১০টা কামঃ বুজিম, কিমান ভাল পাই অসমক…

১০টা কামঃ বুজিম, কিমান ভাল পাই অসমক…

মৃদুল কুমাৰ সন্দিকৈ

ঠাৎ আকৌ অসমলৈ মৰম উপজিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। ৰাজ্যবাসীৰ প্ৰতি মোডীৰ মৰম এনেদৰে উথলি পৰিছে যে, শেহতীয়াকৈ ২৩ফেব্ৰুৱাৰী, ২০২১ত ধেমাজিলৈ আহি কৈ গ'ল- নিৰ্বাচনৰ তাৰিখ ঘোষণা নোহোৱালৈকে নিৰ্বাচন হ'ব লগা ৰাজ্যকেইখনৰ লগতে অসমলৈ তেওঁ আহিয়েই থাকিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম প্ৰেম এয়াই প্ৰথম নহয়। ২০১৪চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ অন্য প্ৰান্তৰ লগতে অসমলৈ সঘনাই আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তাৰপাছত ২০১৬চনৰ মোডীৰ সঘন আহযাহ হৈছিল অসমলৈ।

২০১৬চনৰ ২০ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোডীয়ে গুৱাহাটীত মহাজাগৰণ ৰেলীত অংশ লৈছিল। সেই ৰে'লীতে অংশ লৈ মোডীয়ে ভাষণত কৈছিল আপোনালোকে দেশক ১০বছৰ প্ৰধানমন্ত্ৰী দিলে, সেই প্ৰধানমন্ত্ৰীয়ে আপোনালোকক কি দিলে?

১৫বছৰ তৰুণ গগৈ চৰকাৰে অসমৰ কি অৱস্থা কৰিলে। ইয়াৰ বাবে জগৰীয়া কোন? কৃষক-মজদুৰ, সাধাৰণ লোক সকলোৱে সৰ্বহাৰা হৈছে। ইয়াৰ পৰা পৰিত্ৰাণ বিছাৰে নে নিবিছাৰে? লগতে তেওঁ কংগ্ৰেছক কটাক্ষ কৰি কৈছিল ১৫বছৰ ৰাজ্যত শাসন কৰা দলটোৱে এতিয়া মোৰ ১৫মহীয়া প্ৰধানমন্ত্ৰী কাৰ্যকালৰ হিচাপ বিছৰাতো হাস্যকৰ।

২০১৬চনৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হৈছিল ৪ মাৰ্চত। তাৰপূৰ্বেই এই নিৰ্বাচনী তৎপৰতা। ২০১৪চনৰ ২৯নৱেম্বৰত প্ৰধানমন্ত্ৰীৰ দুদিনীয়া অসম ভ্ৰমণসূচীৰে আহিছিল। সেই ভ্ৰমণসূচী আছিল চৰকাৰী। ৩০ নৱেম্বৰ,২০১৪ত প্ৰধানমন্ত্ৰী মোডীয়ে আৰক্ষী সঞ্চালক প্ৰধানসকলৰ এক সন্মিলনত অংশ লৈছিল।

৮ফেব্ৰুৱাৰী ২০১৪ত ইয়াৰ পূৰ্বে মোডী আহিছিল গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ। লোকসভা নিৰ্বাচনৰ বতৰত ১৯ এপ্ৰিল ২০১৪ত নৰেন্দ্ৰ মোডীয়ে নগাওঁ, বঙাইগাওঁ আৰু মঙলদৈ একেদিনাই ৩খন নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

এয়া নিৰ্বাচনী বতৰত প্ৰধানমন্ত্ৰী মোডীৰ অসমলৈ অহা কিছু তথ্য। অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পাছত ২০১৬চনৰ ২৭মাৰ্চত অসমলৈ আহিছিল মোডী। সেইবাৰ ৰঙাপাৰাত বিশাল জনসভাত অংশ লৈ মোডীয়ে অসমৰ ৰাইজক আৱেগিক কৰি পেলাইছিল।

মোডীয়ে কৈছিল সেইদিনা,- "আপোনালোকে ভাৰতৰ প্ৰান্তে প্ৰান্তে অসমৰ জয়জয়কাৰ পোৱাতো বিচাৰে নে নিবিচাৰে? যদি বিচাৰে এইবাৰ নিৰ্বাচনত বিজেপিক সংখ্যাগৰিষ্ঠতা দি শাসনলৈ আনক। তাৰপাছত দেখিব দেশৰ বিভিন্ন প্ৰান্ত A ফৰ ASSAM বুলি শিশুৱে পঢ়িব। আসাম কা আনন্দ সৰ্বানন্দ।"

