ডেৰ বছৰীয়া হে মই, কিয় কৰিছা মোলৈ ভয়…

ডেৰ বছৰীয়া হে মই, কিয় কৰিছা মোলৈ ভয়…

♦ মৃদুল কুমাৰ সন্দিকৈ

ল'ৰা ৰজাও ইমান অত্যাচাৰী নাছিল। ল'ৰা ৰজাই অংগক্ষত কৰিছিল ৰজা হ'ব পৰা আহোম ৰাজকুমাৰ সকলৰ। কিন্তু দেৱশিশুক কাপোৰ খুলি ঠাণ্ডা বতৰত অত্যাচাৰ কৰা নাছিল। এইজন মুখ্যমন্ত্ৰীৰ আমোলত আহোম যুগৰ ল'ৰা ৰজাতকৈও ভয়াবহ দুশাসন চলিছে। জাতি-মাটি ৰক্ষা কৰাৰ শপত লোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভালৈ যোৱা ৰাইজৰ কি দুৰ্গতি হৈছে সেয়া নেদেখিলে, নুশুনিলে বিশ্বাসেই কৰিব নোৱাৰি। বিশ্বনাথৰ বৰগাঁৱত কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয়ৰ উত্তৰ-পূৱ ক্ষেত্ৰ বস্ত্ৰ উন্নয়ন প্ৰকল্পৰ অধীনত এড়ী স্পান চিল্ক মিলৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠান আছিল ২৯ জানুৱাৰী, ২০১৯ত। সেই অনুষ্ঠানলৈ অঞ্চলবাসী গৈছিল অংশ ল'বলৈ। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ নামত সেই অনুষ্ঠানলৈ যোৱা ৰাইজৰ ওপৰত চলিত অত্যাচাৰ।

এটা ডেৰ বছৰীয়া শিশু। মাকৰ সৈতে গৈছিল এই শিশুটো। আধা বাটতে ৰখালে নিৰাপত্তাৰক্ষীয়ে। লক্ষ্য ডেৰ বছৰীয়া এটা শিশু। ক'লা কাপোৰ পৰিধান কৰাই মাকে লৈ গৈছিল সভালৈ। আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে সেই দেৱশিশুটোকে ৰখাই খোলালে শিশুটিৰ দেহৰ ক'লা কাপোৰ।

এই ঘটনাৰ পাছত এতিয়া নিজেই বিবেকবান লোকসকলে অনুভৱ কৰক, কি চলিছে ৰাজ্যত। ঠাণ্ডাত ঠেৰেঙা লাগি শিশুটোৱে কান্দিছে। শিশুটোৱে ভয়তে কন্দা এই দৃশ্য দেখিও নিৰাপত্তাৰক্ষীসকলৰ হৃদয় এবাৰো হাহাকাৰ কৰি নুঠিল। এইবোৰ একোৱে তেওঁলোকৰ হৃদয় গলাব নোৱাৰিলে। তেওঁলোকৰ লক্ষ্য- ক'লা কাপোৰ সোমাব নোৱাৰিব মুখ্যমন্ত্ৰীৰ সভাত।

এই সবাহলৈ যোৱা প্ৰতিজন লোকক তন্ন তন্নকৈ পৰীক্ষা কৰিছে আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে। জেপত ক'লা ৰুমাল দূৰৰ কথা, ক'লা জেকেট, চোলা পিন্ধা কোনোৱে এই নিৰাপত্তা বেহু পাৰ কৰিব পৰা নাই। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ক'লা কাপোৰৰ ভূতে খেদি থকা মুখ্যমন্ত্ৰীৰ সন্মুুখত যাতে ক'লা কাপোৰ প্ৰদৰ্শন কৰিব নোৱাৰে, তাৰ বাবে লোৱা হৈছিল এই ব্যৱস্থা।

হাতত ক'লা জেকেট লৈ থকা এজন যুৱকে সভাস্থলীৰ বাহিৰতে ৰৈ ক'লে- ক'লা জেকেট পিন্ধি অহাৰ বাবে তেওঁক সভাগৃহত সোমাবলৈ দিয়া নাই। কোনো কাৰণতে যাতে ক'লা কাপোৰৰ সন্মুখীন মুখ্যমন্ত্ৰী হ'বলগা নহয়, তাৰ বাবে মুখ্যমন্ত্ৰীৰ সভাগৃহত ক'লা বস্ত্ৰ নিষিদ্ধ কৰা হৈছে। বাচি যোৱা নাছিল দেৱ শিশু।

