লকডাউনতে দুৱাৰ খুলিলে কেৰালাই..

লকডাউনতে দুৱাৰ খুলিলে কেৰালাই..

ডিম্পুল বৰগোহাঁই

ৰাজ্যত লাহে লাহে নামিছে নিৰ্বাচনৰ বতৰ। আলোচনা হ'বলগীয়া বহু কথা, বহু বিষয় চৰ্চা নোহোৱাকৈ এইসময়ত বেবেৰিবাং আৰু গুৰুত্বহীন বিষয়বোৰ ৰাইজৰ মাজত বিয়পাই দিবলৈ এক চক্ৰই অহৰহ চেষ্টা কৰি থাকে। শেহতীয়াকৈ অসমৰ ক্ষেত্ৰত এই চক্ৰটো বহুদূৰ সফল হৈছে বুলিয়ে হয়তো গৰিষ্ঠসংখ্যকে সহমত পোষণ কৰিব।

গৰু মুছলমান আৰু বাঘ হিন্দু, পাৰ হৈ যোৱা কেইটামান দিনত সৰ্বাধিক চৰ্চিত বিষয় এইটো। একাংশ সংবাদ মাধ্যম, ছচিয়েল মিডিয়া সকলোতে এই বিষয়টোক লৈ ঘন্টা ঘন্টা ধৰি আলোচনা, দীঘল দীঘল পোষ্ট। তথাকথিত হিন্দুত্ববাদৰ প্ৰৱক্তাসকলৰ উপৰিও কেইবাগৰাকী জনপ্ৰতিনিধিয়েও অতি সবলভাৱে এই বিষয়টোত অংশ লৈছিল।

বাঘক গো মাংস খোৱাব নোৱাৰিব বুলি মাত্ৰ ৬-৭গৰাকী প্ৰতিবাদকাৰীয়ে কৰা প্ৰতিবাদে একপ্ৰকাৰৰ যেন কপঁনিহে তুলিলে অসমত। ৪-৫দিন কেৱল আলোচনা, বাঘ-গৰু, হিন্দু-মুছলমান আৰু ধৰ্ম সলনি কৰাৰ এক অবিৰত পৰম্পৰা। ৰাজ্যত কমেও ৩০-৩৫গৰাকী লোকে ধৰ্ম সলনি কৰিলে এইকেইটা দিনতে।

মুঠৰ ওপৰত অসমত এইকেইটা দিনত এছ আই কেলেংকাৰীক বাদ দি অন্য বহু গুৰুত্বপূৰ্ণ বিষয় আলোচনা বা চৰ্চিত নোহোৱাকৈ তল পেলাই ৰখাত সফল হৈছে এটা চক্ৰ। লকডাউনৰ পাছত ৰাজ্যৰ কৃষিখণ্ড, শিক্ষাখণ্ড, বাণিজ্য খণ্ড আৰু সাংস্কৃতিক ক্ষেত্ৰখন কিদৰে পুনৰুজ্জীত কৰি তুলিব পাৰি, সেইক্ষেত্ৰত কোনোধৰণৰ সুপৰিকল্পিত আঁচনি গ্ৰহণ কৰা পৰলক্ষিত হোৱা নাই।

সাংস্কৃতিক ক্ষেত্ৰখনক লৈ চৰকাৰে গ্ৰহণ কৰা প্ৰদক্ষেপ যে সুপৰিকল্পিত নহয়, সেই কথা যোৱা শনিবাৰে এখন সংবাদমেল যোগে শিল্পী মানস ৰবীনে কোৱা কথাখিনিৰ পৰাই সহজে ধৰিব পাৰি। ক্ষোভ উজাৰি মানস ৰবীনে কৈছিল,- আমি শিল্পীবোৰেই কেৱল কোৰোনাৰ বেণ্ড এম্বেচেডৰ নেকি? আৰু এখোজ আগুৱাই মানস ৰবীনে লগতে কলে, শিল্পীৰ তাণ্ডৱ দেখা নাই চৰকাৰে, এইবাৰ শিল্পীৰ তাণ্ডৱ দেখিব চৰকাৰে।

এই সময়চোৱাত ৰাজ্যৰ কৃষিখণ্ডৰ কথা নতুনকৈ বহলাই কোৱাৰ প্ৰয়োজন হয়তো নাই। দুখীয়া-দৰিদ্ৰ লোকসকলৰ এই সময়চোৱাত কি অৱস্থা হল সেয়া সকলোৱে দেখিছে। ইফালে, আমি যদি ভাৰতৰ প্ৰেক্ষাপটত চাওঁ, শেহতীয়াকৈ Global Hunger Index-2020ত ভাৰতৰ আছে ৯৪সংখ্যক স্থানত। পূৰ্বতকৈ ভাৰত স্থান কিছু উন্নত হৈছে যদিও পাকিস্তান, নেপাল, ম্যানমাৰতকৈ পিছত আছে ভাৰত।

লকডাউনৰ সময়চোৱাত কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ সৈতে যুঁজি দি থাকোতে শিক্ষাৰ ক্ষেত্ৰখনতো বৰ বিশেষ আগুৱাব নোৱাৰিলে অসমে। অৱশ্যে শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথা স্বীকাৰ নকৰি অন্য যুক্তিও দিব পাৰে। কিন্তু কোৰোনাৰ সৈতে যুজিও লকডাউনৰ সময়ত দেশৰ এখন ৰাজ্যই লাভ কৰিলে বিশেষ সাফল্য।