কি মৰম মোডীৰ অসমৰ প্ৰতি। নিৰ্বাচনী সভাত মোডীয়ে কোৱা A ফৰ ASSAM বুলি শিশুৱে পঢ়িব বুলি কোৱা ভৱিষ্যতদ্বাণী সপোন হৈয়ে ৰ'ল। নিৰ্বাচনৰ সময়ত মাজুলীলৈও গৈছে প্ৰধানমন্ত্ৰী মোডী। বিহপুৰীয়া, বোকাখাত, যোৰহাট, কোকৰাঝাৰ, শিলচৰ এইবোৰ স্থানত পৰেগৈ মোডীক কঢ়িয়াই নিয়া হেলিকপ্টাৰ।

চৌদিশে পৰিপূৰ্ণ হৈ থকা জনসভাত এনে বহু প্ৰতিশ্ৰুতি দি প্ৰধানমন্ত্ৰী মোডী উভতি যায়। অসমৰ ৰাইজে ভাৱিছিল অন্ততঃ পূৰ্বৰ শাসক বা নেতাসকলৰ দৰে মোডী নহ'ব। কথা দি কথা ৰাখিব নৰেন্দ্ৰ মোডীয়ে। ২০১৬ৰ নিৰ্বাচন অনুষ্ঠিত হল। অসমৰ ৰাইজে মোডীৰ কথা ৰাখিলে।

শাসনলৈ আহিল বিজেপি নেতৃত্বাধীন NDA চৰকাৰ। ৮৪খন আসনত প্ৰতিন্দন্দ্বিতা কৰি ৬০খন আসনত বিজেপি জয়ী হ'ল। ধৰাশায়ী হ'ল কংগ্ৰেছ। ১২২খন আসনত প্ৰতিন্দন্দ্বিতা কৰিছিল যদিও মাত্ৰ ২৬খন আসনতহে জয়ী হল দলটো।

অগপই ২৪খন আসনত প্ৰাৰ্থীত্ব প্ৰদান কৰি ১৪খন আসন লাভ কৰিলে। বি পি এফে লাভ কৰিলে ১২খন আসন। এই নিৰ্বাচনত ৪৯৬গৰাকী নিৰ্দলীয়া প্ৰাৰ্থীয়ে প্ৰতিন্দন্দ্বিতা কৰিছিল। জয়ী হল এগৰাকী নিৰ্দলীয় সদস্য।

বহুকেইটা সমষ্টিত কংগ্ৰেছ-বিজেপি- এ আই ইউ ডি এফৰ মাজত তীব্ৰ প্ৰতিন্দন্দ্বিতা হৈছিল। ৭৭টা সমষ্টিতে দ্বিতীয়স্থানত আছিল কংগ্ৰেছৰ প্ৰাৰ্থী। শিলচৰত বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰ কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ মাত্ৰ ৭,৫৫৩টা ভোটতহে জয় সাব্যস্ত কৰে।

কৰিমগঞ্জ(দক্ষিণ)ত কংগ্ৰেছৰ প্ৰাৰ্থী ৫ হাজাৰতকৈ কম ভোটত পৰাস্ত হৈছিল। বৰহোলাত বিজেপি প্ৰাৰ্থী জয়ী হৈছিল মাত্ৰ ৪৮টা ভোটৰ ব্যৱধানত। বোকাজানত বিজেপি প্ৰাৰ্থী নোমল মমিন ৪,৭৪৪টা ভোটত জয়ী হৈছিল। হাওৰাঘাটত বিজেপি প্ৰাৰ্থীয়ে ৬,৩৯১টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

পূব বিলাসীপাৰাত বিজেপি প্ৰাৰ্থীগৰাকী ৫০৯৬টা ভোটৰ ব্যৱধানত জয়ী হৈছিল। বৰপেটাতো সেই ব্যৱধান ১০হাজাৰতকৈ কম আছিল। বটদ্ৰৱাতো কাণে কাণ মাৰি জয়ী হৈছিল বিজেপি প্ৰাৰ্থী। বঢ়মপুৰ, নাহৰকটীয়া, শদিয়া, বিশ্বনাথা চাৰিআলি আদি সমষ্টি বোৰত বিজেপি-অগপ প্ৰাৰ্থী জয়ী হলেও সেই জয় নিঃকন্টক নাছিল।

