মণিকা-উৎপলে কাঢ়ি নিলে সুখ!

মণিকা-উৎপলে কাঢ়ি নিলে সুখ!

মৃদুল কুমাৰ সন্দিকৈ

যান্ত্ৰিক আৰু স্বাৰ্থপৰ জীৱনে বহু ঘৰ ভাঙিছে। সকলো থাকিও একো নথকাৰ দুখত বৃদ্ধ বয়সত ক'ত জনে উচুপিছে। সেই উচুপনি যি শুনিছে আৰু যি বুজি পাইছে তেওঁ কেতিয়াও এনে কাম কৰিব নোৱাৰে। জীৱনৰ বহ্নিবেলাত কিমান দুখ আৰু অশান্তিত এদিন নিজ হাতেৰে গঢ়া ঘৰখন এৰি এইসকল ককা-আইতা ওলাই আহিছিল বৃদ্ধাশ্ৰমলৈ।

সেই প্ৰশ্ন অন্তঃত আজি মণিকা আৰু উৎপলে কৰা উচিত আছিল। সম্পূৰ্ণ ব্যক্তিগত বিষয়ৰ পৰা সূত্ৰপাত হোৱা এক কাজিয়াৰ পৰিণতিত ৭০খনৰো অধিক ভগাঘৰ জোৰা লগা এই বৃদ্ধাশ্ৰমখনত পুনৰ এনে এক পৰিৱেশ কাৰোৰেই কাম্য নাছিল। এটা পৰিয়াল হিচাপে, এখন ঘৰৰূপে গঢ়ি তোলা এই আশ্ৰম সদৃশ ঘৰখনত মণিকা, উৎপলৰ কাজিয়াই জীৱনৰ শেষ বয়সত এইসকল আৱাসীক কিমান দুখ দিব পাৰে সেই কথা অনুমান কৰিবলৈ দুয়ো পাৰিব বুলি ভাৱিছিলো।

যি কাৰনতেই নহওঁক মানৱ সেৱাৰ বাবে ওলাই অহা উৎপল মণিকাৰ এনে সংঘাতে তেওঁলোকক লৈ ইমানদিনে ভাৱি থকা কথাবোৰ মাটিত মিহলাই দিলে। তেওঁলোকো ভীষণ স্বাৰ্থপৰ আৰু এই বৃদ্ধ-বৃদ্ধাসকলক লৈ স্বাৰ্থপূৰণৰ যি প্ৰতিযোগিতাত নামিছে সেই স্খলিত পৰিৱেশে দুয়োয়ে দুয়োৰ চৰিত্ৰ উদঙাই দিছে।

বৃদ্ধ-বৃদ্ধা সকলৰ আৱেগ-অনুভূতি আৰু তেওঁলোকৰ মানসিক শান্তিৰ বিপৰীতে টনা-আজোৰাঁ আৰু অভিযোগ-প্ৰতিভিযোগৰ বৰষুণেৰে এই বৃদ্ধাশ্ৰমখনত শেষ গজাঁল মাৰি উৎপল মণিকাই প্ৰমাণ কৰি দিলে তেওঁলোকৰ বাবেও ধন-আধিপত্যই সৰ্বস্ব। অথচ এই আইতাসকলৰ বাবে ৰাজ্যই নহয় দেশ-বিদেশৰ অনেক লোকে চিন্তা কৰাই নহয় মুক্ত হস্তে দান-বৰঙণি দি বৃদ্ধাশ্ৰমখন আৰু অধিক সমৃদ্ধশালী কৰি তুলিবলৈ চেষ্টা কৰিছিল।

উৎপল মণিকাৰ অভিযোগৰ সত্যত্যা আইন আদালতে প্ৰমাণ কৰিব, কিন্তু দুয়োৰে মাজৰ কাজিয়াৰ বাবে বৃদ্ধ-বৃদ্ধা ককা-আইতাসকলে কিয় এই মানসিক যান্ত্ৰণা ভোগ কৰিব? ইমান দিনে তেওঁলোকে অতি নিষ্ঠাৰে মাৰ্ডাৰছ অল্ডএজ হোম পৰিচালিত কৰি আহিছিল। বৃদ্ধাশ্ৰমখনলৈ যিয়ে গৈছিল সকলোৱে আইতাসকলৰ মনত, মুখত দেখা পোৱা প্ৰশস্তিয়ে সন্তুষ্টি দিছিল।

