নিৰ্বাচন গ’ল, বাৰিষা আহিল…

নিৰ্বাচন গ’ল, বাৰিষা আহিল…


ডিম্পুল বৰগোহাঁই

ভীষণ গৰম, এনে অতিপাত গৰমত বহুতে ভাবিছে শীতৰ সেই ঠেটুৱৈ ধৰা জাৰৰ দিন কেইটাই ভাল আছিল।বহুতে বাহিৰৰ ৰদতো দেখি কৰিবলগীয়া কামো সন্ধিয়ালৈ পেলাই থৈছে। কিন্তু হঠাতে বৰষুণজাকৰ সৈতে এজাক ফিৰফিৰিয়া বতাহ আহিল। ঢুলিয়ে ঢাকি ৰখা গছবোৰ বেছিকৈ সেউজীয়া হৈ উঠিল। গৰমে চেপি ধৰা বতৰতো নিমিষতে সলনি হৈ গ'ল। আস: কি যে শান্তি! নহয়নে?


মৃদংগ বজাই ডাৱৰে জনালে, বাৰিষা আহিল বুলি…

গৰমৰ মাজতে এনে বতৰ এটা হয়তো সকলোয়ে কল্পনা কৰে। কিছুমানে ভাৱে, হঠাতে বতৰতো এনেকুৱা হৈ গ'লেই মই অমুক কামটো কৰিম। ইয়াৰোপৰি হঠাতে বৰষুণৰ সৈতে এজাক বতাহ আহিলে ছ'চিয়েল মিডিয়াতো ৰোমান্টিক কবিতা লিখাৰ টেণ্ড সৃষ্টি হয়। এনে সময়ত সকলো হৈ পৰে ৰোমান্টিক কবি। ৰোমান্টিক হোৱাটোও কোনো অস্বাভাৱিক নহয়, কিয়নো বৰষুণক লৈয়ে সৃষ্টি হৈছে বহু কবিতা, গান, চিনেমা।

চ'ত শেষ হৈ বহাগৰ আকাশত গাজনি-ঢেৰেকনিৰ মৃদংগ বজোৱা আৰম্ভ হোৱাৰ লগে লগে হূদয়তো এক অজান উখল-মাখলৰ সৃষ্টি হয়, বাৰিষা আহিল… বাৰিষা আহিল৷ গতিকে এনে গৰমত এনে এটা বতৰ কল্পনা কৰাটো কিন্তু অমূলক নহয় কিয়নো এয়াই যে বাৰিষাৰ স্বভাৱ।

বাৰিষাত চুকে-কোণে টোৰটোৰাই থকা ভেকুলীকেইটাকো বৰ আপোন আপোন লাগে৷ কাৰণ সিহঁতে কঢ়িয়াই আনে আপোন ঋতু বাৰিষাৰ বতৰা৷ গ্ৰামাঞ্চলত কিযে এক উলাহ আৰু থৌকি-বাথৌ সময়৷ এইহেন বতৰতে ধৰিত্রীক শ্যামলী নকৰিলে হ'বনে? কান্ধত নাঙল লৈ গাঁৱৰ ভাই-ককাই হঁতে ''… অ' মোৰ ধৰিত্রী আই চৰণতে দিবা ঠাই'' বুলি মনৰ উলাহেৰে ভূমি কর্ষণ আৰম্ভ কৰে৷ লগে লগে গোলাপী দুগাল শাওণৰ পথাৰত ৰ'দে পুৰিবলৈ এৰি দি আই-বাইহঁতে বিহুগীতেৰে চুপতি মাৰি এলাহ পাহৰি আঁঠুৱনীয়া বোকাত নামি ভূঁই ৰোৱা আৰম্ভ কৰে৷ ৰ'দে পোৰা দুগালৰ ফলতে কৃষকৰ সোণগুটি ভঁৰাল ভৰে৷


এইহেন বতৰতে ধৰিত্রীক শ্যামলী নকৰিলে হ'বনে?

