মোলান ককাইদেউ…

মোলান ককাইদেউ…

মৃদুল কুমাৰ সন্দিকৈ

মূৰ্হুতৰ ভিতৰতে মানুহজন চিনাকি হৈ পৰিছিল। কিন্তু মানুহজনৰ কথা বেছিভাগ নাজানিছিল বা নাজানে। সাধাৰণ এজন মানুহ। জীৱনৰ টনাটনিৰ মাজেৰে দিন অতিবাহিত কৰা মানুহজনৰ অন্তৰত গভীৰ স্বদেশ প্ৰেম।

এটা মাত্ৰ ভিডিঅ। হাতত এখন ইলেক্টিক গীটাৰ লৈ, মুৰত এখন গামোছা মাৰি গাইছিল সুধাকন্ঠৰ এটি গীত- হেʼ হেʼ হেʼ ঢোলে-ডগৰে/ হেʼ হেʼ হেʼ হিয়াৰ উমেৰে/ নেদেখা এনাজৰীৰে/ বান্ধো আমি পাহাৰ/শিখৰৰে মহান চিয়েমক।

তেওঁৰ এই গীত যিজনেই শুনিছে, মাথোঁ তন্ময় হৈ ৰৈ গৈছে। কিমান মিঠা গায়কী, সেয়া অনুভৱ কৰিছে। কিন্তু কোন এই হঠাৎ চৰ্চালৈ অহা গায়ক। কোনোবাই ক'লে, ঘৰ নাৰায়ণপুৰত। ছচিয়েল মিডিয়াত হাজাৰ হাজাৰ লোকে প্ৰশংসাত পঞ্চমুখ হৈ তেওঁৰ এই গীত শ্বেয়াৰ কৰিলে।

সাধাৰণভাৱেই তেওঁ অসাধাৰণধৰণে গাই গৈছিল এই গীত- হেʼ হেʼ হেʼ চেৰাপুঞ্জীৰে/ হেʼ হেʼ হেʼ ভিজা আকাশৰে/ উদাৰ মেঘে যেনেদৰে/ সাবটি ধৰে বাৰিষা ৰূপেৰে/ আমাৰ লুইতক।/ হেʼ হেʼ হেʼ ঢোলে-ডগৰে।

মোলান গগৈ

লাখ লাখ মানুহে গীতটো চাই তেওঁৰ বিষয়ে জানিবলৈ উদগ্ৰীৱ হৈ পৰিছিল। মানুহজনক লৈ চৰ্চা হৈ থকাৰ সময়তে নাৰায়ণপুৰৰ সাংবাদিক দিপান্ত কাকতিক মানুহজনৰ বিষয়ে সোধাত তেওঁ মানুহজনৰ বিষয়ে কিছু জনালে। তেখেতৰ সৈতে কথা পতাৰ সুযোগ দিপান্তৰ সৌজন্যতে হ'ল।

স্বল্পভাষী মানুহজনৰ নাম মোলান গগৈ। চাৰি নং নুমুৰি পুনিপুখুৰীত তেওঁৰ ঘৰ। তেওঁৰ ঘৰ গৈ পালেগৈ দিপান্ত। মোবাইলৰ নেটৰ্ৱক সেই অঞ্চলত যথেষ্ট দুৰ্বল। তথাপিও বহু চেষ্টাৰ অন্তত তেওৰ সৈতে যোগাযোগ সম্ভৱ হ'ল।

কাণত তেতিয়াও বাজি আছিল তেওঁৰ সেই কন্ঠ- কৃষ্ণ গৰখীয়াই বায় বাহী/ খাচী গৰখীয়াই বায় শ্বৰাতি/
দুয়োটি বাঁহী বাঁহৰে বাঁহী/ দুয়ো প্ৰকাশে একেটি সুৰক।/ হেʼ হেʼ হেʼ ঢোলে-ডগৰে।/ ওখ সৰলৰে পাত সেউজীয়া/ আমাৰ আঁহত গছ সেই বৰণীয়া/ ব্লেই বা জোনে / পাহাৰ ভৈয়ামতে/ শাৰদী নিশা ঢালে একেই জোনাক।

মোলান গগৈক সুধিলো- আপুনি গোৱা এটা গীত, হে হে ঢোলে দগৰে'টো খুব জনপ্ৰিয় হৈছে। এই খবৰটো আপুনি পাইছেনে? এই গীতটো কেতিয়া ক'ত ৰেকৰ্ডিং কৰিছিল? মোলান গগৈয়ে উত্তৰ দিছিল এই খবৰ তেওঁ পাইছে। কিছুদিনৰ আগতে লকডাউনৰ পাছতেই এই গীতটো তেওঁ ৰেকৰ্ডিং কৰিছিল।

পত্নীৰ সৈতে মোলান গগৈ

তেওঁৰে এজন ছাত্ৰৰ ঘৰত গীতটো ৰেকৰ্ডিং কৰাৰ কথা জনালে। তাৰ পিছতে মোলান গগৈয়ে কৈ গ'ল তেওঁৰ জীৱনৰ বহু কথা। কাণত তাৰ সমান্তৰালকৈ বাজি থাকিল তেওঁৰ সুৰীয়া কন্ঠ, যিটো ভিডিঅই মানুহক তেওঁৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল- ৰঙা পাহাৰৰে হেʼ মাটি কাটি/ খাচী কৃষকে খাটে দিনে-ৰাতি/ ভৈয়ামৰো খেতিত হেজাৰ ৰংমনে/ আঁকোৱালি ধৰিছে একেই কৃষকক/ হেʼ হেʼ হেʼ ঢোলে-ডগৰে।

