‘বাবু’ এইবোৰ কি…!

‘বাবু’ এইবোৰ কি…!

মৃদুল কুমাৰ সন্দিকৈ

তেওঁলৈ ফোন কৰিছিলো। বিতৰ্কিত এটা গানৰ গায়ক। সেই গীতৰ দৃশ্যাংশত মাজুলীৰ সংস্কৃতিক লৈ উপলুঙা কৰাৰ অভিযোগ উঠিছে। যিসকলৰ দৃষ্টিত সেয়া ভুল, তাৰ সপক্ষে যুক্তি আছে। কিন্তু এই ঘটনাত এজন গায়কৰ দৃষ্টিৰে বহুতে ভুল বুলি নাভাৱে। তাৰ সপক্ষেও তেওঁলোকে যুক্তি দাঙি ধৰিছে। সেই সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ ক'লে- 'এই সন্দৰ্ভত মই কথা পাতিব নিবিচাৰো। ইতিমধ্যে ক্ষমা খুজিছো।'

'পেদেল মাৰি মাৰি" তেওঁ কিছু জনপ্ৰিয়তা অৰ্জন কৰিলেও মাজুলীক লৈ সৃষ্টি হোৱা এই বিতৰ্কই ৰাইজৰ দৃষ্টিত তেওঁৰ জ্ঞানৰ গভীৰতা, শিল্পীসত্বাক লৈ কিছু প্ৰশ্নৰ ঠিয় কৰালে। এনে লাগিল, এইগৰাকী গায়কৰ মাজুলীক লৈ হোৱা দুৰ্ভাগ্যজনক ঘটনাৰ বাবে কোনো অনুশোচনা হোৱা নাই।

'মাজুলীৰ এজনী ছোৱালী' সত্ৰীয়া সংস্কৃতিৰ বেশ পৰিধান কৰি খোল-তাল লৈ ভিক্ষা খোজাৰ দৃশ্য তেওঁ গানৰ ভিডিঅ'ত সংযোজন কৰাৰ বাবে মূলতঃ বিতৰ্কৰ সূচনা হৈছে। আচলতে এয়া সস্তীয়া চৰ্চা আৰু জনপ্ৰিয়তা অৰ্জনৰ অপচেষ্টাহে নেকি বুলি চৰ্চা চলিছে।

মাজুলীত সত্ৰত মহিলাৰ প্ৰৱেশ নিষেধ, সত্ৰাধিকাৰে এগৰাকী মহিলাক গোৰ মাৰি দিয়াৰ দৃশ্য কোন দৃষ্টিৰে সাধাৰণ বুলি অসমীয়া সমাজে গ্ৰহণ কৰিব, সেই যুক্তি এইসকল পাবত গজা গায়কৰ নাই। সত্ৰসমূহৰ পীঠস্থান আৰু অসমৰ সাংস্কৃিতক অভিকেন্দ্ৰ মাজুলীক লৈ তেওঁলোক কিমান অজ্ঞ তাৰেই প্ৰমাণ দি গ'ল। মুখা শিল্পক গানৰ মাজলৈ নি কিদৰে প্ৰদৰ্শন কৰা হ'ল সেইবোৰ কথাৰ বিৰুদ্ধে যদি মাত মতা নহয়, তেনেহ'লে এই শ্ৰেণীৰ অতপালি বাঢ়ি গৈ থাকিব।

কিন্তু তেওঁলোকে জনা উচিত- অসমীয়া সংগীত জগত সমৃদ্ধ কৰিছিল বহু গুণী জনে। অসমীয়া সংগীতৰ এক মৰ্যাদা আছে। একেদিনাই গীত লিখি আৰু গায় জনপ্ৰিয় হোৱা বহু শিল্পী হয়তো এইবোৰ কথা নাজানে। কামৰূপীয়া লোকগীত, গোৱালপৰীয়া লোকগীত, ওজা-পালি, টোকাৰী গীত আদি লোক সংগীতৰ মাজত অসমীয়া লোকজীৱন প্ৰতিফলিত হয়।