এক অন্তহীন ব্যস্ততা৷ হালোৱা-ৰোৱনীৰ চাহ-জলপানৰ যোগাৰ, ইপিনে কোলাৰ কেঁচুৱাৰ আমনি৷ তাৰ মাজতে জীৱনে পোখা মেলে, আনন্দ-উলাহ বিচাৰি লয় জীৱন উদযাপনৰ৷ গাঁৱে গাঁৱে হোৱা বৰ-সবাহৰ নামৰ ধবনিও অসমৰ বাৰিষাৰ এক চিনাকি ছবি৷ 'জয় জয় ৰাম, জয় শ্রীৰাম'– ধবনিৰে মুখৰিত হয় অসমৰ আকাশ-বতাহ৷

ভাওনাৰ এমাহ জোৰা আখৰাৰ অন্তত হূদয়ৰ সমস্ত আৱেগ ঢালি ডেকাহঁতে অনুষ্ঠিত কৰা ভাওনাখন গাঁৱৰ চেনেহী গাভৰুহঁতৰো পৰম আকাংক্ষাৰ সম্পদ৷ দোপালপিটা বৰষুণৰ বতৰকো নেওচি ভাওনা চাবলৈ নামঘৰত বুঢ়া-মেথাৰ ভিৰ৷ চেনেহীহঁতে ভাওনাৰ সুযোগ লৈ মনৰ মানুহজনৰ লগত ৰচনা কৰে সুখৰ সংসাৰৰ সপোন ।

মাজুলীৰ বৰসবাহ…

কিন্তু পৰিৱর্তনৰ বোকোচাত উঠি সময়ে বাগৰ সলোৱাৰ লগে লগে বাৰিষাৰ এই চিনাকি ছবিখনলৈও অৱধাৰিতভাৱে আহে পৰিৱর্তন। ওপৰত বৰ্ণনা কৰা বাৰিষাৰ ছবিখন এখন সম্পূৰ্ণ ছবি নহয়। বাৰিষাত শান্ত হৈ থকা নদীখনে হঠাতে ভয়ংকৰ ৰূপ লয়। উফন্দি উঠি পানী, চকুৰ পচাৰতে লহপহীয়া ধাননিডৰা বুৰ যায়। ঘৰৰ প্ৰয়োজনীয় বস্তুু-কেইপদ বান্ধিবলৈ নৌ পাওতেই পানী এককাঁল হয়। মুৰৰ ঘাম মাটিত পেলাই সোণগুটি ভৰোৱা ভৰাঁলটোতো পানী সোমায়, গৰু-ছাগলী কেইটা গোহালি-গৰালৰ পৰাই নাপাত্তা হয়। সকলোৰে হাহাকাৰ। সন্ধিয়া একাঠু, নিশা এককাঁল আৰু পুৱতি নিশা পানী হয়গৈ এডিঙি। শেষত সকলোৰে আশ্ৰয় হয়গৈ মথাউৰি।

মথাউৰিত গৈ কেৱল জীৱটোহে বাচিল। বাকী সকলো শেষ! চাৰিওফালে পানী থাকিও এটুপি খোৱাপানীৰ বাবে সকলোৰে হাহাকাৰ। এনেকৈয়ে পাৰ হয় সময়, ৰাইজৰ খাবলে একো নাই, পিন্ধিবলে একো নাই ৷ তাৰমাজতে কাৰেবাৰ জ্বৰ ৷ চৰকাৰৰ কোনো খবৰ নাই ৷ ভোট দি ৰজা বনোৱা বিধায়কসকলৰো দেখাদেখি নাই ৷ কাগজে-কলমে অসম চৰকাৰৰ হাতত বোলে বহুত টকা আছে ৷ বানপীড়িতসকলৰ চিন্তা নাই ৷ সকলোৱে বানসাহাৰ্য্য পাব৷ কিন্তু সময়ত প্ৰয়োজনীয় সাহায্য দেখোন দেখাদেখিয়ে নাই ৷

