কাৰ অপ্ৰচাৰ- মুখ্যমন্ত্ৰী হ’ব আজমল!

কাৰ অপ্ৰচাৰ- মুখ্যমন্ত্ৰী হ’ব আজমল!

মৃদুল কুমাৰ সন্দিকৈ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে বদৰুদ্দিন আজমল ভোট লম্ভিছে। ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা। সকলোতে এটাই বাক্য- বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব। কোনো চলাইছে এই অপ্ৰচাৰ, কিয় চলাইছে এই প্ৰচাৰ? কোন লাভ হ'ব ইয়াৰ পৰা?

অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমলক লৈ কিয় এই টনা-আজোঁৰা।যিসকলে কৌশলগতভাৱে এই প্ৰচাৰ চলাইছে, তেওঁলোকে জানে এনে সাম্প্ৰদায়িক প্ৰচাৰে তেওঁলোকক সহায় কৰিব। দেখাত সাধাৰণ যেন লাগিলেও এই প্ৰচাৰত আঁৰত আছে ব্যাপক সাম্প্ৰদায়িকতা।

আজমলে নিজেই কৈছে, তেওঁৰ তেনে ইচ্ছা নাই। কংগ্ৰেছৰে মিত্ৰতা কৰি ২০২১ৰ অসম বিধানসভা নিৰ্বাচনত মহাজোঁটৰ অংশীদাৰ হৈ কাৰ বিৰুদ্ধে এই শক্তিয়ে প্ৰত্যাহ্বান কঢ়িয়াই আনিছে, সেয়া সকলোৱে জানে। নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰাৰ পাছত এই অপ্ৰচাৰে এতিয়া সাধাৰণ লোকসকলৰ মাজত সাম্প্ৰদায়িকতাৰ সপক্ষে কৌশলগত বীজ ৰোপন কৰিছে এক পক্ষই।

কংগ্ৰেছ, বিজেপি যিদলেই শাসনলৈ নাহক কিয়, ৰাইজে বিচাৰে অসমৰ মৌলিক সমস্যাবোৰ সমাধান হ'ব লাগে। অসমীয়া জাতিৰ অস্তিত্ব সংকটত। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ অসমক আৰু অসমীয়াক বুজিব পৰা এখন চৰকাৰ প্ৰয়োজন হৈছে। এইবোৰৰ বিপৰীতে নৃত্য-গীতেৰে অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অন্ত পৰিল।

নিৰ্বাচনৰ লগে লগে চৰ্চালৈ আহিছে কোৰোনাৰ কথা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এদিন কোৰোনাৰ সংক্ৰমণৰ ভয়াবহতাৰ কথা কৈছিল । সেইজন মন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে ঘোষণা কৰিলে কোৰোনা ক'ত? ৰাজ্যত কোৰোনা ৰোগী নাই বুলি উল্লেখ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো কাৰণতেই অসমত লকডাউন নহয় বুলি আসস্ত কৰিলে ।

কোৰোনা অসমত মন্ত্ৰী গৰাকী নাই বুলি কোৱাৰ দিনাই য়োৰহাটৰ পৰা এক খবৰ আহিল । সেই খবৰ আছিল মন্ত্ৰী শৰ্মাৰ কোৰোনা নাই বুলি কোৱা মন্তব্যৰ প্ৰত্যুত্তৰ । যোৰহাট জিলাৰ ভগামুখত তিনিজনকৈ সেনা জোৱান কোভিড ১৯ত আক্ৰান্ত হোৱাৰ খবৰ ।

উল্লেখযোগ্য যে কিছু দিনৰ পূৰ্বে ঝাৰখণ্ডৰ পৰা সেনা জোৱান কেইজন আহিছিল অসমলৈ । আৰক্ষী সূত্ৰই সাদৰি কৰা মতে বৰ্তমান তিনিওজন যোৰাহাট মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন । এই খবৰবোৰ কিন্ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নপোৱা নহয় ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দেশ জুৰি দেখা দিয়া কোভিডৰ সংক্ৰমণক লৈ পুনৰ উদ্বিগ্নতা প্ৰকাশ কৰি ৰাজ্যৰ মুখ্য সচিব সমূহলৈ দিয়া পত্ৰত কি লিখা আছে হিমন্ত বিশ্ব শৰ্মা বা এই চৰকাৰে নপঢ়াকৈ থকা নাই ।ৰাজনৈতিক পৰিবেশৰ মাজত হিমন্ত বিশ্ব শৰ্মাই এইবোৰ কথা জানি শুনিও এনে কিছু মন্তব্য কৰিছে যে যি বোৰ এগৰাকী নেতাৰ মন্তব্য হ'ব পাৰে ।