পৰিয়ালৰ সৈতে বহু ঘাত-সংঘাতৰ অন্ত তেওঁলোকে সেই বৃদ্ধাশ্ৰমৰ গৰাকী হৈছিলহি। এয়া তেওঁলোকৰ বাবে যে এক ব্যৱসায় আছিল সেয়া মানুহে অনুভৱ কৰা নাছিল। কিন্তু সংযমহীন আচৰণে প্ৰমাণ কৰি দিলে এই বৃদ্ধাশ্ৰমখন কাৰ সম্পত্তি তাৰ অঘোষিত যুঁজে আইতাসকলৰ মুখৰ সুখ কাঢ়ি নিলে, ককাসকলক ভাবুক কৰি তুলিলে।

কি হ'ব শেষ পৰিণতি? ধুৱা তুলসী পাত কোনো নহয়। উৎপলৰ সেৱাপূৰ্ণ মনোভাৱ আৰু আত্মীয়তাৰ বিপৰীতে বৃদ্ধাশ্ৰমখন পৰিচালনা কৰাৰ নামত যদি কিছু অনিয়ম সংঘটিত হৈছে তেনেহ'লে সেয়া আলাপ-আলোচনাৰ মাজেৰে সমাধানৰ পথ নিশ্চয় ওলাল হয়। একেদৰে মণিকাৰো সেই বৃদ্ধাশ্ৰমখনৰ প্ৰতি দায়ৱদ্ধতা আছে বুলি ধৰি ল'লে তেৱোঁ বৃদ্ধাশ্ৰমখনৰ স্বাৰ্থত তেনে কিছু কাম নকৰিলে হয় যিবোৰে বৃদ্ধাশ্ৰমখনৰ আৱাসীসকলক মানসিকভাৱে ভাঙি পেলালে।

ব্যক্তিগত সুসম্পৰ্কত মেলা ফাটেঁ এই বৃদ্ধাশ্ৰমখনৰ ভৱিষ্যত আৰু আৱাসীসকলৰ নিৰাপত্তাক ভৰিৰে মোহাঁৰি সম্পত্তিকেন্দ্ৰিক যুঁজৰ দৰে কিছু কিছু কথা আঁৰত ৰাখি ৰহস্যজনকভাৱে দুয়োৱে গ্ৰহণ কৰা যুদ্ধংদেহী মনোভাৱ কোনেৱে সমৰ্থন কৰিব নোৱাৰে। সংবাদমাধ্যমত ব্যাপক চৰ্চাৰে সংঘাত সমাধান কৰাৰ সলনি এই সংঘাতৰ জুইঁ আৰু তীব্ৰতৰ কৰি তুলিলে।

তাৰ সলনি বুজা-পৰাৰ মাধ্যমেৰে বৃদ্ধাশ্ৰমখনৰ মৰ্যদা অটুট ৰাখি অভিজ্ঞজনৰ পৰামৰ্শৰে এক সমাধানৰ পথ উলিৱাবলৈ কোনেও চেষ্টা নকৰিলে। উৎপলৰ বিৰুদ্ধে গোচৰ, শাৰিৰিকভাৱে মণিকাক কৰা অত্যাচাৰৰ অভিযোগ, ধনৰ বেমেজালি, মণিকাৰ বিৰুদ্ধে স্বজনপ্ৰীতি আদি অলেখ অভিযোগৰ পাছত মানুহে আজি ভাৱিবলৈ বাধ্য হৈছে শান্তুি আচলতে কতোঁ নাই!

