কোনে সোধে মোডীক…

কোনে সোধে মোডীক…

মৃদুল কুমাৰ সন্দিকৈ

এজন ৰজাই এদিন তেওঁৰ ৰাজ্যৰ পৰিস্থিতি বুজ ল'বলৈ ছদ্মৱেশ ধাৰণ কৰি ৰাজ্য ভ্ৰমণ কৰিছিল। এজন বজাৰলৈ ৰজা সোমাই যাওতে দেখিলে এজন চিকাৰীয়ে কিছুমান চৰাই বিক্ৰী কৰি আছে। ডাঙৰ পিঞ্জৰাত থকা চৰাইবোৰ দেখি ৰজাই সুধিলে- এই চৰাইবোৰৰ দাম কিমান?

চিকাৰীয়ে ৰজাক উত্তৰ দিলে- প্ৰতিজনী চৰাই এটা ৰূপৰ মুদ্ৰাৰ বিনিময়ত বিক্ৰী কৰিছে। ৰজাই ভালদৰে লক্ষ্য কৰোতে সেই পিঞ্জৰাৰ কাষতে আন এটা সৰু পিঞ্জৰাত বন্দী কৰি থোৱা আন এজনী চৰাই দেখি ৰজাই সুধিলে- এইজনীও বিক্ৰীৰ বাবে নেকি?

চিকাৰীয়ে উত্তৰ দিলে- সেই চৰাইজনী বিক্ৰীৰ বাবে নহয়। সেইজনী মোৰ পোহনীয়া চৰাই। যদি আপুনি কিনিব খোজে, এই চৰাইজনীৰ বাবদ ৫০টা সোণৰ মুদ্ৰা দিব লাগিব। ৰজাই ভালদৰে চালে পিঞ্জৰাটোলৈ। পিঞ্জৰাটোত বিভিন্ন ধৰণৰ খাদ্য চৰাইজনীৰ বাবে থৈ দিয়া আছে।

ৰজাৰ মনত কৌতূহল হ'ল। একেই চৰাই অথচ এই চৰাইজনীৰ দাম কিয় বেছি? ছদ্মৱেশী ৰজাই চিকাৰীক সুধিয়েই পেলালে কথাতো। চিকাৰীয়ে সগৌৰৱেৰে উত্তৰ দিলে- এইযে চৰাইবোৰ মই ধৰি বিক্ৰী কৰিবলৈ আনিছো, এইবোৰ কেৱল এই নিৰ্দিষ্ট চৰাইজনীৰ বাবেহে সম্ভৱ হৈছে। চৰাই ধৰিবলৈ মই জাল পাতিলে লগৰ চৰাইবোৰক বিশ্বাস দি খাবলৈ এই চৰাইজনীয়ে মাত।

স্বগোত্ৰীয় এই বিশ্বাস অনুসৰি একো নভৱাকৈ বাকীবোৰ চৰাই আহে। আৰু তেতিয়াই ইহতক মই বন্দী কৰো।আচলতে ডাঙৰ পিঞ্জৰাটোত বন্দী হৈ থকা চৰাইবোৰ সৰু পিঞ্জৰাত থকা চৰাইজনীয়ে বিশ্বাসঘাটক কৰাৰ বাবেই মোৰ সজাত বন্দী হৈছে।

সাম্প্ৰতিক সময়ত অসমৰ ৰাজনীতিও এই চৰাই কাহিনীৰ দৰেই হৈ পৰিছে। দিল্লীৰ কোনোবা চিনাকী ভূত্য হৈ পৰা আমাৰ এই চৰাইৰূপী নেতাৰ বাবেই এইদৰে অগণন লোক সেই চিকাৰীৰ পিঞ্জৰাত বন্দী হৈ পৰিছে। তেনে চিকাৰীক গালি পৰাতকৈ প্ৰথমে অসমৰ এনে বিশ্বাসঘাটক চৰাইবোৰক চিনাক্ত কৰাৰ প্ৰয়োজন হৈ পৰিছে।

দিল্লীয়ে আমাক সদায় শাসন আৰু শোষণ কৰি আহিছে। প্ৰয়োজনত সামান্য মৰমৰ প্ৰলোভনেৰে অসমৰ ৰাইজৰ মন জয় কৰাৰ চেষ্টা কৰে। সেই চেষ্টাকে আমাক বহু দিছে বুলি সেই দিল্লীৰ নেতাসকলৰ পিঞ্জৰাত বন্দী হৈ থকা আমাৰেই চৰাইৰূপী নেতাই শ্লোগান দিলে তাকে আমি হয় হয় বুলি সহমত পোষণ কৰি হয়ভৰ দিওঁ।

