আই চি ইউত থকা আকাশৰ দেউতাকৰ খবৰ…

আই চি ইউত থকা আকাশৰ দেউতাকৰ খবৰ…

মৃদুল কুমাৰ সন্দিকৈ

আই চি ইউত থকা আকাশৰ দেউতাকৰ খবৰ…

এজন অসহায় যুৱকৰ অনুৰোধ। কি কৰিব, কি নকৰিব তৎ ধৰিব নোৱাৰি যুৱকজনে সহায় ল'লে টুইটাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক উদ্দ্যেশি যুৱকজনে লিখিলে- অলপ মান খবৰ কৰি দিয়ক না ছাৰ। একো আপডেট পোৱা নাই দেউতাৰ। এম এম চি এইচৰ আই চি ইউত আছে। নাম প্ৰভু ডেকা… সকলো ধ্বংস হৈ গ'ল ছাৰ, আমিও মৰি থাকিম। '

এইদৰে যুৱকজনে অসহায় হৈ কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা দেউতাকৰ খবৰ বিচাৰি আৰু দেউতাকক উপযুক্ত চিকিৎসাৰ আহ্বানেৰে এই টুইট কৰিছিল। যুৱকজনৰ টুইটৰ উত্তৰত পমী বৰুৱা নামৰ NHMৰ বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে উত্তৰ দিছিল যে, তেওঁৰ দেউতাক প্ৰভু ডেকা এম এম চিৰ কৰ্তৃপক্ষই জনোৱা মতে চিকিৎসালয়খনৰ আই চি ইউতেই আছে।

আই চি ইউৰ ইনচাৰ্জ আৰু মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসকে, আই চি ইউৰ ডাক্তৰ নাৰ্চে তেওঁৰ স্বাস্থ্য সন্দৰ্ভত ২৪ঘন্টাই চকু ৰাখিছে। যুৱকজনক চিন্তিত বা ভয় নাখাবলৈ অনুৰোধ কৰি চিকিৎসকে উপযুক্ত চিকিৎসা প্ৰদান কৰা বুলি অভয়বাণী দিছে। পিতৃৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ থকা আকাশ ডেকা নামৰ যুৱকজনৰ পিতৃ ২৫ মে' ২০২১তে কোভিডত আক্ৰাম্ত হৈছিল।

২৬ মে' ২০২১ত নগাওঁৰ উজৰা গাঁৱত থকা আদৰ্শ হস্পাতালৰ কোভিড চেন্টাৰলৈ পিতৃক নিয়া হৈছিল। আকাশ ডেকাৰ পিতৃ প্ৰভু ডেকা বৃত্তিত এগৰাকী ব্যৱসায়ী। তেওঁৰ লগতে পত্মী অথাৎ আকাশৰ মাতৃও কোভিডত আক্ৰান্ত হৈছিল। বৰ্তমান মাতৃ সুস্থ হৈ ঘৰলৈ উভতিল যদিও ৩১মে' ২০২১ত প্ৰভু ডেকাৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক এম এম চিলৈ স্থানান্তৰ কৰা হৈছিল।

কোভিডত আক্ৰান্ত হৈ নিমউনিয়া সদৃশ ৰোগত আৰু হাওঁফাওঁ সংক্ৰমণৰ বলি হোৱা প্ৰভু ডেকাৰ অক্সিজেনৰ মাত্ৰা কমি যোৱাত তেওঁক প্ৰথমে চেলাইন দিয়া হৈছিল। আকাশৰ পিতৃক লৈ সৃষ্টি হোৱা আশংকাৰ এক কাৰন আছে। চিকিৎসকৰ বিৰুদ্ধে তেওঁ কেতিয়াও অভিযোগ উত্থাপন কৰা নাই, কিন্তু পিতৃয়ে যাতে সুচিকিৎসা পায়, সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ এই টুইট কৰিছিল।

আকাশৰ দৰে কোভিডত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ থকা আত্মীয়জনৰ খবৰ নাপাই বহুতেই উদ্বিগ্ন হয়। চিকিৎসকে পাৰ্যমানে চিকিৎসাৰ ব্যৱস্থা কৰিলেও কৰবাত কেনেবাকৈ অৱহেলিত হৈ থাকে নেকি বুলি স্বাভাৱিকভাৱেই পৰিয়ালৰ লোক চিন্তিত হৈ পৰে। আকাশৰ পিতৃক প্ৰথম দুটা চেলাইন দিছিল। সেই চেলাইন দুটা খুলিবলৈ সময়ত চিকিৎসা কৰ্মী বা চিকিৎসক উপস্থিত নথকাত তেজ চেলাইনৰ নলীয়েদি বৈ যোৱাৰ দৃশ্য কোনো লোকেই সাধাৰণভাৱে ল'ব নোৱাৰে।

