পুৰণি নামেৰে আছু-এ জে ৱাই চি পিৰ নতুন ৰাজনৈতিক দল…

পুৰণি নামেৰে আছু-এ জে ৱাই চি পিৰ নতুন ৰাজনৈতিক দল…

মৃদুল কুমাৰ সন্দিকৈ

এটা ৰাজনৈতিক দল গঠন কৰাতো সহজ নহয়। চাৰিবেৰৰ ভিতৰত বহি বৌদ্ধিকভাৱে তেনে আঞ্চলিক ৰাজনৈতিক শক্তিক মানুহৰ মাজলৈ কোনোবাই যদি নিয়াৰ কথা ভাৱিছে, তেনেহলে তেওঁলোকে বাৰে বাৰে কৰি অহা ভুলৰ পৰা শিক্ষা লোৱা উচিত।

আছু-AJYCPয়ে জাতীয়তাবাদৰ নামত আঞ্চলিকতাবাদৰ ধ্বজ্জা উৰুৱাই জাতি-জনগোষ্ঠীক একলগ কৰি এই আঞ্চলিক শক্তিক জন্ম দিব বুলি সকলোৱে আশা কৰি আছিল। নতুন প্ৰজন্মই বিশ্বাসত ল'ব পৰা পৰিৱেশ আৰু তেওঁলোকক নেতৃত্ব লব পৰাকৈ সাজু কৰি তোলাৰো দায়িত্ব অগ্ৰজ সকলেই নিশ্চিতভাৱে ল'ব লাগিব।

বহু আশা আৰু প্ৰত্যাশা আছিল এই নতুন ৰাজনৈতিক দলটোৰ ওপৰত। সেই বিশ্বাস এতিয়াও ভাগি যোৱা নাই বহুতৰে, কিন্তু আশাহত কৰিছে। ভৱা ধৰণেই কোনো আগ্ৰহ বা চেতনাবোধ নতুবা নতুনত্বৰ সন্ধানেৰে পৰিৱৰ্তনমুখী জাতীয় সত্ত্বাক একত্ৰিত কৰা বাৰ্তা এই নতুন আঞ্চলিক দলটোৱে বহন কৰিব নোৱাৰিলে যেন বোধ হয়।

সংবাদমেল অনুষ্ঠিত কৰি নতুন আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম ২০২০চনৰ ১৪ছেপ্তেম্বৰত ঘোষণা কৰিলে এই ৰাজনৈতিক দল গঠন কৰা আহ্বায়ক কমিটিৰ দুই আহ্বায়ক ক্ৰমে বসন্ত ডেকা আৰু কৃষ্ণ গোপাল ভট্টাচাৰ্যই।

জাতীয়তাবাদী শিবিৰত এই দুয়োগৰাকী ব্যক্তি নমস্য। নিস্বাৰ্থভাৱে জাতীয় সত্ত্বাক লৈ বিজ্ঞ আৰু সচেতন।কৃষ্ণগোপাল ভট্টাচাৰ্য ১৯৭২চনৰ মধ্যম আন্দোলনৰ 'থিংক টেংক' আছিল। অগপৰ দুই কাৰ্যকালতো ৰাজ্যত তেখেতৰ অৰিহনা আছে।

দুয়োগৰাকী অভিজ্ঞ ব্যক্তিৰ উপস্থিতিত এই নতুন ৰাজনৈতিক দল গঠনৰ বাবে চলোৱা ৰাজনৈতিক তৎপৰতাত বহুখিনি দিশেই ৰাজ্যবাসী বা জাতীয়তাবাদী শিবিৰক আশ্বস্ত কৰিব পৰা নাই। অসম প্ৰথম, সদায় আৰু চিৰদিন' এই বাণীৰে গঠন কৰা দলটোৰ নাম দিয়া হ'ল- অসম জাতীয় পৰিষদ।এটা পুৰণি নামেৰে এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ আৰম্ভণি।

১৯৮৮চনৰ কথা। তেতিয়া অসমত শাসনত আছিল অগপ। অসম চুক্তিৰ পাছত ১৯৮৫চনত ১৪ অক্টোবৰত গোলাঘাটত গঠন হৈছিল অসম গণ পৰিষদ। সেই বছৰৰে ডিচেম্বৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত জয়ী হৈ ৰাজ্যত চৰকাৰ গঠন কৰিছিল অগপই।

