ভোট বিচাৰি ফুৰা নেতা-মন্ত্ৰীয়ে জানেনে, কামপুৰ চেনীকলৰ শ্ৰমিকৰ পৰিয়ালে খাইছেনে ভাত…

ভোট বিচাৰি ফুৰা নেতা-মন্ত্ৰীয়ে জানেনে, কামপুৰ চেনীকলৰ শ্ৰমিকৰ পৰিয়ালে খাইছেনে ভাত…

♦ পলাশ জ্যোতি গগৈ

মৃত্যু ঘণ্টা বাজিছে ৰাজ্যৰ উদ্যোগ খণ্ডত। উদ্যোগ খণ্ড উন্নয়নৰ কথা ক'লেও প্ৰকৃতাৰ্থত একোকে কৰিব পৰা নাই কোনো এখন চৰকাৰে। এইক্ষেত্ৰত সমানে দোষী বিজেপিৰ লগতে কংগ্ৰেছ চৰকাৰ। বৰ্তমান অন্ধকাৰত ৰাজ্যৰ উদ্যোগ খণ্ডৰে জড়িত লাখ লাখ পৰিয়ালৰ ভৱিষ্যত। মৃত্যুৰ ক্ষণ গণিছে কামপুৰত থকা চেনীকলটোৱেও। বৰ্তমান অন্ধকাৰত থকা চেনীকলটোৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত ৫০০০ৰ পৰা ৬০০০ কৃষক পৰিয়ালৰ ভৱিষ্যত। দীৰ্ঘদিনৰ পৰা প্ৰতিবাদেও দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই ৰজাঘৰীয়াৰ। সন্মুখত লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ সময়ত সকলো ৰাজনৈতিক নেতাই তাঁত-বাতি কাঢ়ে কামপুৰৰ চেনীকললৈ। ১৯৮৭ চনতেই উৎপাদন আৰম্ভ হৈছিল চেনীকলটোৰ। পৰৱৰ্তী সময়ত চেনীকলটোৰ উৎপাদন বৃদ্ধি পাইছিল। কিন্তু সময়ৰ লগে লগে অন্ধকাৰৰ দিশে আগবাঢ়িছে কৰ্মচাৰীসকলৰ ভৱিষ্যত।

সেয়া আছিল ১৯৯৫-৯৬ চনৰ কথা। ক্ৰমাৎ বৃদ্ধি পাইছিল চেনীকলটোৰ উৎপাদন। সেই সময়ত উৎপাদনৰ পৰিমাণ আছিল প্ৰতিবছৰে ৯০ হাজাৰ কুইণ্টল। স্থায়ী কৰ্মচাৰী আছিল ৫০০ৰ পৰা ৬০০ জন। সকলো লোকে দৰমহাৰ টকা কেইটাৰে সুখেৰে জীৱন নিৰ্বাহ কৰিছিল।

২০০১ চনত আহিছিল এটা বেয়া খবৰ। বন্ধ হৈছিল চেনীকলটোৰ উৎপাদন। কৰ্মচাৰী সকলৰ মূৰৰ ওপৰত ভাগি পৰিছিল সৰগখন। আউল লাগিছিল কৰ্মচাৰীসকলৰ জীৱন নিৰ্বাহ প্ৰণালীত। প্ৰতিবাদমুখৰ হৈছিল চেনীকলটোৰ চৌহদ। হঠাৎ এনেদৰে চেনীকলটো বন্ধ কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপে অসন্তুষ্ট কৰি তুলিছিল কৰ্মচাৰীসকলক। বৰ্তমান কলটো বহিৰাগত বণিয়াক গতাবৰ বাবে ব্যৱস্থা লৈছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। এই খবৰ বিয়পি পৰাৰ লগে লগে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে চেনীকল চৌহদত।

২০০১ চনৰ পৰা দৰমহাৰ পৰা বঞ্চিত কৰ্মচাৰীসকলে এতিয়া আনৰ ঘৰত কাম কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। বৰ্তমান মৰিশালি সদৃশ হৈছে চেনী কলটোৰ ভিতৰৰ ভাগ। হোটেলত বাচন-বৰ্তন ধুই দিন নিয়াইছে একাংশ লোকে। এসময়ত সেইসকল লোকে চৰকাৰৰ পৰা দৰমহা পাই বিলাসী জীৱন কটাইছিলে। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ সন্ধানত পোহৰলৈ আহিছে ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য। কেইবাহাজাৰ কোটিটকীয়া চেনী কলটোত এতিয়া বিৰাজ কৰিছে এক ভয়ংকৰ পৰিৱেশ। এয়া বৰ্তমান কলটোৰ ভিতৰৰ পৰিৱেশ-

