লুৰীণ-অখিলেও উত্তৰ দিব লাগিব…

লুৰীণ-অখিলেও উত্তৰ দিব লাগিব…

মৃদুল কুমাৰ সন্দিকৈ

এটা সমষ্টিত কেইজনে টিকট পাব? এটা দলৰ হৈ কেইজনে নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিব পাৰিব? হিন্দী ছবিৰ এক বিখ্যাত ডাইলগৰ দৰে 'এক ফুল দো মালী'ৰ দৰে এটা টিকট বহু দাবীদাৰ হৈছে। শাসকীয় দলত টিকট বিচৰা লোকৰ অভাৱ নহয়।

দিছপুৰ সমষ্টিতেই এতিয়া একাধিক শাসকীয় দলৰ প্ৰাৰ্থীৰ দাবীদাৰ। বিজেপি বিধায়ক অতুল বৰা আছেই। চাইকেল চলাই সেই টিকটৰ দাবীৰে সমষ্টিয়ে সমষ্টিয়ে ঘূৰিছে আন কেইবাজনো। নিজ দলৰ বিধায়কগৰাকীৰ ব্যৰ্থতাৰ কাহিনী কৈছে তেওঁৰে সতীৰ্থই।

পূৰ্বতেও প্ৰাৰ্থীত্বকেন্দ্ৰিক এনে তৎপৰতা দেখিবলৈ পোৱা যায় যদিও এইবাৰ ছবিখন পৃথক। নতুন বছৰৰ শুভেচ্ছা জনাই, আন উৎসৱৰ শুভেচ্ছা দিয়াৰ নামত সৰু-ডাঙৰ সকলো চহৰতে উৰিছে নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিব বিচৰা একাংশৰ বেনাৰ-হৰ্ডিং।

দলে কাকো টিকট দিয়া নাই। নিৰ্বাচনী আনুষ্ঠানিকতা আৰম্ভ হোৱা নাই, তাৰপাছতো প্ৰায় ৩-৪মাহৰ আগৰ পৰাই নিজৰ ফটো সম্বলিত বেনাৰ-পোষ্টাৰ আঁৰি টিকট বিচৰা এনে লোকৰ সংখ্যা ৫-৬সহস্ৰাধিকৰো অধিক হব।

দলে এজনকেই টিকট দিব, কিন্তু বিচৰা মানুহ একাধিক হোৱাটোৱেই স্বাভাৱিক। ভোটাৰ ৰাইজ বা সমষ্টিবাসীক একপ্ৰকাৰৰ বিবুধিত পেলাই সকলোৱে কেৱল কয়, দলে যি দায়িত্ব দিয়ে, সেই দায়িত্ব পালন কৰিব। কিন্তু তৎপৰতা নিৰ্বাচনক লৈ, স্বাৰ্থ নিজৰ। নিৰ্বাচনত যিকোনো প্ৰকাৰেৰে টিকট এটা যোগাৰ কৰি প্ৰতিন্দন্দ্বিতা কৰিব পাৰিলেই দৌৰ শেষ হয়।

এতিয়া অসমত নিৰ্বাচনৰ বতৰ। প্ৰফুল্ল কুমাৰ মহন্তক বঢ়মপুৰৰ পৰা টিকট নিদিবলৈ বিজেপিক সেই আসন অসম গণ পৰিষদে এৰি দিলেও আচৰিত হ'ব লগা একো নাই। সকলো এতিয়া নিজৰ নিজৰ অংকত, নিৰ্বাচনৰ নামত প্ৰতিন্দন্দ্বীক বধাৰ সমীকৰণত ব্যস্ত।

পূব গুৱাহাটীততো একেই দৃশ্য। শাসকীয় বিজেপিৰে ৩-৪জন নেতাৰ বেনাৰ-পোষ্টাৰ। শান্তুনু ভৰালী, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভিতৰত কোনো পাব টিকট তাক লৈয়ে চৰ্চা। নগাঁৱত ৰাজেন গোহাঁইৰো তৎপৰতা। নিজৰ বাবে নহলেও পৰিয়ালৰ বাবে লাগে এটা টিকট।

হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে কৈছে, নিৰ্বাচন তেওঁ নেখেলে। তেনেহলে কোন হব জালুকবাৰীৰ বিজেপি টিকটৰ দাবীদাৰ। কংগ্ৰেছৰ পৰা আহি ৰাইজৰ দলত জপিয়াই পৰা সকলেও সুযোগ বুজি মাত দিছে, দলে টিকট দিলে মই খেলিম জালুকবাৰীৰ পৰা নিৰ্বাচন।

