শেহতীয়া খবৰ
ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...  •  নাট্য সন্মিলনৰ নগাওঁ কেন্দ্ৰীয় অধিবেশন স্থগিত...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...

গাঁৱত আছে ‘ভোগালী’…

ডিম্পুল বৰগোহাঁই

শীতৰ সেমেকা ৰাতি জুইৰ উত্তাপত সজীৱ হোৱা উৰুকাৰ নিশা লগে ভাগে এসাজ খোৱাৰ মাদকতাই পৃথক । ভোগ আছে গাওঁত । সেয়েহে ভোগালী বিহু বুলিলে মনত পৰে গাওঁলৈ । ধন,সম্পদ,ঐশ্বৰ্য্য সকলোৰে উৰ্ধত এই ভোগালীৰ উৰুকা ।

আঘোনৰ ধান চপোৱা পিছত কৃষকৰ ঘৰত সকলো বস্তুৱে হৈ পৰে উভৈনদী । নদ,নদী,পুখুৰীত ধৰা থলুৱা মাছৰ জুতি বজাৰত উপলব্ধ চালানী মাছতকৈ বহু বেছি । সেয়েহে ভোগালী বিহুৰ উৰুকাৰ দিনা মহানগৰৰ পৰা মানুহ হয় গাওঁমুখী ।

পূৰ্বতে বহু পৰম্পৰা আছিল । নৰাই ভৰি থকা ধাননি পথাৰ খনত ৰাইজে একেলগে মিলি সাজিছিল ভেলাঘৰ । নদী বা পুখুৰীৰ পাৰত সাজিছিল মেজি । তাৰে এখন বৰ মেজি,এখন সৰু মেজি,এখন মাজি মেজি । মেজি সজাৰো নিয়ম আছিল । অযুগ্ম সংখ্যাৰ মেজি সজাৰ নিয়ম । সেই ভোগৰ স্বাদ আজি নাই যদিও গাওঁতহে ভোগালীৰ অস্তিত্ব জীয়াই আছে । চহৰৰৰ অট্টালিকা মাটিৰ গন্ধ নহোৱা চৌহদত ভোগালীৰ ভোজভাত খাব পাৰে কোনোবাই ।

কিন্ত সেই ভোগত যান্ত্ৰিকতা আৰু আধুনিকতাৰ হাতোৰাত ভোগালীৰ নামত বিলাসহে বিৰাজমান । মাঘৰ উৰুকা মানেই ব্যাপক প্ৰস্তুতি । নিশা গৃহিনীয়ে বহু দেৰিলৈকে পোৰা গৰম গৰম তিল পিঠাৰ সোৱাদ বজাৰত উপলব্ধ তিল পিঠা বোৰে এতিয়া দিব নোৱাৰে ।

ভোজভাত খাবলৈওযে ক’ত আয়োজন । মাছে মঙহে গোটাই ফিৰ ফিৰকৈ বলি থকা ঠাণ্ডাৰ বতাহজাকৰ মাজত নিশা জ্বলোৱা মেজিখনৰ জুইৰ উত্তাপ লৈ এসাজ লগে ভাগে খাওতে নাকত লাগি থাকে মাটি আৰু মানুহৰ চিনাকী গোন্ধ ।

এতিয়া মহনগৰতো ভোগালীৰ বজাৰ বহে । পিঠা পনা মাছ মাংস উভৈনদী হৈ পৰে । আকাশলংঘী হয় মাছ মঙহৰ দাম । কিন্তু ভোগালী বুলি ক’লেই মানুহ গাওঁমুখী হয় । খালী হৈ পৰে প্ৰতিদিনাই ব্যস্ততাপূৰ্ণ পৰিবেশে বিৰাজ কৰা নগৰ চহৰ । এই খাটি কোৱা গাওঁৰ মানুহ বোৰৰ মাজত ভোগালী মানেই ব্যাপক উৎসাহ ।

আসমীয়া সমাজ জীৱনত তিনিটা বিহুৰ ভিতৰত কৃষিজীৱি অসমীয়াৰ মনত আজিও পৰম্পৰা লক্ষ্য কৰি সজীৱ হৈ আছে কেৱল মাঘৰ বিহু । মঞ্চ মুখী হোৱা বহাগ বিহু এতিয়া কেৱল বিহু সন্মিলনৰ নামান্তৰহে হৈ পৰিছে । কাতি বিহু হেৰাই যোৱাৰ দৰেই ।