জহি-খহি গৈছে চেনী কলটোৰ ভিতৰৰ কোটিটকীয়া যন্ত্ৰাংশ। চেনীকলটোত প্ৰতিদিনে উৎপাদন হৈছিল ১২৫০ মেট্ৰিক টন চেনী। বছৰৰ কোনো কোনো সময়ত এই উৎপাদন বৃদ্ধি পাই হৈছিলগৈ তাতকৈও বেছি। পিছে নগাঁও, হোজাই, মৰিগাঁও, কাৰ্বি আংলং আৰু ডিমা হাচাওৰ কুঁহিয়াৰ খেতি কৰা ৰাইজৰ একমাত্ৰ ভৰসা এই চেনীকলটো ২০১০ চনত সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছিল সেই সময়ৰ কংগ্ৰেছ চৰকাৰে।

কৃষকৰ উন্নতিৰ কথা কৈ সমৰ্থন আদায় কৰিব বিচৰা ৰাজ্য চৰকাৰে সেই সময়ত বিশ্বাসঘাতকতা কৰিছিল কৃষকক। মাত্ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ভোট বিচাৰি উক্ত স্থানলৈ যোৱা চৰকাৰখনে চেনীকলটো পুনৰ কাৰ্যক্ষম কৰাৰ কথা কৈছিল যদিও, কোনো দিনে নকৰিলে সেই কাম। ২০ বছৰে নগাঁৱৰ সাংসদ হৈ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়া কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰাজেন গোহাঁয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰাৰ গুৰুতৰ অভিযোগ উঠিছে। চাৰিটা কাৰ্যকালৰ সাংসদ গৰাকীৰ লগতে বিজেপি চৰকাৰখনে নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত কামপুৰৰ চেনীকলটো পুনৰ কাৰ্যক্ষম কৰাৰ বাবে কোনো পদক্ষেপে নল'লে। বৰ্তমান নগাঁও লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে প্ৰদ্যুত বৰদলৈয়ে। কংগ্ৰেছ চৰকাৰৰ দিনত একালত প্ৰদ্যুত বৰদলৈ আছিল উদ্যোগ মন্ত্ৰী। সেই সময়ত চৰকাৰত থাকি উদ্যোগটোৰ কথা চিন্তা নকৰিলে প্ৰদ্যুত বৰদলৈয়ে। এতিয়া আকৌ নিৰ্বাচনৰ সময়ত ভোট খুজিবলৈ উক্ত ঠাইলৈ যাব প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ প্ৰাৰ্থীজন। বিজেপিয়ে পতা এডভান্টেজ আছামৰ দৰে অনুষ্ঠানৰ আয়োজন কৰিছিল প্ৰদ্যুত বৰদলৈয়েও। পিছে একোকে পল নধৰিল।

লোকচানৰ সন্মুখীন হোৱা নাছিল কামপুৰৰ চেনীকলটোৰ কৰ্তৃপক্ষ। চেনী উৎপাদনৰ অন্তত থাকি যোৱা অৱশিষ্ট লালীগুড়খিনি বিক্ৰী কৰিয়ে কৰ্তৃপক্ষই কৰ্মচাৰীসকলক দিব পাৰিছিল দৰমহা। ৰহস্যজনক কাৰণত বন্ধ হৈ গৈছিল চেনীকলটো। চেনীকলটোৰ ভিতৰচৰাত কাম কাজ সম্পাদনাত সংঘটিত হৈছিল বৃহৎ অনিয়ম। ইতিমধ্যে চেনীকলৰ প্ৰায় ৩০ শতাংশ সামগ্ৰী চোৰে লুটি নিছে। অৱশ্যে হেৰুওৱা সামগ্ৰীৰ সন্দৰ্ভত কোনো লোকৰে হাতত নাই সঠিক তথ্য। কৰ্তৃপক্ষৰ নামত বৰ্তমান চেনীকলত নাই সক্ৰিয়তা। ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰ উন্নয়নৰ বাবে চেনী কলটো আছিল এক অন্যান্য উপাদান। চৰকাৰৰ সদিচ্চা থাকিলে বৰ্তমান চেনীকলটো পুনৰ কাৰ্যকৰী কৰাটো অসম্ভৱ নহয়। প্ৰায় ৫০ কোটি টকা খৰচ কৰিলে চৰকাৰে আৰম্ভ কৰিব পাৰিব কলটোৰ পুনৰ উৎপাদন।