পুনৰ ২০২১চনৰ নিৰ্বাচনৰ বতাহ বলা লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসম মুখী হ'ল। ২০২০ত বিটিআৰ চুক্তি স্বাক্ষৰ কৰা উপলক্ষে আয়োজিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী আহিছিল অসমলৈ। তাৰপাছত কোৰোনা কাল। পৰিৱেশ-পৰিস্থিতি কিছু উন্নত হোৱাৰ বাবে ২৩ জানুৱাৰী,২০২১ত সুশৰীৰে শিৱসাগৰ জেৰেঙা পথাৰ পালেহি প্ৰধানমন্ত্ৰী।

এক লক্ষাধিক লোকক মাটিৰ পট্টা প্ৰদানৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে আহিছিল মোডী। কিন্তু
সেয়াই আছিল প্ৰধানমন্ত্ৰী মোডীয়ে সুশৰীৰে আহি অসমত বিধানসভা নিৰ্বাচনৰ ৰণশিঙা প্ৰথমটো দিন। তাৰ ১৪দিনৰ পাছত ৭ফেব্ৰুৱাৰী ২০২১ত ঢেকীয়াজুলিলৈ আহিল প্ৰধানমন্ত্ৰী।

চৰাইদেই, বিশ্বনাথ চাৰিআলিত দুখনকৈ মেডিকেল কলেজত আধাৰশিলা স্থাপন কৰি বিজেপিৰ পক্ষত নিৰ্বাচনী বতাহ বলাই মোডী উভতিল। ইয়াৰ আৰু ১৪দিনৰ পিছত অথাত ২২ফেব্ৰুৱাৰী২০২১ত পুনৰ অসমলৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।ইবাৰ মোডী নামিলহি ধেমাজীৰ কুলাজানৰ পিয়াং চাপৰিত থকা চিতলমাৰী পথাৰত।

সময় পাৰ হোৱাৰ লগে লগে অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে। চৰকাৰী অনুষ্ঠানত অংশ লৈয়ে প্ৰধানমন্ত্ৰী মোডীয়ে নিৰ্বাচনী প্ৰচাৰ চলালে। এক অৰ্থত চৰকাৰী খৰছত নিৰ্বাচনী প্ৰচাৰ, এক গুলী, দুই চিকাৰ।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৱেবচাইটত উপলদ্ধ তথ্য অনুসৰি, ২০২১বৰ্ষত চাৰিটা ভ্ৰমণসূচীৰে দিল্লী এৰিছে নৰেন্দ্ৰ মোডীয়ে। ইয়াৰে ২৩জানুৱাৰীত অসম আৰু পশ্চিম বংগ। ৭ফেব্ৰুৱাৰীত অসম আৰু পশ্চিম বংগ, ১৪ফেব্ৰুৱাৰীত তামিলনাডু আৰু কেৰালা, ২২ ফেব্ৰুৱাৰীত অসম আৰু পশ্চিম বংগ।

এই চাৰিখন ৰাজ্যতে সন্মুখত নিৰ্বাচন। অসম আৰু পশ্চিম বংগক যে বিজেপিয়ে অধিক গুৰুত্ব দিছে আৰু সেই উদ্দেশ্যই শেহতীয়া দিনকেইটাত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ লক্ষ্য হৈ পৰিছে অসম আৰু চুবুৰীয়া ৰাজ্য পশ্চিমবংগ।

অৱশ্যে প্ৰায়ে বিদেশ ভ্ৰমণলৈ যোৱা মোডীয়ে ২০১৯ৰ ১৫নৱেম্বৰৰ পৰা বিদেশ ভ্ৰমণলৈ যোৱা নাই। শেষবাৰ তেওঁ ১৩নৱেম্বৰত ব্ৰাজিললৈ গৈছিল আৰু ১৫নৱেম্বৰত ঘূৰি আহিছিল। অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৬চনত কোৱা কথাবোৰ পুনৰ কোৱা নাই।

এইবাৰ তেওঁৰ মুখত পুনৰ নতুন কথা। বিকাশ, উন্নয়ন আৰু হিতাধিকাৰী সৃষ্টি, চৰকাৰী আঁচনিৰ গুণগান। ইটোৰ পাছত সিটোৰ আধাৰশিলা স্থাপন। দুটাকৈ কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱা মোডীয়েও অসমৰ মৌলিক সমস্যাবোৰলৈ পিঠি দি উন্নয়নৰ ছবিখন আধাৰশিলা, ভূমিপূজন আঁচনি আদিৰে তুলি ধৰাৰ চেষ্টা কৰিছে।