কেগৰ প্ৰতিবেদন মতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সময়মতে পুঁজি মোকলাই নিদিয়া বাবে দূৰ্য্যোগ ব্যৱস্থাপনা শিতানৰ ষাঠি শতাংশ টকা ৰাজকোষতে পৰি থকাৰো উদাহৰণ আছে। পূৰ্বতে খৰচ কৰা ধনৰ সঠিক হিচাপ দিব নোৱাৰাৰ বাবে অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰে ধন মোকলাই নিদিয়াৰ খবৰেও বাতৰি কাকতৰ শিৰোনাম দখল কৰে। এনে বিষয়বোৰ এনেকৈয়ে চলি থাকে। ৰাজ্যৰ মন্ত্ৰীয়ে কয় কেন্দ্ৰই সহায় কৰিব ৷ কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীয়ে লোকসভাত কয় বানপানী আৰু গড়াখহনীয়া ৰাজ্যিক কৰ্মসূচীৰ ভিতৰত পৰে ৷ গতিকে কেন্দ্ৰই টকা দিব নোৱাৰে ৷ অথচ জলসম্পদ মন্ত্ৰালয়ৰ অধীনস্থ বানপানী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা আঁচনিৰ দ্বাৰা বিহাৰ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত মথাউৰি কিছুমানৰ তদাৰকি কৰা হৈ আছে বুলিও কেগৰ প্ৰতিবেদনত ওলাইছে ৷
অসমৰ বানপানীক কেন্দ্ৰীয় চৰকাৰে জাতীয় সমস্যা বুলি নধৰে ৷ ধৰা হ'লে, এনে আঁচনি অসমতো চলি থাকিলহেঁতেন ৷ 

বানপানী….

অসমৰ বানপানীৰ প্ৰধান উৎস হৈছে বৰষুণ আৰু ৰাজ্য খনৰ নদ-নদী সমুহৰ বহন ক্ষমতা। গতিকে ৰাজ্যখনৰ বানপানী নিয়ন্ত্রনৰ বাবে গবেষণা কৰি ইয়াৰ গ্ৰহণযোগ্য পৰিকল্পনা গ্ৰহণ কৰিবই লাগিব ৷ দুখৰ কথা এই যে ৰাজ্যখনৰ বানপানী সমস্যা সমাধানৰ বাবে ১৯৭১চনতে কেন্দ্ৰীয় বান নিয়ন্ত্ৰণ আয়োগৰ এটি শাখা স্হাপন হোৱাৰ লগতে ৰাজ্যিক জল সম্পদ বিভাগ নামৰ আন এটি বিভাগো স্থাপন হ'ল; কিন্তু আজিও বিভাগ দুটা থকা বা নথকা একেই ।

অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰদাবী নতুন নহয়। বহু দিনৰ পৰাই বিভিন্ন সময়ত এই দাবী ৰাজনৈতিক দল তথা অৰাজনৈতিক সংগঠন সমূহৰ ফালৰ পৰা উঠি আহিছে। কিন্তু এই দাবী বৰ্তমানেও 'দাবী' হৈয়ে আছে। ২০০২ চনত অসম বিধানসভাৰ তৰফৰ পৰা অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ কেন্দ্ৰলৈ দাবী পত্ৰ প্ৰেৰণ কৰা হৈছিল। এই দাবীক লৈ ২০০৫ চনত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত এক ত্ৰিপাক্ষিক বৈঠকো অনুষ্ঠিত হৈছিল। কিন্তু ইয়াৰ কোনো ফলাফল নোলাল।

অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰৰ ইমান হেমাহি কিয়? যি এক প্ৰাকৃতিক দুৰ্যোগে বছৰ বছৰ ধৰি ৰাজ্যখনক জুৰুলা কৰি আহিছে তেনে এক দুৰ্যোগক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা নকৰাটোহে আশ্বৰ্যৰ বিষয়। কেৱল মাত্ৰ আশ্বাসতেই সীমাবদ্ধ হৈ থাকে বানক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ আঁচনি । উল্লেখ্য যে ২০০৮ চনত বিহাৰত হোৱা প্ৰলয়ংকাৰী বানক একে বৰ্ষৰে ২৮ আগষ্টত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল 'ৰাষ্ট্ৰীয় দুৰ্যোগ' হিচাবে । আৰু লগে লগে যুদ্ধগতিত চলিছিল উদ্ধাৰ, পুঁজি বিতৰণৰ কাম । নিস:ন্দেহে এই কাৰ্য আছিল আদৰনীয় ।