চেনী কলটোৰ আছে নিজা ২০০০ বিঘাতকৈ অধিক মাটি। পূৰ্বে প্ৰায় ২০-৩০ হাজাৰ টকাৰ মূল্যত একঠা মাটি কোনো লোকে ক্ৰয় কৰিব পাৰিছিল। কিন্তু বৰ্তমান বৃদ্ধি পাইছে সেই মাটিৰ মূল্য। চেনীকলটোৰ চৌহদত আছে ২০৯ বিঘা মাটি। বৰকুলাত চেনীকলটোৰ আছে ১১০০ বিঘা মাটি। হোজাইৰো বিভিন্ন ঠাইত আছে বহু কৃষি ভূমি। পতিয়াপামত আছে ৫০০ বিঘা ভূমি। পতিয়াপামৰ সমীপতে আন এখন ঠাইত আছে আন ৩০০ বিঘা মাটি। ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ অমনোযোগিতাৰ বাবেই এতিয়া এই ৰূপ পাইছে চেনীকলটোৱে।

অসম গণ পৰিষদৰ চৰকাৰৰ কাৰ্যকালৰ শেষৰফালে চেনীকলৰ কৰ্মচাৰীসকলৰ বাবে আহিছিল সেই বেয়া খবৰ। সংকট নামিছিল কৰ্মচাৰীসকলৰ জীৱনলৈ। কৰ্মচাৰীসকলে উমান পাইছিল চেনীকলটো বন্ধ হোৱাৰ। সলনি হৈছিল চৰকাৰ। অগপৰ পিছত আহিছিল কংগ্ৰেছ। চৰকাৰ সলনি ঠিকেই হ'ল কিন্তু সলনি নহ'ল চৰকাৰৰ কাম কৰাৰ ধৰণ।

কংগ্ৰেছ চৰকাৰে গাদী দখল কৰিয়ে চেনীকলটো পৰিচালনা কৰাৰ বাবে উচ্চপদবীত কেইবাজনো লোকক নিযুক্তি দিছিল। কামপুৰৰ এজন লোকক নিযু্ক্তি দিছিল পৰিচালন সঞ্চালক পদত। ঠিক তেনেদৰে অধ্যক্ষকে আদি কৰি আন কেইবাটাও পদত কেইবাজনো লোকক দিছিল নিযুক্তি। সেইসকল লোকে চেনীকলটোৰ বিভিন্ন সা-সৰঞ্জাম ক্ৰয় কৰাৰ নামত চৰকাৰৰ বহু ধন খৰচ কৰিলে কিন্তু কাৰ্যক্ষেত্ৰত সেয়া হৈ নুঠিল। অভিযোগ অনুসৰি, ১০ টকীয়া কোনো সামগ্ৰী বহিৰাগত বণিয়াৰ পৰা তেওঁলোকে ক্ৰয় কৰিছিল ১০০ টকাত। কৰ্মচাৰীসকলৰ লক্ষ্য আছিল যিকোনো প্ৰকাৰে চৰকাৰৰ ধন সৰকোৱা।

সেইসময়ত ৬০ শতাংশ কুঁহিয়াৰ অনা হৈছিল নগাঁও, মৰিগাঁও, কাৰ্বি আংলং আৰু হোজাইৰ পৰা। ঠিক তেনেদৰে ৪০ শতাংশ কুঁহিয়াৰ অনা হৈছিল ডিমা হাচাওৰ পৰা। কাৰ্বি আংলঙত সেই সময়ত দেখা দিছিল উগ্ৰপন্থী সমস্যাই। উগ্ৰপন্থীক ধন দিবলগীয়া হৈছিল কুঁহিয়াৰ অনাৰ বাবে। উগ্ৰপন্থীক দিয়াৰ নামটো বহু ধন সৰকাইছিল সেই সময়ত চেনীকলৰ উৰ্ধ্বতম কৰ্তৃপক্ষই। যাৰ বাবে ২০০০ চনত কুঁহিয়াৰ আমদানী কমি গৈছিল। প্ৰতিবছৰে চেনীকলত গঢ় হিচাপত উৎপাদন হৈছিল ৫০ৰ পৰা ৬০ কুইণ্টল। কিন্তু প্ৰয়োজন অনুসৰি কুঁহিয়াৰ নোপোৱাৰ বাবে হ্ৰাস পাইছিল এই উৎপাদন। প্ৰতিবছৰে চৰকাৰে চেনীকলটো মেৰামতিকে আদি কৰি অন্যান্য কামৰ নামত কৰ্তৃপক্ষক দিছিল প্ৰায় ১.৫০ কোটি টকা।