মূল্যবৃদ্ধি সাধাৰণ জনতাৰ বাবে এক ডাঙৰ সমস্যা বুলি অনুভৱ কৰা নৰেন্দ্ৰ মোডীয়ে আজি মূল্যবৃদ্ধি নেদেখে। প্ৰধানমন্ত্ৰী মোডীয়ে অসমক ভাল পায়, অসমলৈ অহাটোৱে তাৰ প্ৰমাণ বুলি তেওঁৰ সমৰ্থকসকলে কব খোজে। ডিঙিত গামোছা লৈ অসমৰ গামোছাক বিশেষ মৰ্যদা দিয়া বুলিও বহুত সন্তুষ্টি লভে।

যদি প্ৰধানমন্ত্ৰী মোডীৰ ইমানেই অসমৰ প্ৰতি মৰম আৰু অষ্টলক্ষী আখ্যা দিয়া উত্তৰ-পূবৰ প্ৰতি আন্তৰিকতা আছে তেনে প্ৰধানমন্ত্ৰী হিচাপে মোডীয়ে অসমৰ সাধাৰণ ৰাইজে বিচৰা তলৰ দহটা কাম কিয় কৰি দিব নোৱাৰে?

১. অসমৰ ৰাইজে কা বিচৰা নাছিল। এতিয়া নিৰ্বাচনৰ বতৰ। প্ৰধানমন্ত্ৰী মোডীয়ে কব পাৰিবনে, ৰাইজে নিবিচৰা কা অসমত প্ৰণয়ন কৰা নহয়। কিয়নো তেৱে এদিন অসমৰ বাংলাদেশী সমস্যাক লৈ সৰৱ হৈছিল। টালি-টোপোলা বন্ধা সেই দিন নাহিল কিন্তু কা আহিল।

২. ৰাজ্যৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে অসম চুক্তিৰ ৬নং দফাৰ কাৰ্যকৰী কৰাৰ কথা মোডী চৰকাৰেই কৈছিল। গঠন কৰি দিয়া হৈছিল ৬নং দফা ৰূপায়নৰ বাবে চৰকাৰক পৰামৰ্শ প্ৰদানৰ বাবে এখন পৰামৰ্শদাতা কমিটি। সেই কমিটিৰ প্ৰতিবেদনত থকা পৰামৰ্শ মানি অসমক ভাল পাই যদি মোডী চৰকাৰে ৰূপায়নৰ ব্যৱস্থা কৰি দেখাওক। ইতিমধ্যে ৰাজ্য চৰকাৰে সেয়া সম্ভৱ নহয় বুলি কৈছে।

৩. জনজাতিকৰণ এতিয়া ললিপপৰ দৰে হৈছে। ৬জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি বিজেপিয়েও দিছিল। নিৰ্বাচনৰ পূৰ্বে পুনৰ এই জনজাতিকৰণ প্ৰসংগই নেতাৰ মুখত স্থান পাব। প্ৰধানমন্ত্ৰী মোডীয়ে সেই প্ৰতিশ্ৰুতি পালন কৰি দেখাওক।

৪. কৃষকসকলে উপযুক্ত মূল্য উৎপাদিত সামগ্ৰীৰ বাবে লাভ নকৰে। যি নূন্যতম মূল্য অসমৰ কৃষকে পায় সেয়া অতি দুখলগা। বিশেষকৈ ৰাজ্যৰ ধান, মৰাপাট আদি খেতিয়কসকলক নূন্যতম মূল্যত তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ ব্যৱস্থা কৰি দিয়ক।

৫. নিৰ্বাচন আহিলে অসমলৈ মনত পৰে। বানপানীত ককবকাই থাকিলেও অসম তথা অসমবাসীৰ কথা প্ৰধানমন্ত্ৰী গৰাকীৰ মনত নপৰে। সেই অভিজ্ঞতা অসমবাসীৰ আছে। অসমৰ বানপানীৰ সমস্যা সমাধান কৰা বাস্তৱমুখী আচঁনি মোডীয়ে গ্ৰহণ কৰি দেখাৱক।

৬. নদীবান্ধ অসমৰ ৰাইজে বিৰোধ কৰি আহিছে। কিন্তু শাসনলৈ যি আহে, নদীবান্ধৰ পক্ষত থিয় দিয়ে। যদি মোডীয়ে অসমবাসীৰ কথা সচাঁকৈয়ে ভাৱে, নদীবান্ধৰ সন্দৰ্ভত উত্তৰাখণ্ডৰ সেই ভয়াৱহ অভিজ্ঞতাৰ পাছত পুনৰ এবাৰ ভাৱক।

