১০০ কোটিৰ পাৰ, হ’ব পাৰে ‘বুষ্টাৰ ড’জ’ৰ ব্যৱহাৰ…

১০০ কোটিৰ পাৰ, হ’ব পাৰে ‘বুষ্টাৰ ড’জ’ৰ ব্যৱহাৰ…

ৰাজৰ্ষি চহৰীয়া

সম্পূৰ্ণকৈ আঁতৰা নাই কোভিডৰ সংক্ৰমণ। সমগ্ৰ বিশ্বতেই এতিয়াও কম-বেছি পৰিমানে মানুহ সংক্ৰমিত হৈ আছে এই ভাইৰাছত। কিন্তু কোৰোনা ভাইৰাছৰ পৰা ৰক্ষা পৰিবলৈ বা ইয়াৰ সংক্ৰমণ প্ৰতিৰোধ কৰি ভেকচিন প্ৰদানৰ ক্ষেত্ৰত যেন আগবাঢ়ি আছে আমাৰ ভাৰত। শেহতীয়াকৈ ভাৰতত ১০০ কোটি লোকক কোভিড ভেকচিন দিয়াৰ অভিলেখ গঢ়া হৈছে। ইয়াক লৈ ডব্লিউ এইচ অ'ৱে প্ৰশংসা কৰে ভাৰতক। ২৩ অক্টোবৰ, ২০২১ অৰ্থাৎ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ কোভিড-১৯ৰ টীকা প্ৰস্তুতকাৰীসকলক সাক্ষাৎ কৰে।

কোভিড ভেকিচন প্ৰস্তুতকাৰী চিৰম ইনষ্টিটিউট অৱ ইণ্ডিয়া, ভাৰত বায়'টেক , ডাঃ ৰেড্ডীজ লেব'ৰেটৰীজ, জয়ডছ কোডিলা, বায়'লজিকেল ই, জেনোৱা বায়ফাৰ্মা আৰু পেনাছিয়া বায়'টেকৰ কৰ্তৃপক্ষ অথবা প্ৰতিনিধিসকলৰ সৈতে  প্রধানমন্ত্ৰী মোডীয়ে বৈঠকত মিলিত হয়। এই বৈঠকতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দাবীয়া আৰু কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰবীণ পৱাৰো উপস্থিত থাকে।

'সকলোৰে বাবে টীকা' শ্ল'গানক আগত ৰাখি ভাৰতত নিৰ্মাণ কৰা কোভিড ভেকচিন বহিঃৰাষ্ট্ৰলৈও পঠিওৱা বিষয়ৰ ওপৰত জোৰ দিয়ে প্রধানমন্ত্ৰীয়ে। ইফালে, স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰা তথ্য অনুসৰি বৰ্তমানলৈ ভাৰতত ১০১.৩০ কোটি লোকক কোভিডৰ ভেকচিন প্ৰদান কৰা হৈছে।

চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰা এই টীকাকৰণ অভিযানে ২১ অক্টোবৰ, ২০২১ত ভাৰতে ১০০ কোটি লোকক কোভিড ভেকচিন প্ৰদানৰ অভিলেখ গঢ়ে আৰু ইয়াৰ পাছতেই সমগ্ৰ বিশ্বই আমাৰ দেশক এই ক্ষেত্ৰত শুভেচ্ছা আৰু প্ৰশংসা কৰা দেখা যায়।

জানিব পৰা মতে, ১০০ কোটি লোকৰ ভিতৰত ৭৫ শতাংশ লোক প্ৰাপ্ত বয়স্ক আৰু তেওঁলোকক এক পালিকৈ ভেকচিন প্ৰদান কৰা হৈছে। তদুপৰি,  ৩১ শতাংশ লোকক দিয়া হৈছে দুই পালিকৈ টীকাকৰণ। দেশৰ ৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত পৰিষদৰ লোকসকলক এপালিকৈ ভেকচিন দিয়া হৈছে।

দিনকদিনে দেশবাসীয়ে খবৰ লাভ কৰি আহিছে যে দেশৰ প্ৰায়বোৰ ৰাজ্যতে ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। ইয়াৰোপৰি, ২১ অক্টোবৰত ভাৰতৰ ১০০ কোটি লোকক কোভিড ভেকচিন দিয়া খবৰ। কিন্তু ইয়াৰ অৰ্থাৎ এইটো নহয় যে এতিয়াও কোভিডক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই।