পলাশবাৰীত ব্যস্ত ৰূপম গোস্বামী। তাত অৱশ্যে আন বিজেপিৰ যুৱ নেতাৰো হৰ্ডিং উৰিছে। মুকলিকৈ নকলেও টিকটৰ পিছতে দৌৰিছে। কংগ্ৰেছত ৬০০ৰো অধিক আবেদন পত্ৰ পৰিছে টিকট বিচাৰি। অথাৎ দলটোৰ পৰা প্ৰতিটো সমষ্টিত গঢ়ে ৫জনকৈ লোক টিকট বিচাৰিছে। কোনো কোনোৱে কংগ্ৰেছৰ টিকট বিচাৰি আবেদন কৰি সামাজিক মাধ্যমত লিখিছে, এইবাৰ যদি দলে টিকট নিদিয়ে, তেনেহলে জীৱনত আৰু….

বুজাই বুজিব, জীৱনত আৰু কি? আন কিছুৱে টিকটৰ বাবে অধিবক্তা, শিক্ষকৰ চাকৰি বা আন কাম দিবলৈও সাজু। দৌৰি আহিছে, সকলোকে টিকট লাগে। টিকটৰ মোহত এতিয়া সকলো বন্দী। আগতে টিকট বিচাৰি এনেদৰে কোনেও হাহাকাৰ কৰা নাছিল।

দলৰ নেতৃত্বই টুকুৰিয়াই চাই চাই মাতি আনি নিৰ্বাচন খেলিব লাগে বুলি টিকট দিছিল। কিন্তু এইবোৰ এতিয়া সপোন। নিৰ্বাচনৰ পূৰ্বে এতিয়া হৰ্ডিঙৰ ৰাজনীতি চলিছে। কোনো কিমান জয়ৰ সম্ভাৱনা বুলি প্ৰমাণ কৰিব পাৰে, তাৰ প্ৰতিযোগিতাত নামিছে।

গুৱাহাটী মহানগৰীতে এতিয়া হৰ্ডিং, বেনাৰৰ লানি লাগিছে। টিকট বিচাৰি নিজৰ বিজ্ঞাপন অতি কৌশলেৰে দিছে। এয়া হ'ল, ৰাজনীতিৰ বিজ্ঞাপন। সেই বিজ্ঞাপনৰ লক্ষ্য আৰু উদ্দ্যেশ্য, যিকোনো প্ৰকাৰে টিকট লাভ কৰি নিৰ্বাচন খেলা।

কোনো কোনোৱে নতুন দল গঠন কৰি পোষ্টাৰ বেনাৰ আঁৰি গণভিত্তি নাথাকিলেও কৈ ফুৰিছে- মই এইবাৰ নিৰ্বাচন খেলিম। ৰাজধানীৰ সমীপতে তেনেদৰে পোষ্টাৰ-বেনাৰ মাৰি ফুৰা লোকৰো অভাৱ নাই। আন একাংশই কংগ্ৰেছৰ বাহুত ধৰি আঞ্চলিকতাবাদৰ ভেটিঁত উঠি বিধায়ক হোৱাৰ সপোনত মগ্ন।

যোৰহাটতো টিকটকেন্দ্ৰিক তৎপৰতা কম নহয়। নিৰ্বাচনত পৰাজিত হোৱা কংগ্ৰেছৰ নেতাই পুনৰ ককালত টঙালি বান্ধি মানুহৰ মাজে মাজে ঘূৰিছে। হাত যোৰ কৰি ৰাইজক কৈছে- ৰাইজ চাব, এইবাৰ যাতে সেইবাৰৰ দৰে নহয়।

দলে প্ৰক্ষেপ কৰাতকৈ নিজে নিজক প্ৰক্ষেপ কৰাত ব্যস্ত আমাৰ নেতাসকল। এই ৰাজনৈতিক প্ৰক্ষেপতো যে, ক'ত কথা লুকাই থাকে। মাজুলীক বাদ দি নামনি অসমৰ পৰা নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিবলৈ মুখ্যমন্ত্ৰীকে নিজ দলৰ সভাপতিয়ে জনোৱা আহ্বান সাধাৰণ নহয়।

মানুহৰ সপোনা থাকে। নেতাৰো সপোন নিৰ্বাচন। জিকিলে ভাল, নিজিকেলেও একো নাই। এয়াই এতিয়া একাংশ নেতাৰ পেছা। লাজ-মান কাটি কৰি কংগ্ৰেছৰ পৰা বহিষ্কৃত হৈ থকৰ পাছতো দলৰ পৰা টিকট বিচৰা নেত্ৰীও এইখন অসমত আছে।

