নাগৰিকত্ব বিধেয়ক সমৰ্থন কৰিলে পঢ়িব নোৱাৰিব অসমীয়া ছাত্ৰই! কাৰ ভাবুকি

নাগৰিকত্ব বিধেয়ক সমৰ্থন কৰিলে পঢ়িব নোৱাৰিব অসমীয়া ছাত্ৰই! কাৰ ভাবুকি

♦ মৃদুল কুমাৰ সন্দিকৈ

শান্তি সম্প্ৰীতিৰ কথা চৰকাৰে কয়। কিন্তু চৰকাৰে শান্তি-সম্প্ৰীতি বিনষ্ট কৰা পৰিৱেশ ৰচে। তাৰ সুযোগ লয় এচামে। ইয়াৰ বাবে যদি প্ৰথমে দায়ী, সেয়াও চৰকাৰ। তাৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে ল'ব লাগিব। অসমতে অসমীয়াক ভাবুকি দিয়াৰ পাছত অসমীয়াৰ অস্তিত্ব বুলিবলৈ বাকী থাকিল কি?

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ ওলাই আহিছে। সকলো শ্ৰেণীৰ লোকেই প্ৰতিবাদ কৰিছে। আৰু সেই প্ৰতিবাদ এফালে চৰকাৰে মষিমূৰ কৰিবলৈ এফালে আৰক্ষী বাহিনী লগাইছে আনফালে এচামে অসমীয়াকে ভাবুকি দি অসমত অসমীয়াৰ অস্তিত্বক নুই কৰিছে।

এটা ভিডিঅ' ভাইৰেল হৈছে। অসম বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে একাংশ অসমীয়া ছাত্ৰই প্ৰতিবাদ কৰা বুলি এক মিছা বাতৰি প্ৰচাৰ হৈছিল। আৰু তাৰ পাছতেই এই বাতৰিৰ আঁত ধৰি অল কাছাৰ-কৰিমগঞ্জ-হাইলাকান্দি ষ্টুডেন্ট এছচিয়েশ্যন চমুকৈ ACKHSAৰ সভাপতি প্ৰদীপ দত্ত ৰয়ে এক সংবাদ প্ৰতিষ্ঠানক দিয়া মন্তব্যত অসম আৰু অসমীয়াক হুংকাৰ দিলে-

প্ৰদীপ দত্ত ৰয়ে কোৱা কথাখিনি এনেধৰণৰ-

'"অসম বিশ্ববিদ্যালয়ৰ কিছু খিলঞ্জীয় তথা অসমীয়া ছাত্ৰই মমবাতি হাতত লৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছিল। আৰু বিশেষকৈ অসম বিশ্ববিদ্যালয়, যি বিশ্ববিদ্যালয়ৰ বাবে আমি ১০ বছৰ ধৰি আকছাৰ নেতৃত্বত আন্দোলন কৰিছিলো, আছু আৰু অগপৰ চৰম বিৰোধিতা সত্বেও আমি এই বিশ্ববিদ্যালয়ক কাঢ়ি লৈছিলো, এই বিশ্ববিদ্যালয়ৰ অসমীয়া ছাত্ৰসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব, সেয়া অত্যন্ত নিন্দনীয়। তেওঁলোক বৰাকৰ শত্ৰু। যিসকল ছাত্ৰই এনে কাম কৰিছে, তেওঁলোকৰ বিৰুদ্ধে অনতিবিলম্বে ব্যৱস্থা গ্ৰহণৰ বাবে আমি ভাইচ চেঞ্চেলাৰৰ ওচৰত আবেদন কৰিছো। আমি নাজানো কালি ভাইচ চেঞ্চেলাৰে কি ভূমিকা গ্ৰহণ কৰিছিল, ৰেজিষ্টাৰে কি ভূমিকা লৈছিল। এইটো অতি জঘন্য কাম কৰা হৈছে। অসমীয়া ছাত্ৰসকলক আমি সাৱধান কৰি দিব বিচাৰো, তোমালোকে পঢ়া শুনা কৰিবলৈ আহিছে পঢ়া শুনাই কৰা, ৰাজনীতিত মূৰ ঘমাব নালাগে। নহ'লে অদূৰ ভৱিষ্যতে অসমীয়া ছাত্ৰই যাতে ইয়াত ভৰ্তি হ'ব নোৱাৰে সেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম।''

