টীমত থাকিব কোন কোন? এতিয়াও বিৰোধীৰ মিলা নাই অংক, হিমন্তৰ খেল আৰম্ভ…

টীমত থাকিব কোন কোন? এতিয়াও বিৰোধীৰ মিলা নাই অংক, হিমন্তৰ খেল আৰম্ভ…

মৃদুল কুমাৰ সন্দিকৈ

খেল আৰম্ভ হৈছে। ২০২১ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় বিজেপিৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে। নিৰ্বাচনী এই খেলপথাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চাইকেল ৰে'লী, পদযাত্ৰা আদিৰে এক নিৰ্বাচনমুখৰ পৰিৱেশ সৃৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মাই।

এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপিক যোগ্য প্ৰতিন্দন্দ্বিতা আগবঢ়াবলৈ নৱগঠিত আঞ্চলিক দল আৰু কংগ্ৰেছ, এ আই ইউ ডি এফেও ককালত টঙালি বান্ধি নিৰ্বাচনী ৰণক্ষেত্ৰত নামিব বুলি ভৱা হৈছিল। কিন্তু সেই অনুমান এতিয়া বাস্তৱ হোৱাৰ পৰা বহু দূৰৈত।

কোনো কাৰ সৈতে মিলি নিৰ্বাচন খেলিব, সেই নিমিলা মহাজোঁটৰ অংকত বিৰোধী ব্যস্ত। নৱগঠিত দুই আঞ্চলিক দল ক্ৰমে, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাত এতিয়াও ছীল, মোহৰ পৰা নাই। ১৬ জানুৱাৰী ২০২১ত ৰাইজৰ দলৰ পৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈলৈ এক পত্ৰ প্ৰেৰণ কৰা হৈছিল।

এই পত্ৰৰ বিষয় আছিল, ২০২১চনৰ অসম বিধানসভা নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত আলোচনাৰ বাবে অনুৰোধ। পত্ৰখনত উল্লেখ থকা মতে, ১২জানুৱাৰী ২০২১ত গুৱাহাটীত অনুষ্ঠিত ৰাইজৰ দলৰ মূল বিষয়-ববীয়াসকলৰ প্ৰথমখন বৈঠকত অসম জাতীয় পৰিষদৰ লগত মিত্ৰতা কৰিবলৈ এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।

সেই প্ৰস্তাৱৰ আধাৰতে অখিল গগৈৰ অনুৰোধমৰ্মে এই পত্ৰখন প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰা হৈছিল। পত্ৰখনত বিজেপিক প্ৰতিহত কৰিবলৈ আৰু AIUDFক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিয়াৰ প্ৰয়োজনত দুয়োটা ৰাজনৈতিক দলে ঐক্যৱদ্ধ হোৱাটো জৰুৰী বুলি উল্লেখ কৰিছিল।

ৰাইজৰ দলে অসম জাতীয় পৰিষদলৈ মিত্ৰতাৰ বাবে দিয়া পত্ৰখন

এই পত্ৰখনত উল্লেখ কৰা অনুসৰি, মিত্ৰতা সম্পৰ্কীয় কথা-বতৰা পাতিবলৈ এখন সভা বা বৈঠক অনুষ্ঠিত কৰাৰ বাবে অসম জাতীয় পৰিষদক অনুৰোধ কৰিছে। সেই আলোচনাৰ বাবে দিন-বাৰ ঠিক কৰি আনুষ্ঠানিকভাৱে সেই সভালৈ নিমন্ত্ৰণ জনাবৰ বাবে পত্ৰযোগে অনুৰোধ কৰা হৈছে।

ৰাইজৰ দলৰ এই পত্ৰখনৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্তি কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে তাৎক্ষণিকভাৱে মন্তব্য কৰিলে যে, ৰাইজৰ দলৰ মৰাণ অধিৱেশনতে মিত্ৰতা চূড়ান্ত হৈছে। দেখাত সাধাৰণ যেন লাগিলেও এই পত্ৰ প্ৰেৰণৰ অন্তৰালত দুয়োটা দলৰ মাজত সাধাৰণ লোকৰ দৃষ্টিত ধৰা নপৰিলেও এক মানসিক যুদ্ধ সূচনা হ'ল।

