নায়ক নহয়, খলনায়কহে তেওঁ…

নায়ক নহয়, খলনায়কহে তেওঁ…

মৃদুল কুমাৰ সন্দিকৈ

ছহিদক অপমান কৰা প্ৰসংগৰে এতিয়া ৰাজ্য উত্তপ্ত হৈ পৰিছে। তেনে মন্তব্য কৰা বিতৰ্কিত বিধায়কৰ বিৰুদ্ধে ৰাইজ গৰ্জি উঠিছে। পূৰ্বতেওঁ বহু বিতৰ্কিত মন্তব্যৰে বাতৰিৰ শিৰোনাম দখল কৰা শ্বেৰমান আলী নামৰ বহুবল্কি বিধায়কগৰাকীক গ্ৰেপ্তাৰৰ দাবী তুলিছে বিভিন্ন দল সংগঠনে।

অসম আন্দোলনৰ ছহিদক ঘাটক আখ্যা দি বেদখলকাৰীৰ পক্ষত উকালতি কৰা শ্বেৰমান আলীক এনে কথা ক'বলৈ সাহস দিয়াৰ পৰিৱেশ এতিয়া ৰাজ্যত ৰচনা হৈছে নেকি? ৮৩ ৰ ৮ জন ছহিদক মিঞাই মাৰিছিল বুলি কবলৈ সাহস কৰা আলীয়ে মিঞা মিউজিয়ামো বিচাৰিছিল।

আলীৰ দৰে অতি সাম্প্ৰদায়িক সংখ্যালঘু নেতাৰ পৃষ্ঠপোষকতাতেই সমন্বয়ৰ জৰিত ঘূণে ধৰিছে।তেওঁলোকে অসমৰ বতাহ, পানী খাই অসম আৰু অসমীয়াকে বিশ্বাসঘাটক কৰাই নহয়, নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে এনে মন্তব্য কৰিবলৈ কুণ্ঠাবোধ কৰা নাই।

চৌদিশে সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছত কংগ্ৰেছে শ্বেৰমান আলীৰ দৰে নেতাক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। কিন্তু এই জাননীত শ্বেৰমান আলীক বিজেপিৰ আৰু মুখ্যমন্ত্ৰীৰ এজেণ্ট আখ্যা দিলেই শুচি হৈ নাযায় কংগ্ৰেছ। "হয় এই ৮ জনক মিঞাই মাৰিছে, ময়ো মাৰিম, যিসকলে মাৰিছে তেওঁলোকক প্ৰশংসাহে কৰিব লাগে"- বুলি শ্বেৰমান আলীয়ে কিয় ক'বলগা হ'ল।

ইমান স্পৰ্ধা শ্বেৰমান আলীৰ কেনেকৈ হ'ল। ছহিদ দয়ানাথ শৰ্মাকে ধৰি সেই সময়ত মৃত্যুক সাৱটি লোৱা এইসকল ছহিদৰ ত্যাগক ভৰিৰে মোহাৰি শ্বেৰমান আলীৰ দৰে লোকে সংখ্যালঘুৰ একাংশ লোকক এনে ঘটনাৰ বাবে উৎসাহিত কৰাৰ অন্তৰালত আছে ৰাজনৈতিক অংক।

এই বিষয়টোক লৈ যি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সেই প্ৰতিক্ৰিয়া পাছত চৰকাৰে যদি এনে বিতৰ্কিত ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে সেইয়া সময়ত খাণ্ডৱ দাহৰ ৰূপ লবলৈয়ো বেছি সময় নালাগিব।

ৰাজ্য চৰকাৰ আৰু আৰক্ষীয়ে শ্বেৰমান আলীৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাস্প আৰু জাতীয় চেতনাত আঘাতহনাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব। গোপন এজেণ্ডাৰে মিঞা মিউজিয়ামৰ পৰা আৰম্ভ কৰি ছহিদক ঘাটক আখ্যা দিয়ালৈকে সকলো লক্ষ্মণ ৰেখা অতিক্ৰম কৰিলে এইজন বিধায়কে।

