ভুল ক’ত…

ভুল ক’ত…

মৃদুল কুমাৰ সন্দিকৈ

প্ৰশ্ন নকৰিব। একো কথা নুসুধিব। কোৱাৰেন্টাইন, কোৰোনা বা এই বিষয়ত কোনো অনিয়ম অসুবিধাৰ সন্মুখীন হ'লে মৌন হৈ থকাটোৱেই বুদ্ধিয়কৰ লক্ষণ। কোৱাৰেন্টাইন কেন্দ্ৰত নিৰাপত্তাৰক্ষী নথকাৰ খবৰ এজন দায়িত্বশীল নাগৰিক হিচাপে চৰকাৰৰ দৃষ্টিগোচৰ কৰিছিল ড০ বিদ্যুত বৰুৱা নামৰ ব্যক্তিগৰাকীয়ে।

সেয়া আছিল ৩১মে'২০২০

বোকাখাটৰ চন্দ্ৰনাথ বেজবৰুৱা কলেজত স্থাপন কৰা হৈছিল এটা কোৱাৰেন্টাইন চেন্টাৰ। কেইগৰাকীমান লোক আছিল সেই চেন্টাৰটোত। নিশা প্ৰায় ৮ বজালৈকে কোৱাৰেন্টাইন চেন্টাৰটোত কোনো নিৰাপত্তাৰক্ষী নথকাৰ কথা প্ৰত্যক্ষ কৰিছিল সেই মহাবিদ্যালয়খনৰে প্ৰবক্তা বিদ্যুত বৰুৱাই।

এই কথাক লৈ চিন্তিত হৈছিল তেওঁ। নিৰাপত্তাৰক্ষীৰ বাহন এখন আহি কিছুলোকক কোৱাৰেন্টাইন চেন্টাৰত থৈ নিৰাপত্তাৰক্ষী দলটো উভতি গৈছিল। কোৱাৰেন্টাইন কেন্দ্ৰটোৰ পৰা ১০ মিটাৰ দূৰৈৰ বাসগৃহত থকা অধ্যাপকগৰাকীয়ে সেই কথা প্ৰথম স্থানীয় সাংবাদিকৰ জৰিয়তে বোকাখাট প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ চেষ্টা কৰিছিল।

তাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰবক্তাগৰাকীয়ে তেওঁৰ টুইটাৰৰ পৰা টুইট কৰি লিখিছিল, বোকাখাটৰ চি এন বি কলেজত থকা কোৱাৰেন্টাইন কেন্দ্ৰটোত নিশা ১০.৩০বজালৈ কোনো নিৰাপত্তাৰক্ষী নাই। সেয়েহে কাষৰীয়া লোকসকল চিন্তিত আৰু শংকিত হোৱা বুলি এখন আলোকচিত্ৰসহ এই টুইটটো টেগ কৰিছিল স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ আইন শৃংখলাজনিত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক। ড০ বৰুৱাই MY GOVASSAMটো টেগ কৰিছিল টুইটতো।

ড০ বৰুৱাৰ টুইটতো

তাৰ পাছত কি হ'লঃ

পিছদিনা অৰ্থাৎ ১জুন,২০২০ত চি এন বি কলেজৰ অধ্যক্ষৰ পৰা এটা ফোন পাইছিল ড০ বৰুৱাই। অধ্যক্ষগৰাকীয়ে প্ৰবক্তাগৰাকীক বোকাখাটৰ এজন দণ্ডাধীশে লগ পাব বিচাৰিছে বুলি জনালে। সেই অনুসৰি বোকাখাটৰ দণ্ডাধীশ ৰণনময় ভৰদ্বাজক সাক্ষাৎ কৰিছিল তেওঁ।

কি হৈছিল তেতিয়ালৈকে ধৰিব পৰা নাছিল অধ্যাপকগৰাকীয়ে। চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক বিদ্যুত বৰুৱাক দণ্ডাধীশ গৰাকীয়ে জানিবলৈ দিলে যে, তেওঁক লগ পাব খোজে বোকাখাট মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামে।