ঠিক সেইদৰে ঝুমুৰ, বাগৰুম্বাআদি জনগোষ্ঠীয় লোকসকলৰ সংগীতৰ মাজত তেওঁলোকৰ জীৱন ধাৰণৰ মধুৰ ছন্দ বিৰাজ কৰি আছে।বৰগীত অসমীয়া জাতীয় আৰু জনজীৱনৰ অন্য এক সম্পদ। বিয়া নাম, নিচুকনিগীত, গৰখীয়া নাম, বনগীত, জিকিৰআৰু জাৰি, আইনাম আদিৰ মাজেৰে প্ৰৱাহিত হয় ঐতিহ্যপূৰ্ণ লোকজীৱনৰ সংগীতৰমধুৰ নিজৰা।

এফালে লোক জীৱন আনফালে লোকসংগীতৰএক মধুৰ সংমিশ্ৰণ। ইয়াৰ উপৰিও বিহু, হুঁচৰিআদিত আছে জাতীয় সংস্কৃতিৰ সত্ত্বাভৰা স্বকীয় উপাদান। শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেব, জ্যোতিবিষ্ণু, ড০ ভূপেন হাজৰিকা, জয়ন্তহাজৰিকা, প্ৰতিমা বৰুৱা পাণ্ডে, ৰামেশ্বৰপাঠক, খগেন মহন্ত আদি গুণীজ্ঞানীজনে এই ধাৰা প্ৰৱাহিত কৰি লৈআহিছে। পৰৱৰ্তী সময়ত সেই ধ্বজ্জা নতুন প্ৰজন্মৰ শিল্পীসকলে লৈ আগবাঢ়িছে।

একেদৰে অসমীয়া চিমেনা জগতৰ পুৰণিগীতবোৰ আজিও আমাৰ বাবে সজীৱ আৰু চিৰসেউজ। আধুনিক অসমীয়া সংগীতৰ ইতিহাস খুচুৰিবলৈ গ'লেদেখা পোৱা যায় যে, ১৮৭৫ৰ পৰা ১৯১৪ চনত বহুকেইগৰাকী শিল্পীয়ে এই চৰ্চাৰ আৰম্ভণিকৰিছিল। ভক্তৰাম দত্ত চৌধুৰী, চিত্তনাথবৰা, বেদধৰ বৰা আদিয়ে লিখা সেই গীতবোৰ আছিল অতি সুমধুৰ। লক্ষীৰামবৰুৱা আছিল অসমীয়া সংগীত জগতৰ অন্য এক উল্লেখযোগ্য ব্যক্তি।

স্বাধীনতা আন্দোলনৰ সময়ত গীতৰজৰিয়তে দেশপ্ৰেমৰ ভাব জাগ্ৰত কৰাত বহু গীতিকাৰে সফল হৈছিল। সেইসকলৰ ভিতৰত উমেশচন্দ্ৰ চৌধুৰী, নবীনচন্দ্ৰ বৰদলৈৰ নাম বিশেষভাবে ল'বপাৰি। নবীনচন্দ্ৰ বৰদলৈয়ে লিখা 'ডেকা গাভৰুৰদল', অম্বিকাগীৰি ৰায় চৌধুৰীয়ে লিখে 'ব'লভাই আগুৱাই', আছিল স্বাধীনতা সেনানীসকলৰ বাবে একমনোৱল। উমেশ চন্দ্ৰ চৌধুৰী, প্ৰসন্ন চৌধুৰী এই সমদলত মিলিত হৈছিল।

জ্যোতিপ্ৰসাদ, পাৰ্বতীপ্ৰসাদ বৰুৱা আদিয়ে সমৃদ্ধ অসমীয়া সংগীত জগত। পাৰ্বতীপ্ৰসাদ বৰুৱাৰ 'সোণৰ সেলেং' তাৰ প্ৰমাণ। কমলানন্দ ভট্টাচাৰ্যৰ গীতবোৰ আছিল যথেষ্ট জনপ্ৰিয়। 'বিলত তিৰবিৰাই পদুমৰ পাহী', 'চৰাই হালধীয়া' আদি গীতবোৰ পূৰ্বৰ দৰেই জনপ্ৰিয়।

