কিমান নম্বৰ দিব হিমন্ত বিশ্ব শৰ্মাক?

কিমান নম্বৰ দিব হিমন্ত বিশ্ব শৰ্মাক?

মৃদুল কুমাৰ সন্দিকৈ

মুখ্যমন্ত্ৰীৰূপে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এটা মাহ সম্পূৰ্ণ কৰিলে। বাটে-পথে এতিয়া মন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ মূল্যায়ন কৰিছে সাধাৰণ মানুহে। মুখ্যমন্ত্ৰী হিচাপে যোৱা ৩০টা দিনত তেওঁ কাৰ্যকলাপ আৰু পদক্ষেপক লৈ যদি মূল্যায়ন কৰিবলৈ দিয়া হয়, তেনেহলে ১০ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব?

এইবোৰ সাধাৰণতে এক আপেক্ষিক খেল। ১০ নম্বৰেৰে এমাহত এখন চৰকাৰক ৬০মহীয়া কাৰ্যকাল মূল্যায়ন কৰাতো এক অলীক কল্পনাৰে কৰা ধাৰণা। এনেকুৱা আৰু ৬০টা খোজ দিব বাকী আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰে। ছাত্ৰ-ছাত্ৰীয়ে ইউনিট টেষ্টত লাভ কৰা নম্বৰেৰে কেতিয়াও বছেৰেকীয়া ব ছমহীয়া পৰীক্ষাৰ ফলাফল কৈ দিব নোৱাৰি। কিন্তু এক ধাৰণা ল'ব পাৰি।

যোৱা ৩০টা দিনত এই চৰকাৰে ভাল লগা বহুকেইটা প্ৰতিশ্ৰুতি দিছে। সেই প্ৰতিশ্ৰুতি সমূহৰ আধাৰত যদি নম্বৰ দিব লগা হয়, তেনেহলে এমহীয়া চৰকাৰখনক বহুতেই ১০ৰ ভিতৰত ১০ নম্বৰ দিবলৈকে ভাল পাব। তেনে প্ৰতিশ্ৰুতি বাদ দি বাস্তৱ আৰু ভৱিষ্যতৰ আধাৰত এতিয়াই এই চৰকাৰখনত মূল্যয়ন কৰাটো অতি দৌৰা-দৌৰি আৰু পক্ষপাতমূলক হ'ব যেন বোধ হয়।

সদ্যগঠিত চৰকাৰখনৰ প্ৰাথমিকতা কি? কেৱল আঁচনি আৰু ভাল লগা কিছু সিদ্ধান্তই এখন চৰকাৰৰ গতিশীলতা বা সফলতা দাবী কৰিব নোৱাৰে। সেই সিদ্ধান্তসমূহ কাৰ্যকৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় কাৰকসমূহ ইয়াৰ ফলত কৰিব পৰা ভৱিষ্যতৰ প্ৰভাৱসমূহ কোনো কাৰনতে নুই কৰিব নোৱাৰি।

এটা দীঘলীয়া যাত্ৰাৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে নিজে কোনবোৰ দিশত আৰু কোনবোৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ হৈছে সেই কথা এক লেখাত উল্লেখ কৰিছে। কল্যাণকামী ৰাষ্ট্ৰ হিচাপে সকলোৰে উত্তৰণৰ জৰিয়তে এক দৰ্শন লৈ বিকাশৰ যাত্ৰাৰে আগুৱাই যাবলৈ তেওঁ চেষ্টা কৰিম বুলি মুখ্যমন্ত্ৰীয়ে কৈছে।

আলফা স্বাধীনৰ সৈতে আলোচনাৰ পৰিৱেশ, ৰিতুল শইকীয়াৰ মুক্তিৰ প্ৰসংগ, বড়ো ভূমিত শান্তি, কাৰ্বি চুক্তিৰে কাৰ্বি পাহাৰতো স্থায়ী শান্তি স্থাপন, কোভিডৰ বিৰুদ্ধে সফল যুঁজ মুখ্যমন্ত্ৰীৰ মতে এক আশাব্যঞ্জক আৰম্ভণি। কোভিডৰ সময়ত ৰাজ্যখনৰ ৩.৫কোটি লোকৰ টীকাকৰণ এই চৰকাৰৰ আন এক লক্ষ্য বুলি কোৱা হৈছে।