দিল্লীস্থিত এইমছৰ অধ্যক্ষ ডাঃ ৰণদীপ গুলেৰিয়াই ২৩ অক্টোবৰ, ২০২১ত কয় যে- কোভিড-১৯ ভেকচিন বুষ্টাৰ ড'জ (Covid Vaccine Booster Dose)ৰ ২০২২ত যিকোনো সময়ত প্ৰয়োজন হ'ব পাৰে। এনডিটিভিৰে হোৱা আলোচনাত এই কথা কয় ডাঃ গুলেৰিয়াই। তেওঁ লগতে কয়- আমেৰিকাৰ লগতে একাংশ দেশে এই ভেকচিন বুষ্টাৰ ড'জৰ অনুৰোধ জনাইছে। আৰু আমি আশাবাদী যে শীঘ্ৰেই শিশুসকলৰ বাবেও ভেকচিন প্ৰদান কৰা হ'ব।

আমাক অধিক ডাটাৰ প্ৰয়োজন আছে। ব্ৰিটেইনত আমি সংক্ৰমণ বৃদ্ধি পোৱা দেখা পাইছো। কিন্তু হাস্পতালত ভৰ্তি হোৱা হাৰ বা মৃত্যুৰ হাৰ বৃদ্ধি পোৱা নাই। ব্ৰিটেইনে ২০২০চনৰ ডিচেম্বৰৰ পৰা ভেকচিন প্ৰদান অভিযান আৰম্ভ কৰিছিল। যদি আমি ব্ৰিটেইনত কোৰোনাত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হোৱা লোকৰ হাৰ বহু বেছি হোৱা দেখা নাই ইয়াৰ অৰ্থ এই যে, তেওঁলোকে ব্যৱহাৰ কৰা ভেকচিনে এতিয়ালৈকে কাম কৰি আছে। ইয়াৰ পৰাই আমাৰ দেশৰ নাগৰিকো যে সুৰক্ষিত সেয়া বুজিব পাৰি। কিন্তু যদি সংক্ৰমণ তীব্ৰ হাৰত বৃদ্ধি পাই আৰু আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাই তেন্তে বুষ্টাৰ ভেকচিনৰ প্ৰয়োজন হ'ব বুলি কয় ডাঃ গুলেৰিয়াই।

অৱশ্যে এই ভেকচিন বুষ্টাৰ ড'জ সন্দৰ্ভত এতিয়ালৈকে কোনো স্পষ্ট যোঁজনা প্ৰস্তুত কৰা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয়- আমি প্ৰথমে বৃদ্ধি লোকসকলৰ ক্ষেত্ৰত বেছি মনোযোগ দিম। কাৰণ কোৰোনাৰ পৰা তেওঁলোকৰ বিপদ বেছি। ইফালে, শিশুৰ ক্ষেত্ৰত দুটা ভেকচিনৰ মঞ্জুৰি প্ৰদান কৰা হৈছে। ইয়াৰে এটা Covaxin আৰু আনটো ZyCov-D।

কেৱল বিশ্ব বা ভাৰততে নহয়, অসমতো যেন এতিয়া সকলো লাহে লাহে সামান্য পৰিস্থিতিলৈ আহিবলৈ ধৰিছে। কিন্তু এই কথা সত্য যে, কোভিডৰ সংক্ৰমণৰ হাৰ কমিলেও ই সম্পূৰ্ণ ৰূপে আঁতৰি যোৱা নাই বা নিঃশেষ হোৱা নাই। ২২ অক্টোবৰ, ২০২১ৰ দিনটোতে অসমত নতুনকৈ ৩২৪জন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈছে ২১৯জন লোক। অৰ্থাৎ সুস্থ হোৱাৰ বিপৰীতে নতুনকৈ আক্ৰান্তৰ সংখ্যা অধিক। গতিকে বুজিব পাৰি যে ই তীব্ৰগতিতো হ্ৰাস পোৱা নাই। যদিহে অসম তথা দেশবাসীয়ে এতিয়াই এই ভাইৰাছৰ পৰা সুৰক্ষিত থকাৰ ক্ষেত্ৰত চৰকাৰী নীতি-নিয়ম , কোভিড প্ৰট'কলবোৰ মানিবলৈ এৰি দিয়ে বা এই ক্ষেত্ৰত হেমাহি দেখুৱাই তেন্তে পুনৰ ই এক ভয়ংকৰ ৰূপ ল'ব। আৰু হয়তো ইয়াৰ পৰা ৰক্ষা পৰিবলৈ তেতিয়া আমাক প্ৰয়োজন হ'ব কোভিড-১৯ ভেকচিন বুষ্টাৰ ড'জ ব্যৱস্থাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in