নতুন আঞ্চলিক দলবোৰতো কংগ্ৰেছ বিজেপিৰ দৰেই টিকট বিচৰা লোকৰ সমদল। কোনোবা নেতাৰ কাষত এঘন্টা থিয় হলেই তেওঁৰ মোবাইলত অহা ফোনবোৰ শুনিলেই গম পোৱা যায়, কোনে কিয় তেওঁৰ সৈতে কথা পাতিছে। যেতিয়া কয়- সময় আছে, চাম দিয়ক।

এই সময়ত আৰু আন কিহৰ চোৱাৰ কথা। এনে প্ৰাৰ্থীত্ব প্ৰত্যাশী ধনৱানসকলক দুই-একে সকলো দোষ-গুণ মাফ কৰি দি কাষ চপাই বুকুৰ মাজত সামৰি লৈছে। লক্ষ্য নিৰ্বাচনত জিকাতকৈ দৃষ্টি তেওঁৰ ধন মোনাত।

টকা নহলে নিৰ্বাচন খেলিব নোৱাৰি। সেই কথা নুবুজা লোক এতিয়া নাই। এতিয়া নিৰ্বাচন খেলিবলৈ ইচ্ছ্যু নালাগে, লাগে মোটা অংকৰ ধন। সাধাৰণ মানুহৰ বাবে নিৰ্বাচনৰ আগত এই খেলবোৰ হৰ্ডিং-পোষ্টাৰত দৃষ্টিগোচৰ হলেও ভিৰতি টিকটৰ খেল চাৰিবেৰৰ মাজত চলে।

শেষ মুৰ্হূতলৈকে পাম বুলি ভাৱি থকা টিকটো নোপোৱাজনে খুব বেছি বিসম্বাদ কৰিব। আন দললৈ গুচি যাব। কিন্তু এটা দলে এজনতকৈ অধিক প্ৰাৰ্থীক টিকট দিব নোৰাৱে। সেয়েহে দলবোৰেও শেষ মুৰ্হূতৰ বাবে ৰৈ থাকে। টিকট ঘোষণা হোৱাৰ পাছতো যাতে, বিসম্বাদৰ ধুমুহাই কঁপনি তুুলিব নোৱাৰে।

প্ৰতিটো সমষ্টিতেই টিকট পাম বুলি ভাৱি থকা এই লোকসকলে এতিয়া প্ৰচাৰ চলাই আছে। দিল্লী-দিছপুৰক কেনেদৰে মেনেজ কৰিব পাৰি, তাৰ চেষ্টাত ব্যস্ত। অৱসৰ গ্ৰহণ কৰা উচ্চ পদস্থ বিষয়াইও সেই বাটেৰে দৌৰি টিকটৰ আশাত দিল্লী-দিছপুৰলৈ তাত-বাতি কাঢ়িছে।

টিকটহে লাগে, হৰা-জিকা পিছৰ কথা। এই টিকট বিচৰা সৰহসংখ্যকেই নিজৰ স্বাৰ্থ-উদ্দ্যেশ্যৰ পিছত দৌৰা তথাকথিত নেতা। ৰাইজৰ সমস্যা তেওঁলোকৰ বাবে গৌণ। তেনে বহু নেতা-পালিনেতাৰ কথা উল্লেখ কৰিব পাৰি। যিসকলে অসমৰ মৌলিক সমস্যাক লৈ চিন্তিত হোৱাতকৈ এতিয়া নিজৰ টিকটক জেমেলাক লৈ ব্যস্ত।

গোলাঘাটত নবোৱাৰী হৈ দললৈ যোৱা নেত্ৰীকে দিছে পহুখেদা। কেইবাজনো বিধায়কৰ আকৌ টিকট নোপোৱাৰ দুচিন্তাতে মন আকাশ ডাৱৰে ভৰা। কোনোবাই আকৌ সমষ্টি সলোৱাৰ সিদ্ধান্তৰে কৰি আছে গুণাগাথাঁ। সংখ্যালঘু-সংখ্যাগুৰু, হিন্দু-মুছলমান ভোটাৰক লক্ষ্য কৰি লৈ পানীৰ জৰা-ফুকা কৰা মৌলবী সকলেও নিৰ্বাচনৰ অংক কৰি আছে।