কান্দি কান্দি সময় অতিবাহিত কৰা, নিজে উঠি বহিব নোৱাৰা আইতা-ককাইও দুয়োকে কাকুতি-মিনতি কৰিছিল। সেই আহ্বান আৰু সহৃদজনৰ পৰামৰ্শ অনুৰোধ কোনেও গ্ৰহণ নকৰিলে। বৰঞ্চ এই বৃদ্ধাশ্ৰমৰ পৰা কেইগৰাকীমান আইতাক লৈ উৎপল হৰ্ষবৰ্ধন ওলাই গ'ল। যোৱাৰ পূৰ্বেও মানুহে দেখিলে কেমেৰাৰ সন্মুখত উৎপল মণিকাৰ সংঘাতৰ সেই বাক্যবাণ।

যি উদ্দেশ্যৰে এই বৃদ্ধাশ্ৰমখন স্থাপন কৰা বুলি প্ৰচাৰ কৰা হৈছিল, সেই উদ্দেশ্য যে, কক্ষচ্যুত হৈছে সেয়া মানুহে বুজি উঠিছে। উৎপল মণিকাৰ সংঘাতৰ বাবে প্ৰায় ৭০গৰাকীৰো ওপৰৰ আৱাসী থকা এই বৃদ্ধাশ্ৰমখন নিঃশেষ হৈ যাব দিয়াতো কোনেও নিবিচাৰে। সংঘাতৰ সেই জুঁইত আৱেগৰ ঘিউ নাঢালি সুস্থিৰ ভাৱে দুয়োৱে বিবেচনা কৰক কি কৰাতো ভাল হ'ব বা মানুহে কি বিচাৰিছে।

মণিকাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ, উৎপলৰ বিৰুদ্ধে উঠা অভিযোগ আপেক্ষিক। সময়ত সেইবোৰ অন্ত পৰিব। কিন্তু তেতিয়ালৈ এই বৃদ্ধাশ্ৰমখন বৃদ্ধাশ্ৰম হৈ থাকিবনে? পাৰিবনে তেওঁলোকে মানুহৰ মনত জন্ম হোৱা বিশ্বাস আৰু আস্থাক এনে পৰিৱেশৰ মাজত ধৰি ৰাখিব? সেই আইতা-ককাসকলৰ মলিন মুখবোৰত কেইদিনমানৰ আগলৈকে দেখা পোৱা হাঁহি আৰু সুখৰ আভাবোৰ পাৰিব জানো তেওঁলোকে ঘূৰাই আনিব।

শুভবুদ্ধি নিশ্চয় দুয়োৰে মনত উদয় হ'ব! অসমৰ মানুহে আজি উৎপলক হাঁহিছে, মণিকাকো হাঁহিছো। এনে সংঘাত দেখি উপহাস কৰিছে। স্বাৰ্থকেন্দ্ৰিক মনোভাৱ দুয়োৱে ত্যাগ কৰক। এক সঠিক সিদ্ধান্তৰে এই আশ্ৰমখনক ধৰি ৰাখক।বয়সে গৰকা মানুহবোৰক আলৈ-আথানি নকৰিব।

মানুহে কয়, কিছুমান কামে মানুহক শাঁও দিয়ে। সেই অভিশাপে জীৱন দুৰ্বিহ কৰি তোলে। সেই বিশ্বাস বহুতে কৰে। মণিকা-উৎপলে তেনে বিশ্বাস কৰে নকৰে নাজানো। কিন্তু আইতা-ককাসকলৰ মনৰ ক্ষোভ আৰু দুখ এতিয়া তেওঁলোকৰ বাবে অভিশাপেই হৈ পৰিছে। কোভিডৰ সময়ত টালি-টোপোলা বান্ধি আইতা-ককাসকলৰ আঁতৰি গুচি গৈছে।

মানৱতা ভুলুন্ঠিত হৈছে, যান্ত্ৰনাত তেওঁলোক উচুপিছে। দ্বিতীয়বাৰ যেন তেওঁলোকৰ ঘৰ ভাগিছে। তেনে কথা কল্পনাই কৰা নাছিল। জীৱনৰ বিয়লি বেলাত এইবোৰ দৃশ্য বহুতৰ বাবেই অকল্পনীয়। মণিকা- উৎপলে এইবোৰ কথা ভাৱিছেনে কেতিয়াবা? কিয় এই সংযমহীন আচৰণ তেওঁলোকৰ? সুমতি হওঁক দুয়োৰে…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in