আন এজন এই সভালৈ অহা লোকক নিৰাপত্তাৰক্ষীয়ে উপদেশ দিলে- সভালৈ আহিব খুজিছে ক'লা জেকেটটো আপুনি ক'ৰবাত খুলি থৈ আহক।

প্ৰতিবাদলৈ মুখ্যমন্ত্ৰীৰ ইমান ভয়। ক'লা কাপোৰে মুখ্যমন্ত্ৰীৰ কেনেদৰে টোপনি হৰিছে তাৰ প্ৰমাণ এইবোৰ। তাৰ পিছতো কয়, সাহস আছে বাবেই হেনো নাগৰিকত্ব সংশোধনী বিধেয়ক মুখ্যমন্ত্ৰীয়ে সমৰ্থন কৰিছে। লক্ষ্যণীয় কথাটো হ'ল- এই সভাখনলৈ মুখ্যমন্ত্ৰীয়ে কি পোছাক পিন্ধি গৈছিল-

ক'লা পোছাকত মুখ্যমন্ত্ৰী
ক'লা পোছাকত মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিঙিত এখন গামোছা, ক'লা কোট আৰু ক'লা পেন্ট পিন্ধি এই সভাত উপস্থিত আছিল। আৰু সেইজন মুখ্যমন্ত্ৰীয়েই সভালৈ যোৱা ৰাইজৰ ক'লা কাপোৰ পুলিচৰ দ্বাৰা খোলাই তেওঁৰ সন্মুখত যাতে কোনেও প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে, তাৰ ব্যৱস্থা কৰিছিল। দেৱ শিশুৰ গাৰ ক'লা কাপোৰ খুলি দিব পৰা এইসকল লোকে এদিন যে ক'লা অন্তৰ্বাস পিন্ধি সভালৈ গৈছে নেকি সেয়া পৰীক্ষা নকৰিব, তাৰ কি মানে আছে?

এইজনেই সেইজন মুখ্যমন্ত্ৰী, যিজনে শপত লৈ ট্ৰেফিক চিগনেল সাধাৰণ লোকৰ দৰেই মানি চলিব বুলি ৰাজহুৱা কৰিছিল। ৰঙা লাইটত তেওঁৰ কনভয় ৰৈ যাব বুলি দম্ভালি মাৰিছিল। কিন্তু আজি দুবছৰ নৌহওঁতেই একেজন মুখ্যমন্ত্ৰীয়েই তেওঁৰ সভালৈ যোৱা লোকৰ ক'লা কাপোৰ খুলি কাপোৰ পিন্ধাৰ অধিকাৰো কাঢ়ি লৈ গৈছে।

ল'ৰাৰজাই যি কাম কৰিব পৰা নাছিল, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত শংকিত হৈ মেলান'ফ'বিয়া (ক'লা ৰঙৰ আতংক)ত ভুগিছে। তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে সেই সভাত অংশ লৈ ৰাইজৰ আশীৰ্বাদ বিছাৰিলে। ৰাইজে তেওঁক আশীৰ্বাদ নে অভিশাপ দিব সেয়া ইতিমধ্যে তেওঁৰ সভালৈ যোৱা ৰাইজক আৰক্ষী লগাই কৰা অত্যাচাৰৰ পৰাই নিজে অনুমান কৰি ল'ব পাৰে মুখ্যমন্ত্ৰীয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ শুনিও নুশুনাৰ ভাও জুৰি থকা সকলৰ বাবে ২৯ জানুৱাৰী, ২০১৯ৰ দিনটো আন এক কাৰণত টোপনি কাঢ়ি নিয়াৰ দিন হৈছে। সাধাৰণ ৰাইজক বৰ্বৰ ভাৱে ল'ৰা ৰজাৰ কাৰ্যকলাপেৰে দমনৰ চেষ্টা কৰা মুখ্যমন্ত্ৰী সোণোৱাল তথা নৰেন্দ্ৰ মোডী চৰকাৰৰ বাবে এক বিশেষ বাৰ্তা দিলে উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনৈতিক দলৰ নেতৃত্বই।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক হ'ল উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দল
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক হ'ল উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দল

