আছুঃ দীপাংক থাকিল-শংকৰজ্যোতি আহিল, লুৰীণৰ বিদায়- সমুজ্জল সদায়…

আছুঃ দীপাংক থাকিল-শংকৰজ্যোতি আহিল, লুৰীণৰ বিদায়- সমুজ্জল সদায়…

মৃদুল কুমাৰ সন্দিকৈ

সকলো অপেক্ষাৰ অন্ত পৰিল। কিন্তু অন্ত নপৰিল সদৌ অসম ছাত্ৰ সন্থাত সমুজ্জল কুমাৰ ভট্টাচাৰ্য থাকিবনে নাথাকে। দুলীয়াজানত আছুৰ অধিৱেশনত পৰৱৰ্তী সাধাৰণ সম্পাদকৰূপে শংকৰজ্যোতি বৰুৱা আৰু দ্বিতীয়টো কাৰ্যকালৰ সভাপতি ৰূপে দীপাংক নাথ নিৰ্বাচিত হল।

আন আন বিষয়ববীয়া সকলো নিৰ্বাচিত হৈছে যদিও খালী হৈ ৰ'ল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাৰ পদটো। সমুজ্জল কুমাৰ ভট্টাচাৰ্যই আছুৰ পৰৱৰ্তী আন এক কাৰ্যকালৰ বাবে মুখ্য উপদেষ্টাৰ দায়িত্ব গ্ৰহণ কৰা বাট এতিয়াও মুকলি হৈ আছে।

দুধনৈৰ দৰে এক আৱেগিক পৰিৱেশৰ মাজত সমুজ্জল কুমাৰ ভট্টাচাৰ্যক মুখ্য উপদেষ্টাৰূপে বিচাৰি প্ৰতিনিধি সভাত শ্লোগান দিয়া আৰু সমুজ্জল কুমাৰ ভট্টাচাৰ্যই সেই সুযোগ গ্ৰহণ কৰি মোক অলপ সময় লাগিব বিবেকক সুধিবলৈ বূলি কৰা মন্তব্য তাতপৰ্যপূৰ্ণ।

এই অধিৱেশনত আছুক কেন্দ্ৰ কৰি দুই শিবিৰত সমুজ্জল আৰু লুৰীণজ্যোতি গগৈ বাহিনীয়ে নিজৰ প্ৰভূত্ব খটোৱাবলৈ চেষ্টা কৰাও পৰিলক্ষিত হল। পূৰ্ব প্ৰতিশ্ৰুতি অনসুৰি আছুৰ পৰা সসন্মানেৰে বিদায় ললে লুৰীণজ্যোতি গগৈয়ে। আগৰ পৰাই তেওঁ কৈ আহিছিল হৈছে অসম জাতীয় পৰিষদৰ সৈতে তেওঁ জড়িত হব।

ইয়াৰ বিপৰীতে দৃঢ় আৰু স্থিত বুলি পৰিচিত সমুজ্জল কুমাৰ ভট্টাচাৰ্যই মই শিল হৈ আহিছো দুলীয়াজানত আছুৰ পৰা বিদায় লম বুলি কৈও থমকি ৰল। লুৰীণজ্যোতি গগৈয়ে প্ৰকাৰে পকাৰন্তে পুৰুষৰ এটা কথা হব লাগে বুলি সমুজ্জল কুমাৰ ভট্টাচাৰ্যক যি কটাক্ষ আৰু সমালোচনাৰ লক্ষ্য কৰি ললে সেই যুঁজত নৈতিকভাৱে আছুৰ এই বয়সস্থ নেতাগৰাকী পৰাস্ত হোৱা যেন পৰিলক্ষিত হয়।

নৈতিকতা আৰু নতুন প্ৰজন্মক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিছিল সেয়া ইমানদিনে বিবেকক সুধিবলৈ অৱকাশ নোপোৱাটোৱে এক ডাঙৰ প্ৰশ্ন। আছুৰ অবিহনে সমুজ্জল কুমাৰ ভট্টাচাৰ্য সমুজ্জল হৈ পৰে নেকি? আছুৰ জাতীয় সত্ত্বাত ব্যক্তি পূজাৰ জাল মেলি সংগঠনটোৰ ইতিহাস কলুষিত কৰাৰ অপৰাধতো এই জ্যেষ্ঠ নেতাগৰাকী অভিযুক্ত হলে আচৰিত হব লগা একো নাই।

