কোভিডৰ নামত ব্যৱসায়ৰ জাল কাৰ?

কোভিডৰ নামত ব্যৱসায়ৰ জাল কাৰ?

মৃদুল কুমাৰ সন্দিকৈ

কোভিদে সৰিয়হ ফুল দেখুৱাইছে। যাৰ ঘৰত কোভিডৰ ৰোগী আছে, তেওঁলোকহে প্ৰকৃততে অনুভৱ কৰিছে এই ভাইৰাছে জীৱন কেনেদৰে ধ্বংস কৰি পেলাইছে। চিকিৎসক-চিকিৎসা কৰ্মীসকলে নিজৰ জীৱনৰ প্ৰতি আওঁকাণ কৰি মানৱতাই ধৰ্ম বুলি ৰোগী পৰিচৰ্যা কৰিছে।

যিকোনো মূৰ্হূততে কোভিদ তেওঁলোকৰ দেহলৈ সংক্ৰমণ হ'ব পাৰে। ভাৰতৰ পৰিস্থিতি অতিকৈ বেয়া। আমেৰিকাত কৰ্মৰত ভাৰতীয় নাৰ্চ এই সংকটৰ মুৰ্হূতত দেশবাসীক সেৱাৰ বাবে ঘৰলৈ উভতাৰ সিদ্ধান্ত লৈছে। সমগ্ৰ দেশত ২৬৯গৰাকী চিকিৎসক এতিয়ালৈকে কোভিদত মৃত্যু হৈছে।

সাধাৰণ লোকসকলৰ বাবে কোভিদ এক ডাঙৰ প্ৰত্যাহ্বান হৈ ধৰা দিছে। এফালে জীৱনৰ চিন্তা, আনফালে জীৱিকাৰ প্ৰশ্ন। কোভিদত আক্ৰান্ত হৈ চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ কৰা এই যুদ্ধখন বৰ দুখ লগা।চিকিৎসালয়ৰ ভিতৰত প্ৰৱল মানসিক শক্তিৰ গৰাকী হৈ কোভিদক জয় কৰি বহুতে ঘূৰি আহিছে।

কোভিদৰ সময়ত চিকিৎসালয়, চিকিৎসক, চিকিৎসা কৰ্মী আদি ভগৱানৰ অন্য ৰূপ হৈ পৰিছে। সময়মতে আন নহলেও অক্সিজেন, উপশম পাব পৰাকৈ এটা ঔষধ, প্ৰয়োজনত আই চি ইউৰ এখন বিচনাই কোভিদ ৰোগীৰ বাবে মূল তথা প্ৰধান লক্ষ্য হৈ পৰিছে।

কোভিডৰ এই সময়ত চিকিৎসাখণ্ডত সুযোগ গ্ৰহণ কৰা লোকৰ সংখ্যাও বাঢ়িছে। কোভিদ পৰীক্ষাৰ নামত ৰাজ্যৰ বিভিন্ন স্থানত গঢ় লৈ উঠা একাংশ ব্যক্তিগত খণ্ডক চিকিৎসালয় আৰ লেবৰটৰীয়ে কোভিদ ৰোগীৰ ডিঙিত গলচেপা দিছে।

ৰাজ্য চৰকাৰে কোভিদৰ পৰীক্ষাৰ বাবে যথেষ্ট নীতি-নিৰ্দেশনা বান্ধি দিছে। ২৭ এপ্ৰিল, ২০২১ত ৰাজ্যৰ স্বাস্থ্য বিভাগে ব্যক্তিগত খণ্ড লেবৰটৰী বা চিকিৎসালয়ে কোভিড পৰীক্ষাৰ নামত কিমান ধন ৰোগীৰ পৰা লব পাৰিব তাৰ এক নিৰ্দেশনা জাৰি কৰিছিল।

সেই অনুসৰি কোভিডৰ আৰটি প্ৰিচিয়াৰ টেষ্টৰ বাবদ চৰকাৰে সৰ্বোচ্চ ১২০০টকা নিৰিখ ধাৰ্য কৰিছিল। কিন্তু কেইবাখনো চিকিৎসালয় আৰু লেবৰটৰীয়ে চৰকাৰী এই নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে সাধাৰণ লোকে।

