২৪৯২ চনলৈকে মুখ্যমন্ত্ৰী হৈ থাকিব লাগিব সোণোৱাল ! – কিন্তু কিয় ?…

২৪৯২ চনলৈকে মুখ্যমন্ত্ৰী হৈ থাকিব লাগিব সোণোৱাল ! – কিন্তু কিয় ?…

মৃদুল কুমাৰ সন্দিকৈ

২০১৬ চনত অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰকাশ কৰা নিৰ্বাচন ইস্তাহাৰ খনৰ শিৰোনাম আছিল " Assam Vision Document 2016- 2025" । অসম দৃষ্টি পত্ৰ ২০১৬-২৫ ত বিজেপিয়ে বহু কেইটা প্ৰতিশ্ৰুতি দিছিল । এই প্ৰতিশ্ৰুতি সমূহ বৰ্তমানৰ চৰকাৰে পূৰণ কৰিব পাৰিলে নে?

ৰাইজৰ দলে ২২ জানুৱাৰী ২০২১ত বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি শীৰ্ষক এক সমীক্ষা প্ৰকাশ কৰিছিল । এই সমীক্ষাত শাসকীয় বিজেপিয়ে অসমৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি সমূহ কিদৰে পালন কৰিলে তাৰ এক বাস্তৱ প্ৰতিচ্ছবি দাঙি ধৰিছে ।

এই সমীক্ষা প্ৰস্তুত কৰিছে বৰ্তমান কাৰাগাৰত বন্দী হৈ থকা কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । তেওঁ সম্পাদনা কৰা এই সমীক্ষাত উল্লেখ থকা মতে বিজেপিয়ে অসম দৃষ্টিপত্ৰ ২০১৬-২৫ খন বাস্তৱত ৰূপায়ন হৈছে নে নাই সেই সন্দৰ্ভত কেইবাটাও পদ্ধতিৰে এই পৰ্যালোচনা কৰিছে ।

তাৰ ভিতৰত চৰকাৰী দলিল পৰীক্ষা কৰা,চৰকাৰী বিজ্ঞাপন পৰীক্ষা কৰা আৰু তথ্য জনাৰ অধিকাৰ আইনত আবেদন কৰি প্ৰতিশ্ৰুতি সমূহৰ কাৰ্যকাৰী কৰনৰ সত্যতা নিৰূপন কৰিছিল । যোৱা ৫টা বছৰত এই সমীক্ষাত উল্লেখ থকা মতে বিজেপিয়ে তেওঁলোকৰ অসম দৃষ্টিপত্ৰ ২০১৬-২৫ ত মুঠ ৪৭৬ টা প্ৰতিশ্ৰুতি দিছিল ।

দহটা বছৰত কৰিবলগা কামৰ প্ৰতিশ্ৰুতি এইদৰে ভিজন ডকুমেন্টৰ জৰিয়তে প্ৰকাশ কৰা দলটোৱে শাসনলৈ আহি পাছটা বছৰত মাত্ৰ ৫টা কামহে সম্পূৰ্ণ কৰিলে । সেই অনুসৰি ভজন ডকুমেন্টৰ প্ৰতিশ্ৰুতিৰ পূৰ্ণ পৰ্যায়ত প্ৰতিবছৰে এটাকৈ পূৰণ কৰিলে দলটোৱে ।

ইয়াৰ উপৰিও ৪৬টা প্ৰতিশ্ৰুতি তেওঁলোকে আংশিক ভাবে পূৰণ কৰাৰ কথা উল্লেখ কৰা হৈছে । সেই হিচাপত ৪৭৬ টা প্ৰতিশ্ৰুতিৰ ভিতৰত ৪২৫ টা প্ৰতিশ্ৰুতিয়ে বিজেপিয়ে এই সমীক্ষা প্ৰকাশ পোৱালৈকে পূৰণ কৰা নাই ।