ইফালে লুৰীণজ্যোতি গগৈয়ে এটা কাৰ্যকালৰ অন্তত দায়িত্ব এৰি দিয়াৰ পাছত তেওঁৰ পদত সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হল শংকৰজ্যোতি বৰুৱা। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ একেৰাহে দুটা কাৰ্যকালৰ বাবে সাধাৰণ সম্পাদক আছিল বৰুৱা। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰো সদস্য শংকৰজ্যোতি বৰুৱা এই দুলীয়াদজান অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক আছিল।

দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা গৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছুগোটৰ সদস্য হোৱা শংকৰজ্যোতি্ বৰুৱাই বিশ্ববিদ্যালয়খনৰ পৰাই আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত প্ৰতিনিধিত্ব কৰিছিল। দুলীয়াজানৰ শংকৰজ্যোতি বৰুৱা পূ্ৰ্বৰে পৰাই আছুৰ সাধাৰণ সম্পাদকৰ শক্তিশালী দাবীদাৰ আছিল।

মেধা আৰু বাকপটু শংকৰজ্যোতি বৰুৱা সাংগাঠনিক দক্ষতাৰ বাবে আছুৰ মাজত সুপৰিচিত। লুৰীণজ্যোতি গগৈৰ ঘনিষ্ঠৰূপে পৰিচিত শংকৰজ্যোতি বৰুৱা নতুন প্ৰজন্মৰ এগৰাকী শক্তিশালী প্ৰৱক্তা। এনেবোৰ ঘটনা পৰিঘটনাৰ মাজেৰে আছুৰ দুলীয়াজান অধিৱেশনৰ অন্ত পৰিল।

আছুৰ মজিয়াৰ পৰা এই অধিৱেশনৰ পাছতেই পূৰ্বৰ সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ ৰাজনীতিলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছিল। কিন্তু পৰিস্থিতিৰ তাগিদাত দিপাংক নাথ দ্বিতীয়টো কাৰ্যকালৰ বাবে সভাপতি হৈ আছুতে ৰৈ গল।

আছুৰ পৰা বিদায় লবলৈ চকুপানী মচি ঘৰতে গামোছা এৰি থৈ অহা সমুজ্জল কুমাৰ ভট্টাচাৰ্য শিলৰ বুকু বৰফ কৰি ঘৰমুখী হল। এই অধিৱেশনস্থলীত ৰাজনৈতিক দলৰ ততপৰতাও মনকৰিবলগা আছিল। শাসকীয়া এজন বিধায়কে দুলীয়াজানত বাহৰ পাতি বিষয় বাচনি সভাৰ পূৰ্বে প্ৰদৰ্শন কৰা ততপৰতা বহুতৰ দৃষ্টি পৰিছিল।

অসমৰ সৰ্ববৃহত ছাত্ৰ সংগঠনৰূপে জাতীয় সমস্যা এই সন্ধিক্ষণত তুলি ধৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ ভূমিকা সদায় আছে। কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এই সংগঠনৰ মুকলি সভাত জাতীয় জীৱনৰ মাৰ্গদৰ্শক ড০ নগেন শইকীয়া, অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া অনুপস্থিতি আছি মন কৰিব লগা।

আছুৱে নিৰ্বাচন কৰিলে পৰৱৰ্তী নেতৃত্ব। সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ সিদ্ধান্ত এতিয়াও অনিশ্চিত। লুৰীণজ্যোতি গগৈৰ ৰাজনীতিত যোগদান। এনেদৰেই অন্ত পৰিল দুলীয়াজানৰ আছু অধিৱেশন। নিজম পৰিল চলাকটকী খেলপথাৰ…

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in