জানিব পৰা মতে, ৰাইজৰ দলৰ নেতৃত্বক অসম জাতীয় পৰিষদৰ এজন নেতাই এনেদৰে আনুষ্ঠানিক পত্ৰ প্ৰদানৰ কথা বা এই পত্ৰখন ৰাজহুৱা নকৰিবলৈ অনুৰোধ কৰিছিল। কিন্তু সেই অনুৰোধ ৰাইজৰ দলৰ নেতৃত্বই ৰক্ষা নকৰি সংবাদ মাধ্যমৰ যোগে এই কথা ফাদিল কৰি দুয়োটা দলৰ মাজত মিত্ৰতা স্থাপনৰ ক্ষেত্ৰত ৰাইজৰ দলেহে যে আগভাগ লৈছে তাক পতিপন্ন কৰিবলৈ বিষয়টো সংবাদমাধ্যমৰ আগত ৰাজহুৱা কৰিলে।অনৰূপ ধৰণে, অসম জাতীয় পৰিষদৰ নেতৃত্বইও মিত্ৰতা ইতিমধ্যে হৈ গৈছে বুলি সাধাৰণভাৱে মন্তব্য কৰি ৰাইজৰ দলৰ আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণৰ বিষয়টো তৰল কৰি পেলালে।

অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ। ইয়াৰপূৰ্বে এই বিৰোধী শক্তি জনসাধাৰণৰ মাজলৈ যোৱাৰ সলনি মিত্ৰতাৰ প্ৰসংগত বিভিন্ন পক্ষৰ মাজত সৃষ্টি হোৱা মতানৈক্যই শাসকীয় বিজেপিক এই নিৰ্বাচনী ক্ষেত্ৰখন এৰি দিয়াৰ দৰে হৈছে। যিসময়ত অসমলৈ অহা নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলক ৰাজনৈতিক দলসমূহে বহাগ বিহুৰ পূৰ্বেই ৰাজ্যত বিধান সভা নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বুলি আৰ্জি দিছে, সেই সময়ত বিৰোধী ব্যস্ত কোন কাৰ লগত থাকিব নাথাকে কথা-বতৰাক লৈ।

ৰাইজৰ দলে প্ৰেৰণ কৰা ১৬ জানুৱাৰী, ২০২১ৰ এই পত্ৰখনত স্পষ্টকৈ বিজেপি আৰু AIUDFক উৎখাত আৰু প্ৰতিহত কৰাৰ কথা কোৱা হৈছে। লক্ষ্যণীয়ভাৱে, এই দলটোৱে মিত্ৰতা স্থাপন কৰিব বিচৰা অসম জাতীয় পৰিষদে কংগ্ৰেছ, বিজেপি আৰু AIUDFৰ পৰা সমদুৰত্বত অৱস্থান লোৱাৰ কথা ঘোষণা কৰিছে।

তেনে পৰিস্থিতিত মিত্ৰতাকেন্দ্ৰিক আদৰ্শগত সংঘাত মিত্ৰতাৰ পূৰ্বেই পোহৰলৈ আহিছে। যদি অসম জাতীয় পৰিষদে কংগ্ৰেছৰ সৈতেও মিত্ৰতা নিবিচাৰে, তেন্তে ৰাইজৰ দলে কংগ্ৰেছৰ পৰা সমদূৰত্বত থাকিবনে নাথাকে, সেয়াও এক প্ৰশ্ন হৈছে। অসম জাতীয় পৰিষদে আদৰ্শগত কাৰনতে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব নোৱাৰে।

এনে অৱস্থাত আঞ্চলিক গণ মৰ্চা নামৰ নতুনকৈ গঠিত আঞ্চলিক শক্তিয়ে ৰাইজৰ দল, অসম জাতীয় পৰিষদক কংগ্ৰেছ- AIUDF সকলোৰে সৈতে মিত্ৰতাৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ কৰা আহ্বান তাৎপৰ্যপূৰ্ণয। বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাইয়েও ১৯জানুৱাৰী, ২০২১ত অজিত কুমাৰ ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মৰ্চাৰ ৰাজনৈতিক অভিৱৰ্তনত অংশ লৈ অনুৰূপ আহ্বানেই জনালে।