আকাশৰ পিতৃক দিয়া দ্বিতীয়টো চেলাইন খুলিবলৈও সময়ত চিকিৎসাকৰ্মী নহাত গাৰু পৰ্যন্ত তেজেৰে তুমুৰলি হৈ পৰিছিল। কোভিডৰ চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক সকলৰ নিষ্ঠা আৰু ত্যাগক স্বীকাৰ কৰিও এনেবোৰ কথা পোহৰলৈ আহিলে সুচিকিৎসাৰ অভাৱত বা সময়ত সঠিকভাৱে চিকিৎসা আগনবঢ়ালে বহু ৰোগীয়ে অবাঞ্চিত মৃত্যুক সাৱটি ল'ব লগা হয় বুলি বিশ্বাস হয়।

আকাশ নামৰ শিক্ষিত যুৱকগৰাকীয়ে তেওঁৰ টুইটটোত ভিতৰৰ তেনে এক দৃশ্যই কাৰো ওপৰত অভিযোগ নকৰাকৈ তুলি ধৰিছিল। স্বাস্থ্যমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে এইবোৰ ঘটনাক সাধাৰণ ঘটনা বুলি ধৰি নলৈ এনে কিয় হৈছে সেই সন্দৰ্ভত বিচাৰ বিশ্লেষণ কৰি ৰোগীসকলে যাতে উপযুক্ত চিকিৎসা লাভ কৰে তাৰ প্ৰতি সচেতন হোৱা প্ৰয়োজন।

প্ৰতিজন ৰোগীয়ে চিকিৎসকৰ বাবে গুৰুত্বপূৰ্ণ। ৰোগীসকলৰ মানসিক স্বাস্থ্য আৰু তেওঁলোকৰ খাদ্য, ঔষধ, আলপৈচান ধৰা আদি ক্ষেত্ৰতো চিকিৎসাকৰ্মীসকলৰ এক ভূমিকা থাকে।যদি এজন ৰোগীয়ে বিচৰা ধৰণে চিকিৎসা লাভ নকৰে বা তেওঁক অকলশৰীয়াকৈ আই চি ইউৰ ভিতৰত থকা অৱস্থাত মৰমেৰে আপদাল কৰিব নোখোজে, তেনেহলে ৰোগীগৰাকী ভাগি পৰাটোৱে স্বাভাৱিক।

মানসিকভাৱে এই সময়ত ৰোগীগৰাকীক সবল আৰু ৰোগৰ বিৰুদ্ধে যুঁজিব পৰা পৰিৱেশ চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে সৃষ্টি কৰিব লাগিব। বহুসময় ধৰি পিন্ধি থকা ডায়পাৰ খুলি দিবলৈ খাটনি ধৰি থকা, চিকিৎসক সকলৰ আগ্ৰহহীনতা, কাষতে থকা ৰোগীৰ মৃত্যুৰ খবৰে আন ৰোগীসকলক প্ৰভাৱম্বিত কৰে।

তেনেবোৰ পৰিৱেশ-পৰিস্থিতি সৃষ্টি নহ'বলৈ চিকিৎসক সকলেই মূলতঃ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে। আকাশ নামৰ যুৱকজনৰ পিতৃ এক উদাহৰণহে। যুৱকজনে টুইট কৰাৰ পাছতে চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে ইয়াক নেতিবাচক দৃষ্টিৰে গ্ৰহণ কৰিছিল নেকি, ,সেয়াও লক্ষণীয় দিশ।

এই যুৱকজনৰ পিতৃ জীৱনৰ মূল্য তেওঁৰ বাবে অমূল্য। যিকোনো মূল্যৰ বিনিময়ত আকাশে তেওঁৰ পিতৃক সুস্থ কৰি আনিব খোজে। মাতৃও MMCHত ভৰ্তি হৈ আছিল যদিও, পিতৃক আই চি ইউলৈ লৈ যোৱাৰ পাছত তেওঁৰ শেহতীয়া স্থিতি মাতৃয়ে গম পোৱা নাছিল। অৱশেষত এটা মোবাইল পিতৃৰ ওচৰলৈ প্ৰেৰণ কৰি তেওঁৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে আকাশ ডেকাই।

