জনতাৰ মনৰ পৰা মচিব পাৰিব জানো এই ছবি…

জনতাৰ মনৰ পৰা মচিব পাৰিব জানো এই ছবি…

মৃদুল কুমাৰ সন্দিকৈ

অপৰাধ এখন ছবি । চিত্ৰকৰৰ এখন ছবিৰ প্ৰতিবাদ লৈ ভয় এই চৰকাৰৰ । এজন মানুহৰ ছবি আঁকিছিল এই শিল্পীগৰাকীয়ে । কেইবাজনো আৰক্ষীৰ বেষ্টনীৰ মাজত বজ্ৰ কঠোৰ হাতেৰে এজন সংগ্ৰামী নেতা ।

দীৰ্ঘদিন ধৰি তেওঁক বন্দী কৰি থোৱা হৈছে কাৰাগাৰত । তেওঁৰ বিৰুদ্ধে জাপি দিয়া হৈছিল ইটোৰ পিছত সিটো গোচৰ । কৃষক মুক্তি নেতা অখিল গগৈক অন্যায় ভাবে কাৰাবন্দী কৰি থোৱাৰ বিৰুদ্ধে ওলাই আহিছিল এজন চিত্ৰশিল্পী ।

মহানগৰীৰ বশিষ্ঠৰ সমীপবৰ্তী এখন দেৱালত আঁকিছিল সেই প্ৰতিবাদী ছবি । তাৰ পিছতে আশ্বৰ্যকৰ ঘটনা । ছবিৰ প্ৰতিবাদী ভাষালৈ ভয় কৰা আৰক্ষী বাহিনীয়ে আটক কৰিলেহি ধ্ৰুৱজিৎ শৰ্মা নামৰ চিত্ৰ শিল্পী গৰাকীক । ইয়াতে ক্ষান্ত নাথাকিল আৰক্ষী । অঁকা ছবিখনৰ ওপৰতে সেই শিল্পীজনেকেই বগা ৰং চটিয়াই মোহাৰিবলৈ বাধ্য কৰা হ'ল ।

বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ছাত্ৰ মুক্তিৰ নেতা প্ৰাঞ্জল কলিতা আৰু ৰাহুল নামৰ যুৱক কেইজনকো । এই ফেচিষ্ট চৰকাৰে আৰু কিমান তললৈ নামিব পাৰে । গণতন্ত্ৰত বিশ্বাসী বুলি কোৱা চৰকাৰে ৰাইজৰ টেটু আৰু কিমান চেপিব । কিমান তললৈ যাব দিছপুৰ বাহিনী ।

তাৰ পিছতেই এতিয়া সমগ্ৰ ৰাজ্যজুৰি ধিক্কাৰ জোৱাৰ । অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি অপেক্ষা কৰি থকা সকলৰ গালত আন এক চৰ । কিয় অখিল গগৈৰ সৈতে এনে আচৰন চৰকাৰৰ । তেওঁৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰিব বুলি চৰকাৰক অধিকাৰ কোনে দিলে ।

এই চৰকাৰে শিল্পীৰ প্ৰতিবাদৰ ভাষাক শিল্পী সত্বাক এনেদৰে অপমান কৰাৰ অধিকাৰ ক'ত পালে । চৌদিশে যেন এক অৰাজক পৰিবেশ । চৰকাৰৰ ইচ্ছাৰ বিপৰীতে কোনেও এটা শব্দ কব নোৱাৰা এনে পৰিবেশ ৰচনাৰে চৰকাৰে কি বাৰ্তা দিব বিচাৰিছে ।

চিত্ৰ শিল্পীগৰাকীয়ে ভাবিছিল অখিল গগৈৰ মুক্তিৰ দাবীত ছবিৰেই তেওঁ ৰাজ্যজুৰি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লব । সেই উদ্দেশ্যে তেওঁ গৈ এখন উৰণীয়া সেতুৰ কাষৰ দেৱালত সেই ছবি অংকন কৰিছিল । ছবি অঁকা প্ৰায় সম্পূৰ্ন হৈছিল । তাৰ পিছত হয়তো দিছপুৰৰ ইংগিতত গনতন্ত্ৰক মুল্য দিব নোখোজা আৰক্ষীয়ে সংঘটিত কৰিলে এই কাণ্ড ।

গুৱাহাটী মহানগৰীতে চুৰি ডকাইটি সংঘটিত হয় । ৰাজপথত সাংবাদিকক লাইটৰ পোষ্টত বান্ধি থয় । দিন দুপৰতে মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়ে । সাধাৰণ অপৰাধীৰ সন্ধান দিব নোৱাৰা আৰক্ষীৰ বীৰত্ব এই শিল্পীৰ ওপৰত ।

সমগ্ৰ বিশ্বই হাঁহিব । প্ৰতিবাদ কৰি এখন ছবি আঁকিব নোৱাৰৰ পৰিস্থিতি আজি অসমত । তাৰ পিছত আমি কেনেকৈ কওঁ আমি এখন গণতান্ত্ৰিক দেশৰ নাগৰিক ।

১৯ নৱেম্বৰ ২০২০ত জামিনৰ শুনানি আছিল । কিন্তু ৰায়দান নহ'ল । ৮ ডিছেম্বৰ ২০২০ লৈ পিছুওৱা হ'ল । অথচ এই খন দেশতে কোনো সদাশয় লোকৰ বাবে একেদিনাই শুনানি আৰু জামিন লাভ কৰাৰ সৌভাগ্যও হয় ।

এই কাণ্ডৰ পিছত প্ৰতিবাদ আৰু তীব্ৰতৰ হ'ব । চুড়ান্তভাৱে মানুহে বুজিছে অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰাখিবলৈ এই ফেচিষ্ট চৰকাৰ আৰু কিমান তললৈ নামিব পাৰে । চৰকাৰৰ আজ্ঞাবাহী আৰক্ষীয়ে আৰু কৰিবলৈ বাকী থাকিল কি? দেৱালৰ লিখন পঢ়িব নোখোজা শাসক বাহিনীয়ে দেৱালত অঁকা এখন ছবিক লৈ এতিয়া শংকিত ।

দিছপুৰ কপাই যোৱা, আৰক্ষীক জোকাৰি পেলোৱা এনে ছবি আঁকিব পৰাটোৱেইতো শিল্পীৰ সাৰ্থকতা । ছবিখন মোহাৰিবলৈ দিয়া হ'ল শিল্পীগৰাকীক । কিন্তু সেই প্ৰতিবাদৰ ফলত সৃষ্টি হোৱা কঁপনি থাকি গ'ল এক কলা অধ্যায় হৈ। বগা ৰং মাৰি সেই ছবিখন মোহাৰিলেও জনতাৰ মনত থাকি গ'ল সংগ্ৰামী সত্ত্বাৰ বিৰুদ্ধে ৰছা ষড়যন্ত্ৰৰ কাহিনী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in