সাবধান : নিৰ্বাচনী প্ৰচাৰত নাই,বিহুলৈহে আহিব কোৰোনা…

সাবধান : নিৰ্বাচনী প্ৰচাৰত নাই,বিহুলৈহে আহিব কোৰোনা…

দীপজ্যোতি শৰ্মা

দেশত দ্ৰুত হাৰত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমন । এই সংক্ৰমন ৰোধ কৰিবলৈ ৰাজ্য সমূহেও বিভিন্ন ধৰনৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহন কৰিছে । চলি আছে কোভিড প্ৰতিষেধক প্ৰদানৰ লগতে এন্টিজেন টেষ্টৰ অভিযান । ভেকচিনৰ নাটনিয়ে এই অভিযানত প্ৰায় বোৰ ৰাজ্যতে সমস্যাৰ সৃষ্টি কৰিছে । স্বাস্থ্য বিভাগৰ মতে পৰ্যাপ্ত প্ৰতিষেধক লাভ কৰিবলৈ আৰু কিছু দিনৰ প্ৰয়োজন হ'ব ।

অপেক্ষা কৰিব লগা এই সময়ত প্ৰতিৰোধ মূলক আন পদক্ষেপ সমূহ কেনেকৈ ল'ব পাৰি তাৰ ওপৰতো চলিছে বিভিন্ন পৰীক্ষা-নিৰীক্ষা । যাৰ বাবে উৎসৱ-পাৰ্বন,কাৰ্যালয় ,বিদ্যালয় আদিত সামাজিক দুৰত্ব বৰ্তাই চলাতো নিশ্চিত কৰিবলৈ আৰোপ কৰা হৈছে বিভিন্ন বাধা নিষেধ ।

ইফালে আকৌ নিৰ্বাচনী বতৰত । ভালেকেইখন ৰাজ্যত চৰকাৰৰ মুৰব্বী সকলে অগণন জনতাৰ সমাবেশত নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ সংক্ৰমন বৃদ্ধিত পৰোক্ষ ভাবে বৰঙনি আগবঢ়াইছে । কিন্তু মেকুৰীৰ ডিঙিত টিলিঙা আৰে কোনে ? সেয়ে তাক লৈ প্ৰতিবাদ হোৱা নাই । কিন্তু একে চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষৰ কৃষক সমাজে পালন কৰা কৃষি উৎসৱ বৈশাগু আৰু অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আনন্দৰ উচাহত চেঁচা পানী ঢালি আৰোপ কৰা বিভিন্ন নীতি নিৰ্দেশনাৰ বিৰুদ্ধে গৰ্জি উঠিছে বিহু উৎসৱৰ আয়োজক সকল  ।  

ইফালে যিখন ৰাজ্যত মন্ত্ৰীয়ে মাস্ক খুলি পেলাওক অসমত কোৰোনা নাই বুলি কয় সেই একেখন ৰাজ্যৰ প্ৰশাসনে বিহু উদযাপন সমিতি সমূহক বান্ধি দিছে বিভিন্ন ধৰনৰ নীতি নিয়ম ।প্ৰশাসনে বিহু উদযাপন সমিতি সমূহক বান্ধি দিয়া নীতি নিয়ম সমূহৰ হ'ল- উদ্যোক্তা সমূহে বিহুৰ অনুষ্ঠিত হোৱাৰ তিনিদিন পূৰ্বে কোভিড টেষ্ট কৰিব লাগিব । বিহু অনুষ্ঠানত দুবাৰকৈ ছেনিটাইজ কৰিব লাগিব ।কেইবাখনো প্ৰবেশ আৰু প্ৰস্থান দ্বাৰ ৰাখি নিৰ্ধাৰিত চৌহদৰৰ ভিতৰতহে বিহু পাতিব পাৰিব । সমাজিক দুৰত্ব মানি চকীৰ ব্যৱস্থা কৰাৰ লগতে ১১ বজাৰ পূৰ্বে সমৰিব লাগিব বহুৰ অনুষ্ঠান । অথচ সকলোৱে এই কথা জানে যে বিহুৰ ক্ষেত্ৰত এনে বাধ্য বাধকতা বাধা নিষেধ মানি বিহুৰ নৃত্য গীতৰ অনুষ্ঠান অনুষ্ঠিত কৰাটো সম্ভৱ নহয় ।

কিয়নো  বিহু অনুষ্ঠান বন্ধ চৌহদত অনুষ্ঠিত কৰি দৰ্শকৰ বাবে প্ৰবেশ পত্ৰ দিয়াটো সম্ভৱ পৰা নহয় । য়োৱাবেলি কোৰোনাৰ বাবে বিহু পাতিব নোৱাৰা ৰাইজক দুদিন আগলৈকে নিৰ্বাচনৰ নামত হাজাৰ হাজাৰ লোকৰ ৰেলী পাতিবলৈ অনুমতি দি থকা প্ৰশাসনে আজি হঠাৎ বিহুক এনেদৰে নাকী লগাবলৈ চেষ্টা কৰা কথাই ৰাইজক ক্ষুব্ধ কৰি তোলাতোৱেই স্বাভাবিক ।

