মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীক এটা প্ৰশ্ন সুধো…

মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীক এটা  প্ৰশ্ন সুধো…

মৃদুল কুমাৰ সন্দিকৈ

কোনো মেধাৱী ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে সন্তানৰ ভৱিষ্যত অন্ধকাৰ হোৱাতো নিবিচাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ ৰাজনৈতিক খেলা কৰাটোও নিবিচাৰে। যদি এনে হয়, তেনেহলে তেওঁলোকৰ মানসিক অৱস্থা কি হ'ব পাৰে এজন অভিভাৱক হিচাপে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে অনুভৱ কৰিব পাৰে বুলি বিশ্বাস কৰে।

মুখ্যমন্ত্ৰী হ'লেও তেওঁ এজন অভিভাৱক, এজন পিতৃ। শিক্ষামন্ত্ৰী হ'লেও তেওোঁ পিতৃসুলভ এটা মন নিশ্চয় থাকিব। কোভিডৰ বাবে পৰীক্ষা নহ'ল। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল বিশেষজ্ঞ কমিটিৰ পৰামৰ্শ ভিত্তিত এক নীতিৰে ঘোষণা কৰিলে।

সমস্যা তাতেই শেষ নহ'ল। প্ৰথমৰ পৰাই শিক্ষা বিভাগে কৰা এক ঘোষণাক লৈ ঘোৰ দোমোজাত পৰিছিল ছাত্ৰ-ছা্ত্ৰী। শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছিল- এই ফলাফল কেৱল নামভৰ্তিৰ সুবিধাৰ্থে। চাকৰিৰ বাবে এই নম্বৰ গ্ৰহণ কৰা নহ'ব। অথাৎ এখন আনভেলিড মাৰ্কশ্বিট লৈ কোনোবা হাইস্কুল শিক্ষান্ত, আন কোনোবা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উৰ্ত্তীণ হ'ল।

ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যায়নক লৈ প্ৰশ্ন উঠিল। ইমান বেছি নম্বৰ কিয় দিলে বুলিও ট্ৰল হ'ল। ছাত্ৰ-ছাত্ৰী, অভিভাৱক, পিতৃ-মাতৃ সকলোৰে বাবে এক অশ্বস্তিকৰ পৰিৱেশ গঢ় লৈ উঠিল। তথাপিও অভিভাৱকসকলে চকু কাণ মুদি এই প্ৰক্ৰিয়াটোৰ মাজেৰে নিজ সন্তানক আগুৱাই নিয়াৰ প্ৰয়াস কৰিলে।

সমস্যা ইমানতে অন্ত নপৰিল। কোভিডৰ বাবে পৰীক্ষা পাতিব নোৱাৰা চৰকাৰৰ দুই মুৰব্বীৰ শেহতীয়া মন্তব্যত এতিয়া উদ্বিগ্ন ছাত্ৰ-ছাত্ৰীসকল। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ শেহতীয়া ঘোষণা- কোভিডৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ উৰ্ত্তীঁণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ নম্বৰ প্ৰতিযোগিতামূলক পৰীক্ষা বা আন চাকৰি সংক্ৰান্তীয় কাৰণত গ্ৰহণযোগ্য নহ'ব পাৰে।

সেয়েহে তেওঁলোকে কোভিড পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত অনুষ্ঠিত কৰিব লগা বিশেষ পৰীক্ষাত অৱৰ্তীণ হ'ব লাগিব। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ ঘোষণা- এই নম্বৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে যিকোনো ধৰণৰ চাকৰিৰ সাক্ষাৎকাৰ বা পৰীক্ষাত অৱৰ্তীণ হ'ব পাৰিব। অথাৎ এই মাৰ্কশ্বিটৰ গ্ৰহণযোগ্যতা আছে।

শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বিপৰীত ভাষ্যক লৈ ৰাজ্যৰ লাখ লাখ মেট্ৰিক- হায়াৰ চেকেণ্ডাৰী উৰ্ত্তীঁণ ছাত্ৰ-ছাত্ৰী উদ্বিগ্ন হৈ পৰিছে। পূৰ্বতকৈ এই বছৰৰ এই দুই গুৰুত্বপূৰ্ণ পৰীক্ষাত উৰ্ত্তীণৰ হাৰ ৯০ শতাংশৰো অধিক হোৱাত নামভৰ্তিক লৈ আন এক সমস্যা ইতিমধ্যে হৈছে। পূৰ্বতে সেই হাৰ ৬০ৰ ঘৰত থাকে।