সেইদিনা অৰ্থাৎ ১জুনৰ পুৱা ১১.৩০বজাত মহাকুমাধিপতি শ্যামক সাক্ষাৎ কৰিলে ড০ বৰুৱাই। তেতিয়াই তেওঁক সুধিলে যে, প্ৰশাসন থাকোতেও এই কথা কিয় টুইট কৰিব লগা হ'ল? আনকি টুইট কৰাৰ বাবে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকে তেওঁক ধৰি আনিবলৈ কোৱা বুলিও একাপ্ৰকাৰৰ ভাবুকি প্ৰদান কৰিলে।

চি এন বি কলেজৰ প্ৰবক্তা ড০ বিদ্যুত বৰুৱা

টুইট কৰাৰ বাবে শ্ব'কজঃ

কোৱাৰেন্টাইন চেন্টাৰত নিৰাপত্তাৰক্ষী নাই বুলি প্ৰশাসনক টুইটাৰযোগে অৱগত কৰাটোৱে অপৰাধ হ'ল এইগৰাকী প্ৰবক্তাৰ। এই সন্দৰ্ভত তেওঁক দিয়া হ'ল কাৰণ দৰ্শোৱাৰ জাননী। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সৈতে হোৱা বাৰ্তালাপত প্ৰবক্তাগৰাকীয়ে কয়- মোক বোকাখাট মহকুমাৰ মহকুমাধিপতিগৰাকীয়ে মাতি নি কিয় টুইট কৰিব লগীয়া হল প্ৰশাসন থাকোতে বুলি কাৰন দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে।

এ চি এছ বিষয়া এগৰাকীৰ জৰিয়তে নং ডি কে চি ৬৬/২০১৮/১৯৬ নম্বৰৰ জাননীযোগে তেওঁৰ বিৰুদ্ধে অভিযোগ কৰা হল যে, স্থানীয় প্ৰশাসনৰ পৰা কোনো সত্যাতা পৰীক্ষণ নকৰাকৈ টুইটাৰত তেওঁ শংকা বিয়পোৱা বাৰ্তা প্ৰেৰণ কৰিছে। সেয়েহে তেওঁৰ বিৰুদ্ধে কিয় আইনগত ব্যৱস্থা লোৱা নহ'ব তাৰ কাৰন ৪৮ ঘন্টাৰ ভিতৰত দৰ্শাবলৈ এই জাননী প্ৰেৰণ কৰে।

ড০ বৰুৱালৈ প্ৰশাসনে প্ৰেৰণ কৰা কাৰন দৰ্শোৱাৰ জাননী

কি কয় প্ৰবক্তাগৰাকীয়েঃ

মহাকুমাধিপতি কাৰ্যালয়ত থাকোতেই তেওঁৰ ঘৰত এই কাৰন দৰ্শোৱাৰ জাননী দি গৈছিল প্ৰশাসনৰ লোকে। আচৰিত হৈছে তেওঁ কি কাৰনত এই কাৰন দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিব লগা হ'ল। বিষয়টোৰ গুৰুত্ব উপলদ্ধি কৰি প্ৰথমে তেওঁ স্থানীয় প্ৰশাসনৰ জৰিয়তে বোকাখাট প্ৰশাসনক জনোৱাৰ চেষ্টা কৰিছিল।

"মহাকুমাধিপতি গৰাকী থকা হোৱাটছ এপ এটা গ্ৰুপত এই বিষয়টো সাধাৰণভাৱেই মই দৃষ্টিগোচৰ কৰিছিলো। নিশা ১০বজালৈকে নিৰাপত্তৰক্ষী নহাত মই টুইট কৰি কেৱল জনাইছিল যে চি এন বি কলেজত থকা কোৱাৰেন্টাইন কেন্দ্ৰটোত নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা নাই।"

এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰবক্তাগৰাকীয়ে ক'লে, প্ৰশাসনে মোক যি কাৰন দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে তাৰ প্ৰত্যুত্তৰ মই ৩মিনিটত দিছো। প্ৰত্যুত্তৰত অধ্যপকগাৰাকীেয়ে লিখিছে, তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা। সেই কোৱাৰেন্টাইন চেন্টাৰত কোনো নিৰাপত্তৰক্ষীৰ ব্যৱস্থা নথকাত বিষয়টো দৃষ্টিগোচৰ কৰিবলৈহে চেষ্টা কৰিছিলো।"