গৰুখুঁটিৰ ঘটনাৰ সমালোচনাৰ নামত এনে মন্তব্যৰে জুই জ্বলোৱা শ্বেৰমান আলী আছিল এতিয়াৰ এ আই ইউ ডি এফ আৰু তেতিয়া ইউ ডি এফৰ নেতা। তেওঁৰ বিতৰ্কিত কাম-কাজৰ বাবেই চৰ্চাত থকা শ্বেৰমান আলীৰ তেজত সাম্প্ৰদায়িকতাৰ বীজ আছে।

কোনো অসমীয়াই শ্বেৰমান আলীক ক্ষমা কৰিব নোৱাৰে। জাতীয় জীৱনক লৈ এনে মন্তব্য কৰা শ্বেৰমান আলীয়ে হাজাৰবাৰ ছৰি কলেওঁ তেওঁ কৰা ভুলৰ প্ৰায়শ্চিত্ত নহয়। তথাপিও শ্বেৰমান আলীয়ে অসমৰ ৰাইজৰ আগত বিনা চৰ্তে ক্ষমা খুজিবই লাগিব।

সংখ্যালঘুৰ ৰাজনীতিৰ নামত বজাৰ মেলি চৰ্দাৰৰ ভূমিকা লোৱা শ্বেৰমান আলীৰ দৰে নেতাই শংকৰ আজানৰ এই দেশত কোনো বহিঃৰাষ্ট্ৰৰ ইছলামিক কায়দাৰে অপ্ৰত্যাশিত সপোন দেখাতো বন্ধ কৰক। কিয় তেওঁ আজিলৈকে মুকলি মনেৰে অসমৰ অনুপ্ৰৱেশ সমস্যা, বেদখলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী উত্থাপন কৰিব পৰা নাই?

সুযোগ সন্ধানী শ্বেৰমান আলীয়ে এই কথা ভালদৰে বুজে যে, এনে মন্তব্যৰ বাবে ৰাজ্য জ্বলিলেও অসমীয়া ৰাইজে বুকুত কোঠাৰে আঘাত হনাৰ দৰে বেজাৰ পালেও তেওঁৰ ৰাজনৈতিক লাভালাভ ঠিকেই হ'ব। চৌদিশে এতিয়া শ্বেৰমান আলীৰ প্ৰতিকৃতি জ্বলিছে। থানাই থানাই শ্বেৰমান আলীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।

এই ধৰণৰ মন্তব্য অসমীয়া জাতিৰ বাবেই অশনি সংকেত। কংগ্ৰেছৰ নেতৃত্বই শ্ব'কজ দিলেও অচিৰেই সিদ্ধান্ত লওক শ্বেৰমান আলীৰ দৰে লোকক তেওঁলোকে লগত ৰাখিব নে গটিয়াই খেদি দিব ? স্বাভিমানত আঘাত হনা শ্বেৰমান আলীক বিজেপিৰ এজেণ্ট বুলি কৈয়েই প্ৰদেশ কংগ্ৰেছৰ ভূপেন বৰাই দায় সাৰিব নোৱাৰিব।

অবাঞ্চিত আৰু অপ্ৰয়োজনীয় মন্তব্যৰে শ্বেৰমান আলীৰ দৰে লোকসকলক সংখ্যালঘুৰ ৰাজনীতিৰ দালালি কৰিবলৈ এৰি দিব নোৱাৰি। অতি সাম্প্ৰদায়িক মনস্বতত্ত্বৰে নিকৃষ্ট ৰাজনীতিৰ হাতোৰা মেলি এই সকল নেতাই সদায় আৱেগৰ সৈতে খেলিবলৈ সুযোগ গ্ৰহণ কৰি আহিছে।

