হেৰম্ব বৰদলৈ পথেৰে এবাৰ যাওক গড়কাপ্তানী মন্ত্ৰী

হেৰম্ব বৰদলৈ পথেৰে এবাৰ যাওক গড়কাপ্তানী মন্ত্ৰী

♦ মৃদুল কুমাৰ সন্দিকৈ

অসমৰ বাট-পথৰ অৱস্থাৰ কথা কাকো নতুনকৈ ক'ব নালাগে। পথৰ মাজত পুখুৰী নহয়, যেন পুখুৰীৰ মাজতহে পথ। গাঁৱৰ বাট-পথৰ কথা বাদেই, মূল ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা কি ৰাইজে দেখিছে। এই বাট-পথ সমূহ নিৰ্মাণৰ নামত যথেষ্ট ধন ব্যয় হয়। কিন্তু কিবা ৰহস্যজনক কাৰণত সেই বাট-পথবোৰ নিৰ্মাণৰ কিছুদিনৰ পিছতেই অৱস্থা এনে হৈ পৰে যে সেইবোৰ নিৰ্মাণ কৰা নকৰাৰ মাজত কোনো পাৰ্থক্য নাথাকে।

গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ মুখ্যমন্ত্ৰীয়ে অহা-যোৱা কৰে। এই পথছোৱাৰ অৱস্থা কি মুখ্যমন্ত্ৰীক আৰু কোনেও ক'ব বা বুজাই দিব নালাগে। বাট-পথৰ অৱস্থা বেয়া হোৱাৰ বাবেই এতিয়া হয়তো আকাশ মাৰ্গেৰে হেলিকপ্টাৰত উঠি মুখ্যমন্ত্ৰীয়ে গৃহ জিলালৈ প্ৰায়ে যায়। নগাঁৱৰ পৰা কলিয়াবৰলৈকে কিছুদিনৰ আগলৈকে বাট-পথৰ অৱস্থা কি আছিল ভুক্তভোগী সকলে জানে। একেদৰে বোকাখাতৰ পৰা শিৱসাগৰ, যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে কোনোবা লোকে নিয়মীয়াকৈ অহা-যোৱা কৰিলে তেওঁ পথৰ দুৰৱস্থাৰ বাবে ত্ৰাহি মধুসূধন দেখে।

বাট-পথৰ লগতে অসমৰ বিভিন্ন বাট-পথত থকা দলং সমূহৰ অৱস্থা কি সেয়াও লক্ষণীয়। আজিৰ তাৰিখতো গড়কাপ্তানী বিভাগৰ মূল পথত ১৪০০ৰো অধিক কাঠৰ দলং আছে। ২০১৮ চনৰ ১২ মে'ত এক সংবাদ মেল যোগে গড়কাপ্তানী বিভাগৰ দায়িত্ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভ কৰি এক সংবাদ মেল আয়োজন কৰিছিল। এই সংবাদ মেলত মন্ত্ৰীজনে কৈছিল- ইয়াৰে ৭০০ কাঠৰ দলঙৰ পকীকৰণৰ কাম চলিত বৰ্ষতে অন্ত পৰিব। মন্ত্ৰীগৰাকীৰ এই ঘোষণা বাস্তৱত পৰিণত হ'ল নে নাই সেয়া তেওঁৰ বাদে আন কোনে ভালকৈ জানিব। ৰাইজে মাথো দেখিছে কাঠৰ দলং একেই আছে। জৰাজীৰ্ণ হৈ পৰিছে বহু দলং।

এইখন কাঠৰ দলঙৰ অৱস্থা চাওক। তেজপুৰৰ দোলাবাৰী-খনামুখ সংযোগী দলং এইখন। কিছুদিনৰ আগতে তোলা ফটো। ৰাজ্যৰ বাট পথৰ অৱস্থা প্ৰতিনিধিত্ব কৰিব পৰা এই দলংখন একপ্ৰকাৰ মৰণফান্দ।

তেজপুৰ দোলাবাৰী-খনামুখ সংযোগী দলংখন
তেজপুৰ দোলাবাৰী-খনামুখ সংযোগী দলংখন

কাঠৰ দলঙেই নহয়, ৰাজ্যৰ বাট-পথৰো অৱস্থা কি তাক দেখুৱাবলৈ কেইটামান বাট-পথৰ কেইখনমান চিত্ৰ চালেই অনুমান কৰিব পৰা যাব। যিবোৰ বাট-পথ বুলি ক'ব নোৱাৰি। বাৰিষা আহিলেই সেইবোৰত একাঠু পৰ্যন্ত বোকা হয়। গাড়ীৰ চলাচল বন্ধ হৈ পৰে। তেনে এই বাট-পথবোৰৰ প্ৰয়োজন কি?

