দীপাৱলীৰ পাছৰ প্ৰথমটো পুৱা কি পৰিৱেশ গুৱাহাটীত?

দীপাৱলীৰ পাছৰ প্ৰথমটো পুৱা কি পৰিৱেশ গুৱাহাটীত?

উদযাপন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী। ফুটালে ফটকা-বোমা। আপুনি আনন্দত মতলীয়া হ'ল। কিন্তু ব্যস্ততা বাঢ়িল এচামৰ। নিশা ১ বজাৰ পৰা পুৱা ৬ বজা পৰ্যন্ত মহানগৰীৰ ৰাজপথত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ সাংবাদিকে কি দেখিলে? এক বিশেষ প্ৰতিবেদন।

আৰু ৭ নবেম্বৰ, ২০১৮। সমগ্ৰ দেশবাসীয়ে আনন্দ-উল্লাসৰ মাজত উদযাপন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে আনন্দৰ মাজত পাৰ কৰিলে এই দিন দুটা। আকাশৰ ফালে চালেই চকু ৰৈ যোৱা দৃশ্য। আন্ধাৰৰ মাজত পোহৰ বিয়পোৱা আতচবাজীবোৰ যেতিয়া ফাটি উঠে সকলোৰে হৃদয়ত নিজে নিজেই সৃষ্টি হয় আনন্দৰ। দীপাৱলীৰ প্ৰাক মুহূৰ্তৰ পৰা শেষ মুহূৰ্তলৈ সকলোৱে এই আনন্দ উপভোগ কৰে। সকলোৱে ফুলজাৰি, ফটকা-আতচবাজী ফুটাই নিশাৰ অন্ধকাৰ ফালি পোহৰ বিয়পাই। কিন্তু সেই নিশাটো পাৰ হোৱাৰ পাছত কোনোৱে ভাবে নে কি হয়? গুৱাহাটী মহানগৰীতেই জানো এইটো কথা ভাবে কোনো এজন ব্যক্তিয়ে?

নিশা ১ বজাৰ পৰা পুৱা প্ৰায় ৬ মান বজালৈ গুৱাহাটী মহানগৰখন এপাক ঘূৰি বাহিৰে বাহিৰে কাৰ্যালয়ত সোমাম বুলি আমি ভাবি লৈছিলো। সন্ধান বিচাৰি গৈছিলো- দীপাৱলীৰ পাছত কি পৰিৱেশ বিৰাজ কৰে এই মহানগৰীখনত? গাড়ীখন ষ্টাৰ্ট দি প্ৰথমে আগবাঢ়িলো পল্টনবজাৰ ৰেল ষ্টেচনৰ দিশে। প্ৰথমে আমি দেখিলো পথৰ কাষত কেইজনমান ব্যক্তিয়ে ডাষ্টবিনৰ পৰা জাবৰ-জোথৰবোৰ উঠাই আছে। পথত পৰি থকা ফটকা-আতচবাজীবোৰৰ অংশবোৰে যেন গোটেই পথটো আগুৰি ধৰিছে। আৰু সেই জাবৰেৰে ভৰি পৰা পথটোক পুনৰ আগৰ পথটোৰ দৰে ৰূপ দিবলৈ আহিছে এই লোক কেইজন।

জাবৰ উঠাই থকা লোককেইজনৰ কাষলৈ আমি আগবাঢ়িলো। দেখিলো গুৱাহাটী পৌৰ নিগমৰ পোছাক। নিশা দেৰিলৈকে ফটকা-আতচবাজী ফুটাই এতিয়া শুই থকা মহানগৰবাসীৰ বিপৰীতে পুৱাই ৫-৬বজাত উঠি নিজ কৰ্মৰে আমাৰ বাবে গুৱাহাটী মহানগৰখন সুন্দৰকৈ সজাবলৈ আহিছে তেওঁলোক। দুই এটা প্ৰশ্ন কৰিম বুলি আগুৱাই গৈ তেওঁলোকৰে এজনক সুধিলো-

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ বুধবাৰে দীপাৱলী হৈ গ'ল। আনদিনতকৈ আজিৰ দিনটোত আবৰ্জনা বাঢ়েনে?

জি এম চিৰ শ্ৰমিকঃ হয় বাঢ়ে বাঢ়ে।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ কিমান জাবৰ বাঢ়ে?

জি এম চিৰ শ্ৰমিকঃ ডাব'ল হৈ যায়।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ আজি আপুনি কেইটা বজাৰপৰা কাম কৰি আছে?

জি এম চিৰ শ্ৰমিকঃ আজি আমি ৫.৪৫বজাৰ পৰা টিপা (ফিংগাৰ প্ৰিণ্ট) মাৰি ডিউটি কৰিব আহিছো।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কঃ কলগছবোৰ কি কৰিব?