অসমত অসমীয়াক এনে হুংকাৰ। খিলঞ্জীয়া লোকৰ প্ৰতি এনে ব্যৱহাৰ। এই পৰিৱেশ ৰচনা কৰিলে কোনে? নিশ্চয় বিজেপি চৰকাৰে। অসমৰ অন্তৰ্ভূক্ত কোনো এক স্থানত অসমীয়াক প্ৰত্যাহ্বান জনালে। তাতোকৈ ডাঙৰ কথাটো হ'ল শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত কোনো অসমীয়া ছাত্ৰই প্ৰতিবাদেই কৰা নাছিল।

ড০ হীৰেণ গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ তৰিব পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ এতিয়া সাহস আছেনে অসমীয়াক এনেদৰে ভাবুকি দিয়া কোনো ব্যক্তি বিশেষৰ বিৰুদ্ধে কঠোৰ শাস্তি গ্ৰহণৰ? পাৰিবনে তেওঁ এই প্ৰদীপ দত্ত ৰয় নামৰ ব্যক্তিজনক এনে এক মুহূৰ্তত জাতি বিদ্বেষ সৃষ্টিৰে শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিব?

প্ৰদীপ দত্ত ৰয়ৰ সৈতে আমি যোগাযোগ কৰিছিলো। সুধিব বিচাৰিছিলো তেওঁ কোৱা এই কথাবোৰ সঁচানে? বৰাকৰ এই নেতাজনে কিহৰ ভিত্তিত এনে প্ৰৰোচিত মন্তব্য কৰিলে? আমাৰ প্ৰশ্নৰ উত্তৰত তেওঁ কিছু নৰম হ'ল। ক'লে সেয়া ভুলতে কোৱা কথা আছিল তেওঁৰ। তেওঁ ভবাৰ দৰে কোনো অসমীয়া ছাত্ৰই অসম বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নাছিল। তেওঁৰ মন্তব্য আছিল সম্পূৰ্ণ পৃথক।

ডিজিটেল ডেস্কঃ হেল্ল' গুড মৰ্ণিং দাদা।

প্ৰদীপ দত্ত ৰয়ঃ গুড মৰ্ণিং।

ডিজিটেল ডেস্কঃ মই গুৱহাটীৰ পৰা কৈছিলো 'প্ৰতিদিন'ৰ পৰা।

প্ৰদীপ দত্ত ৰয়ঃ অ অ কওক।

ডিজিটেল ডেস্কঃ দাদা ভিডিঅ' এটা দেখা পালো, য'ত আপুনি কিছু আক্ষেপ ব্যক্ত কৰিছে। অসম বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যি প্ৰতাবাদ হৈছিল, তাক লৈ আপুনি আক্ষেপ ব্যক্ত কৰা দেখা গৈছে। এই ভিডিঅ'টো সঁচা নেকি?

প্ৰদীপ দত্ত ৰয়ঃ কোনটো কথা এক্সুৱেলি কৈছিলোঁ মই?

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসম বিশ্ববিদ্যালয়ত যি প্ৰতিবাদ কৰিলে…

প্ৰদীপ দত্ত ৰয়ঃ অ আচ্ছা আচ্ছা..

ডিজিটেল ডেস্কঃ তাক লৈ যিটো আপুনি প্ৰতিক্ৰিয়া ব্যক্ত কৰা ভিডিঅ' ভাইৰেল হৈছে, সেইটো সঁচা নেকি?