এয়া পথ নে পথাৰ…
এয়া পথ নে পথাৰ…

খোদ মহানগৰীৰে কিছু বাট-পথৰ অৱস্থা দেখিলে চকু কপালত উঠিব। ভি আই পি ৰোডেৰে গাড়ী চলাব পৰা অৱস্থা নাই। নুনমাটিৰ পৰা নেপালী চ'কলৈ যোৱা ৰাস্তাটোত বাৰিষাৰ বতৰত কি অৱস্থা হয় সেয়া নতুনকৈ ক'ব নালাগে। গান্ধী বস্তিতো পথ নিৰ্মাণৰ বাবে কিছুদিনৰ পূৰ্বে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল। পথ আৰু দলং নিৰ্মাণৰ বাবে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাটো নতুন কথা নহয়। আপাৰ দেওপানীত এইবাৰ বানত উটি গৈছিল কাঠৰ দলং। এই পথটোত দলং নিৰ্মাণৰ বাবে ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ দৃশ্য এয়া-

দলং লাগে আমাক…
দলং লাগে আমাক…

কোনো কোনো পথত দলঙৰ অৱস্থা এনে যে মৰণত শৰণ লৈ ৰাইজে অহা যোৱা কৰে। গড়কাপ্তানী নামৰ বিভাগ এটা আছে যদিও, সেই দলংবোৰ দেখি এটা কাম কৰিয়েই তেওঁলোকে দায়িত্ব সামৰে। দলঙৰ সন্মুখত এখন চাইন ব'ৰ্ড আঁৰি দিয়ে। য'ত লিখা থাকে- 'সাৱধান! দুৰ্বল দলং, গাড়ী লাহে লাহে চলাব। সৰ্বাধিক বহন ক্ষমতা ৯টন..'

এয়াই এতিয়া বাস্তৱ
এয়াই এতিয়া বাস্তৱ

গড়কাপ্তানী মন্ত্ৰীৰ দায়িত্ব লৈ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ৰাজ্যৰ ৮০০০ কিঃমিঃ পথ পি এম জি ৱাই আঁচনিৰ অধীনত চেপ্তেম্বৰৰ ভিতৰত পকীকৰণ সম্পূৰ্ণ হ'ব। লগতে পৰ্যায়ক্ৰমে আন ১৯০০০ কিঃমিঃ পথ পকীকৰণ হ'ব বুলি জানিব দিছিল। সেইবোৰ হ'ল নে সেই কথা আজিও তেওঁ কোৱা নাই।

অসমৰ বাট-পথৰ অৱস্থা কিয় ইমান বেয়া। ইচ্ছা কৰিলে অসমৰ বাট-পথ নিৰ্মাণ কৰিব নোৱাৰি নেকি? নে সেয়া ইচ্ছা নাই। আটাইতকৈ বেছি দুৰ্নীতি সংঘটিত হয় গড়কাপ্তানী বিভাগত। বাট-পথ নিৰ্মাণৰ ঠিকা আৱন্টনৰ পৰা আৰম্ভ কৰি নিম্ন মানৰ কামলৈকে সকলো দেখিও নেদেখা ভাও জুৰে বিভাগটোৰ বিষয়া-কৰ্মচাৰীয়ে। এই কমিছনৰাজৰ অংক আজিৰ নহয়।

বিশ্বৰ উন্নত দেশবোৰৰ বাট-পথ দেখিলে আমাৰ হিংসা লাগে। পেৰিছৰ এখন গাঁৱৰ পথৰ নমুনা এয়া-

ফু মাৰি ভাত খাব পাৰি পেৰিছৰ গাঁৱৰ বাট-পথত
ফু মাৰি ভাত খাব পাৰি পেৰিছৰ গাঁৱৰ বাট-পথত

অসমত এয়া কিয় সম্ভৱ নহয়? সঁচাকৈ নোৱাৰি নেকি অসমৰ বাট-পথ উন্নত ৰূপত নিৰ্মাণ কৰিব। সেই ধাৰণা আমাৰ আছে যে পেৰিছৰ সৈতে আমাক ৰিজালে কি হ'ব!