৭. অসমৰ প্ৰতিবাদী কন্ঠ অখিল গগৈ। অখিল গগৈক দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী কৰি ৰাখিছে। অসমৰ কন্ঠ হৈ পৰিছিল অখিল গগৈ। এক প্ৰতিবাদী ধাৰাৰ মাজেৰে আগবাঢ়ি ৰাষ্ট্ৰযন্ত্ৰৰ চকুৰ কূটা হৈ পৰিল তেওঁ। আদৰ্শ বা আন মতৰ পাৰ্থক্য থাকিলেও প্ৰধানমন্ত্ৰী মোডীয়ে অসমৰ প্ৰতি সদিচ্ছা প্ৰদৰ্শন কৰি অখিল গগৈৰ মুকলিৰ ব্যৱস্থা কৰক।

৮. ৰাজ্যত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বছৰি ৩০লাখকৈ লোকক চাকৰি দিম বুলি কোৱা নিজৰে প্ৰতিশ্ৰুতি পালন কৰক প্ৰধানমন্ত্ৰীয়ে।

৯. শান্তি আলোচনাৰ নামত অসমৰ বিদ্ৰোহী সংগঠনৰ সৈতে ফলপ্ৰসূ সমাধানসূত্ৰ কেতিয়াও ওলোৱা নাই। সেই সংগঠন সমূহৰ সৈতে আলোচনা প্ৰক্ৰিয়া আৰম্ভ হয় কিন্তু শেষ নহয়। এই দিশত তৎপৰতা প্ৰদৰ্শন কৰক প্ৰধানমন্ত্ৰীয়ে।

১০. অসম বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰপূৰ। বৈচিত্ৰ্যতাৰ মাজতো ঐক্যই বিৰাজ কৰিছিল ইয়াত। শংকৰ-আজানৰ দেশ বুলি অসমবাসীয়ে গৌৰৱ কৰিছিল। সাম্প্ৰদায়িকতাৰ নামত এতিয়া ধৰ্মীয় মেৰুকৰণৰ পৃষ্ঠপোষকতা ৰাজনীতিকভাৱে হৈছে। এই পৰিৱেশৰ অন্ত পেলাই অসমৰ পূৰ্বৰ সম্প্ৰীতিৰ পৰিৱেশ ঘূৰাই দিয়ক প্ৰধানমন্ত্ৰীয়ে।

অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহিছে, আহিব। সেয়া সুখৰ কথা। কিন্তু কেৱল ৰাজনীতিৰ বাবে প্ৰধানমন্ত্ৰীৰ এনে আহ-যাহে প্ৰকৃততে জানো ৰাজ্যবাসীৰ বাবে সুখ আৰু সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই আনিব? উৰ্ধগামী পেট্ৰ'ল-ডিজেলৰ মূল্য, এন আৰ চি, অবৈধ বাংলাদেশী প্ৰসংগ, সৰ্বসাধাৰণ লোকৰ জীৱন সংগ্ৰামৰ কাহিনী কেৱল ৰাজনৈতিক ভাষণ বা প্ৰতিশ্ৰুতিৰে সমাধান কৰিব নোৱাৰে।

পূৰ্বৰ দৰেই প্ৰধানমন্ত্ৰী বা আন নেতাৰ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়ে ৰৈ যাব। ৰাইজে আকৌ কথাত ভোল গৈ নিৰ্বাচনত দলে-বলে কাৰোবাৰ সপক্ষে বা বিপক্ষে ভোটদান কৰিব। ৰাইজৰ মৌলিক সমস্যাবোৰ তেনেদৰেই পৰি ৰ'ব। অসমৰ প্ৰতি সচাঁ অৰ্থত আন্তৰিকতা আৰু ভালপোৱা থাকিলে ৰাইজে কি বিচাৰিছে, সেই কথাও প্ৰধানমন্ত্ৰীয়ে নিশ্চয় শুনিব।

অসম এখন সমস্যাবহুল ৰাজ্য। অসমৰ সমস্যাৰ অন্ত নাই। স্বাস্থ্য, শিক্ষা, আন্তগাথঁনি, সামাজিক ন্যায় আদি দিশত ভাৰতৰ আন ৰাজ্যতকৈ অসম পিছপৰা। সেয়েহে ময়ুৰ চৰাইক দিয়াৰ দৰে অসমৰ ৰাইজকো নিৰ্বাচনী টোপ নিদি প্ৰধানমন্ত্ৰী মোডীয়ে অসমৰ সমস্যাসমূহৰ সমাধানৰ লগতে বিকাশ আৰু উন্নয়নৰ গতি তৰাম্বিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰক। তেতিয়াহে অসমৰ ৰাইজে বুজিব, ডিঙিত গামোছা লৈ অসমক ভালপোৱা বুলি দেখুওৱা প্ৰধানমন্ত্ৰী মোডীয়ে অন্তৰৰ পৰা অসম তথা অসমবাসীক কিমান ভাল পায়…

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in