'শ্ৰীময়ীঅসমী' গীতৰ জৰিয়তে পুৰোষত্তম দাসে এক লাইখুটা স্থাপন কৰিছিল।আনন্দিৰাম দাস, শিব ভট্টাচাৰ্য, নিৰ্মলামজুমদাৰ, অনুপম নাথ, কনকচৌধুৰী, দিলীপ শৰ্মা, নৱবৰুৱা, গজেন বৰুৱা, ধনচন্দ্ৰদাস আদি আছিল অসমীয়া সংগীতক লালন-পালন কৰা লোকসকলৰ ভিতৰত অন্যতম।

বীৰেন দত্ত, নৱকান্তবৰুৱা, নিৰ্মলাপ্ৰভা বৰদলৈ আদিয়ে লিখা গীতবোৰৰ মাজতো পৰৱৰ্তী সময়তসেই স্বকীয়তা বিৰাজমান। কিন্তু লাহে লাহে আজি গীতৰ নামত এনে এক তৰলতা সৃষ্টি হৈছেযে, অসমীয়া সংগীত জগতৰ সেই মৰ্যাদা যেন ধৰি ৰাখিব পৰা নাই।পৰিবৰ্তনৰ মাজতেই হঠাৎহোৱা এনে পৰিৱৰ্তন সংগীত চৰ্চাৰ নামত অভিশাপত পৰিণত হৈছে।

গীতৰ নামত ৰাতিটোৰ ভিতৰতে গীত লিখি জনপ্ৰিয় হোৱা এচাম শিল্পী তথা গীতিকাৰে পূৰ্বৰ মৰ্যাদাক ভৰিৰে মোহাৰি 'ডিস্কো ভণ্টী', 'ৱাশ্বিং পাউডাৰ নিৰমা','জিঅ' ছিম' আদি লৈ লিখা গীতবোৰক লৈ চৌদিশে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

যিসকলকে কঠোৰ শ্ৰম আৰু চৰ্চাৰ অন্তত সংগীত চৰ্চাক উচ্চ স্তৰলৈ উত্তীৰ্ণ কৰিছিল তেওঁলোকৰ বাবে যেন এইসকল অক্টোপাচ। ভাল কথাটো হ'ল- তেনে তৰল সংগীত চৰ্চা বা গীতৰ বিৰুদ্ধে এতিয়া এচাম লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। হয়তো এই গীতবোৰ সময়ৰ সোঁতত বিলীন হৈ যাব। কিন্তু ভাল গীতবোৰ চিৰসেউজ হৈ চিৰদিনৰ বাবে থাকি যাব মানুহৰ মাজত।

সেই শান্তনাৰ মাজতো এটা কথা মনলৈ আহে এনেদৰে আগগুৰি নথকা কথাৰে গীত লিখিলে পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি সুস্থ সংগীত চৰ্চাৰ বাবে নতুন প্ৰজন্মই পৰিৱেশ পাবনে? ইয়াৰ বাবে সকলোৱে বিষয়টো বিবেচনা কৰা দৰকাৰ। অন্যথা অসমীয়া শেহতীয়া একাংশ গীতক লৈ এইবোৰ অদৰকাৰী কথা পতাটো প্ৰয়োজনীয়হীন হ'ব।

গীত গোৱা কোনোবা বাবুৱে এতিয়া মানুহৰ পৰা গালি খাইছে। এনে বাবু যাতে আৰু সৃষ্টি নহয়, তাৰ বাবে সচেতনতাৰ প্ৰয়োজন হয়। বাবুৰ নিচিনা সকলে গীত গায়েই থাকিব। ভাল, বেয়া কথা নাই। কিন্তু ৰাইজে ৰুচিবোধৰ প্ৰমাণ দিব লাগিব। এদিন কোনোবাই বাবুক গালি পাৰিলে, সমালোচনা কৰিলে এই সমস্যাবোৰৰ সমাধান নহয়। তেনে অৰুচিপূৰ্ণ গীত যদি শ্ৰোতাই নুশুনে, তেনেহ'লে তেওঁলোকো বাধ্য হ'ব শ্ৰোতাৰ ৰুচি পূৰণৰ বাবে। অনথ্যাই এই ক্ষেত্ৰখনত তেওঁলোক এদিন অপতৃণ হৈ কলিতেই মৰহি যাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in