অসমৰ এজন ব্যক্তিয়ে সেয়া সম্ভৱ কৰিছে। নাম- গৌতম বৰদলৈ। ডিব্ৰুগড় চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা গৈ এতিয়া তেওঁ চীনত সুপ্ৰতিষ্ঠিত।

গৌতম বৰদলৈ এতিয়া চীনৰ সফল ব্যৱসায়ী
গৌতম বৰদলৈ এতিয়া চীনৰ সফল ব্যৱসায়ী

চীনত এটা কোম্পানী খুলি ব্যৱসায় কৰে তেওঁ। তেওঁৰ দেউতাক প্ৰখ্যাত সাংবাদিক হেৰম্ব বৰদলৈ। বৈৰাগীমুখৰ ছল্টব্ৰুক কলেজৰ ওচৰতে তেওঁৰ ঘৰ। পিতৃৰ নামত থকা এই ঘৰটোৰ সন্মুখৰে যোৱা হেৰম্ব বৰদলৈ পথটো দেখিলে তেওঁৰ সদায় চকুপানী ওলায়। কনভয় ৰোডৰ পৰা নিজ ঘৰলৈ সোমোৱা পথটো কেঁচা, ওখৰা মোখৰা, ঢেঁকীয়া-কছুৰে পোত খাই থাকে। এই পথটো নিৰ্মাণ কৰিবলৈ আবেদন নিবেদন জনাই তেওঁ হতাশ হ'ল। তাৰ পাছত তেওঁ নিজেই হাতে কামে লাগিল। এতিয়া এই পথটোৰ অৱস্থা এয়া-

পেৰিছৰ নে অসমৰ বাট পথ ধৰিব নোৱাৰি
পেৰিছৰ নে অসমৰ বাট পথ ধৰিব নোৱাৰি

নিজাকৈ এক সুন্দৰ আঁচনি গ্ৰহণ কৰি নিৰ্মাণ কৰিলে পথটো। পথটোত আছে আৰ চি চি ড্ৰেইন, কংক্ৰিট ব্লক আদি।

অসমৰ ক'ত আছে এনে এটি পথ…
অসমৰ ক'ত আছে এনে এটি পথ…

তদুপৰি পি ভি চি স্পীড ব্ৰেকাৰ-ছ'লাৰ ষ্ট্ৰীট লাইটৰো সুবিধা এই পথটোত আছে। লগতে আছে ৰ'দ কনভেক্স মিৰ'ৰ, ৰ'দ চেফ্টী পেইন্টিং।

অতি আটক ধুনীয়াকৈ সজাই তুলিছে পথটো। দেখিলে কোনেও নকয়  এদিন এই পথটোৰ অৱস্থা ইমান বেয়া আছিল। ব্যক্তিগত প্ৰচেষ্টাত তেওঁ নিৰ্মাণ কৰিলে এই পথটো।

কেৱল এয়াই নহয়, চিচিটিভি কেমেৰাও সংযোগ কৰা আছে এই পথটোত। সম্ভৱ এতিয়া ৰাজ্যৰ ভিতৰতে এটা আদৰ্শবান পথ হ'ব এইটো।

যিয়ে এই পথৰে যায় তেঁৱেই অবাক হয়। সম্ভৱ জানো অসমত এনে পথ নিৰ্মাণ কৰাতো? কিন্তু  একক প্ৰচেষ্টাৰে গৌতম বৰদলৈয়ে এয়া সম্ভৱ কৰি দেখুৱালে। এতিয়া আদৰ্শ হৈ পৰিছে এই পথটো। অসমত বাট-পথ নিৰ্মাণৰ বাবে এটা বিযাগোম বিভাগ আছে। হাজাৰ হাজাৰ বিষয়া-কৰ্মচাৰী আছে। নাই কেৱল তেওঁলোকৰ এনে এক প্ৰচেষ্টাৰ বাবে আগ্ৰহ আৰু ইচ্ছা। এতিয়া অসমত এজন লোকে বাট-পথ কেনে হ'ব লাগে নিজা উদ্যোগত নিৰ্মাণ কৰি দেখুৱালে। সেই উদাহৰণ চাবলৈ আৰু তাৰ পৰা শিক্ষা ল'বলৈ গড়কাপ্তানী বিভাগৰ বিষয়া-কৰ্মচাৰী বা খোদ মন্ত্ৰীয়ে গৈ চাই আহক। ইচ্ছা কৰিলে সকলো সম্ভৱ। ইয়াৰ পিছতো অসমৰ বাট-পথ উন্নতকৰণ অসম্ভৱ বুলি ভৱাৰ যুক্তি ক'ত? গৌতম বৰদলৈয়ে যদি পাৰে, এখন চৰকাৰে কিয় নোৱাৰে- আমাক সুচাৰুৰূপে চলাচল কৰিব পৰা বাট-পথৰ ব্যৱস্থা কৰি দিব…

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in