প্ৰদীপ দত্ত ৰয়ঃ নাই নাই, এক্সুৱেলি, সেইটো এটা মিচ আণ্ডাৰষ্টেণ্ডিং হৈ গৈছে, মই যেতিয়া খবৰ পাইছো যে এইবিলাক ষ্টুডেন্টে কৰা নাই।  এইবিলাক কৰিছে কৃষক মুক্তি মঞ্চ আৰু খিলঞ্জীয়াৰ নামত ইউনিভাৰ্চিটিৰ বাহিৰত কিবা এক্টিভিটিষ্ট কৰিছে, মমবাতি জ্বলাইছে, প্ৰটেষ্ট কৰিছে.. ঠিক আছে.. এইটোৰ লগত আছু কোনো জড়িত নাই আৰু আমাৰ ইউনিভাৰ্চিটিৰ ষ্টুডেন্টো জড়িত নাই। কিন্তু ইয়াৰ পাছত কি হৈছে বৰাক ভেলীত ডিপাৰ্টেছাৰ হৈছে নেচাৰেলী.. যিটো যোৱা কালি ইউনিভাৰ্চিটি ষ্টুডেন্ট ইউনিয়নেই এইটো প্ৰটেষ্ট কৰিছে এবং বিলৰ পক্ষত কথা পাতিছে..

ডিজিটেল ডেস্কঃ বিলৰ পক্ষত তেওঁলোকে কৈছে নেকি?

প্ৰদীপ দত্ত ৰয়ঃ হে.. অ বিলৰ পক্ষত ষ্টেটমেন্ট দিছে… মিটিং কৰিছে। বুজিছে, মই কৈ আছো যে যদিও আসাম বিশ্ববিদ্যালয়টো বৰাক ভেলী কাৰ্বি আংলঙক লৈ কনচাইন.. কিন্তু অসমৰ তিনিশ ল'ৰা এই ইউনিভাৰ্চিটিত পঢ়া শুনা কৰি আছে। আজি বৰাক ভেলীত যদি ইমান কমিউনেট ফিলিংছ হতে, তেতিয়া  তেওঁলোকে কিবা পঢ়া শুনা কৰিব পাৰিলেহেঁতেন নেকি? আপুনি চিন্তা কৰি চাওক… শুধু সেইটোৱেই নহয়, আসাম ইউনিভাৰ্চিটিৰ ইউনিয়নৰ প্ৰেচিডেণ্ট হওক ধ্ৰুৱজ্যোতি মহন্ত অসমীয়া ল'ৰা। আপুনি ভাবি চাওক কেনেকৈ হৈ পালে। ইয়াত যদি অসমীয়া-বাঙালীৰ ভিতৰত ইউনিটি নাথাকিলেহেঁতেন, ষ্টুডেন্টছ ইউনিয়নৰ প্ৰেচিডেণ্ট কেনেকৈ হ'লহেঁতেন? 

ডিজিটেল ডেস্কঃ কিন্তু দাদা যিটো ভিডিঅ' ছ'চিয়েল মিডিয়াত…

প্ৰদীপ দত্ত ৰয়ঃ মই সেইটো কনটাডেকশ্যন দি দিছো, এতিয়া মোৰ ঘৰত … বহি আছে…

ডিজিটেল ডেস্কঃ  হয়, সেইকাৰণে মই আপোনাক … অসমীয়া ছাত্ৰক আপুনি এটা কথা কৈছিলে দাদা সেই ভিডিঅ'টোত.. যে অসমীয়া ছাত্ৰই পঢ়া শুনা কৰিবলগা আছে, পঢ়া শুনা কৰক.. নহ'লে অসমীয়া ছাত্ৰই ইয়াত পঢ়িব নোৱাৰিব…

-এয়া আছিল তেখেতৰ সৈতে পতা কথাৰ কিছু অংশ। অসমত অসমীয়া ছাত্ৰক অসমৰ এখন বিশ্ববিদ্যালয়ত পঢ়িব নোৱাৰিব বুলি হুংকাৰ দিয়া এইজন বৰাকৰ ছাত্ৰ নেতাৰ কথাত পূৰ্বৰ দৰে অসম আৰু অসমীয়া বিদ্বেষী ভাৱ নাছিল। সহজ ভাৱে তেওঁ কথাবোৰ কৈছিল। সেয়া তেওঁৰ মনৰ কথা নে সাংবাদিকৰ আগত কোৱা কথা সেয়া তেওঁ জানিব। কিন্তু এইটো স্বীকাৰ কৰি লৈছিল, ভুল বুজাবুজিৰ বাবেই তেওঁ পূৰ্বতে অসম বিশ্ববিদ্যালয় নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কোনো অসমীয়া ছাত্ৰই মাত মাতিলে সেই বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰই নামভৰ্তি কৰিব নোৱাৰিব বুলি ভাবুকি দিয়াটো সঁচা আছিল।