তেনেস্থলত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হ'লে উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তিৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। শিক্ষানুষ্ঠান সমূহত থকা আসনকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ বাবে আবেদন কৰাত কৰ্তৃপক্ষও বিপদত পৰিছে। দিল্লীত বিশ্ববিদ্যালয় সমূহত স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ সমূহত শতাকৰা হাৰৰ কাট অৱ মাৰ্কৰ যি উজান উঠে। এই বাৰ অসমত তেনে পৰিস্থিতিয়েই সৃষ্টি হৈছে।

এইবোৰ মৌলিক সমস্যা লৈ পিঠি দি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্বিগ্ন কৰি যিবোৰ মন্তব্য কৰিছে সেই মন্তব্যই ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতৰ প্ৰতি শংকিত কৰি তুলিছে। যদি CBSEয়ে অনুৰূপ পদ্ধতিৰে মূল্যায়ন কৰি ফলাফল ঘোষণা কৰিব পাৰে, তেনেহলে অসমত ইয়াৰ গ্ৰহণযোগ্যতাক লৈ প্ৰশ্ন উঠিছে।

ছাত্ৰ-ছাত্ৰীসকলে কেতিয়াও কোৱা নাছিল যে তেওঁলোকে পৰীক্ষাত অৱৰ্তীণ নহয়। পৰীক্ষা পাতিব নোৱাৰাটো চৰকাৰৰ ব্যৰ্থতা। নিৰ্বাচন অনুষ্ঠিত কৰি পৰীক্ষা পাতিব নোৱাৰা পৰিৱেশৰ বাবে কোন দায়ী সেই প্ৰশ্ন এতিয়াও শেষ হোৱা নাই। তাতোকৈ ডাঙৰ কথা হল এবাৰ নম্বৰ দিয়া পাছত ভৱিষ্যতে এই নম্বৰৰ গ্ৰহণযোগ্যতাক লৈ প্ৰশ্ন উঠিব পাৰে বুলি বিশেষ পৰীক্ষাত অৱৰ্তীণ হোৱা ছাত্ৰ-ছাত্ৰী সকলে কোনখন মাৰ্কশ্বিট গ্ৰহণযোগ্য হব।

যদি মূল্যয়নৰ মাৰ্কশ্বিটতকৈ বিশেষ পৰীক্ষাৰ নম্বৰৰ শতকৰা হাৰ কম হয়, তেনেহলে কোনটো শতকৰা হাৰক গ্ৰহণ কৰিব? এইবোৰ সাধাৰণ প্ৰশ্ন নহয়। শিক্ষামন্ত্ৰীৰ মুখত এটা আৰু মুখ্যমন্ত্ৰীৰ মুখত আন এটা মন্তব্যই বিবুধিত পেলাইছে ছাত্ৰ-ছাত্ৰীক। কোভিডসৃষ্ট পৰিৱেশৰ মাজত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ চৰকাৰৰ যি সচেতনতা আশা কৰা হৈছিল, সেই সচেতনতাৰ কৰবাত যেন অভাৱ ঘটিছে।

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অসমৰ প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ। ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ প্ৰথম আধাৰ এই দুই পৰীক্ষা। অভিভাৱকসকলে সেয়েহে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰিব খোজে কিয়, গিনিপিগ সাজিছে এইসকল ছাত্ৰ-ছাত্ৰীক? পৰীক্ষা দিব নোৱাৰি ৯০শতাংশকৰ ওপৰৰ নম্বৰ পাইয়ো একাংশ ছাত্ৰ-ছাত্ৰী মানসিকভাৱে অসন্তুষ্টিত আছে। নম্বৰ ইয়াতকৈ বেছি পাম বুলি নহয়, পৰীক্ষা দি ইয়াতকৈ কম নম্বৰ পালেও এটা সন্তুষ্টি থাকিলহেতন…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in