বাৰিষা সকলোৰে বাবে ৰোমান্টিক নহয়…

অসমৰ ৰাইজে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে অন্তভূক্ত হ'ব লাগে বুলি দাবী কৰি আহিছে যদিও অসমৰ বানপানী হ'ল এটা আন্তঃৰাষ্ট্ৰীয় সমস্যা ৷ কিয়নো অসমত বানপানী সৃষ্ঠি কৰা মূখ্য নদী হ'ল ব্ৰহ্মপুত্ৰ ৷ চীন দেশৰ (হিমালয়) চেমা য়ং দং নামৰ হিমবাহৰ পৰা ওলাই অহা এই নদীখনে চীন,ভাৰতবৰ্ষ আৰু বাংলাদেশৰ মাজেৰে বৈ বংগোপ সাগৰত পৰিছে ৷ গতিকে এই নদীখনে অসমৰ লগতে বাংলাদেশতো বানপানী সৃষ্টি কৰি আহিছে ৷

তথ্য অনুসৰি ৰাজ্যখনত বানপানী নিয়ন্ত্ৰণৰ বাবে মুঠ ৪২৩ টা মথাউৰি আছে ৷ এই মথাউৰি সমূহৰ দৈৰ্ঘ্য হ'ল ৪৪৬৭৪৫  কিলোমিটাৰ ৷ ইয়াৰে ১৯৯৩ চনৰ পৰা ২০১২ চনলৈ হোৱা বানপানীয়ে ১০০২ টা অংশত মাথাউৰি ছিঙি পেলাইছে ৷ উল্লেখযোগ্য যে ১৯৫০ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত নিমাৰ্ন কৰা এই মথাউৰি সমূহৰ ভিতৰত ১৯৯৩ চনৰ বানপানীয়ে ১৩৯ টা অংশত, ১৯৯৮ চনৰ বানপানীয়ে ১৫১ অংশত, ২০০৪ চনৰ বানপানীয়ে ৩৫৪ টা অংশত, ২০০৭ চনৰ বানপানীয়ে ১৯৫ টা অংশত,২০০৮ চনৰ বানপানীয়ে ৬৭ টা অংশত,২০০৯ চনৰ বানপানীয়ে ৪১ টা অংশত,২০১০ চনৰ বানপানীয়ে ৬০ টা অংশ ছিঙি পেলাইছিল ৷

বানপানী সমস্যা সামাধানৰ বাবে নিমাৰ্ন কৰা মথাউৰি সমূহে ৰাজ্যখনৰ বৃহৎ নদী ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ সংলগ্ন উপনদী সমূহৰ বানপানী যে ৰোধ কৰাত বিফল হৈছে সেই কথা বহু বছৰ আগতে প্ৰমান হৈছে ৷ কেন্দ্ৰীয় তথা ৰাজ্যচৰকাৰে অসমৰ বানপানীক কাবু কৰিব বাবে প্ৰতিবছৰে নিমাৰ্ন তথা তাপলি মাৰি থকা মথাউৰি বোৰেই ৰাজ্যখনত বানপানী সৃষ্ঠি কৰাত অৰিহনা যোগাই আহিছে বুলি প্ৰমান হোৱাৰ পাছতো কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কিয় বছৰি বছৰি কোটি টকা ব্যয় কৰি আহিছে সেইটো আজি তাৰিখত অবুজ সাঁথৰ ৷

বালিৰ মথাউৰিৰে পাৰিবনে ৰুধিব

বিশেষকৈ এই মথাউৰি সমূহে নদীৰ নিচেই কাষতেই নিমাৰ্ন কৰা বাবে নদী সমূহৰ জলৰাশি প্ৰাকৃতিক ভাবে বৈ যোৱাত বাধাৰ সৃষ্ঠি হৈছে ফলস্বৰূপে নদীৰ পৃষ্ঠ পলস আৰু বালিৰ পৰিমান বাঢ়ি গৈ নদী পৃষ্ঠ বাম হৈ পৰিছে ৷ সেইদৰে মথাউৰি নিমাৰ্নৰ বাবে ব্যৱহাৰ কৰা মাটি কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা চলোৱা নহয় আমাৰ ৰাজ্যখনত,গতিকে নদীৰ কাষতে পোৱা বালি পলস মাটিৰে নিমাৰ্ন কাৰ্ষ সমাধান কৰা মথাউৰি ওপৰত অসমৰ ৰাইজে কিবা আশা কৰিব পাৰিবনে ?