শাসকীয় দলটোৱে ১৭ টা প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত বিপৰীত স্থিতি গ্ৰহন কৰা বুলিও কোৱা হৈছে । ২০১৬-২৫ ৰ বাবে দিয়া প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰিবলৈ দলটোক প্ৰয়োজন হ'ব প্ৰায় ৪৭১ বছৰ । অৰ্থাৎ এই হাৰত ভিজন ডকুমেন্টৰ প্ৰতিশ্ৰুতি বিজেপিয়ে পূৰণ কৰিবলৈ তেওঁলোকক প্ৰয়োজন হ'ব ৪৭১ বছৰ ।

গানিতিক ভাবে এতিয়াৰ পৰা এই হাৰত ২৪৯২ চনলৈকে বিজেপি শাসনত থাকিলেহে ১৬ত দিয়া প্ৰতিশ্ৰুতি সমূহ পূৰণ হ'ব । বিজেপিয়ে একেবাৰে পূৰণ নকৰা প্ৰতিশ্ৰুতিৰ শতকৰা হাৰ ৮৯.০২ শতাংশ । আনহাতে প্ৰতিশ্ৰুতিৰ বিপৰীত স্থিতি লোৱাৰ শতকৰা হাৰ ৩.৫৭ শতাংশ ।

বিজেপিয়ে এই ইস্তাহাৰত ৰাষ্ট্ৰীয় নিৰাপত্তা, অৰ্থনৈতিক উন্নয়ন, আন্তগাথনি উন্নয়ন, মানৱ সম্পদ উন্নয়ন,বহনক্ষম উন্নয়ন, সামাজিক ন্যায়, কৃষি উন্নয়ন, সুশাসন আদি বিষয়ত এই প্ৰতিশ্ৰুতি সমূহ আগবঢ়াইছিল । অসমৰ বিদ্ৰোহী সমস্যা সমাধান,অসম চুক্তি আৰু অনুপ্ৰৱেশ সমস্যা সমাধান, নিয়োগ সৃষ্টি,স্থানীয় ভাষা আৰু সংস্কৃতিৰ উন্নয়ন, ধৰ্মীয় সংখ্যালঘুৰ উন্নয়ন, কৃষি খণ্ডৰ উন্নয়ন, ভুমি সংস্কাৰৰ আদি দিশত এই প্ৰতিশ্ৰুতি সমূহ দিছিল ।

ব্ৰহ্মপুত্ৰ উপত্যাকাৰ ৯৬ শতাংশ কৃষি ভুমিত জলসিঞ্চনৰ ব্যৱস্তা নথকাৰ কথা,ৰাজ্যত এক কোটিতকৈ অধিক দৰিদ্ৰ জনসংখ্যা, প্ৰসুতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, ২৩ লাখ শিক্ষিত যুৱক যুৱতীৰ কৰ্মহীনতাৰ কথা চাহ বাগিছা সমূহৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ প্ৰতিশ্ৰুতি দিছিল ।

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ শিতানত মুঠ সাতটা প্ৰতিশ্ৰুতিৰ ভিতৰত সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদৰ নিৰ্যাতনৰ বলি হোৱা পৰিয়ালৰ দায়িত্ব বিজেপিয়ে লোৱা নাই । অসম চুক্তিৰ অনুপ্ৰবেশৰ সন্দৰ্ভত যি ১১ টা প্ৰতিশ্ৰুতি দিছিল তাৰ ভিতৰত অসম চুক্তি আখৰে আখৰে ৰূপায়ন কৰাৰ সলনি দলটোৱে এই চুক্তিক অৱমাননা কৰাহে দেখা পোৱা গৈছে । যি কথা এই সমীক্ষাত্মক প্ৰতিবেদনত উল্লেখ আছে ।

এই প্ৰতিবেদনৰ সমীক্ষক ৰূপে আছে কৃষক মুক্তি সংগ্ৰাম সমিতি । অৰ্থনৈতিক উন্নয়ন আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত ১০০ টা বিপিঅ' স্থাপনৰ প্ৰতিশ্ৰুতি বিজেপিয়ে অসম দৃষ্টিপত্ৰত দিছিল । কিন্তু এই সমীক্ষাৰ মতে তেনে কোনো বিপিঅ' চৰকাৰে স্থাপন কৰা নাই ।

