২০২১ৰ নিৰ্বাচন : গছৰ মূঢ়াক উঠালেও জিকিব হেনো বিজেপি !…

২০২১ৰ নিৰ্বাচন : গছৰ মূঢ়াক উঠালেও জিকিব হেনো বিজেপি !…

মৃদুল কুমাৰ সন্দিকৈ

পদূলি মুখত অসম বিধান সভাৰ নিৰ্বাচন । আনুষ্ঠানিক ভাবে ৰাজ্য খনৰ নিৰ্বাচনৰ দিন ঘোষনা নকৰিলেও ২০২১ৰ এপ্ৰিলৰ প্ৰথম সপ্তাহতে অসমত নিৰ্বাচন অনুষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত । বহাগ বিহুৰ পূৰ্বে অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ৰাজ্যৰ ৰাজনৈতিক দল সমূহেও ককালত টঙালী বান্ধিছে ।

পূৰ্বৰ দৰেই এইবাৰো শক্তিশালী ৰূপত শাসক বিৰোধীৰ মাজত ২০২১ৰ নিৰ্বাচনী যুঁজ অনুষ্ঠিত হ'ব । দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই অসম ভ্ৰমণ কৰি ৰাজ্যৰ আইন শৃখলা জনিত পৰিস্থিতিৰো বুজ লৈছে ।

আৰক্ষী আৰু প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ সৈতে আলোচনা কৰাৰ লগতে ৰাজনৈতিক দল সমূহৰ নেতৃত্বৰো মতামত গ্ৰহন কৰিছে । এইবাৰ কোভিডৰ বাবে বহু নীতি নিয়মৰ মাজেৰে আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰিব । আয়োগে ৰাজ্য খনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা,উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, বিহু আদি দিশ সমূহো গুৰুত্ব দিব লগা হৈছে ।

পূৰ্বৰ তুলনাত এইবাৰ কোভিডৰ বাবে সহস্ৰাধিক ভোটাৰ থকা ভোটগ্ৰহন কেন্দ্ৰ সমূহত নতুন ভোট গ্ৰহন কেন্দ্ৰ স্থাপন কৰাৰৰ ইংগিতো দিছে আয়োগে । দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীয়ে অসমলৈ আহি পৰিস্থিতি বুজ লৈ ৰাজ্যৰ আইন শৃংখলা জনিত পৰিস্থিতিকলৈ সন্তুষ্টি ব্যক্ত কৰে ।

পূৰ্বতকৈ এইবাৰ ভোটদানৰ সময় এঘন্টা বৃদ্ধি হ'ব । ইফালে এন আৰ চি প্ৰসংগটো এই বাৰ ভোটগ্ৰহনৰ সময়ত আন এক চৰ্চাৰ বিষয় হ'ব বুলি ভবা হৈছিল । এনআৰচিৰ নাম নাথাকিলে ভোট দিব পাৰিবনে নাই এই সন্দৰ্ভত স্থিতি ষ্পষ্ট কৰিছে ।

এআৰচিত নাম নাথাকিলেও ভোটাৰ তালিকাত নাম থকা সকলে ভোটদান কৰিব পাৰিব । ইতিমধ্যে ১৮ জানুৱাৰী ২০২১ত ৰাজ্যৰ চুড়ান্ত ভোটাৰ তালিকা সমূহ প্ৰকাশ কৰা হৈছে । ভোটগ্ৰহন কেন্দ্ৰ সমূহত কোৱা পানীৰ ব্যৱস্থা আৰু আনলাইন পদ্ধতিৰে প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পৰাৰ ব্যৱস্থা থাকিব ।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৫ জন সমৰ্থক সহ প্ৰাৰ্থী সকলে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাব পাৰিব । ৰোড শ্ব'ৰ ক্ষেত্ৰত অৱশ্যে কোনো বাধ্য বাধকতা নাথাকিব । অসম বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগৰ এই তৎপৰতাৰ বিপৰীতে ৰাজনৈতিক দল সমূহৰ মাজতো নিৰ্বাচনী প্ৰস্তুতি তুংগত উঠিছে ।

২০০১ চনৰ অসম বিধানসভা নিৰ্বাচনত কোন দলে কিমান আসন আৰু শতকৰা হাৰত কিমান ভোট লাভ কৰিছিল

২০০১ চনত কংগ্ৰেছে ৭০ খন আসন লাভ কৰি ক্ষমতালৈ আহিছিল । অসম বিধান সভাৰ ১২৬ খন আসনৰ ভিতৰত অসম গণ পৰিষদে সেইবাৰ ২০ খন আৰু বিজেপিয়ে ৮ খন আসন লাভ কৰিছিল । এই নিৰ্বাচনত কংগ্ৰেছে শতকৰা হাৰত ৩৯.৭৫ শতাংশ,অসম গণ পৰিষদে ২০.১০ শতাংশ, বিজেপিয়ে ৯.৩০ শতাংশ বোট লাভ কৰিছিল ।

২০০৬ চনৰ নিৰ্বাচনত কংগ্ৰেছে ৫৩ খন আসন, অগপই ২৪ খন আসন, বিজেপিয়ে ১০ খন আসন লাভ কৰে । সেই নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলে লাভ কৰা ভোটৰ শতকৰা হাৰ আছিল এনে ধৰনৰ – কংগ্ৰেছ ৩১ শতাংশ, অগপ ২০.৩৯ শতাংশ আৰু বিজেপি ১১.০৯ শতাংশ ।