এজন স্বাস্থ্য মন্ত্ৰীৰ মন্তব্য কেতিয়াও হ'ব নোৱাৰে । অসমত লকডাউন কেতিয়াও নিবিচাৰে ৰাইজে । লকডাউনে ভাগি পেলোৱা ৰাজ্যৰ অৰ্থনীতি আৰু সাধৰন লোকে সন্মুখীন হোৱা সমস্যা তথা প্ৰত্যাহ্বান এতিয়াও চকু সন্মুখত ভাহি আছে ।

পৰিস্থিতি অধিক অবনতি ঘটিলে যদি চৰকাৰে পুনৰ লকডাউন দিব লগা হয় তেনেহ'লে কি হ'ব সাধৰন মানুহৰ ? ইয়াতকৈ যদি সাৱধানতাৰ অৱলম্বনেৰে তেনে পৰিবেশ সৃষ্টি নহোৱা বাবে সতৰ্কতা অৱলম্বন কৰা হয় তেনে ভুল ক'ত ।

২৬ মাৰ্চ ২০২১ৰ তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘন্টাত ৫৯,১১৮ গৰাকী নতুন লোকৰ দেঙত কোভিড ১৯ ধৰা পৰিছে । ২০২০ বৰ্ষৰ ১৮ অক্টোবৰৰ পিছত এদিনতেই সৰ্বাধিক লোক আক্ৰমন হৈছে ভাৰতত কোৰোনাত । কেইবাখনো চহৰত কোভিডৰ বাবেই এদিনীয়া লকডাউন দিবলগা হৈছে ।

পাঞ্জাবত যোৱা ২৪ ঘন্টাত ২৬৬১ গৰাকী,কৰ্ণাটকত ২,৫২৩ গৰাকী, ছত্তীশগড়ত ২,৪১৯ গৰাকী, কেৰেলাত ১,৯,৮৯ গৰাকী লোকৰ দেহত নতুনকৈ কোভিড ধৰা পৰিছে । কেইবাখনো ৰাজ্যই কোভিড টেষ্টৰ সংখ্যা বৃদ্ধি কৰি সাবধনতা মূলক কোভিড প্ৰট'কল সমূহ মানি চলিবলৈ জনসাধৰনক আহ্বান জনাইছে ।

ইয়াৰ বিপৰীতে অসমত কোভিড টেষ্টৰ সংখ্যা আৰু ইয়াৰ ফলাফলক লৈ ৰহস্য জনক নিৰবতা অবলম্বন কৰা হৈছে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি । ২৪ মাৰ্চ ২০২১ত স্বাস্থ্য মন্ত্ৰনালয়ৰ অতিৰিক্ত সচিব আৰতি আহুজাই অসমৰ মুখ্য সচিবলৈ কি লিখিছিল ? এই পত্ৰ খনত উল্লেখ কৰা হৈছিল যে হোলী,বিহু আন উৎসৱ বোৰৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ভাবে ৰাজহুৱাকৈ তেনে অনুষ্ঠান আয়োজন কৰাত কঠোৰ কোভিড প্ৰট'কল মানি চলিব লাগে ।

এই পৰামৰ্শ কিহৰ ভিত্তিত দিয়া হৈছিল ? স্বাস্থ্য মন্ত্ৰনালয়ৰ পৰা অহা এই পত্ৰৰ বিপৰীতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে অসমত কোভিড নাই বুলি নিশ্চিয়তা দিব খোজা কাৰ্যই কি সূচাই । স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন পাতিব পৰিছে যদি বিহু পাতিব পাৰিম বুলি দিয়া ইংগিত তাৎপৰ্যপূৰ্ণ ।