বৰঞ্চ তেওঁ বদৰুদ্দিন আজমল নে বিজেপি বেছি ক্ষতিকাৰক, সেই কথা ভাৱি চাবলৈ আঞ্চলিক শক্তি তথা বিৰোধী পক্ষক কৰা অনুৰোধে এতিয়া মিত্ৰতা কেন্দ্ৰিক প্ৰশ্নত নতুন মাত্ৰা প্ৰদান কৰিলে। অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মৰ্চাৰ বিৰুদ্ধে মানুহৰ মুখে মুখে বহু কথা চৰ্চা হৈছে। AIUDF, কংগ্ৰেছৰ সৈতে জাতীয়তাবাদী শিবিৰ চামিল হলে বিজেপিৰে লাভ হব। নিৰ্বাচনৰ ৰাজনীতিত বিজেপিয়ে এই ইচ্ছ্যু এৰি নিদিয়ে।

সেয়েহে, মিত্ৰতা সম্পৰ্কীয় এই আলোচনা কেৱল বিজেপিক পতিহত কৰিবলৈ সকলো এক হোৱা এনে আহ্বান জাতিৰ প্ৰতি প্ৰত্যাহ্বানমূলক হ'ব নেকি, সেয়াও বিচাৰৰ যোগ্য। বিৰোধী পক্ষক নেতৃত্ব দিয়া বহুতেই ব্যক্তিকেন্দ্ৰিক ৰাজনীতিত স্বাৰ্থ সুৰক্ষাৰ বাবে নতুন নতুন চিন্তাৰ আমদানিৰে বিষয়টো ধূসৰ কৰি পেলাইছে।

জাতিৰ ভৱিষ্যৎ, খিলঞ্জীয়াৰ স্বাৰ্থ এইবোৰতকৈ এতিয়া বিৰোধী সন্মিলিত শক্তিক নেতৃত্ব দিয়া সকলৰ নিৰ্বাচনকেন্দ্ৰিক অংকই কাৰ লগত কোন থাকিব, সেই সমীকৰণ নিৰ্ণয় কৰিছে। নহ'লেনো, এদিন কংগ্ৰেছ, এদিন ৰাইজৰ দল কৰা, এদিন আঞ্চলিক গণ মৰ্চা, এদিন কংগ্ৰেছ কৰা নেতা-নেত্ৰীৰ ৰাজনৈতিক বচনবোৰ এৰাতিৰ ভিতৰতে সলনি হয়নে!

এই বিৰোধী শক্তিক নেতৃত্ব দিব খোজা আৰু শক্তিশালীৰূপত আত্মপ্ৰকাশ কৰা ছাত্ৰ নেতাৰ ৰাজনৈতিক সক্ৰিয়তা কেৱল অভিনন্দন গ্ৰহণ কৰা, বাইক ৰে'লীৰে আগুৱাই নিয়া কাৰ্যৰ মাজতেই সীমাৱদ্ধ হৈ নাথাকে। তেওঁলোকে যদি সচাঁ অৰ্থত জনসাধাৰণৰ মাজলৈ যাব বিচাৰিছে, তেনেহলে কাঢ়া ইস্ত্ৰি কৰা কুৰ্তা- পাইজামা পিন্ধি নেতাৰ ভাওঁ দিয়াতকৈ পদবজ্ৰে মানুহৰ মাজলৈ যোৱা ইচ্ছা কিয় কৰা নাই।

অসমৰ ৰাইজে তেওঁলোকৰ পৰা বহু বিচাৰিছিল কিন্তু সেইসকলৰ শেহতীয়া কাৰ্যকলাপে অসমৰ ৰাইজৰ আশ্বস্ত কৰি পৰা নাই। বহু সম্ভাৱনা থকাৰ পাছতো বিজেপিৰ বিৰুদ্ধে ক্ষোভিত লোকসকলক তেওঁলোকে বিকল্প ৰাজনৈতিক শক্তিৰূপে আত্মপ্ৰকাশ কৰাৰ সুযোগ গ্ৰহণ নকৰাটো পৰিতাপৰ কথা।