ইতিমধ্যে কেইবাবাৰো মুখ্যমন্ত্ৰীয়ে দোহাৰিছে একলাখ নিবনুৱালৈ নিযুক্তি, মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই আৰু অঞ্চলৰ প্ৰগতিৰ বাবে উন্নত আন্তঃগাথঁনিৰ প্ৰতিশ্ৰুতি দিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। নিৰ্বাচনৰ সময়তে দিয়া প্ৰতিশ্ৰুতি সমূহৰ ভিতৰত এটা উল্লেখযোগ্য প্ৰতিশ্ৰুতি আছিল অসমক বানমুক্ত কৰা।

মথাউৰি সমূহৰ নিৰ্মাণ আৰু উপযুক্ত যতন লোৱা হব বুলিও কৈছে মুখ্যমন্ত্ৰীয়ে। এই দুয়োটা কামৰ বাবে পৃথক পৃথক বিভাগ থকা কথা কৈছে। কিন্তু প্ৰশ্ন হয়, পূৰ্বৰ চৰকাৰেও অনুৰূপ প্ৰতিশ্ৰুতিৰে নিৰ্ধাৰিত সময়ৰ ভিতৰত মথাউৰিসমূহ নিৰ্মাণ আৰু অসমক বানমুক্ত কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰণ নহ'ল।

সভ্যতা-সংস্কৃতিৰ সুৰক্ষাৰ বাবে সময়ৰ আহ্বানৰ প্ৰতি কাম কৰাৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল। কিন্তু সেই সভ্যতা-সংস্কৃতিৰ সুৰক্ষাৰ নামত সাম্প্ৰদায়িকতাৰে বিভেদৰ বীজ ৰোপন হ'লে ই হিতে বিপৰীত হ'ব।চৰকাৰে চাৰিখন কেবিনেটত যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তবোৰে মানুহক আশ্বস্ত কৰিছে। কিন্তু সেই আশ্বস্ত প্ৰাৰম্ভিক পৰ্যায়তে আছে।

যোৱা ২০টা বছৰৰো অধিক কাল চৰকাৰী পক্ষ হৈয়ে মন্ত্ৰীৰূপে হিমন্ত বিশ্ব শৰ্মাই কাম কৰি আহিছে। আৰু এটা মাহ তেওঁ মুখ্যমন্ত্ৰীৰূপে এখন চৰকাৰক নেতৃত্ব দিব লগা হৈছে। মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ মাজত বহু পাৰ্থক্য আছে। অসম চৰকাৰেও দীঘলীয়া যাত্ৰাৰ প্ৰথমটো খোজ শীৰ্ষক শিৰোনামেৰে এই চৰকাৰৰ এমহীয়া কাৰ্যকালৰ কিছু খতিয়ান বিজ্ঞাপন আকাৰে প্ৰকাশ কৰিছে।

এই বিজ্ঞাপনত প্ৰথমে ড্ৰাগছ আৰু গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ স্থিতি আৰু অভিযান চলোৱাৰ কথা উল্লেখ আছে। পৰ্যায়ক্ৰমে ৰাজহুৱা খণ্ডত অথাৎ নুমলীগড় তেল শোধনাগাৰত চৰকাৰৰ অংশীদাৰিত্ব ২৬শতাংশলৈ বৃদ্ধি কৰা দ্বিতীয় উল্লেখযোগ্য কাম বুলি কৈছে। বৃদ্ধ পেঞ্চন আচঁনি, বিধৱা পেঞ্চন আঁচনি আৰু দিব্যাংগ যোজনাৰ অধীনত প্ৰতিমাহৰ ১০তাৰিখে হিতাধীকাৰীলৈ ধন প্ৰেৰণ, জিলা সমূহৰ উন্নয়নৰ বাবে অভিভাৱক মন্ত্ৰী নিযুক্তি আদি বিভিন্ন পদক্ষেপৰ কথা বিজ্ঞাপনত উল্লেখ আছে।