এই কাৰন দৰ্শোৱাৰ জাননীৰ উত্তৰত ড০ বৰুৱাই সবিনয়েৰে এনে কৰা বুলি উল্লেখ কৰি তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আবেদন জনায়।

ড০ বৰুৱাই দিয়া কাৰন দৰ্শোৱা জাননীৰ প্ৰত্যুত্তৰ

বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াঃ

নিজৰ ব্যৰ্থতা ঢাকিবলৈ এগৰাকী প্ৰবক্তাক কাৰন দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা কাৰ্যক ধিক্কাৰ দিছে বোকাখাটৰ ছাত্ৰ সমাজে। চি এন বি কলেজৰ প্ৰাক্তন ছাত্ৰ সমাজে কলেজৰ সন্মুখত প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে এনে ব্যৱস্থা অসহিষ্ণু আচৰনৰ পৰিচয় দি চৰকাৰে কৰা বুলিও অভিযোগ তোলে স্থানীয় লোকে।ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মহাবিদ্যালয়খনৰ সন্মুখত সোণেশ্বৰ নৰহকে ধৰি কিছু সংখ্যক প্লে কাৰ্ড প্ৰৰ্দশন কৰে।

কিয় এই অসহিষ্ণু আচৰন

স্বাস্থ্য মন্ত্ৰীৰ উত্তৰ কি হ'বঃ

এটা টুইটৰ বাবে বোকাখাটৰ মহকুমাধিপতিয়ে এনে ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস কৰ পৰা পালে। স্বাস্থ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হৈছেনে এই টুইটটো। পাইছেনে তেওঁ খবৰ তেওঁক টেগ কৰি ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাৱি কোৱাৰেন্টাইন চেন্টাৰত নিৰাপত্তৰক্ষী নথকা বুলি কোৱাৰ বাবেই গোলাঘাট প্ৰশাসনে এগৰাকী প্ৰবক্তাক দিছে জেলত ভৰোৱাৰ হুংকাৰ।

এই হুংকাৰ দিবলৈ সেউজ সংকেত দিছিল নেকি হিমন্ত বিশ্ব শৰ্মাই। সেই প্ৰশ্ন এতিয়া বোকাখাটৰ ৰাইজে কৰিছে। নহ'লে পাৰে জানো এজন মহকুমাধিপতিয়ে তেওঁৰ নামত টুইট কৰাৰ বাবে এজন প্ৰবক্তাক জেলত ভৰোৱাৰ হুংকাৰ দিবলৈ।

ইয়াৰ পূৰ্বেও পি পি ই কিট নোপোৱা বুলি অভিযোগ কৰা এজন চিকিৎসকলৈ চি আই ডিয়ে প্ৰেৰণ কৰিছিল জাননী। কিয় এইদৰে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ নামত এনে পৰিৱেশ ৰচা হৈছে। ভুলটো আঙুলিয়াই দিয়াটো অপৰাধ নেকি?

স্বাস্থ্য মন্ত্ৰীৰ উত্তৰ কি হ'ব

এই টুইটটোত কি অসত্য কথা আছে। কি ধৰণৰ শংকা আৰুু অপ্ৰচাৰ বিয়পোৱাৰ কথা কৈছিল প্ৰবক্তাগৰাকীয়ে। সেই প্ৰশ্নৰ উত্তৰ এতিয়া ৰাইজে নিশ্চয় বিচাৰিব। বোকাখাট প্ৰশাসনৰ পৰা কোৰোনা ভাইৰাছৰ পৰিৱেশ পৰিস্থিতিক লৈ সকলো সজাগ। এজন সাধাৰণ নাগৰিক হিচাপে সেই সচেতনাৰ প্ৰমাণ দি অধ্যাপকগৰাকীয়ে এই খবৰ দিয়াতো যদি ভুল হয়, তেনে সকলোৰে পৰা কাঢ়ি নলয় কিয় কথা কোৱাৰ অধিকাৰ! সাংবাদিকে প্ৰশ্ন কৰিব নোৱাৰে, সাধাৰণ জনতাই দেখা কথাটো কোৱাৰ অৱকাশ নাই এতিয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in