অসমৰ সমস্যা আন ৰাজ্যৰ সমস্যাতকৈ পৃথক। সমস্যা থাকিলেও সেই সমস্যাবোৰৰ মাজতে সমন্বয় আৰু সম্প্ৰীতিৰে আমি বাস কৰি আহিছিলো। শংকৰ-আজানৰ দেশত সাম্প্ৰদায়িকতাৰ স্থান নাছিল। কিন্তু বাহিৰৰ পৰা আমদানি হোৱা এই সাম্প্ৰদায়িকতাৰ বিষবাষ্প এনেদৰে বিয়পি পৰিছে যে, আপোন মানুহবোৰৰ মাজতেই এতিয়া অবিশ্বাস আৰু সংঘাতৰ পৰিৱেশে গা কৰি উঠিছে।

দিল্লীৰ নেতাসকল অসমলৈ আহে তেওঁলোকৰ হাতত বন্দী হৈ থকা চৰাইৰূপী নেতাক শাসনত অধিষ্ঠিত কৰিবলৈ ভোট বিছাৰি। নিৰ্বাচন আহিলেহে তেওঁলোকৰ অসমলৈ প্ৰীতি জাগে। অষ্টলক্ষ্মী বুলি উত্তৰ-পূৰ্বাঞ্চলক মনত পেলায়।

অসমৰ ৰাইজে কৈছিল, কা আমাক নালাগে। তেওঁলোকে ক'লে- কা, আমি আনিমেই। তীব্ৰ প্ৰতিবাদ হ'ল ৰাজ্যজুৰি। সেই প্ৰতিবাদৰ ভাষা মোডী- অমিত শ্বাহে বুজাৰ চেষ্টাই নকৰিলে। আৰু আমাৰ অসমৰ তেওঁলোকৰ প্ৰতিনিধি সকলে সকলো দেখি-শুনি তেওঁলোকৰ সুৰতে সুৰ মিলাই কলে- দিল্লীৰ ঈশ্বৰসকলে যি কৈছে, সেয়াই হ'ব।

প্ৰায় ৫ বছৰ পূৰ্বে এইজন নৰেন্দ্ৰ মোডীয়ে অসমলৈ আহি নিৰ্বাচনী প্ৰচাৰ চলাই কৈছিল ১৬ মে' ২০১৬ অথাৎ ৰাজ্যৰ বিজেপি চৰকাৰ গঠন হোৱাৰ পাছতে সকলো অবৈধ বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব। প্ৰতিবছৰে ১৬মে' আহিল, কিন্তু সেই দিনটোহে নাহিল।

পাহৰণিৰ গৰ্ভত হেৰাই গল মোডীৰ সেই প্ৰতিশ্ৰুতি। কান্ধত গামোছা লৈ অসমীয়াক আৱেগিক কৰা এইজন নৰেন্দ্ৰ মোডীয়ে ২০১৯চনৰ ১৫ ডিচেম্বৰত অসম ভ্ৰমণ বাতিল কৰিব লগা হৈছিল। কা বিৰোধী আন্দোলনৰ সময়ত ৰাইজৰ ক্ষোভ দেখি জাপানৰ প্ৰধামন্ত্ৰী শ্বিজো আৱেই সৈতে যি দ্বিপাক্ষিক সন্মিলন গুৱাহাটীত আয়োজন কৰিছিল, তাত অংশ লবলৈ সাহস কৰা নাছিল।

কেৱল এয়াইনে, ১০ জানুৱাৰী ২০২০ত খেল' ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্ৰী মোডী অহাৰ কথা আছিল। কা'ক লৈ অসমবাসীৰ মনত থকা ক্ষোভৰ উমান পাই অসম ভ্ৰমণলৈ সেইবাৰো নাহিল নৰেন্দ্ৰ মোডী। শংকৰদেৱ সংঘৰ মৰিগাওঁ অধিৱেশনস্থলীলৈ এইজন মোডীয়ে যাবলৈ সাহস নকৰিছিল।

সময় পাৰ হৈ গ'ল। লুইতেদিও বহু পানী বাগৰি গ'ল। কা আন্দোলনত জপিয়াই পৰি নেতাবোৰ গেৰুৱা হল। অসমবাসীৰ মনৰ ক্ষোভ মনতেই মাৰ গ'ল। আকৌ অসমতেই মোডী-অমিত শ্বাহৰ স্বাগতমৰ পৰিৱেশ, কিয়নো সন্মুখত নিৰ্বাচন।

২৩ জানুৱাৰী, ২০২১ত শিৱসাগৰ জেৰেঙা পথাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ দিন-বাৰ ঘোষণা নহলেও প্ৰধানমন্ত্ৰীয়ে অসমত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। লাখ লাখ জনতাক সম্বোধন কৰি আকৌ ভাষণৰ ফুলজাৰি মাৰিব।

দিল্লীৰ এই নেতাসকলৰ হাতত বন্দী হোৱা আমাৰ স্থানীয় বা পৰিচিত সেই ৰজাৰ কাহিনীটোৰ চৰাইৰ দৰে নেতাই আমাৰ এচামকে সেই ভাষণ শুনাবলৈ লৈ যাব। আৰু আমি মন্ত্ৰমুগ্ধৰ দৰে ভাষণ শুনি সন্মোহিত হম।

এনেদৰেই চলি আহিছে ৰাজনীতি। মোডীৰ অসম আগমনৰ পূৰ্বে, ২১জানুৱাৰী ২০২১ত অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰিপুণ বৰাই সংবাদ মাধ্যমযোগে কেইবাটাও প্ৰশ্ন কৰিলে। ইয়াৰ প্ৰথমটো প্ৰশ্ন আছিল, উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগিক উন্নয়নৰ বাবে থকা নৰ্থ ইষ্ট ইণ্ডাষ্টিয়েল এণ্ড ইনভেষ্টমেন্ট পলিচিখন কিয় প্ৰত্যাহাৰ কৰি পিছপৰা অসমক আগবঢ়াত বাধা দিয়া হ'ল?