তাতেই ৰঙালী বিহু কেবল গণ সমাবেশ বা নাচ গানৰ অনুষ্ঠান নহয় । কৃষিজীৱী অসমীয়াৰ অতিকৈ অপোন এই উৎসৱৰ সৈতে পশুধন মানুহ সকলোকে বেমাৰৰ পৰা মুক্ত কৰি ৰখাৰ প্ৰাকৃতিক পদক্ষেপ সমূহো জড়িত হৈ থাকে । এই ক্ষেত্ৰত কেইটামান উদাহৰনেই যথেষ্ট । যেনে – গৰু বিহুৰ দিনা পশুধনক তেল,মাহ,হালধিৰে নোৱাই খুৰা,শিঙ, গলধনত তেল মালিচ কৰি নোৱাই-ধুৱাই পথাৰলৈ নিয়াৰ পিছতহে গৃহস্থই চাহ-জলপান গ্ৰহন কৰে ।

আনহাতে সন্ধিয়া ঘৰলৈ ঘূৰাই অনা পশুধনৰ বাবেই এমাহ আগৰ পৰাই তৰা গছৰ আঁহ মিহলি কৰি বতা মৰাপাটৰ পঘা,গলজৰী, নাকি আদিত দহিকটা,দুৱৰী,চাউল আদি লগোৱা হয় । নসাঁজ পিন্ধাই গোহালীলৈ নিয়াৰ বাটত ধান খেৰ,লাইজাবৰি লগতে বিভিন্ন বনৌষধি মিহলোৱা জগ দিয়াৰ কথা অসমৰ কৃষকক ক'বই নালাগে।

গৰু বিহুৰ বাবে সাজু কৰি থোৱা লাও,বেঙেনা

জাগ দিয়া ধোৱাৰ মাজেৰেই পাৰ কৰি নিয়া গৰুক নতুন গামোছাৰে ঢকা বিছনীৰ বা দিয়াৰ উপৰি বিভিন্ন উপকৰণ মিহলী কেঁচা পিঠাগুৰিৰ পিঠা খুওৱা হয় । তাৰ উপৰি মাখিয়তি,দিঘলতি আদিৰে সৰ্ব শৰীৰত কোব দি খেতিৰ বতৰৰ আগে আগে পশুধন যাতে ৰোগমুক্ত হৈ থাকে তাৰ বাবে প্ৰাকৃতিক প্ৰতিষেধক ব্যৱস্থা গ্ৰহন কৰা হয়  ।

দিনৰ ভাগত নোৱাই ধুৱাই থকাৰ মাজতে চাটবাৰীৰ ঠাৰিত ভৰাই লোৱা বৰ থেকেৰা,হালধী,বৰ বেঙেনা,পানীলাওঁ চটিয়াই ৰোগ ব্যধি দূৰ কৰাৰ লগতে ডাঙৰ হোৱাৰ কামনা কৰি গীত গোৱা হয়।এই গীতত কোৱা হয় –

দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত।
মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু।
লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।

কেবল পশুৰ বাবেই নহয় । ৰঙালী বিহুৰ প্ৰথমটো দিন যিদৰে গৰু বিহু দ্বিতীয়টো দিন মানুহ বিহুত সকলোৱেই তেল,মাহ,হালধি সানি গা ধোৱাটো ৰোগ প্ৰতিৰোধ মূলক এক ঐতিহ্য মূলক পৰম্পৰা ।ইফালে আগনিশাই গাওঁৰ জিয়ৰী বোৱাৰিয়ে জেতুকা পাত পিহি ( আজিৰ দিনত মেহেন্দী )হাত ভৰিৰ নখ,আঙুলীৰ গাঠি,ভৰিৰ পতা আদিত লগাই নখ আদিৰ ৰোগ প্ৰতিৰোধৰ লগতে সৌন্দৰ্য্য চৰ্চাৰো এক পৰম্পৰাগত ব্যৱস্থা ইয়াত সন্নিবিষ্ট হৈ থাকে ।

মাখিয়তী

ইফালে দিনৰ ভাগত নামঘৰত ৰাইজে পঞ্জিকা মেলি বৰ্ষফল গননা কৰাৰ উপৰি নাম প্ৰসংগৰে গোটেই বছৰটোৰ মংগল কামনা কৰে । সন্ধিয়া প্ৰতিঘৰৰ গৃহস্থৰ চোতাললৈ হুচৰি গাই আশীৰ্বাদ প্ৰদান কৰে । এনে জাতিটোক কোৰোনাৰ নামত প্ৰশাসনে বেমাৰৰ প্ৰতিশেধক ব্যৱস্থা সন্দৰ্ভত অদ্ভুদ,উদ্ভট নীতি নিৰ্দেশনা প্ৰদান কৰি বাধা নিষেধৰ মাজত বলপূৰ্বক আবদ্ধ কৰিবলৈ গ'লে হিতে বিপৰীত হোৱাৰহে আশংকা আছে ।

মন্ত্ৰীয়ে কয় এটা,প্ৰশাসনে কয় আন এটা । বেংগলত অগনন লোকৰ সমাবেশ । সবাবেশত বাধা নিষেধ নাই । কাৰন তাত নিৰ্বাচন আছে । অসমত নিৰ্বাচন শেষ হ'ল সেয়ে এতিয়া অসমীয়াই  কোৰোনাৰ বাধা নিষেধৰ বাবে বিহু পালিব নোৱাৰে । এই কথা ৰাইজে মানিবই বা কি যুক্তিৰে ।

ইয়াৰ অৰ্থ এইটোও নহয় যে কোৰোনাই যি ৰূপ লয় লওক আমি বিহু পালিমেই । অসমৰ ৰাইজে বিহুও পালিব ।কোৰোনাই নহয় আন আন ৰোগ সংক্ৰমনৰ প্ৰতিৰোধৰো পদক্ষেপও বিভিন্ন সময়ত গ্ৰহন কৰি আছে আৰু কৰি যাব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in