গুৱাহাটীত আয়োজিত এক অভিৱৰ্তনত উত্তৰ-পূবৰ ১০ টা আঞ্চলিক দলৰ লগতে জে ডি ইউকে ধৰি মুঠ ১১টা ৰাজনৈতিক দলে এই বিধেয়কখনৰ বিৰুদ্দে সন্মিলিতভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। প্ৰথমবাৰৰ বাবে ৰাজনীতিৰ উৰ্ধলৈ গৈ উত্তৰ-পূৱবাসীৰ স্বাৰ্থত উত্তৰ-পূৱৰ আঞ্চলিক ৰাজনৈতিক শক্তি একত্ৰিত হোৱাতো এক ইতিহাস।

ইয়াৰ পাছত কোনখন মুখেৰে হিমন্ত বিশ্ব শৰ্মা বা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত ষড়যন্ত্ৰ চলিছে, একাংশই অপপ্ৰচাৰ চলাইছে। অভিৱৰ্তনত অংশ লোৱা ১১ ৰাজনৈতিক দলৰ নেতৃত্বই ৫টাকৈ প্ৰস্তাৱ ল'লে বিধেয়কখন বিৰুদ্ধে সন্মিলিতভাৱে যুঁজ দিবলৈ।

এই অভিৱৰ্তনত উপস্থিত আছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা নেশ্যনেল পিপুলছ পাৰ্টী চমুকৈ এন পি পিৰ মুৰব্বী কনৰাড চাংমা আৰু মিজো নেশ্যনেল ফ'ন্টৰ মুৰব্বী তথা মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা। উত্তৰ পূৰ্বাঞ্চলৰ ৭ খন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে এই অভিৱৰ্তনত অংশ লৈ দিল্লীলৈ এই বাৰ্তা পঠালে যে ইচ্ছা কৰিলে আপোনালোকে হাতৰ ইছাৰাত আমাক নচুৱাব নোৱাৰিব। প্ৰয়োজন হ'লে আমি সকলো এক হ'ব পাৰো।

উত্তৰ-পূৱৰ স্বাৰ্থত আমি এক…
উত্তৰ-পূৱৰ স্বাৰ্থত আমি এক…

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই এই বিধেয়কৰ বিৰোধিতা কৰি ঐক্যবদ্ধভাৱে ইয়াৰ বিৰুদ্ধে সংগ্ৰামৰ পোষকতা কৰিলে। তেওঁৰ মতে বিধেয়কখন গৃহীত হ'লে উত্তৰ-পূৰ্বাঞ্চলবাসীৰ পৰিচয় আৰু লোকজীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। অভিৱৰ্তনত অংশ লোৱা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সংবাদ মাধ্যমক জনাই দিলে ৰাজনীতি কৰিবলৈ তেওঁলোক এনেদৰে একত্ৰিত হোৱা নাই। উত্তৰ-পূবৰ ৰাইজৰ আবেগ অনুভূতিক গুৰুত্ব নিদি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ যি পদক্ষেপ লৈছে তাৰ ফলশ্ৰুতিত স্বতঃস্ফূৰ্তভাৱে আঞ্চলিক ৰাজনৈতিক শক্তি এক হৈছে।

এই অভিৱৰ্তনত অংশ লোৱা আঞ্চলিক ৰাজনৈতিক দলসমূহ আছিল- নেশ্যনেল পিপুলছ পাৰ্টি (এনপিপি), মিজো নেশ্যনেল ফ্ৰন্ট (এমএনএফ), অসম গণ পৰিষদ (অগপ), পিপুলছ ডেম'ক্ৰেটিক ফ্ৰন্ট (পিডিএফ), ইউনাইটেড ডেম'ক্ৰেটিক পাৰ্টি (ইউডিপি), হিলছ ষ্টেট পিপুলছ ডেম'ক্ৰেটিক পাৰ্টি (এইচএছপিডিপি), ইণ্ডিজেনাছ পিপুলছ ফ্ৰন্ট অৱ ত্ৰিপুৰা(আইপিএফটি), নাগা পিপুলছ ফ্ৰন্ট (এনপিএফ), এনডিপিপি, কেএনএইচএএম আৰু জে ডি(ইউ)।

এই অভিৱৰ্তনৰ অন্তত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই অভিৱৰ্তনত ৫ টা প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে। তাৰ ভিতৰত এই বিধেয়কখনৰ বিৰুদ্ধে সন্মিলিতভাৱে বিৰোধিতা, অভিৱৰ্তনত অংশ লোৱা ৰাজনৈতিক দলবোৰৰ প্ৰতিনিধিৰে গঠিত এটা প্ৰতিনিধি দলে বিধেয়কখনৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক সাক্ষাৎ, বিধেয়কখনৰ বিৰোধিতা কৰা আন ৰাজনৈতিক দলসমূহৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন আৰু এখন কমিটী গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে।