ডিজিটেল ডেস্কঃ … ভাবুকি দিয়া কথাটো…

প্ৰদীপ দত্ত ৰয়ঃ নাই নাই নাই নাই… এইটো মিছা কথা, কাৰণ আমি খবৰ পাইছো, তাত কোনো ষ্টুডেন্ট নাছিলেই। গতিকে সেইটো কথা আহিবই নোৱাৰে…

ডিজিটেল ডেস্কঃ নাছিল তো বেলেগ কথা, কিন্তু আপুনি ভিডিঅ'টোত সেইটো কথা কৈছিল আপুনি?

প্ৰদীপ দত্ত ৰয়ঃ নাই নাই নাই নাই

ডিজিটেল ডেস্কঃ কিন্তু আপোনাৰ ভিডিঅ'টো আপোনাৰ মুখতে কথাখিনি আছে।

প্ৰদীপ দত্ত ৰয়ঃ সেইটো হৈছে, হৈ গৈছে, পিছদিনা মই খবৰ পালো যে অসম ইউনিভাৰ্চিটিৰ ষ্টুডেন্ট তাত নাছিলেই তেতিয়া মই ক্লিয়াৰিফিকেশ্যন দিছো…

ডিজিটেল ডেস্কঃ মই জানিব বিচাৰিছো েইটো কথা যে আপুনি কোৱাৰ দৰে অসমীয়া-বঙালী ছাত্ৰৰ মাজত বা গোটেই সাম্প্ৰতিক পৰিস্থিতিত সমাজলৈ এই কথাবতৰা বিলাকেৰে এটা বেয়া বাৰ্তা যায়…

প্ৰদীপ দত্ত ৰয়ঃ মই খবৰ পাইছো ব্ৰহম্পুত্ৰ ভেলীত ডিপাৰ্টেছাৰ হৈছে, আকৌ ষ্টেটমেন্ট দিছে, গতিকে ক্লিয়াৰিফিকেশ্যনটো আপুনি দি দিয়ক কাইণ্ডলি…

ডিজিটেল ডেস্কঃ …তাৰ মানে আপুনি কোৱা কথাখিনি উঠাই লৈছে…

প্ৰদীপ দত্ত ৰয়ঃ হয় হয়… মই ভাবিছিলো এইটো ইউনিভাৰ্চিটিৰ ষ্টুডেন্টে কৰিছে, তেতিয়া মই দুখ পাইছো…

ডিজিটেল ডেস্কঃ … এটা কথা আপুনি কৈছে, অসম বিশ্ববিদ্যালয় হোৱাত অসমীয়াই আৰু আছুৱে বাধা দিছিল..

… হাঠাৎ সুৰ সলনি হৈছিল প্ৰদীপ দত্ত ৰয়ৰ। এয়া তেওঁৰ উপলব্ধি নে আন্তৰিকতা সেয়াও সন্দেহৰ বিষয়। এই মন্তব্যৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তাৰ পাছত হেনো তেওঁলৈ ফোন কৰিছিল অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানে। আৰু ডি জিপিৰ ফোন পোৱাৰ পাছতেই এইদৰে সলনি হৈছিল সুৰ। এয়াও তেওঁ নিজেই কৈছিল-

প্ৰদীপ দত্ত ৰয়ঃ তাত এটা ভুল বুজাবুজিৰ সৃষ্টি হৈছে.. মোক ডিজিপিয়ে ফোন কৰিছিল। গতিকে তাতে যাতে মিচ আণ্ডাৰষ্টেণ্ডিং নহয়, তাৰ বাবে আপুনি সেইটো ক্লিয়াৰিফাই কৰি দিব।

ডিজিটেল ডেস্কঃ ডিজিপিয়ে আপোনাক ফোন কৰি কি ক'লে?

