটনীয়ান জড়িত বুলি অভিযোগ উঠিছে । প্ৰত্যক্ষ দৰ্শীয়ে কোৱা মতে হাতে হাতে লোহাৰ ৰ'দ লৈ এই দলটোৱে আক্ৰমন চলাইছে । এই ঘটনাত ফাষ্টফুড ৰেষ্টুৰেন্ট খনৰ স্বত্বাধিকাৰী সমীৰ আহমেদ গুৰুতৰ ভাবে আহত হৈছে । আক্ৰমনৰ বলি হৈছে কেইবাজনো কৰ্মচাৰী ।

হিন্দীত কথা পতা বাবে এই আক্ৰমন চলিছিল বুলি চৰ্চা হৈছে । কিয়নো বিহি ৰাজ্যৰ এই কৰ্মচাৰী কেইজনে অসমীয়া কৰিয় নাজানে বুলি ইচ্যু কৰি আক্ৰমন কৰা বুলিও কোৱা হৈছে অভিযোগত ।কটনৰ ছাত্ৰ ছাত্ৰীৰ পৰা এনে ব্যৱহাৰ আশা কৰা নাযায় । কটন সদায় পৃথক । গুণ্ডাগিৰিৰ বাবে কটন বিখ্যাত নহয় ।কটনৰ ঐতিহ্য আৰু মৰ্যদা ধাৰাবাহিকতা ৰক্ষা কৰাৰ দায়িত্ব নতুন প্ৰজন্মৰ কটনত অধ্যয় কৰা ছাত্ৰ ছাত্ৰী সকলোৰো আছে ।

এনে খবৰো বিয়পিছে যে সুৰাপানৰ বাবে পানী নিদিয়া বাবে এই সংঘাতৰ সূত্ৰপাত হৈছিল । পূৰ্বতেও অনৰূপ ঘটনাই কটনৰ গৰিমাত আঘাত সানিছে । এই কথা কটনৰ বৰ্তমান অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী সকলে মনত ৰখা ভাল । কেইজনমানৰ বাবে কটনৰ বদনাম হোৱাটো কোনেও আশা নকৰে ।

কটনিয়ান সকলে কটনৰ পৰা যোৱাৰ পিছতো একে দায়বদ্ধতাৰে কাম কৰে । সেয়েহে কটনিয়ান বুলি ক'লে এক বিশেষ ধাৰনা জন্ম হয় । সেই সন্মান আৰু মৰ্যাদাবোধত এনে সৰু সৰু ঘটনাই আঘাট সানিলে ব্যথিত হয় জ্যেষ্ঠ কটনিয়ান সকল । কটনিয়ান বা কটনৰ পতন কোনেও নিবিচাৰে । কটন কটনেই হৈ থাকক । কটন মানেই ৰতন( ৰত্ন ) সেই ধাৰনা সলনি হ'বলৈ দিয়া উচিত নহয় । কটনৰ পৰিয়ালেও কথাটো হৃদয়ংগম কৰক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in