বানপানীৰ পৰা পৰিত্ৰাণ পোৱাকৈ ৰাজ্যৰ মথাউৰিৰ সন্দৰ্ভত ২০১৮ চনৰ ৩ এপ্ৰিলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ উপায়ুক্তসকলৰ সৈতে এক আলোচনাত বহিছিল। ভিডিঅ' কনফাৰেন্সিং যোগে দিছপুৰৰ পৰা সোণোৱালে নিৰ্দেশ দিছিল ৩০ এপ্ৰিলৰ ভিতৰত সকলো ৰাজ্যৰ মথাউৰি নিৰ্মাণ হ'ব লাগিব। কিন্তু সেয়া হৈ উঠিল জানো? এবছৰ পাৰ হ'ল, মুখ্যমন্ত্ৰীয়ে এই বিষয়ক লৈ পুণৰ পৰ্যালোচনা কৰিছেনে? সেয়া কিন্তু বানপীড়িত জনতাই নীৰৱে লক্ষ্য কৰিছে।


ভিডিঅ' কনফাৰেন্সিং যোগে ২০১৮ ৰ ৩ এপ্ৰিলত দিচপুৰৰ পৰা জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে হোৱা মুখ্য মন্ত্ৰীৰ বৈঠক

মথাউৰি নিৰ্মাণৰ ঠিকা দিয়া বহিৰাগত অথবা ৰাজ্যৰ ভিতৰৰে ঠিকাদাৰ সকলক এতিয়া জবাবদিহি কৰাৰ সময়। বছৰ বছৰ ধৰি মথাউৰি নিৰ্মাণৰ নামত ৰাইজক কৰি অহা প্ৰতাৰণাবোৰৰ উত্তৰ বিভাগীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীয়ে বিচৰাৰ সময় হ'বনে?

বছৰি বছৰি হোৱা বানপানীক প্ৰণালীবদ্ধভাবে অধ্যয়ন কৰি দুযোৰ্গ ব্যৱস্হাপনা প্ৰস্তত কৰাৰ প্ৰয়োজন ৷ জোৰা টাপালি  মৰা ব্যৱস্হা,আঞ্চলিক ভিত্তিত লোৱা ব্যৱস্হাই অসমৰ বানপানীক কেতিয়াও কাবু কৰিব নোৱাৰে ৷ ইয়াৰ বাবে লাগিব আন্তৰাষ্ট্ৰীয় সহযোগিতা ৷ নহলে সামাজিক দায়বদ্ধতা ত্যাগ কৰা এচাম তোষামোদকাৰি অভিযন্ত্ৰাই ৰাজখনৰ ৰাজনৈতিক নেতা,ঠিকাদাৰ,দালালি,মধ্যভোগী সহযোগত বানপানী,মথাউৰি আৰু বান্ধ সমূহক খীৰতি গাই হিচাপে ব্যৱহাৰ কৰি অহাত ৰাজ্যখনক যুগ যুগ ধৰি কঁকাল পোনাব নোৱাৰা কৰি পেলাইছে ৷ এইবোৰ দিশৰ ওপত চকু দিব মুখ্যমন্ত্ৰী মহোদয়…

'বানপানী হৈছে, হ'বই' এনে কথা বহুত হ'ল। এতিয়া সমাধান সময়। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত
বানপানী সমস্যাৰ প্ৰকৃত ছবিখন সঠিক ৰূপত উপস্থাপনৰ সময়। অস্থায়ী কিম্বা হস্ৰম্যাদী নহয়, নদীৰে ভৰা অসমখনক এক স্থায়ী দীৰ্ঘম্যাদী বানপ্ৰতিৰোধ আঁচনি প্ৰস্তুতকৰণৰ সময়। 'বানপানী পয্যালোচনা সভা' এখন পাতিলেই নহ'ব, বিয়াগোম মন্ত্ৰীসকলে বানপানীৰ সময়তো চমক সৃষ্টি কৰাতে ব্যস্ত নাথাকি প্ৰণালীৱদ্ধভাৱে ক্ষিপ্ৰতাৰে আগবাঢ়ক ৷ মনত ৰাখিব, বহু আশাৰে জনতাই শাসনৰ বাঘজৰি আপোনাসৱৰ হাতত দিছে৷  সু পৰিকল্পিত আচনিয়ে বানে ছেদেলি-ভেদেলি কৰাৰ পাছতো খেতি-পথাৰবোৰ আকৌ হৈ পৰিব নদন-বদন…

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in