প্ৰদীপ দত্ত ৰয়ঃ নাই কৈছে.. ব্ৰহ্মপুত্ৰ ভেলীত ৰিপাৰ্কেছন হৈছে.. এইটো আপুনি ক'ড কৰিব নালাগে।

ডিজিটেল ডেস্কঃ কথাটো এনেকুৱা নেকি যে ডিজিপিয়ে আপোনাক ক'লে বাবে আপুনি কথাটো উইড্ৰ কৰিব লগা হ'ল।

প্ৰদীপ দত্ত ৰয়ঃ নাই নাই.. তেনেকুৱা নহয়.. মই নিজে নিজে চিন্তা কৰিছো

তেওঁ তেনেকুৱা নহয় বুলি ক'লেও অসম আৰু অসমীয়াক ভাবুকি দি বৰাকৰ এইজন নেতাই সৃষ্টি কৰিব বিচৰা পৰিৱেশৰ বাবে স্বয়ং ডিজিপিয়ে তেওঁলৈ ফোন কৰি এই সন্দৰ্ভত তেওঁৰ মন্তব্য উঠাই ল'বৰ বাবে কোৱাৰ পাছতহে তেওঁ মত সলনি কৰিছে।

বাস্তৱ কথাটো হ'ল- এনে এক সংঘাতময় পৰিৱেশৰ ৰচনা হৈছে আজি। এই সময়ত সংযত হোৱাৰ প্ৰয়োজন। হয়তো চৰকাৰে এইটো সংঘাতেই বিচাৰিছে। তাৰ সুযোগ লৈছে এচামে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰ পিছতো খিলঞ্জীয়াৰ স্বাৰ্থৰ ৰক্ষাৰ কথা কোনখন মুখেৰে কয়? বৰাকতে দেখোন এতিয়া অসমীয়াৰ অস্তিত্ব সংকটত। অসমীয়া-বঙালীৰ মাজত ব্যৱধান বাঢ়ি গৈছে। এই পৰিৱেশ সৃষ্টি কৰাৰ বাবে ক'ত ৰাজনৈতিক নাটক কৰা হ'ল। কেইটামান ভোটৰ বাবে আৰু কিমান তললৈ নামিব পাৰে আপোনালোকে।

অসমত এতিয়া অসমীয়াৰ এই অৱস্থা। ভুল বুজাবুজিৰ বাবেই হওঁক, মিছা খবৰৰ বাবেই হওঁক, বৰাকৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা অসমীয়া ছাত্ৰক লৈ চলিছে অপপ্ৰচাৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম, অসমীয়া থিয় হৈছে। এই বিধেয়কৰ বিৰোধিতা কৰিছে। নিজ ৰাজ্যত এনে এখন বিধেয়ক হোৱাৰ বিৰুদ্ধে থিয় দিয়াৰ অধিকাৰ সকলোৰে আছে। কিন্তু সেইবুলি অসমীয়াক ভাবুকি দি এখন বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰই পঢ়িব নোৱাৰিব বুলি কোৱা তথাকথিত ছাত্ৰ নেতাগৰাকীক কেৱল আৰক্ষী সঞ্চালকপ্ৰধানে ফোন কৰি এই মন্তব্য উঠাই ল'বলৈ ক'লেই অসমীয়া আশ্বস্ত হ'ব পাৰিবনে? এয়া অশনি সংকেত। অসমতে অসমতে দিছে অসমীয়াক ভাবুকি, ইয়াৰ পাছত আৰু বাকী থাকিল কি!

সংযমতা ৰক্ষা কৰি প্ৰতিজন অসমীয়াই এবাৰ এই পৰিৱেশৰ কথা ভাৱক। ভৱিষ্যতৰ দিনৰ কথা চিন্তা কৰক। আমি বাৰু সঁচাকৈয়ে আমি অসমীয়া নহওঁ  দুখীয়া বুলি সান্তনা লভি থাকোতেই অসমতে অসমীয়া ভগনীয়া হৈছে নেকি চিন্তা কৰক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in