আকাশৰ পিতৃৰ স্বাস্থ্যৰ সন্দৰ্ভত জানিবলৈ তেওঁৰ সৈতে যোগাযোগ কৰাত আকাশে জনালে- মঙলবাৰতকৈ দেউতাকৰ স্বাস্থ্য কিছু অৱনতি হৈছে। দেউতাকে বাৰে বাৰে তাৰ পৰা আন চিকিৎসালয়লৈ যোৱাৰ পোষকতা কৰিছে। পুত্ৰক দেউতাকে ভোক লাগিছে বুলি কৈ খোৱাৰো ইচ্ছা ব্যক্ত কৰিছিল।

কোভিড এনে এক মহামাৰী, ইচ্ছা কৰিলেও প্ৰিয়জনৰ কাষত পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰে। চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে ৰোগী আৰু পৰিয়ালৰ ভৰষা। পুত্ৰই টুইট কৰা কথা পিতৃয়েও গম পাইছে। চিকিৎসক তথা চিকিৎসাকৰ্মীয়ে পিতৃক জনাইছে যে, পুত্ৰই চিকিৎসা পোৱা নাই বুলি বা অসুবিধাবোৰ সদৰি কৰি টুইট কৰিছে।

পৰৱৰ্তীসময়ত পিতৃৰ সৈতে মোবাইলেৰে যোগাযোগ কৰাত পিতৃয়ে পুত্ৰক আক্ষেপ ভৰা কন্ঠৰে কৈছে- তই মোক জীয়াব খুজিছ নে মাৰিব খুজিছ। এইবোৰ কি কৰিছ? আকাশৰ মতে, তেওঁ কাৰোবাৰ প্ৰতি আক্ষেপ বা অভিযোগ লৈ এনে কৰা নাছিল। তেওঁৰ এটাই মনত চিন্তা যিকোনো প্ৰকাৰে পিতৃক উচিত চিকিৎসা প্ৰদান কৰা।

আকাশৰ সৈতে কথা পাতোতে আকাশে আৰু কিছু কথা কৈছিল। কথা পাতি শেষ হোৱাৰ পাছত পুনৰ আকাশে ফোন কৰিলে, ক'লে- এইবোৰ কথা আপুনি নিলিখিব। দেউতাৰ চিকিৎসাত ব্যাঘাত হব পাৰে। আকাশৰ দেউতাকৰ চিকিৎসা ব্যাঘাত হ'ব পৰা কোনো কথা লিখাৰ উদ্দেশ্য আমাৰো নাই।

আমিও বিচাৰো, আকাশৰ দেউতাকে উপযুক্ত চিকিৎসা লাভ কৰি সুস্থ হৈ উভতি আহক। চিকিৎসাকৰ্মীসকলেও দীৰ্ঘদিন ধৰি কোভিড ৰোগীৰ সেৱা-শুশ্ৰুষাত নিজকে নিয়োজিত কৰিছে। চিকিৎসক সকলে কি কঠিন পৰিৱেশৰ মাজত এই যুঁজ দিব লগা হৈছে সেয়া প্ৰতিজন লোকেই বুজি উঠিছে।

এজন পুত্ৰই অসহায় হৈ কৰা টুইটটো তেওঁলোকে অভিযোগ বুলি গ্ৰহণ নকৰি পিতৃৰ স্নেহেৰে পিতৃৰ প্ৰতি থকা দায়ৱদ্ধতাৰে কাৰোবাৰ ওচৰত দিশহাৰা হৈ জনোৱা আহ্বান বুলি গ্ৰহণ কৰিব লাগে। আকাশৰ দৰেই সকলোৱে টুইট বা আন মাধ্যমৰে এই আহ্বান কৰিব নোৱাৰে বা নাজানে। কিন্তু প্ৰায় সকলোৰে মানসিক অৱস্থা একেই।

কোভিডৰ এই জটিল ক্ষণত সকলো ভুক্তভোগী। জীৱনেই এতিয়া মূল কথা। বাকীবোৰ গৌণ। ক্ষোভ, আক্ষেপ, অভিযোগেৰে এতিয়া সময় নচলে। সচাঁ হ'লেও বহু কথা মুকলিকৈ ক'ব পৰা পৰিৱেশ নাই। এজন দুজনৰ অৱহেলা বা উপেক্ষাক সৰলীকৰণ কৰি আনসকলৰ ত্যাগক নুই কৰিব নোৱাৰি। কিন্তু আকাশৰ কথাবোৰো মিছা বুলি কেনেকৈ এৰাই চলিব পাৰি…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in