জাতীয়তাবাদী শিবিৰৰ আন এগৰাকী শক্তিশালী প্ৰৱক্তা আছিল বিশিষ্ট শিক্ষাবিদ ড০ বিনয় কুমাৰ তামুলী। অগপৰ নেতৃত্বৰ সৈতে তেওঁৰ কিছু সংঘাত হৈছিল। নৈতিক কাৰনতে হোৱা এই সংঘাতৰ পৰিণতিত তেতিয়া গুৱাহাটী পৌৰ নিগমৰ মুখ্য প্ৰশাসকৰূপে থকা ড০ বিনয় কুমাৰ তামুলীয়ে অগপ ত্যাগ কৰিছিল।

১৯৮৮চনত অগপ ত্যাগ কৰি ১৯৮৯চনৰ ১৫ আগষ্টত তেখেতে গঠন কৰিছিল এটা ৰাজনৈতিক দল। নাম দিছিল, অসম জাতীয় পৰিষদ চমুুকৈ অজপ। সভাপতি আছিল ড০ তামুলী, কাৰ্যকৰী সভাপতি আছিল অধিবক্তা দেৱ কুমাৰ শইকীয়া আৰু সাধাৰণ সম্পাদক আছিল অসম আন্দোলনৰ সময়ত কেন্দ্ৰীয় আৰু অৰ্ধ কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদকৰূপে নেতৃত্ব লোৱা কমল নায়ক।

বেছিদিন এই দলটো নাথাকিল। পুনৰ অগপত চামিল হ'ল অসম জাতীয় পৰিষদ। কিন্তু ৰাজনীতিৰ পৰা আতৰি থাকিল ড০ বিনয় কুমাৰ তামুলী। তেখেতে গঠন কৰা অসম জাতীয় পৰিষদৰ কাৰ্যনিবাহক কমিটি খন আছিল ৩৫জনীয়া। এই সমিতিত নগেন শইকীয়া, দিনেশ মেধি আছিল উপ সভাপতি, তৰুণ চুতীয়া, দিলীপ ৰাজখোৱা, পৰাগ শৰ্মা আছিল সম্পাদক। সাংগাঠনিক সম্পাদক ৰূপে খগেন শৰ্মা, অৰূপ গগৈ, নিপেন বড়ো আৰু কোষাধ্যক্ষৰ দায়িত্বত আছিল কেশৱেশ্বৰ গোস্বামী।

একাংশ সতীৰ্থৰ বিশ্বাসঘাটকতাৰ বাবেই সেই প্ৰচেষ্টা সফল নহ'ল। ৰাজনৈতিকভাৱে নিৰ্বাচনী যুঁজত নমা পূৰ্বেই একাংশই শিবিৰ সলনি কৰিলে। সেই একেটা নামেৰে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজনৈতিক দল গঠন কৰি পুনৰ নাম দিলে- অসম জাতীয় পৰিষদ।

এয়া ইচ্ছাকৃত নে অনিচ্ছাকৃতভাৱে হৈ যোৱা ভুল? অসম জাতীয় পৰিষদ নামেৰে এই নতুন ৰাজনৈতিক দলটোৱে ৰাইজৰ কাষ চাপিব পাৰিবনে! এজিপি, বিজেপিদৰে এজেপি(AJP) ছন্দ মিলাবলৈ দিয়া এই নামে মুৰকত গৈ গ্ৰাম্য অঞ্চলত তৃণমূল পৰ্যায়ত AGP হবগৈ নেকি!

সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰসতে গঠন হৈছিল অগপ। তাৰপাছত কিমান বিভাজন হ'ল এই দলটোত? একেই জাতীয়তাবাদৰ শ্লোগান। নতুন অসম গণ পৰিষদ হ'ল, তৃণমূল অসম গণ পৰিষদ, অসম জাতীয় পৰিষদ, অসম গণ সংগ্ৰাম পৰিষদ, অসম প্ৰগতিশীল হোৱাৰ উপৰিও ১৯৮৫ত অগপৰ সৈতে চামিল হোৱা অসম জাতীয়তাবাদীৰ দৰে ৮৫ৰ নিৰ্বাচনতেই নিজাকৈ প্ৰাৰ্থী থিয় কৰাইছিল।

অসম জাতীয়তাবাদী দলৰ হৈ গুণ গগৈ, গদাধৰ দত্তই নিৰ্বাচন খেলিছিল। গোলাঘাটত অগপৰ সৈতে চামিল হোৱা দুটা ৰাজনৈতিক দলৰ ভিতৰত এটা আছিল পূৰ্বাঞ্চল লোক পৰিষদ। PLPৰ সকলোৱে অগপৰ সৈতে চামিল হোৱাতো বিচৰা নাছিল। আৰম্ভ হৈছিল নিজাকৈ PLPৰ ৰাজনৈতিক কুছকাৱাজ।

পুনৰ জাতীয়তাবাদী শিবিৰৰ অন্যতম নায়ত নিবাৰণ বৰাৰ নেতৃত্বত গঠন হৈছিল সংযুক্ত লোক পৰিষদ।একেদৰে পবীন্দ্ৰ ডেকাই অগপৰ পৰা কংগ্ৰেছ আৰু কংগ্ৰেছৰ পৰা ওলাই আহি গঠন কৰিলে আন এক ৰাজনৈতিক দল।

এইদৰে বহুধা শিবিৰত আঞ্চলিক শক্তি থানবান হৈ পৰিছে। সেয়েহে এই আঞ্চলিক দলটো গঠনৰ ক্ষেত্ৰত এক নিকা ভাৱমূৰ্তিৰে সকলো জাতীয় জাতি-জনগোষ্ঠীৰ সংগঠনৰ নেতৃত্বক লগত লৈ এক আস্থাৰ ৰাজনৈতিক দলৰ গঠন কৰাৰ অৱকাশ আছিল।

কা আন্দোলনে সেই সুযোগ আনি দিলেও শক্তিশালী বিৰোধী সাম্প্ৰদায়িক শক্তি ৰোধিবৰ বাবে এই ৰাজনৈতিক দলটোৱে আৰম্ভণিতেই বলিষ্ঠ আত্মপ্ৰকাশ কৰিব নোৱাৰিলে বুলিয়েই এতিয়া সমালোচনা হৈছে।

বিজেপিৰ এটা শ্লোগান আছিল- হৰ হৰ মোডী, ঘৰ ঘৰ মোডী। সেই শ্লোগানেই কাৰ্যঃত আওৰালে এই নতুন ৰাজনৈতিক দলটোৱে। 'ঘৰে ঘৰে আমি'- এই শ্লোগানত কি নতুনত্ব আছে। এনে শ্লোগান সম্ভৱ অগপইও পূৰ্বতে দিয়া বুলি বহুতে কয়।

আজিৰ ৰাজনৈতিক প্ৰেক্ষাপটত এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি পূৰ্ণ পৰ্যায়ত এখন আহ্বায়ক কমিটি গঠন কৰিব নোৱাৰিলে এই দলটোৱে। তাৰ সলনি আবেলি ভাগলৈ এই তালিকা প্ৰকাশ কৰা হব বুলি কৈ প্ৰস্তুতি নথকাকৈ এনে এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰা সকলক লৈও আঞ্চলিক দল প্ৰস্তুতিৰ সন্দৰ্ভত অৱকাশ থাকি যায়।

এয়া কেনে প্ৰস্তুতি! সংবাদমেল সম্বোধন কৰি আহি সমন্বয়কৰ দায়িত্ব লোৱা কোনো নেতাই যদি মোবাইল ফোনত 'আপোনাক আহ্বায়ক হিচাপে ৰখাইছো আৰু চাৰিজন মান দিয়ক' মন্তব্যই বিষয়টোকে লঘু কৰি পেলায়।

সেই প্ৰস্তুতিবোৰ ইমানদিনে কিয় কৰা হোৱা নাছিল! কা আন্দোলনত সমৰ্থন কৰি পত্ৰ লিখা সকলক পৰামৰ্শ কমিটিৰ সদস্য, আছুৰ পৰা অগপ, অগপৰ পৰা বিজেপিলৈ জপিয়াই সুবিধা কৰিব নোৱাৰা সকলক সমন্বয়কৰ দৰে গধুৰ দায়িত্ব অৰ্পণ। এইবোৰ কি কাৰবাৰ!