মই কোনোমতে পেট প্ৰৱৰ্তাই আছো। জীৱনৰ বহু খলা-বমাৰ মাজেৰে সময় পাৰ কৰিছো। লকডাউনৰ সময়ত বহু কষ্ট পালো। ধাৰ-ঋণ কৰি চলিছো। সংগীতৰ শিক্ষা মই লোৱা নাছিলো, কিন্তু সৰুৰে পৰাই গীত গাইছিলো। ভাল পাও দেশপ্ৰেমমূলক গীত গাই।

কথা পাতি মানুহজনৰ বিষয়ে ধাৰণা হ'ল। তেওঁৰ মাটিৰ শিল্পী। সংগীত তেওঁৰ প্ৰাণত আছে। নিজাকৈ এখন গীটাৰো নাই তেওঁৰ। এটা নেপালী লৰাই তেওঁক গীটাৰ কেনেকৈ বজাই দেখুৱাই দিছিল। সেয়া, বহু বছৰৰ আগৰ কথা।

তাৰ পাছত তেওঁ সুন্দৰভাৱে গীটাৰ বজাবলৈ শিকিলে। পত্নী আৰু দুই সন্তানেৰে তেওঁৰ সংসাৰ। মাজে মাজে মানুহৰ ঘৰত গৈ সংগীতৰ শিক্ষা দিয়ে। কোনোবাই গীত গাবলৈ মাতিলে যায়। আৰু প্ৰয়োজনত মানুহৰ ঘৰত ইটো-সিটো কৰি দিয়ে।

ইয়াতেই তেওঁৰ পৰিচয় শেষ নহয়। মেট্ৰিক দিয়াৰ আগৰ কথা। চনটো তেওঁ সঠিককৈ কব নোৱাৰিলে। গুচি গ'ল তেওঁ যোগ দিবলৈ সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাত। প্ৰায় দুবছৰমান তেওঁ থাকিল আলফাত। পুলিচ-আৰ্মীয়ে খেদা-খেদি কৰে। ইফালে মেট্ৰিক পৰীক্ষা দিব লাগে।

তেতিয়া আলফাৰ স্থানীয় নেতৃত্বক কৈ তেওঁ ওলাই আহিল আলফাৰ পৰা। আলফাৰ পৰা ওলাল যদিও আৰক্ষী- সেনাই তেওঁৰ পিছ লৈয়ে থাকিল। সৰুৰে পৰা তেওঁ কিছু বাদ্য বজাব জানিছিল। ঢোল-খোল, বাঁহী ইত্যাদি।

প্ৰায় সকলো বাদ্যযন্ত্ৰই বজাব জানে মোলান গগৈয়ে

তেওঁ গুচি গ'ল ঘৰৰ পৰা ওলাই। যোগ দিলেগৈ জ্যোতিৰূপা থিয়েটাৰত। আৰ্মি গৈ ঘেৰাও কৰেগৈ তাতো। সেই তেতিয়াই নেপালী লৰা এটাই তেওঁক গীটাৰ এখন কেনেকৈ বজাই দেখুৱাইছিল। তাৰ পাছত তেওঁ চাই চাই শিকি পেলাইছিল ইটোৰ পাছত সিটো বাদ্য যন্ত্ৰ।

এদিন তেওঁ আৰক্ষীৰ ওচৰত আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিব লগাও হ'ল। কেইটামান টকা পাইছিল চৰকাৰৰ ফালৰ পৰা। কৰ্ট-কাছাৰীলৈ যাব লগা হওতেই সেই টকা টুটিল। তাৰপাছত আৰম্ভ হৈ গ'ল জীৱনৰ আচঁল সংগ্ৰাম।

মোলান গগৈয়ে ঘৰৰ কথা ক'লে এইদৰে- মোৰ ডাঙৰ ল'ৰাটো হায়দৰাবাদত থাকে। এটা প্ৰাইভেট কোম্পানীত চিকউৰিটী গাৰ্ড কৰে সি। সৰু লৰাটো অৰুণাচলত থাকে, সি দোকান এখনত কাম কৰে। আৰু বুঢ়া-বুঢ়ী ঘৰত।

মাটি-বাৰীও বেছি নাই মোলান গগৈৰ। আধিত লোৱা ৪বিঘা মান মাটিত খেতি কৰিছে এইবাৰ। নিজৰ মাটি ডেৰ বিঘা মানহে আছে। সেইখিনিৰেই চলিব লাগে বছৰটো। টনাটনি বহুত। সংগীতৰ সাধনা তেওঁ সময় পালেই চলাই গৈছে।

মানুহে গীত গাবলৈ মাতোতে কেতিয়াবা গামোছা এখন দিয়েই বিদায় দিয়ে। অৱশ্যে কেইবছৰমানৰ পূৰ্বে এখন মঞ্চত গীত গাব যাওতে ১০হাজাৰ টকা দিছিল। তেতিয়া ৫জন গৈছিল তেওঁলোক। ধুবুৰী, কোকৰাঝাৰ আদিতো তেওঁ গীত গাইছে।

সংগ্ৰামৰ মাজতেই তেওঁ অব্যাহত ৰাখিছে সংগীত যাত্ৰা। তেওঁৰ ভাষাত- এতিয়া বয়সো হৈছে। সংসাৰো চলাব লগা হয়। মানুহজন সেই অঞ্চলত যথেষ্ট জনপ্ৰিয়। ২০১৯চনত তেওঁ পাইছে আই এ ৱাইৰ এটা ঘৰ। সমস্যা থাকিলেও সমস্যাই তেওঁক সেই প্ৰতিভা ঢাকি ৰাখিব পৰা নাই। মোলান গগৈয়ে ক'লে-মোৰ নিজাকৈ গীটাৰ এখনো নাই। চলি গৈছে, চলি আছো…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in