নিৰ্বাচনৰ নামত বিশাল জনসভা,ৰোড শ্ব' অনুষ্ঠিত কৰাৰ অন্তত কেনেবাকৈ কোভিডে ৰাজ্য খনত ভয়াবহ ৰূপ ধাৰন কৰিলে ইয়াৰ দায়িত্ব কোনে ল'ব ? নিয়মৰ দোহাই দি চৰকাৰে কোভিড প্ৰট'কল লকডাউন আদি জনসাধৰনৰ মূৰত জাপি দিলে ৰাজ্যত কি অবস্থা হ'ব সাধৰন লোকৰ ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটগ্ৰহন ২৭ মাৰ্চত । ২৬৪ জন প্ৰাৰ্থীয়ে ৪৭ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে । এই সমষ্টি সমূহত নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পিছত ভোটগ্ৰহনৰ বাবে ভোটগ্ৰহন কেন্দ্ৰ সমূহলৈ নিৰ্বাচনী বিষয়া-কৰ্মচাৰী সকল ৰাওনা হৈছে ।

প্ৰথম পৰ্যায়ৰ ৪৭ টা সমষ্টিৰ মুঠ ১১,৫৩৭ টা ভোট গ্ৰহন কেন্দ্ৰত ভোটগ্ৰহন হ'ব । মুঠ ভোটগ্ৰহন কেন্দ্ৰ ৯৬২০ টা যদিও অতিৰিক্ত ১৯১৭ টা ভোটগ্ৰহণ কেন্দ্ৰ কোভিডৰ বাবে স্থাপন কৰা হৈছে । ভোটদান কৰিবলৈ যোৱা ভোটাৰক সমাজিক ব্যৱধান ৰক্ষা কৰা,মাস্ক পিন্ধি অহা আদি নিৰ্দেশনা দিছে নিৰ্বাচনী কতৃপক্ষই ।

ৰাজ্যৰ প্ৰশাসনে কৈছে কোভিডৰ বাবে সতৰ্ক হওক । চৰকাৰে কৈছে কোভিড নাই । তেনে এক পৰিবেশৰ মাজতেই প্ৰথম পৰ্যায় ভোটগ্ৰহন অন্ত পৰাৰ পিছত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিব ।

ইতিমধ্যে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও জোৰদাৰ প্ৰচাৰ অভিযান চলি আছে । কোভিডৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে বহু নীতি নিয়ম বান্ধি দিছিল যদিও সেই নীতি নিয়ম সমূহ কাৰ্যত মানি চলা দেখা নগ'ল ।

নিৰ্বাচন অন্ত পৰিব । কিন্তু নিৰ্বাচনৰ বিশাল জনসমাগম প্ৰচাৰ আদিয়ে কোভিড সংক্ৰমণৰ সম্ভাবনা বৃদ্ধি কৰিব । নিৰ্বাচনৰ পিছতেই চৰকাৰ,প্ৰশাসন বা জনসাধৰনে উপলব্ধি কৰিব পাৰিব কোভিডৰ ভয়াবহতা ।

২০২০ বৰ্ষত যি সময়ৰ পৰা পৰা কোভিডে সংহাৰ ৰূপ ল'বলৈ আৰম্ভ কৰিছিল সেই সময় সন্মুখত । কোভিড ভেকছিন প্ৰদান কৰা হৈছে । সেই ভেকছিন সমূহে কোভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ১০০ শতাংশ নিশ্চয়তা দিব পৰা নাই । বিশ্ব উন্নত দেশবোৰতেই কোভিড ভেকছিনক লৈ সপক্ষে-বিপক্ষে চৰ্চা চলিছে।

প্ৰস্তুতি সম্পূৰ্ণ। এফালে চলি আছে ভোটগ্ৰহণৰ প্ৰস্তুতি, আনফালে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ। ই ভি এম লৈ ভাগে ভাগে ভোটগ্ৰহণ কেন্দ্ৰসমূহ পাইছেগৈ নিৰ্বাচনী বিষয়া তথা নিৰ্বাচনত নিয়োজিত কৰ্মীসকল।