এইবোৰ প্ৰশ্ন আমাৰ নহয়, সাধাৰণ ৰাইজৰ। এই দলটোৰ বাবে ৰৈ থকা মানুহৰ। সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে সংগঠিত ৰূপ যুঁজ দিয়াৰ সলনি কোনো সংগঠনৰ দায়িত্বত থকা নেতা সংগঠনৰ অধিৱেশন পাতি দায়িত্ব লব পৰাকৈ আজৰি হোৱাৰ পাছতহে ৰাজনৈতিক অভিৱৰ্তন, পূৰ্ণাংগ কমিটি গঠনৰ বাবে অপেক্ষা কৰিব লগা পৰিস্থিতিও বৰ সুখকৰ নহব।

এনে খবৰো ওলাইছে, কংগ্ৰেছত থাকি নেতৃত্বক সমালোচনা কৰি দল এৰা কোনো কোনো নেতাক ফোন কৰি খাটনি ধৰি থকা হৈছে যে, তেওঁ আহিব লাগে এই দললৈ । সেই কথা কিমান সঁচা, তাৰ উত্তৰ লুৰিণ জ্যোতি গগৈ বা দুলু আহমেদেহে দিব পাৰিব। কিন্তু এইবোৰ খবৰ চৰ্চা হৈছে।

কোনোবা মন্ত্ৰীয়ে এই দলক দল গঠনৰ পাছত ছান্দা নতুলিব বুলি জনোৱা আহ্বান বা প্ৰতিক্ৰিয়াক সাধাৰণ ৰাজনৈতিক প্ৰতিক্ৰিয়া বুলি আখ্যা দিব পাৰি। কিন্তু পুৰণা দল এটাৰ নামেৰে এই নতুন দলটোৰ নাম দিয়া, বিজেপিৰ শ্লোগানকে একপ্ৰকাৰৰ অনুসৰণ কৰা আৰু RSSৰ আৰ্হিত আছু-AJYCPয়ে এই দলক নিয়ন্ত্ৰণ কৰিব বুলি চলা চৰ্চাই আত্মপ্ৰকাশৰ দিনাই দলটোক বেকফুটলৈ ঠেলি দিছে।

তথাপিও ৰাইজ আশাবাদী। ৰাইজে বিচৰাৰ দৰেই এই দলৰ নেতৃত্বই অন্তঃত পূৰ্বৰ আঞ্চলিক দলসমূহৰ নেতাবোৰৰ দৰে বিশ্বাসঘাটক নকৰি এক সুস্থ বাতাবৰণত সন্মিলিতভাৱে জাতীয়তাবাদী শক্তিক আগুৱাই নিব। সমালোচনা বোৰৰ পৰা শিক্ষা লব। কেতিয়াবা সৰু সৰু মানুহেও মূল্যৱান কথা উপদেশ দিব পাৰে। সেইবোৰলৈ লক্ষ্য ৰাখিব।

এতিয়া ডিজিটেলৰ যুগ। কেৱল সভা সমিতিয়ে এটা দলৰ ভাৱমূৰ্তি লক্ষ্য আদৰ্শ প্ৰচাৰ কৰিব নোৱাৰি। সংগঠন লাগিব। তাৰ সমান্তৰালভাৱে লাগিব এক ভাৱমূৰ্তি। শেহতীয়া নিৰ্বাচনত দিল্লীত ঘৰে ঘৰে গৈছিল অৰবিন্দ কেজৰিৱাল! সুশৰীৰে নহয়, ডিজিটেল মাধ্যমৰে। এটা এপছৰ জৰিয়তে দিল্লীৰ প্ৰতিটো পৰিয়ালৰ সংস্পৰ্শলৈ আহিছিল। তেনে নতুনত্বৰে আগবাঢ়িব লাগিব এই দল, নহলে সকলো মিছা হব। দুই- এজন হয়তো মন্ত্ৰী বিধায়ক হব। ৰাইজৰ আশাত চেঁচা পানী পৰিব। তথাপিও অভিনন্দন অসম জাতীয় পৰিষদলৈ…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in