ঘোষণা কৰা অনুসৰি কোভিডত পিতৃ-মাতৃ আৰু অভিভাৱকৰ মৃত্যু হৈ নিথৰুৱা হোৱা শিশুসকলৰ ভৱিষ্যত সুনিশ্চিতকৰণৰ বাবে এমাহ পূৰ্ণ হোৱাৰ দিনাই মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি আনুষ্ঠানিকভাৱে আৰম্ভণি কৰিলে। এক শুভ আৰম্ভণিৰে এই চৰকাৰে প্ৰথমটো মাহত ৰাইজৰ পৰা যি বিশ্বাস আৰু প্ৰত্যয় আদায় কৰিবলৈ সক্ষম হৈছে সেয়া নিৰপেক্ষভাৱে বিশ্লেষণ কৰিলে ইয়াৰ আধাৰতে পৰৱৰ্তী দিনবোৰতো এক সুপ্ৰশাসন আশা কৰিব পাৰি।

এসময়ত হিতেশ্বৰ শইকীয়া আছিল অসমৰ মুখ্যমন্ত্ৰী। অসমৰ ৰাজনীতিত ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত দক্ষ বুলি দাবী কৰিব পৰা নেতাসকলৰ ভিতৰত শইকীয়াও আছিল অন্যতম। বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি পঢ়িহে তেওঁ শুবলৈ গৈছিল। অতি সুচাৰুৰূপে আৰু প্ৰতিটো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত তেওঁ আছিল অদ্বিতীয়। তেওঁ জানিছিল সেই কৌশল- কাক কেতিয়া কিদৰে বশ কৰিব লাগে।

বহুতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা আৰু কাৰ্যকলাপক হিতেশ্বৰ শইকীয়াৰ লগতো তুলনা কৰিছে। হিতেশ্বৰ শইকীয়াৰ দীৰ্ঘ দিনৰ সান্নিধ্যই বৰ্তমানৰ মুখ্যমন্ত্ৰীক প্ৰভাৱাম্বিত নকৰাকৈ নিশ্চয় থকা নাই। ৰাজনীতিৰ ক্ষেত্ৰখনত হিতেশ্বৰ শইকীয়াই তেওঁৰ আদিগুৰু। পৰৱৰ্তী সময়ত সময়ে হিতেশ্বৰ শইকীয়াক কঠোৰ ভাৱে মূল্যায়ন কৰিলে।

ক্ষমতাত থকা সময়ত তেওঁৰ ভাল লগা আৰু দক্ষতাক সময়ে বহুক্ষেত্ৰত নুই কৰি সেয়া সাময়িকভাৱে জনপ্ৰিয়তা আৰু শত্ৰুপক্ষক বশ কৰি মৌলিক সমস্যা সমূহক কিছুদিনৰ বাবে তল পেলাই ৰাখিলেও সেইবোৰ সমস্যা সমস্যা হৈয়ে ৰৈ গ'ল। বৰঞ্চ শইকীয়া ৰাইজৰ কাঠগঢ়াত উঠিব লগাও হৈছিল।

যিবোৰ পদক্ষেপে মানুহক সাময়িকভাৱে সুখী কৰে কিন্তু দীৰ্ঘদিনৰ বাবে তেনে পদক্ষেপে এখন ৰাজ্য বা এটা জাতিক সমৃদ্ধিশালী কৰিব নোৱাৰে বুলি প্ৰমাণ হ'ল। আশা কৰিম বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে এনেবোৰ দিশত অধিক সৰ্তকতা অৱলম্বনেৰে ৰাজ্যবাসী আৰু ৰাজ্যখনৰ বৃহৎ স্বাৰ্থত কাম কৰি কিছুদিনৰ বাবে জনপ্ৰিয় হোৱাৰ কিটিপ ত্যাগ কৰিব।

এমহীয়া এই চৰকাৰখনক নিশ্চয় জনসাধাৰণে মূল্যায়ন কৰিছে আৰু কৰিব। এই চৰকাৰখনক ৰাইজে কিমান নম্বৰ দিয়ে সেয়া ৰাইজে নিৰ্ধাৰণ কৰিব। প্ৰথম মাহটোত ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাল নম্বৰ পাবলৈ সক্ষম হ'ব বুলি আশা কৰিব পাৰি। ১০ৰ ভিতৰত কিমান নম্বৰ দিয়ে সেয়া ৰাইজৰ কথা। কিন্তু এই নম্বৰেৰে আত্মসন্তুষ্টি লাভ কৰি থাকিলে আগন্তুক নিৰ্বাচনত ৰাইজৰ আশা পূৰণ নহ'লে ৰাইজেও জানে কি কৰিব লাগে…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in