এই সংকটৰ সময়ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ সহযোগ কৰিছে। কিন্তু তাৰ মাজতে দুই এক চিকিৎসালয়ে ৰোগীৰ পৰা অধিক হাৰত ধন লোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা হৈছিল।

মহানগৰীত কোভিদ টেষ্ট কৰা কেইবাটাও লেবৰটৰী আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে কোভিডৰ আৰটি প্ৰিচিয়াৰ টেষ্টৰ বাবদ কিমান ধন লয়, সেই তথ্যসমূহ এনেধৰণৰ-

ৰাজ্যৰ এখন উল্লেখযোগ্য ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ডাউন-টাউন। কোভিডৰ আৰটি প্ৰিচিয়াৰ টেষ্টৰ বাবদ এই চিকিৎসালয়খনে এজন ৰোগীৰ পৰা ২৪০০টকাকৈ লয়। ১২০০-১২০০ টকাকৈ দুখন ৰিচিপ যোগে অতি কৌশলগতভাৱে এই ধন লৈ আহিছে চিকিৎসালয়খনে।

নেমকেয়াৰ হস্পাতালত এই কোভিড পৰীক্ষাৰ নামত ১৩০০টকা, পলিক্লিনিকত ৭০০টকা লয় ৰোগীৰ পৰা। আনহাতে এ'পল ক্লিনিকৰ অধীনত থকা দুটা কোভিড পৰীক্ষাকেন্দ্ৰ অৰুণা মেমৰিয়েল আৰু ছাত্ৰীবাৰী খ্ৰীষ্টান হস্পাতালত কোভিদৰ আৰটি প্ৰিচিয়াৰ টেষ্টৰ বাবদ একোজন ৰোগীৰ পৰা লয় ১৫০০টকাকৈ।

ড০ লাল পাথলেবে ৮০০টকা, আয়ুৰচন্দ্ৰাত ১২০০টকা, ইক পেথলেবত ৭০০টকাকৈ লয় ৰোগীৰ পৰা। এইক্ষেত্ৰত বিশেষভাৱে ৰোগীৰ পৰা অত্যাধিক ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে মহানগৰীৰ গেট হস্পাতালৰ ওপৰত।

এই সন্দৰ্ভত এগৰাকী ৰোগীৰ অভিভাৱকে জানিবলৈ দিয়া মতে, তেওঁ পিতৃ মাতৃ কোভিদত আক্ৰান্ত হোৱাৰ বাবে যোৱা ২১ এপ্ৰিলত দুয়োকে নাৰেংগীত থকা গেট হস্পাতালত ভৰ্তি কৰা হৈছিল। হস্পাতালখনৰ পৰা যোৱা ২৯ এপ্ৰিলত তেওঁৰ পিতৃ-মাতৃ কোভিদ নিগেটিভ হোৱাত ঘৰলৈ যাব দিয়ে যদিও চিকিৎসা ব্যয়ৰ নামত ভৰিব লগা হয় ৫.৬৫লাখৰো অধিক ধন।

ৰোগী অভিভাৱকক দিয়া বিলত কেৱল ৭দিনতে ১লাখ টকাৰ ঔষধ প্ৰদান কৰা হৈছে বুলি কোৱা হৈছে। এনেদৰে কোভিডৰ চিকিৎসাৰ নামত একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ৰোগীক পাভচোঁচা দিছে। সেয়েহে এতিয়া কোভিডত আক্ৰান্ত হোৱা ৰোগীয়ে কেনেবাকৈ ব্যক্তিগতখণ্ড চিকিৎসালয়ত ভৰ্তি হ'বলৈ হ'লে জেপত লক্ষাধিক টকা ধন থকাতো প্ৰয়োজন হৈছে।

কোভিড ব্যৱসায় নহয়। এনে এক মহাসংকটৰ সময়ত চিকিৎসালয় সমূহৰ কৰ্তৃপক্ষইও সুযোগ গ্ৰহণ নকৰি এই যুঁজখনত চৰকাৰ আৰু জনসাধাৰণৰ সৈতে সহযোগিতাৰে এক সুস্থ বাতাবৰণ গঢ়াত ভূমিকা পালন কৰা প্ৰয়োজন হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in