লখিমীঃ এজনী চেলিব্ৰেটী ‘গৰু’…

লখিমীঃ এজনী চেলিব্ৰেটী ‘গৰু’…

মৃদুল কুমাৰ সন্দিকৈ

গৰু পুহিবলৈ নহয়, এইবাৰ 'গৰু' চাবলৈ। মহানগৰীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত চলি আছে গৰু। কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়চোৱাত স্থবিৰ হৈ পৰা স্বাভাৱিক জনজীৱনৰ পাছত গৰুৱে আপোনাক কান্দিবলৈ, হাঁহিবলৈ আৰু ভাৱিবলৈ অৱকাশ দিব।

কাহিনী তেনেই সৰু। লখিমীক লৈ দুই পক্ষৰ মাজত সংঘাত। এই কাহিনী পটভূমি এখন উপন্যাস। কিন্তু সেই উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনে কৈ যাব সাম্প্ৰতিক প্ৰেক্ষাপটৰ বহু কথা। ছাহজাহানৰ কাহিনীৰ আধাৰত হিমাংশু প্ৰসাদ দাসৰ এই ছবিখন চোৱাৰ পাছত তথাকথিত সমাজ ব্যৱস্থা, ৰাজনৈতিক প্ৰেক্ষাপটক লৈ নিজৰে ধিক্কাৰ উপজিব।

১৯৩৫চনৰ ১০ মাৰ্চত প্ৰথমখন অসমীয়া ছবি জয়মতীয়ে মুক্তি লাভ কৰিছিল। কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এই ছবিখনৰ স্কিনিং হৈছিল। আজি প্ৰায় ৮৫বছৰৰ পাছত সেই নাট্য মন্দিৰতে যোৱা ২২ জানুৱাৰী ২০২১ত গৰু ছবিখনৰ মুক্তি দিয়া হৈছে।

হিমাংশু প্ৰসাদ দাসৰ কাম মানেই ব্যতিক্ৰম। সেই ব্যতিক্ৰম ধাৰাৰে গৰু কাহিনীক উপস্থাপন কৰাত পৰিচালক সফল হৈছে। প্ৰতিটো চৰিত্ৰই অতি সাৱলীলভাৱে এই কাহিনীক ধৰি ৰাখিছে যে, কাহিনীৰ মাজত দৰ্শকে বিচৰণ কৰি ফুৰে।

ছচিয়েল মিডিয়াত চৰ্চা চলিছিল বিচিত্ৰৰ মাকৰ পোহনীয়া গৰুজনী হেৰাল। গৰু বিছাৰি মাকৰ হাহাকাৰ। বিচিত্ৰয়ো গৰু বিছাৰি ফুৰিছিল, সেই গৰুজনী এতিয়া ডাঙৰ পৰ্দাত। ছবিখনৰ সংলাপত কোনো জঠৰতা নাই।

দৰ্শকক সংলাপেৰে ক'ত কেনেকৈ ধৰি ৰাখিব লাগে সেই কথা পৰিচালকে ভালদৰে জানে। তাৰেই প্ৰতিফলন প্ৰতিটো মূৰ্হূততে প্ৰতি চৰিত্ৰৰ জৰিয়তে ঘটিছিল। নতুনত্বৰ সন্ধানেৰে এটা সাধাৰণ কাহিনীক ইমান উচ্চ স্তৰত ধৰি ৰাখিবলৈ চৰিত্ৰসমূহেও সাৱলীল অভিনয় কৰিছে।

এনে ছবি নিৰ্মাণেৰে অসমীয়া ছবি চাবলৈ দৰ্শকক নিব পাৰিব। এই ছবিখন মুক্তি দিয়া হৈছে ৰাইজৰ মাজত। ইয়াত কোনো বিতৰক-কোম্পানী নাই। পোনপতীয়াকৈ প্ৰযোজকৰ সৈতে বিভিন্ন স্থানত প্ৰদৰ্শনীৰ আয়োজন কৰা আয়োজকৰ সম্পৰ্ক। এই ছবিখনৰ সফলতাই আন পৰিচালক সকলকো এই দিশতো অনুধাৱন কৰিবলৈ বাধ্য কৰিব।

বিচিত্ৰৰ মাকৰ চৰিত্ৰত পাকিজা বেগম, গৰু ব্যৱসায়ী চৰিত্ৰত বাহাৰুল ইছলামৰ অভিনয়ৰ তুলনা নাই। বিচিত্ৰৰ চৰিত্ৰয়ো দৰ্শকৰ ব্যাপক সহাঁৰি লাভ কৰিছে। ছবিখন চাই থকা দৰ্শকে কেতিয়াবা উচপিচাইছে, কেতিয়াবা চকুলো টুকিছে আৰু কেতিয়াবা সংলাপ শুনি হাত চাপৰি বজাই সন্তুষ্টি লভিছে।

পৰিচালক হিমাংশু দাসৰ মতে 'চাকিৰা আহিব বকুল তলৰ বিহুলৈ' আগতেই এই ছবিখনৰ কথা মনত ভাৱিছিল। তাৰ পাছত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে ছবিখনৰ কাম শেষ কৰিছিল যদিও কা, কোৰোনাৰ বাবে ছবিখন মুক্তি দিব পৰা নাছিল।

ছবিখনৰ আটাইতকৈ ভাল লগা সংলাপতো আছিল- মানুহৰ কথা ভৱা চৰকাৰ এখন থকা হ'লে। এই সংলাপৰ মাজেৰেই সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক বহু কথা কৈছে ছবিখনত। ছবিখন চোৱা দশৰ্ক সকলে বতৰ্মানৰ ৰাজনীতিৰ প্ৰেক্ষাপটত গৰুৰ প্ৰাসংগিকতা উপলদ্ধি কৰিব।

সেই কাহিনীৰ মাজতেই আছে চন্দন দাস অথাৎ বিচিত্ৰৰ জীৱন সংগ্ৰাম আৰু প্ৰেমৰ কাহিনী। ক্ৰেয়ন ট্ৰি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনত অভিনয় কৰিছে প্ৰাঞ্জল শইকীয়া, সিদ্ধাৰ্থ মুখাৰ্জী, অৰুণ নাথ, অসীমকৃষ্ণ বৰুৱা, কমল লোচন, প্ৰণামী বৰা আদিয়ে।

গৰু নামৰ এই ছবিখন কেৱল এখন ছবিয়েই নহয়, বিভিন্ন দৃষ্টিকোণেৰে প্ৰত্যাহ্বান গ্ৰহণ কৰি দৰ্শকৰ মাজলৈ ৰুচিসন্মত বাৰ্তা প্ৰেৰণ কৰিছে। নিৰ্বাচনৰ পূৰ্বে এই ছবিখনে সাধাৰণ ভোটাৰৰ মনতো বিভিন্ন প্ৰশ্নৰ উদ্বেগ কৰিব। এজনী গৰু অথাৎ লখিমীক লৈ কিমান কি হব পাৰে আৰু কি হৈ আছে সেই চিন্তা দৰ্শকে কৰিবলৈ বাধ্য হ'ব গৰু চোৱাৰ পাছত…

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in