জি এম চিৰ শ্ৰমিকঃ এইবোৰ নাৰ্ছাৰীৰ নীলা ঘৰটো যে আছে, তাতেই জাবৰবোৰৰ লগত পেলাই দিম।

তেওঁ এই জাবৰবোৰ কি কৰিব, কিমান সময়ৰ পৰা কাম কৰিবলৈ আহিছে আদি প্ৰশ্নবোৰ সুধিলো আৰু তাৰ পৰা গাড়ীখন ষ্টাৰ্ট দি পুনৰ আগবাঢ়িলো চানমাৰি অভিমুখে।

দীপাৱলী উদযাপন কৰিবলৈ লাগে চাকি-বন্তি, বিভিন্ন ৰং-বিৰঙৰ লাইট, ফুলজাৰি, ফটকা-আতচবাজী আৰু এডাল কলগছ। কিন্তু দীপাৱলীৰ এই দুটা দিনৰ পাছত প্ৰয়োজন নোহোৱা হৈ পৰে কলগছৰ। সেয়েহে সকলোৱে ৰাজপথৰ কাষত বা ডাষ্টবিনত পেলাই থৈ আছে কলগছবোৰ। আৰু সেই কলগছবোৰ জি এম চিৰ শ্ৰমিকসকলে পেলাই থৈ আহে মহানগৰীৰ কিছুমান নিৰ্ধাৰিত স্থানত।

ৰাজপথেৰে যিমানেই আগবাঢ়ি গৈছো সিমানেই আমি দেখিবলৈ পাইছো কলগছবোৰ। ফুটপাথত, ডাষ্টবিনৰ ভিতৰত, ৰাজপথৰ মাজত সকলো স্থানতে আছে দীপাৱলীত ব্যৱহৃত কলগছবোৰ। মাত্ৰ দুদিনৰ বাবে ব্যৱহাৰ কৰা হাজাৰ হাজাৰ কলগছবোৰ যদি বিচৰা হয় আৰু পৰিকল্পিতভাৱে পদক্ষেপ গ্ৰহণ কৰা হয় তেন্তে এই কলগছবোৰ ছিৰিয়াখানাত থকা হাতী কেইটাৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰিব পৰা যায়। ইয়াৰ দ্বাৰা সকলোৰে সুবিধাও নোহোৱা নহয়। কাৰণ কলগছবোৰ মহানগৰীৰ য'ত ত'ত পেলালে সেইবোৰ কোনো কামত নাহিব বৰঞ্চ ঠাইখিনি কদৰ্যময় হৈ পৰিব। আনটো কাৰণ হ'ল হাতীবোৰে কলগছ খাদ্য হিচাপেও ভক্ষণ কৰিব পাৰিব। এইবোৰ দিশ চালি-জাৰি চাই পদক্ষেপ গ্ৰহণ কৰিব পাৰে প্ৰশাসনে।

কিছুদূৰ আগবাঢ়ি যোৱাৰ পাছত গণেশগুৰিতো দেখিলো একেটাই দৃশ্য। জি এম চিৰ শ্ৰমিক কেইজনে গাড়ী কেইখনত উঠাই দিছে কলগছবোৰ। আপুনি দীপাৱলীৰ আনন্দৰ পাছত শুই থকাৰ সময়ত ওৰে নিশা গুৱাহাটীখন পৰিস্কাৰ কৰি ৰাখিবলৈ আকৌ একাংশ লোক ব্যস্ত হৈ পৰিছে। মহানগৰীখনত পুনৰ আনকালৰ দৰে পথবোৰ গাড়ীৰে ভৰি পৰাৰ পূৰ্বেই যেন এই জাবৰ-জোথৰ আৰু কলগছবোৰ ৰাজপথৰ পৰা আঁতৰাই নিয়াৰ বাবে এক 'ৰেচ'হে লাগিছে তেওঁলোকৰ মাজত।

এইবাৰ উচ্চতম ন্যায়ালয়ে ফটকা-আতচবাজী ফুটাবলৈ নিশা ৮ বজাৰ পৰা ১০ বজালৈ সময়সীমা বান্ধি দিছিল। পিছে এই নিয়ম কিমানে মানিলে বা নামানিলে সেই বিষয়ে ক'বলৈ নাযাওঁ। কিন্তু ফটকা-আতচবাজীবোৰ ফুটুৱাৰ পাছত, কলগছবোৰ ৰাজপথত পেলোৱাৰ আগত এবাৰ হ'লেও আমি সকলোৱে ভাবিব লাগে যে- এইখন আমাৰ নিজৰে ঘৰ, নিজৰে গুৱাহাটী মহানগৰ। সেয়েহে ইয়াক পৰিস্কাৰকৈ ৰখাতো কেৱল জি এম চিৰ দায়িত্ব নহয়, এই দায়িত্ব আমাৰ প্ৰত্যেকজনৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in