কিন্তু প্ৰথমবাৰৰ বাবে কংগ্ৰেছ চৰকাৰ অহাৰ পিছত বন্ধ কৰি দিয়া হৈছিল এই সাহায্য। তাৰ পিছতে ক্ৰমাৎ বেয়াৰ দিশে গৈছিল কৰ্মচাৰীসকলৰ ভৱিষ্যত। চৰকাৰক বহুবাৰ আবেদন-নিবেদন কৰা হৈছিল। কিন্তু একোকে ফল নাপালে সেইসকল দুৰ্ভগীয়া কৰ্মচাৰীয়ে। ২০১০ চনত চৰকাৰে সম্পূৰ্ণৰূপে চেনীকলটো বন্ধ হোৱাৰ কথা ঘোষণা কৰিছিল যদিও কৰ্মচাৰীসকলক দিয়া নাছিল তেওঁলোকৰ প্ৰাপ্য।

পৰিবৰ্তনৰ নাম লৈ ৰাজ্য আৰু কেন্দ্ৰত আহিল বিজেপি চৰকাৰ। নিৰ্বাচনৰ আগত চৰকাৰে প্ৰতিশ্ৰুতি দিছিল ৰাজ্যত উদ্যোগ খণ্ডত পৰিবৰ্তন সাধন কৰাৰ কথা। এডভান্টেজ আছামৰ দৰে অনুষ্ঠান পাতি ধনৰ শৰাধহে মাত্ৰ পাতিলে চৰকাৰে। একোকে হৈ নুঠিল। সকলো ব্যস্ত ধন সৰকোৱাতহে। কাৰ্যক্ষেত্ৰত দেখা নগ'ল চৰকাৰৰ পদক্ষেপ। পূৰ্বৰ প্ৰতিশ্ৰুতি পাহৰিলে চৰকাৰে। পৰিবৰ্তনৰ কথা কৈ ডিঙিৰ শিৰ ফুলাই ভাষণ দি শাসনৰ গাদী লাভ কৰিলেও প্ৰকৃতপক্ষে কোনো কামে নকৰিলে চৰকাৰখনে। এতিয়া পুনৰ নিৰ্বাচন আহিছে। নিৰ্বাচনৰ বাবে ভোট বিচাৰি পুনৰ সেই ঠাইলৈ যাব প্ৰাৰ্থীসকল। প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে পুনৰ উপচাব।

নগাঁও চেনীকল সুৰক্ষা সমিতি নামেৰে এখন কমিটি গঠন কৰা হৈছিল ২০০৬ চনত। সেই সমিতিখনে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰৰ বিধায়ক প্ৰফুল্ল মহন্তক সাক্ষাৎ কৰি কেইবাবাৰো চেনীকলটো পুনৰ কাৰ্যক্ষম কৰিবলৈ অনুৰোধ কৰিছিল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কোৱা হৈছিল কেইবাবাৰো। বিধানসভাত বিষয়টো উত্থাপন কৰি চৰকাৰৰ তৰফৰ পৰা সাহায্য দিয়াৰ কথা কোৱা হৈছিল। কেইদিনমান চৰকাৰে পইচাৰ যোগানো ধৰিছিল। পিছে পৰৱৰ্তী সময়ত চৰকাৰেও পাহৰিলে সেই কথা।

ভাত মুঠি মোকলোৱাৰ বাবে এতিয়া কৰ্মচাৰীসকলে বাট চাই থাকিব পৰা নাই চৰকাৰলৈ। তেওঁলোকে ব্যক্তিগত খণ্ডক গতাব বিচাৰিছে চেনীকলটো। অৱশ্যে কৰ্মচাৰীসকলে অসমৰ স্থানীয় প্ৰতিষ্ঠানকহে গতাব চেনীকলটো। পোন্ধৰ বছৰীয়া শাসন কালত কংগ্ৰেছ চৰকাৰে পুনৰ চেনীকলটো উৎপাদনক্ষম কৰা হ'ব বুলি আশ্বাস দিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে। কোনো কাম নকৰিলে বিজেপিয়েও। চেনীকল সুৰক্ষা সমিতিৰ দাবী চাবুৱাৰ প্ৰতিষ্ঠান জেষ্ট গ্ৰীণ এনাৰ্জীক প্ৰদান কৰি কাৰ্যক্ষম কৰিব লাগে চেনীকলটো। লগতে তেওঁলোকে কয় যে, কৰ্মচাৰীসকল মাত্ৰ চেনী উৎপাদনৰ সময়তে কামত নাথাকি আন সময়তো কামত ব্যস্ত হৈ থাকিব পৰাকৈ প্ৰতিষ্ঠানটোৱে চেনীকলৰ লগতে সংস্থাপন কৰিব ইথানল, শক্তি প্ৰকল্পৰ লগতে কাৰ্বন ডাই অক্সাইড উৎপাদন কৰাৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি।