৩০ খন নতুন ঔদ্যোগিক কাৰিকৰী প্ৰতিষ্ঠান স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে । দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত সমাজৰ পিছপৰা শ্ৰেণীটোক প্ৰত্যক্ষ সাহায্য দিবলৈ গুজৰাট চৰকাৰৰ আৰ্হিত গৰীৱ কল্যান মেলা দৰে ব্যক্তিগত সাহায্য আঁচনি ৰূপায়ন কৰা নহ'ল ।

যুৱ উন্নয়নৰ দিশটো ৫ টা প্ৰতিশ্ৰুতিৰ বিজেপিয়ে পূৰণ কৰিব পৰা নাই । বৰাক উপত্যাকা উন্নয়নৰ বাবে যি ১২ টা প্ৰতিশ্ৰুতি দিছিল সেইবোৰো প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল । শিলচৰত এটা সঞ্চালকালয়ৰ শাখা,বৰাক ব'ৰ্ড গঠন, সুচল যোগাযোগৰ বাবে বৰাক নদীৰ ওপৰত ৫ খন দলং নিৰ্মান, কৰিমগঞ্জত নতুন চিকিৎসা মহাবিদ্যালয়,কৃষি মহাবিদ্যালয় স্থাপন কৰা হোৱা নাই ।

আন্তগাথনি উন্নয়নৰ প্ৰতিশ্ৰুতি সমূহো প্ৰায় অসম্পূৰ্ণ হৈ ৰৈছে । প্ৰধান জিলা সদৰ সমূহৰ বিমান বন্দৰ নিৰ্মান কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে । অসমক বিদ্যুৎ ৰাহি ৰাজ্য হিচাৰে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিও মিছা হৈয়ে ৰ'ল । নদী বান্ধৰ ক্ষেত্ৰত অৰুনাচল আৰু ইয়াৰ আশে পাশে নিৰ্মান কৰা বৃহৎ নদীবান্ধৰ বাবে বিশেষজ্ঞ কমিটিৰ পৰামৰ্শ বিবেচনা কৰাৰো প্ৰতিশ্ৰুতি দিছিল ।

স্থানীয় ভাষা সংস্কৃতি উন্নয়নৰ বাবে বিজেপিয়ে ভ্ৰাম্যমান নাট্য দলৰ বাবে স্বতন্ত্ৰ প্ৰধিকৰণ গঠন, ভাৰতৰ নিৰ্বাচিত বিশ্ববিদ্যালয়ত অসম অধ্যয়ন কেন্দ্ৰ স্থাপন, সাহিত্য কলা, চিনেমা, নাটক, ক্ৰীড়া, সামাজিক কৰ্ম,সাংবাদিকতাৰ বাবে আসম ভূষন সন্মান প্ৰদান, বাৰ্ষিক সমাৰোহ আয়োজন, সত্ৰীয়া সংস্কৃতিৰ বিদ্যালয়ত সত্ৰীয়া নৃত্যক সংৰক্ষন আৰু উৎসাহিত কৰা, নতুন শিল্পী পেঞ্চন যোজনাৰ আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।

প্ৰায়বোৰ প্ৰতিশ্ৰুতিয়ে এতিয়া পূৰণ কৰা নাই বিজেপিয়ে । বিত্তীয় উৎস সন্দৰ্ভতো ৯ টা প্ৰতিশ্ৰুতি দিছিল এই শাসকীয় দলটোৱে । বিজেপিৰ মিথ্যাচাৰ তথ্য নিষ্ঠ ভাবে এই সমীক্ষাত দাঙি ধৰা হৈছে । এই সমীক্ষাত্মক প্ৰতিবেদন অধ্যয়ন কৰিলে ৫ বছৰ পূৰ্বে দলটোৱে দিয়া প্ৰতিশ্ৰুতি আৰু ৫ বছৰত হোৱা এই প্ৰতিশ্ৰুতি ৰূপায়নৰ বাস্তৱ ছবি খন স্পষ্ট হৈ পৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in