ৰাজনীতিত বিশেষকৈ নিৰ্বাচনৰ আগত মানুহৰ মাজলৈ যাব পৰা দক্ষতা তেওঁলোকে বিকাশ কৰিব পৰা নাই এতিয়ালৈকে। অখিল গগৈ কাৰাগাৰত বন্দী। সম্ভৱ অখিল গগৈ আজি বাহিৰত থকা হলে বিকল্প ৰাজনৈতিক শক্তি আত্মপ্ৰকাশৰ এই প্ৰতিচ্ছবি খনেই পৃথক হল হয়! এই দিশত এতিয়ালৈকে লুৰীণজ্যোতি গগৈক সফল বুলি কব নোৱাৰি।

নিৰ্বাচন অহাৰ লগে লগেই বিভিন্ন সংস্থাই নিৰ্বাচনৰ ভৱিষ্যৎৱাণীৰে অপিনিয়ন প'ল প্ৰকাশ কৰিছে। ABP নিইজ আৰু চি ভোটাৰে ১৮ জানুৱাৰী, ২০২১ত প্ৰকাশ কৰা প্ৰথমটো অপিনিয়ন প'লৰ মতে অসমত পুনৰ বিজেপিয়ে শাসনলৈ আহিব। এই সমীক্ষাত উল্লেখ কৰিছে যে, NDAৱে ৭৩-৮১খন আসন, UPAৱে ৩৬-৪৪খন আসন, AIUDFৱে ৫-৯খন আৰু অন্যান্যই ০-৪খন আসন লাভ কৰিব।

সমীক্ষাত উল্লেখ থকা মতে, NDAৱে ৪৩শতাংশ, UPAৱে ৩৫শতাংশ, AIUDFৱে ৮ শতাংশ আৰু অন্যান্যই ১৪শতাংশ ভোট লাভ কৰিব। যদি শতকৰা ভোটৰ হাৰ চোৱা যায়, তেনেহলে UPA, AIUDF আৰু অন্যান্য ভোটৰ শতকৰা হাৰ NDAতকৈ বেছি হ'ব। কিন্তু অসমৰ জনবিন্যাসত এনে শতকৰা হাৰে সমষ্টি এটাৰ ফলাফল নিৰ্ণয় নকৰে।

কা আন্দোলনৰ সময়ত ৰাইজে ভাৱিছিল যে, জাতি ধ্বংসী কাৰ্যত হাত উজান দিয়া বিজেপিক উৎখাত কৰিব পৰা পৰিৱেশ এটা সৃষ্টি হৈছে। তাৰ আধাৰতে নতুনকৈ সৃষ্টি হোৱা আঞ্চলিক ৰাজনৈতিক শক্তিয়ে ৰাইজৰ কাষ চাপিব নোৱাৰাতো বা সাংগাঠনিক ভেটিঁ সুদৃঢ় কৰিবলৈ সক্ষম নোহোৱাতো ৰাইজে প্ৰত্যক্ষ কৰিছে। ই অত্যন্ত দূভাগ্যজনক।

সময় এতিয়াও উকলি যোৱা নাই। কেৱল শাসন দখল কৰাৰ লক্ষ্যেৰে নহয়, এক শক্তিশালী প্ৰতিন্দন্দ্বিতাৰে বিজেপিক বাধা দিব পৰাকৈ পৰিকাঠামো গঢ়া দায়িত্ব এইসকল নেতাই লব লাগিব। ক্ষুদ্ৰ ব্যক্তিগত স্বাৰ্থক দলিয়াই, শাসকীয় পক্ষৰ অদৃশ্য দালাল হৈ কাম কৰাৰ প্ৰৱণতাৰ পৰা আতৰি আহি ২০২১ৰ নিৰ্বাচনী যুঁজৰ বাবে বিৰোধী সুসংগঠিত নহ'লে ১২৬টা সমষ্টিৰ ৮০-৯০টা সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ ভাষাত বিজেপিয়ে বিৰোধীক গ'ল দিয়েও আচৰিত হব লগা একো নাথাকিব…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in