২০০৬ চনৰ অসম বিধানসভা নিৰ্বাচন ৩১ শতাংশ ভোট লাভ কৰিছিল কংগ্ৰেছে

২০১১ চনৰ নিৰ্বাচনত কংগ্ৰেছে ৭৮ খন আসন,অগপই ১০ খন আসন, বিজেপিয়ে ৫ খন আসন আৰু এআইইউডিএফে ১৮ খন আসন লাভ কৰে । সেইবাৰ নিৰ্বাচনত কংগ্ৰেছে ৩৯,৩৯ শতাংশ , অগপই ১৬.৩০ শতাংশ,বিজেপিয়ে ১১.৫০ শতাংশ আৰু এআইইউডিএফে ১২.৬০ শতাংশ ভোট লাভ কৰিছিল ।

২০১৬ চনত ৪ আৰু ১১ এপ্ৰিলত মুঠ দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল । এই নিৰ্বাচনত বিজেপিয়ে ৬০ খন, অসম গন পৰিষদে ১৪ খন, বিপিএফে ১২ খন,কংগ্ৰেছ ২৬ খন, এআইইউডিএফে ১৩ খন আসন লাভ কৰিছিল । ভোটৰ শতকৰা হাৰ হিচাপত বিজেপিয়ে ২৯.০৫ শতাংশ অগপ ৮.১ শতাংশ,বিপিএফ ৩.৯ শতাংশ, কংগ্ৰেছ ৩০.৯ শতাংশ আৰু এআইইউডিএফে ১৩ শতাংশ ভোট লাভ কৰিছিল ।

২০১১ চনত অসম বিধান সভা নিৰ্বাচনত মাত্ৰ ৫ খন আসনহে পাইছিল বিজেপি

যোৱা চাৰিটা বছৰৰ নিৰ্বাচনৰ ফলাফল আৰু ২০২১ চনৰ নিৰ্বাচনৰ ফলাফলৰ মাজত যথেষ্ট পাৰ্থক্য থাকিব । পূৰ্বৰ চাৰিটা নিৰ্বাচনতে কংগ্ৰেছে শতকৰা হাৰত বেছি ভোট লাভ কৰিছিল । বিজেপিয়ে ২০১১ চনৰ ৫ খন আসনৰ পৰা ২০১৬ চনত অকলেই ৬০ খন আসন লাভ কৰিছিল ।

অগপই ২৪ খন আসনত প্ৰতিদন্দিতা কৰি ১৪ খন আসনত জয় সাব্যস্ত কৰে । এই নিৰ্বাচনত মুঠ ১৬৯১৯৩৬৪ টা ভোটদান হৈছিল । ইয়াৰ ভিতৰত বিজেপিয়ে সৰ্বমুঠ ৪,৯৯২,১৮৫ টা ভোট, কংগ্ৰেছে ৫,২৩৮,৬৫৫ টা ভোট, অগপই ১,৩৭৭,৪৮২ টা ভোট, বিপিএফে ৬৬৬,০৫৭ টা ভোট আৰু এআইইউডিএফে ২,২০৭,৯৪৫ টা ভোট লাভ কৰিছিল ।

২০১৬ চনৰ অসম বিধান সভা নিৰ্বাচনত আসন কম পালেও শতকাৰা হাৰত বিজেপিতকৈ বেছি ভোট লাভ কৰিছিল কংগ্ৰেছে

২০২১ চনত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে এই নিৰ্বাচন প্ৰতিদন্দিতা কৰিব । কংগ্ৰেছে ইতিমধ্যে মহাজোঁটৰ ঘোষনাও কৰিছে । বিজেপিক শাসনৰ পৰা ওফৰোৱাৰ বাবে কংগ্ৰেছ,এআইইউডিএফে,চিপিআই, চিপি(এম), চিপিআই(এম- এল), আৰু আঞ্চলিক গন মৰ্চা একলগ হৈছে। ইযাৰ প্ৰভাৱ কিদৰে পৰে সেয়া লক্ষ্যনীয় হ'ব ।

ৰাজনীতিত অসম্ভৱ একো নহয় । কিন্তু বৰ্তমান ৰাজ্যত বিজেপিৰ সপক্ষে ৰাজনৈতিক বতাহ বলিছে যদিও কংগ্ৰেছৰ মিত্ৰজোঁটৰ সন্দৰ্ভত বিজেপি ৰাজ্যিক নেতৃত্বই কৰা মন্তব্য মন কৰিব লগা । ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত ২০ জানুৱাৰী ২০২১ত ক'লে তেওঁৰ সমষ্টি সৰভোগত গছৰ মূঢ়া নিৰ্বাচনত প্ৰতিদন্দিতা কৰিলেও জিকিব ।

বিজেপি নেতৃত্বৰ এনে দম্ভ আৰু আহংকাৰৰ বিপৰীতে কিন্তু বিজেপি বিৰোধী জাতীয় চেতনাৰে সমৃদ্ধ এক শ্ৰেণীৰ ভোটাৰে বিকল্পৰ সন্ধান কৰি আছে । সেই ভোটাৰক সুসংগঠিত কৰিব পাৰিলে ভৱাৰ দৰেই বিজেপিৰ বাবে ২০২১ৰ নিৰ্বাচন সহজ নহ'ব । তেওঁলোকৰ কাষৰ পৰা বিপিএফৰ প্ৰস্থান, অগপৰ দুৰ্বল স্থিতি, দুই আঞ্চলিক শক্তিৰ উত্থান বিজেপিৰ বাবে প্ৰত্যাহ্বান নোহোৱাকৈ নাথাকে এই নিৰ্বাচনত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in