২৭মাৰ্চৰ পুৱা ৭.০০বজাৰ পৰাই আৰম্ভ হ'ব ভোটগ্ৰহণ। অসমৰ ৪৭টা সমষ্টিৰ ভোটাৰে নিৰ্ণয় কৰিব ২৬৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য। এইবাৰ উজনি অসমৰ নিৰ্বাচন কংগ্ৰেছ বা বিৰোধী দলৰ বাদে শাসকীয় বিজেপি দলৰ বাবে অগ্নিপৰীক্ষা সদৃশ। কিয়নো এই ৪৭টা সমষ্টিৰ ফলাফলে দিছপুৰ কোনে দখল কৰিব তাৰ এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব।

অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা ৰাষ্ট্ৰীয় দলৰ নেতৃত্বই দিনটোত ৩-৪খনকৈ নিৰ্বাচনী সভাত অংশ লৈ ক'ত, কি কৈছে সেয়াই পাহৰি গৈছে। আনকি নিজ দলৰে পুৰুষ প্ৰাৰ্থীজনক মহিলা সজাই খোদ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা সভাত ভাষণ দিলে।

মৰিগাঁৱৰ বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰী অমিত শ্বাহৰ মুখত পৰি হ'লগৈ শ্ৰীমতী ৰমা দেৱী। ভুল হৈ যায়, নেতাৰ এনে ভুুলে বা এনে মন্তব্যই প্ৰমাণ কৰে ক'ত নেতাই কি কয়, তাৰ কোনো নিশ্চয়তা নাই। গতিকে নেতাৰ কথাত ঠেং ছুটি, সেয়া যি দলৰেই নেতা নহওঁক।

বিহু আৰু নিৰ্বাচন আন এক চৰ্চাৰ বিষয় হৈ পৰিছে। প্ৰশাসনে কৈছে বিহু পাতিব নালাগে, চৰকাৰে কৈছে বিহু হ'বই। নিৰ্বাচন যদি পাতিব পৰা হৈছে, বিহু কিয় পাতিব নোৱাৰিব বুলি যিজন নেতাই যুক্তি দৰ্শাইছে তেওঁৰ সেই কৰ্তৃত্ব এতিয়া আছেনে? প্ৰশাসনে নে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'ব, বিহু হ'বনে নহ'ব?

যুক্তিৰে নিৰ্বাচনৰ বতৰত বহু চৰ্চা চলিছে। তেনে এক চৰ্চা হ'ল- বিজেপি শাসনকালতে খেতিয়কৰ লৰাই এছ আই চাকৰি পাইছে। এয়া বিজেপি শাসনকালৰ আন এক সফলতা বুলি সমৰ্থকসকলে প্ৰচাৰ চলাইছে। কিন্তু ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ সমৰ্থকে দিয়া যুক্তি মনকৰিবলগীয়া। কংগ্ৰেছৰ মতে, কংগ্ৰেছৰ শাসনকালতেই দেখুন, চাহৱালা এজন গৈ প্ৰধানমন্ত্ৰী হৈ ৰে'ল ষ্ট্ৰেচনবোৰকে বিক্ৰী কৰি দিলে।

এনেবোৰ যুক্তি-তৰ্ক শুনিলে কাক ধৰিব, কাক এৰিব। সকলোৰে দাঢ়ি-চুলি পকা। তথাপিও গণতন্ত্ৰৰ প্ৰতি বিশ্বাস ৰাখি ৰাইজে ভোট দিবই লাগিব। অপ্ৰচাৰ, প্ৰলোভন আৰু অৰুচীশীল ৰাজনীতিৰ বিৰুদ্ধে এক সুস্থ ৰাজনৈতিক বাতাবৰণ গঢ়িবলৈ প্ৰতিজন ভোটাৰে ল'ব লাগিব নৈতিক দায়িত্ব।

ভোট দিব কাক? প্ৰচাৰ, প্ৰলোভনত ভোট নগৈ বিবেকক সুধি সচেতন ভোটাৰে ভোটদান কৰিলে হয়তো কিছু পৰিমাণে হ'লেও নিৰ্বাচনৰ নামত উভত গোৰে নচাঁ নেতা- ৰাজনৈতিক দলবোৰৰ সংযমতা ঘূৰি আহিব…

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in