ভোগালী বিহুৰ উৰুকাৰ দিনা মেজিৰ কাষত সমবেত হোৱা লোক সকলৰ মাজত পৰম্পৰাৰ মাজেৰে প্ৰতিফলিত হোৱা অসমীয়া লোকজীৱনৰ সঁচা ছবি খন গাওঁতহে দেখিবলৈ পোৱা যায় । নিশা ভেলাঘৰত থকা ল’ৰাহতৰ কিযে ফুৰ্তি । প্ৰচ্যুৰ্যতাৰ মাজত উদযাপিত এই বিহুৰ উৰুকাৰ দিনা শাক পাচলি জেওৰা জপনা মনে মনে আনি ল’ৰা ফুৰ্তি কৰে ।

গৃহস্থৰো খং নুঠে । অসমীয়া ব্যৱস্থাত লোক জীৱনক প্ৰতিনিধিত্ব কৰা এই উৎসৱ সমূহৰ আধা মাটি আৰু খেতি । আত্মনিৰ্ভৰশীল অসমীয়া মানুহৰ ভোগৰ এই দিনটোত অভাৱ একো নাথাকে । নগৰীয়া ব্যৱস্থাত বজাৰ-সমাৰৰ পৰা অনা ভোগৰ খাদ্য সমূহত শ্ৰমৰ মৰ্যদা নাই । কিন্তু ভোগালীৰ বাবে মেজি বনোৱা একো একোডাল খৰিত ১৫ -২০ দিনৰ আগৰ পৰা প্ৰস্তুতি চলোৱা শ্ৰমৰ ফচল ।

ভোগালীৰ ভোগ সেয়েহে বিৰাজ কৰে গাওঁত । অগ্নিক সাক্ষী কৰি গাওঁবাসী বা সমাজ খনৰ কুশল কামনাৰে প্ৰতিটো পৰিয়ালৰ লোকে পুৱাই গা-পা ধুই মেজিৰ আগত সেৱা লয়গৈ । গামোচাৰ আগত বান্ধি নিয়া মাহকৰা মেজিৰ জুইলৈ চতিয়াই চাৰিওদিশে এপাক ঘূৰে । ভোগৰ বাবে মাঘৰ এই পৰিবেশ অসমৰ প্ৰেক্ষাপটত অতিকৈ উত্তম সময় ।

সেয়েহে ভোগালীৰ ভোগৰ তাৎপৰ্য্য মাটি আৰু মানুহৰ মাজত থাকি উপলব্ধ কৰাতো কেৱল ধনৰ বলত সম্ভৱ নহয় । বৃহৎ বৃহৎ অট্টালিকাৰ তলত বা চৌহদত হাজাৰ টকা কেজিত কিনি অনা মাছ মাংসই ভোগালীৰ ভোজ বুলি উৰুকাৰ নিশা ভোজভাত খাব পৰি । কিন্তু তাত ভোগালীৰ প্ৰকৃত অৰ্থ লুকাই নাথাকে ।

ভোগালীয়ে এনে এক উৎসৱ যি ধনী বা অভিজাত শ্ৰেণীৰ হাতোৰাত বন্ধী হৈ নিজৰ স্বকীয়তাক বিসৰ্জন দিয়া নাই । প্ৰতি বছৰেই আহে ভোগালী । চহৰমুখী মানুহবোৰে তেতিয়াই বিচাৰে গাওঁৰ শিপা । চহৰৰ পৰা গাওঁমুখী হোৱা মানুহৰ মনত এই প্ৰবোধ হয় যে টকা পইচা সকলো মিছা । মাটি,মানুহ আৰু গাওঁৰ পৰিবেশে দিয়া ভোগালীৰ মাদকতা নগৰৰ বজাৰত বিক্ৰী নহয় ।

ভোগালী থাকে গাওঁত । ভোগ থাকে নিজ হাতেৰে মাটিৰ উৰ্বৰাৰ বুকুত উৎপাদন কৰা শস্যত । সেয়েহে মেজিৰ জুই ভোগালীৰ উৰুকা মাটি আৰু গাওঁৰ সম্বন্ধত থাকে এৰাব নোৱাৰা আত্মীয়তা । উৰুকাৰ এই ভোজ ভাত সাধাৰণ ভোজ ভাত নহয় । পৰম্পৰা ধৰি চলি অহা ভোগালীৰ উৰুকাৰ ভোজে সোঁৱৰাই দিয়ে আমাক সমন্বয়ৰ কথা । কয় স্বনিৰ্ভৰশীল অসমীয়া সকলো আছিল গাওঁত সেয়েহে ভোগালীৰ বতৰত এতিয়াও মানুহ হয় গাওঁমুখী ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি