এতিয়া ভৰি চুই ”ছ’ৰী” ক’লে কি হ’ব…

এতিয়া ভৰি চুই ”ছ’ৰী” ক’লে কি হ’ব…

মৃদুল কুমাৰ সন্দিকৈ

"মই কেনেকৈ পঢ়াম কোৱা? পাৰিম জানো মই আকৌ পঢ়াব। সিহতৰ সন্মুখত মই লঘু হৈ গ'লো। পিতৃ-মাতৃ, শিক্ষাগুৰুক সন্মান কৰিবলৈ মই শিকাইছিলো, কিন্তু মই কি পালো? ভিডিঅটোত দেখিছানে নাই, মোক মাৰিবলৈ খেদি আহিছিল। দেখিছানে তুমি? মই ছাগৈ ইহতক মানুহ হোৱাৰ শিক্ষা দিব নোৱাৰিলো। তোমালোকে দায়িত্ব লোৱানা, সিহতক মানুহ কৰাৰ দায়িত্ব…"- কথাখিনি কৈ যাওতেও তেওঁ উচুপি আছিল।

এই উচুপনি সাধাৰণ উচুপনি নাছিল। মনৰ ভিতৰত সেই ঘটনাটোৱে তেওঁক কিমান আঘাত দিছে থুকা-থুকি মাতটোৱে বুজাই দিয়ে। ২৫বছৰো অধিক কাল তেওঁ অধ্যাপনা কৰিছে। বহু ছাত্ৰ-ছাত্ৰীক মানুহ কৰি গঢ়িছে। শিক্ষকতাই তেওঁ জীৱনৰ পণ হৈ পৰিছে। কোনো দিনেই তেওঁ ভৱা নাছিল এনে অভিজ্ঞতাই তেওঁৰ বাবে অপেক্ষা কৰি আছে।

ফিল'বাৰী কনিষ্ঠ মহাবিদ্যালয়ত চৰকাৰে ফিল'বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়লৈ সলনি কৰিছিল। নিৰদা বৰা সেই কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষক আছিল যদিও পিছলৈ চৰকাৰে গ্ৰহণ কৰা নতুন নিয়ম অনুসৰি তেওঁ হৈ পৰিছিল টিউটৰ। সেই আক্ষেপ তেওঁৰ কেতিয়াও নাছিল। সমাজখন সুন্দৰকৈ গঢ়িবৰ বাবে সদায় চেষ্টা কৰি গৈছিল।

অসমীয়া বিভাগৰ শিক্ষয়ত্ৰী হিচাপে তেওঁ সদায় ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক সুসম্পৰ্ক ৰক্ষা কৰি চলিছিল। প্ৰয়োজনত অনুশাসন কৰিছিল। নিজৰ কথা ভাৱিবলৈ তেওঁ অৱকাশেই বিচাৰি পোৱা নাছিল। ফ্ৰীজকেন্দ্ৰিক এক ঘটনাই তেওঁৰ মনোজগতত খেলি মেলি লগাই দিয়াই নহয়, মানসিকভাৱেও তেওঁ অসুস্থ হৈ পৰিছে।

মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক আন্দোলনৰ ক্ষেত্ৰৰ পৰা ক্লাছ ৰূমলৈ যাবলৈ কোৱাই তেওঁৰ ভুল আছিল। পঢ়া-শুনা এৰি মূৰ্খৰ দৰে কিয় এইদৰে এইবোৰত লাগি আছা বুলি কোৱাটোৱে তেওঁৰ অপৰাধ হ'ল। তেওঁ প্ৰয়োগ কৰা ননচেন্স শব্দটোৱে তথাকথিত সেই ছাত্ৰনেতাসকলৰ আত্মসন্মানত লাগিল।

যাৰ পৰিণতিত অৱসৰলৈ মাত্ৰ ৭-৮বছৰ থকা জ্যেষ্ঠ এই শিক্ষয়ত্ৰীগৰাকীক উদ্দেশ্যি প্ৰথমে শ্লোগানেৰে শ্ৰাদ্ধ পাতিলে। তাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিদ্যালয়খনৰ অধ্যক্ষৰ অনুৰোধত কমন ৰূমৰ পৰা ৰাজপথলৈ ওলাই অহা শিক্ষয়ত্ৰীগৰাকীক উদ্দেশ্যি অশ্ৰাৱ্য গালি। সকলো তেওঁ সহ্য কৰি গৈছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বুলি সম্বোধন কৰি তেওঁ কোৱা কথাই যদি কাৰোবাক আঘাত সানিছে তাৰ বাবে ক্ষমা বিচাৰিছিল।

সেই স্থানত উপস্থিত থকা একাংশ ছাত্ৰ সংগঠনৰ নেতাই তেওঁক তাতো এনেদৰে অপদস্থ কৰিছিল যে, সষ্টাংগে প্ৰণাম কৰি ছাত্ৰ-ছাত্ৰীৰ পৰা তেওঁ ক্ষমা বিচাৰিছিল। যদি সেই সময়ত তাত থকা ছাত্ৰ-ছাত্ৰীসকলে ভাৱিছিল, তেওঁলোকৰ ওচৰত তেওঁ সৰু হৈ গ'ল, কিন্তু সেয়া নহ'ল। সেই দৃশ্য দেখাৰ পাছত মানুহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। গৰিহণাৰ জোৱাৰ উঠিল।সংবাদ মাধ্যমৰো তেতিয়াহে গা লৰিল।

এইখন একলব্যৰ দেশ। গুৰুৱে বিচাৰিলে শিষ্যই সকলো দিবলৈ সাজু। যেনেদৰে, ধনুবিদ্যাত পাৰ্গত একলব্যই নিজৰ সোঁহাতৰ বুঢ়া আঙুলি বিনা আপত্তিৰে কাটি গুৰুক অৰ্পন কৰিছিল। সেই দেশত এনে ঘটনা নাভ্ৰুত-নাশ্ৰুত। কোনো সহ্য কৰিব পাৰে এনে দৃশ্য! তেওঁ মহানতাৰ প্ৰমাণ দি ছাত্ৰৰ আগত আঠু ল'লেও ব্যক্তিত্বৰে সাধাৰণ লোকৰ মন জিকিলে।

সৰু হৈ নাযায় কিছুমান ব্যক্তিসত্ত্বা। মানসিক যান্ত্ৰনাই তেওঁক যিমান ক্ৰিয়া কৰিছে, সমানেই যান্ত্ৰণা পাইছে শিক্ষক, ছাত্ৰ-অভিভাৱক সকলোৱে। শিক্ষাগুৰুৰ মূল্য কোনেও দিব নোৱাৰে। তেওঁৰ স্থান সদায় শিষ্যৰ হৃদয়ত। শিক্ষকৰ দৰে পৱিত্ৰ বৃত্তিত সদায় বিৰাজ কৰে এখন সুস্থ সমাজৰ সপোন। সেই সপোনেই শিক্ষকক অধিক দায়ৱদ্ধশীল কৰি তোলে।

১১অক্টোবৰ, ২০২১ত তিনিচুকীয়াৰ ফি'লবাৰীত সংঘটিত এই ঘটনা কেৱল মাত্ৰ এটা সাধাৰণ খবৰ নহয়। এয়া কেৱল নিৰদা বৰাক অপমান কৰা হোৱা নাই। এনে ঘটনাৰ বাতাবৰণ এদিনতেই সৃষ্টি হোৱা নাই বুলি অনুভৱ কৰিব পাৰি। শিক্ষয়ত্ৰীগৰাকীৰ প্ৰতি হোৱা এই আচৰণে সামগ্ৰিক অৰ্থত মানুহৰ প্ৰতি থাকিব লগা শ্ৰদ্ধা, ভক্তিত চৰম আঘাত সানিছে।

শিষ্টাচাৰ জীৱনৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। ভক্তি আৰু সমীহে এখন সমাজক দায়ৱদ্ধশীল কৰি ৰাখে। এই ঘটনাৰ পাছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি কোনোবা বন্ধ কোঠাত এনে কাণ্ড সংঘটিত কৰা সকলে গৈ ভৰি চুই সেৱা কৰিলেও ইয়াত জানো সচাঁ অৰ্থত সমীহ আৰুু শ্ৰদ্ধা আছেনে?

যি পৰিস্থিতিত এই কাণ্ড সংঘটিত হৈছিল, তাৰ প্ৰকৃত কাৰণ আৰু দোষী-ৰ্নিদোষী বিচাৰ পিছত হ'ব। শিষ্টাচাৰহীন আচৰণে শিক্ষাগুৰুক আঠুঁ ল'বলৈ বাধ্য কৰোৱা বাবে যিসকল দায়ী তেওঁলোকক কোনোবা দল-সংগঠনে দলৰ পৰা বহিষ্কাৰ কৰিলেই এই ঘটনাৰ অন্ত নপৰে। শিক্ষকসকলৰ প্ৰতি ভয়, ভক্তি থকা বাবেই ছাত্ৰসকলে বেয়াৰ পথত ভৰি দিবলৈ হাজাৰবাৰ ভাৱে।

প্ৰসন্ন লাল চৌধুৰীও আছিল এজন শিক্ষক। সুসাহিত্যিক চৌধুৰী ইমানেই কাঢ়া আছিল যে, তেওঁৰ সন্মুখলৈ ছাত্ৰ-ছাত্ৰী আহিবলৈও ভয় কৰিছিল। জীৱনৰ অধিক সময় তেওঁ ছাত্ৰ-ছাত্ৰীৰ কথা ভাৱিয়েই পাৰ কৰিছিল। আনকি ইয়াৰ বাবে পৰিয়ালকো সময় দিব নোৱাৰিছিল। অতীতত শিক্ষক মানেই আছিল পৰম ভক্তিৰে সশ্ৰদ্ধ ভাৱেৰে পূজনীয় এক সম্পৰ্ক।

জ্যেষ্ঠ সকলৰ পৰা শিক্ষক সম্পৰ্কে শুনা কাহিনীবোৰ এতিয়া সাধুকথাৰ দৰে। এটা সময়ত শিক্ষকসকলক পণ্ডিতো বোলা হৈছিল। কোনোবাই মহাশয়, হেড পণ্ডিত নামেৰে মাতিছিল। তেওঁলোকৰ জীৱনচৰ্যা ইমান ওপৰত আছিল যে, একো একোটা অঞ্চলত তেওঁলোকৰ ব্যক্তিত্বৰ আভাৰে সমাজখন আগবাঢ়ি গৈছিল।

তেতিয়া সেই পৰিৱেশ আছিল। লাহে লাহে বিভিন্ন সামাজিক, ৰাজনৈতিক কাৰণত শিক্ষক আৰু ছাত্ৰৰ মাজৰ সেই পৱিত্ৰ সম্পৰ্ক ব্যৱহাৰিকভাৱে ৰক্ষা হোৱা নাই যেন বোধ হয়। শিক্ষকসকলক কেৱল ছাত্ৰই নহয়, সকলোৱে সন্মান কৰিব লাগিব। অন্যৰ্থ্যাই এক প্ৰজন্মই অনুশাসনহীনতাৰ কৱলত পৰি পথভ্ৰষ্ট হৈ পৰিব। সেয়া লাহে লাহে বিভিন্ন ঘটনাত প্ৰতিফলিত হৈছে।

শিক্ষক সকল ইমানেই নমস্য আছিল যে, বাটেৰে শিক্ষক গলেই ছাত্ৰ-ছাত্ৰীসকলে বাটৰ পৰা পলাই ঘৰমুখী হৈছিল। চাইকেল চলাই যাওঁতে শিক্ষকক দেখিলে চাইকেলৰ পৰা নামি দিছিল, চকীত বহি থাকিলে উঠি দিছিল। এই অলিখিত নিয়মবোৰ এতিয়া হেৰাই গ'ল। সমান্তৰালভাৱে হেৰাল ভক্তিপূৰ্ণ এক সম্পৰ্ক।

আমি আধুনিক হৈছো। কিন্তু আধুনিকতাৰ নামত নৈতিকতা আৰু শিষ্টাচাৰহীন এখন সমাজ গঢ়িছো। যিসমাজত জ্যেষ্ঠজনৰ প্ৰতি থাকিব লগা ভয়, ভক্তি, দায়িত্ব হেৰাই গৈছে। তেনে এখন সমাজত উঠি অহা নতুন প্ৰজন্মই পৰ্যায়ক্ৰমে এক উশৃংখল আচৰণৰ অধিকাৰী হৈ পৰিছে। নিৰদা বৰাই যি মনোকষ্টৰে এই ঘটনাৰ পাছত আত্ম উপলদ্ধিৰ মাজত শিক্ষক-ছাত্ৰৰ আধ্যাত্মিক সম্পৰ্কক উত্তৰণৰ বাবে চেষ্টা কৰিছে।

বুকুত প্ৰচণ্ড বিষ লৈও তেওঁ কবলৈ পাহৰা নাই- মোৰ সৈতে এনে অপমান কৰিলেও, মই ছাত্ৰসকলৰ কল্যাণৰ কথাই চিন্তা কৰিব লাগিব। তেওঁলোকৰ সুমতিয়েই তেওঁ এতিয়াও কামনা কৰে। এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে এই ঘটনাৰ পাছত মূৰ্হুতৰ বাবে হলেও উপলদ্ধি কৰিব লাগিব যে, এই ঘটনাই কি শিক্ষা দিলে?

এজন বা দুজনৰ বাবেই আজি যি পৰিস্থিতিৰ সৃষ্টি হ'ল ইয়াৰ এক ইতিবাচক সমাধান নোলালে বাৰে বাৰে ইয়াৰ পাছতো এনে ঘটনা সংঘটিত হবই। কেমেৰাৰ সন্মুখত শিক্ষকক অপমান কৰাৰ প্ৰৱণতা আমি ত্যাগ কৰিব লাগিব। এখন সমাজ নেতাই নগঢ়ে, সমাজ আৰু মানুহ গঢ়ে শিক্ষকে।

যিসকলে এই কাম কৰিলে, তেওঁলোকে জানো ভুল কৰিছিল! সেই প্ৰশ্নও এতিয়া উত্থাপন হৈছে। প্ৰকৃতাৰ্থত সেইসকলে অপৰাধ কৰিছিল। ভুলৰ ক্ষমা থাকে আৰু অপৰাধৰ থাকে দণ্ড। শিক্ষয়ত্ৰীগৰাকীয়ে বিশাল মন লৈ এনেবোৰ কথা অযথা চৰ্চা হৈ থকাতকৈ সেইসকলক ক্ষমা কৰি দিব পাৰে, কিন্তু এই ঘটনাই আঘাত দিয়া শিক্ষক সমাজ তথা আনসকলে তেওঁলোকক কোনো কালেই ক্ষমা কৰি দিব নোৱাৰে।

ৰাজহুৱা স্থানত শিক্ষয়ত্ৰী এগৰাকীক এনেদৰে অপমান কৰি বন্ধ কোঠাত দীঘল দি ভৰিত পৰিলেও তাত অনুশোচনা নাথাকিবও পাৰে! ৰাইজে সিদ্ধান্ত ল'ব।আয়োজন কৰা হৈছে এই ঘটনাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ এখন ৰাজহুৱা সভা। ফিলবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত ১৬অক্টোবৰ,২০২১ত আয়োজিত সভাত ৰাইজে বিচাৰ কৰিব ইয়াৰ দণ্ড কি হ'ব…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in