সমগ্ৰ দেশ বন্ধ হৈ থকাৰ সময়তে শিক্ষাৰ ক্ষেত্ৰখনত নতুন দিগন্তৰ দুৱাৰ মুকলি হোৱা ৰাজ্যখন হৈছে কেৰালা। লকডাউনৰ সময়চোৱাত কেৰেলাৰ চৰকাৰী খণ্ডৰ সকলো বিদ্যালয়ৰ শ্ৰেণীকোঠা উন্নত কৰা হল ডিজিটেল হাই টেক শ্ৰেণীকোঠালৈ।

এই কথা কেইটামান দিনৰ পূৰ্বে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে ঘোষণা কৰিছে। লগতে উল্লেখ কৰা থোৱা প্ৰয়োজন যে, চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ সকলো শ্ৰেণীকোঠা ডিজিটেল হাই টেক শ্ৰেণীকোঠালৈ উন্নত কৰা কেৰালা হৈছে দেশৰ প্ৰথমখন ৰাজ্য।

এই বিৰল কৃৰ্তিত্বৰ অধিকাৰী হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এই ব্যৱস্থাই আমাৰ আহি থকা প্ৰজন্মক ভাৱিব নোৱাৰাকৈ সহায় কৰিব। বিগত ৫টা বছৰত প্ৰায় ৫লাখ শিক্ষাৰ্থী সংযোগ হৈছে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ সৈতে। এই বিশ্বাসে আমাক অধিক শক্তিশালী কৰিছে।

কেৰালাত বৰ্তমান ১৬হাজাৰ ২৭খন চৰকাৰী বিদ্যালয়ত সম্পন্ন হৈছে ডিজিটেল হাই টেক শ্ৰেণীকোঠা প্ৰক্ৰিয়া। ৪৫হাজাৰটা শ্ৰেণীকোঠা উন্নত কৰা হৈছে

কেৰালাত বৰ্তমান ১৬হাজাৰ ২৭খন চৰকাৰী বিদ্যালয়ত সম্পন্ন হৈছে ডিজিটেল হাই টেক শ্ৰেণীকোঠা প্ৰক্ৰিয়া। ৪৫হাজাৰটা শ্ৰেণীকোঠা উন্নত কৰা হৈছে ডিজিটেল হাই টেক শ্ৰেণীকোঠালৈ। ২১জানুৱাৰী,২০২০ৰ পৰা কেৰালা চৰকাৰে এই কাম আৰম্ভ কৰিছিল যদিও লকডাউনৰ সময়চোৱাত খৰকতীয়াকৈ এই কাম সম্পূৰ্ণ কৰি তোলে।

বহুকেইটা আন্তৰাষ্ট্ৰীয় সংস্থাৰ পৰামৰ্শৰ ভিত্তিত কেৰালা চৰকাৰে এই প্ৰজেক্টৰ চূড়ান্ত ৰূপ দিছিল। এই কল্যাণকামী পৰিকল্পনাটো বাস্তৱ ৰূপ দিবলৈ শিক্ষাৰ বাবে ধাৰ্য কৰি থোৱা ধনৰ সলনি খৰচ কৰা হৈছিল সাংসদ-বিধায়কৰ পুজিওঁ। বহু ব্যক্তিগত প্ৰতিষ্ঠানেও এই ক্ষেত্ৰত চৰকাৰক সহায় কৰিছিল।

কোৰোনাৰ সৈতে যুঁজ দিয়াৰ সমান্তৰালভাৱে কেৰালা চৰকাৰৰ এই কামক লৈ এতিয়া সকলোৰে প্ৰশংসাই উপচাই দিছে। প্ৰায় ৩লাখ ৩৫হাজাৰ লোক কোৰোনাত আক্ৰান্ত হোৱা ৰাজ্যখনত শিক্ষাৰ ক্ষেত্ৰত এই আমূল পৰিৱৰ্তনক লৈ বহু শিক্ষাবিদেও প্ৰশংসা কৰিছে কেৰালা চৰকাৰক।

লাহে লাহে প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ সৈতে খোজ মিলাব পৰাকৈ অসমৰ শিক্ষাব্যৱস্থাতো এনে পৰিৱৰ্তন অতিকৈ প্ৰয়োজন। কেনেকৈ এইবোৰ কাম কৰিব পাৰি, এই সম্পৰ্কত আমাৰ চৰকাৰখনেও চিন্তা-চৰ্চা নিশ্চয় কৰিব পাৰে। বিশেষকৈ বৰ্তমান পৰিস্থিতিত ডিজিটেলীকৰণ হোৱাটো কিমান প্ৰয়োজন সেই কথা কোনোৱে বুজিবলৈ বাকী নাই।

নিৰ্বাচনৰ আগত এনেবোৰ কথা আলোচনা বা চৰ্চা হলে নিশ্চয় এক জনমত সৃষ্টি হব। আৰু সেই জনমতে জনপ্ৰতিনিধি বা চৰকাৰখনক এই বিষয়বোৰ কিমান গুৰুত্বপূৰ্ণ সেইকথা উপলদ্ধি কৰোৱাত সহায়ক হব। এই বিষয়বোৰ এই সময়ত আলোচনা কৰাৰ প্ৰয়োজন হয়তো নিশ্চয় আছে, কিয়নো শিক্ষাতকৈ ধৰ্ম বা বাঘে কি খাব এনেবোৰ বিষয় কোনোদিন ডাঙৰ হব নোৱাৰে…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in