মহামিত্ৰজোঁটৰ আশে-পাশে থাকি আন শিবিৰতো শুঙি ফুৰা সকলে সুযোগ বুজিয়েই মাত দিছে- আহা, আমি একেলগে খেলো নিৰ্বাচন। অথচ তেওঁলোকৰ চিন্তা-চেতনা, জাতীয়তাবাদৰ মিছাঁ আষ্ফালন এতিয়া নীলা শিয়ালৰ ৰং যোৱাৰ দৰেই স্তিমিত হৈ পৰিছে।

কি বিচিত্ৰ এই ৰাজনীতি জগত। মানুহক কোনে কেনেদৰে আভুৱা ভৰাই ধৰিব নোৱাৰি। এতিয়া অখিল গগৈ পক্ষে কন্দা সকলে এদিন অখিল গগৈৰ ওপৰত গোচৰ জাপি দিছিল আৰু তেতিয়া অখিল গগৈৰ কাষত থিয় দিয়াসকলে এতিয়া তেওঁৰ ডিঙিত চেপি ধৰিছে।

চৌদিশে এতিয়া কেৱল বিবুধিত পৰিছে মানুহ। কাক বিশ্বাস কৰিব, কোনো টিকট পাব। কিহৰ ভিত্তিত দিয়া হয় এই টিকট? জনপ্ৰতিনিধি হবলৈ কোনো শিক্ষাগত অৰ্হতা নালাগে। অথচ চকীদাৰগিৰি কৰিবলৈ মেট্ৰিক পাছ কৰিব লাগে। এজন নেতাই দুটা সমষ্টিৰ পৰা একেলগে প্ৰতিন্দন্দ্বিতা কৰিব পাৰে।

ৰাইজেই ৰজা বুলি কোৱা হয়, কিন্তু কিমান সময়ৰ বাবে? ভোট দি আঙুলিত চিয়াহীৰ চাপ লৈ ঘূৰি অহাৰ পাছতেই একোজন ভোটাৰ হৈ পৰে ৫বছৰৰ বাবে মূল্যহীন। তাৰপাছত ৰাইজৰ ভোটেৰেই নেতা-মন্ত্ৰী হোৱাসকলৰ দপদপনি চলে।

আমি বিকাশ বিচাৰিছিলো, উন্নয়ন আমাৰ লক্ষ্য আছিল। সকলোৰে আনন্দ সৰ্বানন্দ-শ্লোগান মানুহে দিছিল। সেইবোৰ এতিয়া পাহৰণিৰ গৰ্ভত। হিতাধিকাৰী সৃষ্টিৰ নামত আমাক পংগু কৰি পেলোৱা সকল কিহৰ আমাৰ শুভাকাংশী? এটা জাতিক দেউলীয়া কৰিবলৈ কেইটামান ভোটৰ স্বাৰ্থত ইয়াতকৈ আৰু ক্ষতি একো কৰিব নালাগে।

এতিয়া ৰাইজৰ আস্থা কাৰ ওপৰত হব? শাসনত থাকোতে এখন মুখ, শাসন গলে আন এখন মুখ। ইমানেই পাৰ্থক্য ৰাজনৈতিক দলবোৰৰ মাজত। ৬নং দফা কি হ'ল? দাঢ়ি-ক'মাৰে ৰূপায়ন কৰিম বুলি কোৱা সকলেই চোন ক'ব লগা হ'ল- পৰামৰ্শদাতা কমিটিয়ে দিয়া পৰামৰ্শ ৰূপায়ন কৰাতো সম্ভৱ নহয়।

কেইখন মুখ তেওঁলোকৰ? আৰু নতুনকৈ চামিল হোৱা সেইসকলৰ সুধিব মন যায়, ডাঙৰ ডাঙৰ ভাষণ দি তোমালোক ব্যস্ত থাকা। কি হ'ল এইবোৰ কথা। এন আৰ চিত নাম বাদ পৰা সকলেও ভোট দিব পাৰিব, এজন প্ৰাক্তন বয়োজ্যেষ্ঠ মন্ত্ৰীয়ে মাত মাতিব লগা হৈছে।

ক'ত এতিয়া তোমালোকৰ সেই দৃঢ়তা? কা, অসমৰ সমস্যা এইবোৰ তোমালোকৰ ভাষণ শুৱনি কৰা একো একোটা অলংকাৰ হৈ ৰৈ যাব নেকি? কিয় বাৰে বাৰে এনেদৰে বিশ্বাসঘাটক কৰা হয়, অসম আৰু অসমীয়াক। সেই প্ৰশ্নৰ উত্তৰ এতিয়া দিব কোনে, সকলোচোন ব্যস্ত টিকট, নিৰ্বাচনী সভা আদিত…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in