অসম আন্দোলনৰ ছহিদক দুৰ্বিত্বৰ সৈতে তুলনা কৰি অসমীয়া ৰাইজৰ আৱেগত আঘাত কৰা শ্বেৰমান আলী কেতিয়া গ্ৰেপ্তাৰ হ'ব? এইখন অসমতে ছহিদ সেনাক অপমান কৰা, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত মন্তব্য কৰা, আব্দুল মালিকৰ দৰে লেখকক সামাজিক মাধ্যমত অৰুচিপূৰ্ণ মন্তব্য কৰাৰ বাবে বহু জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা উদাহৰণ আছে।

তেনে স্থলত শ্বেৰমান আলীক কিয় আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে? তেওঁলোকৰ এনে মন্তব্যই অসমীয়া জাতিসত্ত্বাত বিভাজনৰ বীজ ৰোপন কৰিছে। নৱনিৰ্বাচিত কোন কোনো জন প্ৰতিনিধিৰ ক্ৰিয়া প্ৰতিক্ৰিয়াতো প্ৰত্যক্ষভাৱে নহলেওঁ পৰোক্ষভাৱে অসমীয়া জাতি সত্ত্বাত আঘত কৰাৰ উদাহৰণ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে।

সেই সকলেও অতি সাৱধানতাৰে এই বিষয়সমূহ বিবেচনা আৰু অনুধাৱন কৰা উচিত। চৰকাৰৰ সমালোচনা কৰাৰ নামত অযথা যুক্তিৰে অসম আন্দোলনৰ লগতে জাতীয় দিশ সমূহক উপেক্ষা কৰি তেওঁলোকে কি জাতি, মাটি উদ্ধাৰ কৰিব?

দল, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে খিলঞ্জীয়া লোকৰ স্বাৰ্থত এখন সৰ্বাঙ্গীন সুন্দৰ অসমৰ কামনা ৰাইজে কৰে। তাত কেতিয়াও বি জে পি, কংগ্ৰেছ, এ আই ইউ ডি এফৰ অসম বুলি প্ৰশ্ন নুঠে। সেই সমন্বয়ৰ পৰিৱেশৰ মাজত অসমীয়া জাতি সত্ত্বাক ভাঙোনমুখী কৰি কেইদিনমানৰ কাৰণে ক্ষমতাৰ সোৱাদ লবলৈ আমাৰ পৰম্পৰা আৰু ইতিহাসক বিকৃত কৰাৰ অধিকাৰ ৰাইজে দিয়া নাই।

ছহিদক সমালোচনা কৰাৰ অধিকাৰ আৰু দুঃসাহস শ্বেৰমান আলীয়ে কেনেকৈ পালে? কালিলৈ তেওঁ খৰ্গেশ্বৰ তালুকদাৰকো দুৰ্বৃত্ত আখ্যা দিবলৈ সাহস কৰিব। এইবোৰ কথা প'ষ্টমৰ্টেম কৰি অসম আন্দোলনৰ ছহিদক মিঞাই মাৰিবই বুলি শ্বেৰমান আলীয়ে যি উৰ্ধবাহু প্ৰদৰ্শন কৰি মতামত দিলে সেই মতামতত তেওঁৰ নিকৃষ্ট ৰাজনীতিৰ চিন্তাৰ প্ৰতিফলন ঘটিল।

শ্বেৰমান আলীয়ে আঠুলৈ ক্ষমা খুজিলেও তেওঁক অসমৰ ৰাইজে ক্ষমা কৰি নিদিব। কিন্তু তেওঁ ক্ষমা খুজিবই লাগিব। অনুপ্ৰৱেশকাৰী, বেদখলকাৰী পক্ষলৈ সমাজ জীৱনক পংগু কৰি গোপন এজেণ্ডাৰে তেওঁ যি সপোন দেখিছে সেই সপোন পৰিহাৰ কৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in