মন কৰিবলগা কথাটো হ'ল বিজেপিৰ নেতৃত্বত উত্তপ-পূৱত গঠিত নেডা (নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েঞ্চ)ত থকা ৬ টা ৰাজনৈতিক দলে এই অভিৱৰ্তনত অংশ ল'লে। সেইকেইটা হ'ল- অগপ, এন পি পি, এন ডি পি পি, জে ডি ইউ, আই পি এফ টি আৰু কে এন এইছ এ এম। সাংবাদিকে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক সুধিছিল- বিজেপিৰ নেতৃত্ব গঠিত আৰু এন ডি এৰ অংশীদাৰ হোৱা নেডাৰ পৰা তেওঁলোক ওলাই আহিব নেকি? এই প্ৰশ্নৰ উত্তৰত মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে- এয়া কোনো ৰাজনৈতিক লক্ষ্য আগত ৰাখি আমি একত্ৰিত হোৱা নাই। উত্তৰ-পূৱৰ খিলঞ্জীয়াৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমি একত্ৰিত হৈছো। ফোনত আমি কথা পাতিছিলো আৰু অনানুষ্ঠানিকভাৱে এই অভিৱৰ্তন অনুষ্ঠিত কৰা হৈছে। আমি সন্মিলিতভাৱে ইয়াৰ বিৰোধিতা কৰিবলৈ এনে উদ্যোগ লৈছো।

বিজেপিৰ সৈতে মিত্ৰতা ত্যাগ কৰি অগপই চৰকাৰৰ পৰা ওলাই অহাৰ পাছত উত্তৰ-পূৱৰ আঞ্চলিক শক্তিক সন্মিলিতভাৱে একেখন মঞ্চত থিয় কৰাব পৰাটোে এই অঞ্চলটোৰ বাবে এক সুখবৰ। এই সন্মিলিত ৰাজনৈতিক উত্থান বিজেপিৰ বাবে নিৰাশাজনক। ৰাইজে কি বিচাৰিছে বা এই বিধেয়কৰ পৰা কি হ'ব পাৰে, সেই কথা অনুধাৱন কৰিয়েই ১১ ৰাজনৈতিক দলে ৰাজনৈতিক মতাদৰ্শ পৰিহাৰ কৰি এনেদৰে সন্মিলিত হ'ল।

ৰাইজ এতিয়া এনেদৰেই জাগি উঠিছে। বিভিন্ন স্তৰত এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে। আৰু মুখ্যমন্ত্ৰী তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে- সাহস আছে বাবেই হেনো এই বিধেয়কৰ সমৰ্থন কৰিছে। সাহস আছে বাবেই এনেদৰে ল'ৰা ৰজা সদৃশ কৰ্মকাণ্ডৰে ডেৰ বছৰীয়া দেৱ শিশুৰ কাপোৰ খুলিছে।

এইবোৰ সৰু সৰু কথাৰ পৰাই খাণ্ডৱ দাহ হয়। এফালে উত্তৰ পূৱৰ আঞ্চলিক দল সমূহ একত্ৰিত হৈ সন্মিলিত প্ৰতিবাদৰ বাবে সাজু হৈছে আৰু আনফালে এই বিধেয়কৰ সমৰ্থন কৰি ৰাইজৰ প্ৰতিবাদৰ মুখামুখি হ'ব নোখোজা সকলে ক'লা কাপোৰৰ ভয়ত গাৰ কাপোৰ খোলাই নিজৰ স্বেচ্ছাচাৰিতাৰ প্ৰমাণ দিছে।

আজি ক্ষমতাত থকাৰ বাবেই ডেৰ বছৰীয়া দেৱ শিশুৰ পৰা আৰম্ভ কৰি ৰাইজৰ কাপোৰ খোলোৱা সকলৰো এদিন আহিব। যিদিনা তেওঁলোকৰ কাপোৰ ৰাইজে খুলিব। অহংকাৰেৰে ৰাইজৰ প্ৰতিবাদক আওকান কৰি এই বিধেয়ক তেওঁলোকে গৃহীত কৰিলেও ইয়াৰ পৰিনামৰ বাবেও তেওঁলোকো সাজু থাকিব লাগিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in