বাংলাদেশীৰ প্ৰসংগ, ৬ জনগো্ষ্ঠীৰ জনজাতিকৰণ, গুৱাহাটী স্মাৰ্ট চিটি প্ৰসংগৰে মোডীক সমালোচনা কৰিলে কংগ্ৰেছ নেতৃত্বই। ২৭খনকৈ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক বিক্ৰী কৰা, SDRFৰ পুজিঁ কৰ্তন, ভাৰত-বাংলাদেশ সীমান্ত ছীল, GST নিদিয়া, নিবনুৱা সংস্থাপন, বান নিয়ন্ত্ৰণৰ প্ৰসংগ, এক্সপ্ৰেছ হাইৱে আদি কথাবোৰ কংগ্ৰেছ নেতৃত্বই উত্থাপন কৰিছে।

এই সংবাদমেলৰ জৰিয়তে মুঠ ২৪টা প্ৰশ্ন কংগ্ৰেছে প্ৰধানমন্ত্ৰীক কৰিছে।তাৰভিতৰত বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰা, ৬বছৰত কিমানজন বিদেশীক বিতাৰণ কৰিলে, কিমান নিবনুৱাক চাকৰি দিয়া হ'ল আদি প্ৰশ্নই মোডীক ধৰিব খুজিলেও কংগ্ৰেছ নেতৃত্বই এই কথা পাহৰিলে নহব যে দীৰ্ঘদিন ধৰি ৰাজ্য আৰু কেন্দ্ৰত শাসনত থকা কংগ্ৰেছে এইবোৰ দিশত কি কৰিলে তাৰো উত্তৰ ৰাইজে জানিব বিছাৰে।

নিৰ্বাচন আহিলে পৰস্পৰে পৰস্পৰলৈ অভিযোগৰ বোকা দলিয়ায়। মূল সমস্যাবোৰ সমস্যা হৈয়ে ৰৈ যায কা'ক লৈ সৰৱ কংগ্ৰেছ নেতৃত্বই বৰাকৰ কংগ্ৰেছী নেতাই কা সমৰ্থন কৰাৰ সন্দৰ্ভত কিয় মৌন হৈ ৰয়? ইমান দিন শাসনত থাকি কিয় অসম বানপানী সমস্যাক তেওঁলোকে ৰাষ্ট্ৰীয় সমস্যাৰূুপে স্বীকৃতি নিদিলে?

অসমত দীৰ্ঘকাল কংগ্ৰেছ আৰু কেন্দ্ৰতো কংগ্ৰেছৰে চৰকাৰ আছিল। সেই সময়ত তেওঁলোকৰ কিয় অবৈধ বিদেশী, ভাৰত বাংলাদেশৰ উন্মুক্ত সীমাৰ কথা মনত নপৰিল। নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ আসনত বহি এইবোৰ কথা কংগ্ৰেছে মনত পেলাইছে আজি।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশ্ন কৰাৰ নৈতিক অধিকাৰ অসমৰ ৰাইজৰ আছে। কংগ্ৰেছে সেই অধিকাৰ হেৰুওৱা নাইনে? তেওঁলোকে মোডীৰ দৰে কোনোবা চিকাৰীৰ সজাত বন্দী হোৱা সেই বিশ্বাসঘাটক চৰায়ে। যি প্ৰয়োজনত মালিকক সন্তুষ্ট কৰিবলৈ জাতি-মাটি-ভেটিক বিশ্বাসঘাটক কৰে। পাৰ্থক্য মাথো এটাই, এইসকল নেতাৰ মালিক অথাৎ চিকাৰী বেলেগ। ট

এই জেৰেঙা পথাৰতে আহোম ৰাজত্বকালৰ সংকটৰ সময়ত জাতিৰ বাবে চৰম ত্যাগ কৰিছিল জয়মতীয়ে। কটকৰা গছৰ বান্ধি চাওদাঙে কঠোৰ শাস্তি দি স্বামী গদাপাণিৰ সম্ভেদ উলিয়াব পৰা নাছিল জয়মতীৰ মুখৰ পৰা। সেই জেৰেঙা পথাৰৰ ঐতিহ্য আৰু চৰম ত্যাগেৰে জাতিৰ বাবে জীৱন উছৰ্গা কৰা জয়মতীৰ চিৎকাৰ প্ৰধানমন্ত্ৰী মোডীয়ে জানো শুনা পাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in