যাৰ বাবে অসমৰ এটা থলুৱা প্ৰতিষ্ঠানে লাভ কৰিব এই কাম আৰু লগতে বহু লোকৰ ভাত মুকলি হ'ব। একালৰ কৰ্মচাৰী তথা সুৰক্ষা সমিতিৰ বিষয়ববীয়া মোলান লস্কৰে কয় যে, এতিয়া চন্দ্ৰমোহন পাটোৱাৰী তথা বিজেপি চৰকাৰে চেনীকলটো স্থানীয় প্ৰতিষ্ঠানক দিব খোজা নাই। চৰকাৰৰ মতে চেনীকলটো দিব লাগে বহিৰাগত প্ৰতিষ্ঠানক। কিন্তু নগাঁও চেনীকল সুৰক্ষা সমিতিয়ে কামপুৰ চেনীকল স্থানীয় প্ৰতিষ্ঠানক প্ৰদান নকৰি বহিৰাগত প্ৰতিষ্ঠানক বিক্ৰী কৰিলে পৰিণতি ভয়াবহ হ'ব বুলিও চৰকাৰক সকীয়াই দিছে।

বহিৰাগত বণিয়াক এনে উদ্যোগ গতোৱাৰ ক্ষেত্ৰত আছে বহুটো অসুবিধা। বৰুৱা বামুণ গাঁৱৰ চেনী কলৰ লগতে অন্যান্য বহু উদ্যোগে দি গৈছে অশনি সংকেত। বৰুৱা বামুণ গাঁৱৰ চেনী কলটো চৰকাৰে ব্ৰক্ষ্মপুত্ৰ মেনুফেকচাৰিং নামৰ এটা প্ৰতিষ্ঠানক গতাইছিল। পিছে মেৰামতি কৰাৰ নামত এপদ এপদকৈ সা-সামগ্ৰীসমূহ বিক্ৰী কৰিলে প্ৰতিষ্ঠানটোৱে। তেনে ধৰণৰ একেই পৰিৱেশে দেখা দিলে ডিমাপুৰৰ চেনীকলৰ ক্ষেত্ৰতো। কাছাৰৰ চেনীকলটো চৰকাৰে গতাইছিল ৰাইহান নামৰ প্ৰতিষ্ঠানক। ৰাইহানে কলটোৰ বিভিন্ন সামগ্ৰীসমূহ মেৰামতিৰ নামত খুলি বৰ্হি ৰাজ্যত বিক্ৰীৰ বাবে নিয়াৰ আগজাননী পাই সেই কামত বাধা দিছিল স্থানীয় লোকসকলে।

স্থানীয় প্ৰতিষ্ঠানক দিব নিবিচাৰিলেও চৰকাৰে জেষ্ট গ্ৰীণ এনাৰ্জীৰ পৰা বিচাৰিছিল প্ৰকল্পৰ প্ৰতিবেদন। জেষ্ট গ্ৰীণ এনাৰ্জীয়ে দিছিল ৪০৯ কোটি টকাৰ এক প্ৰতিবেদন। পিছে সমৰ্থন নিদিলে চৰকাৰে। তাৰ বিপৰীতে কেইবাবাৰো বহিৰাগত কেইবাটাও বণিক গোষ্ঠীকহে বৰ পিৰা পাৰি দিছে ৰাজ্য চৰকাৰে।

৫ বছৰৰ পিছতে আকৌ আহিব নিৰ্বাচন। শাসনত বহিব বহু নেতা। লংকালৈ গ'লে সকলো লোকেই হয় ৰাৱণ। ৰাৱণ হ'ব আজি আমাক প্ৰতিশ্ৰুতি দি আমাৰ সমৰ্থন আদায় কৰা নেতাসকল। চৰকাৰ আহে আৰু যায়। কোনো অসুবিধাই নাইকিয়া কৰিব নোৱাৰে চৰকাৰে। মাত্ৰ প্ৰতিশ্ৰুতিতে সীমাবদ্ধ ৰাজনৈতিক নেতাৰ উন্নয়ন। কামপুৰৰ চেনীকলটো তাৰেই এক উদাহৰণ। নগাঁৱৰ কাগজ কল, চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পয়ো গণি আছে মৃত্যুৰ ক্ষণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in