কোৰোনাত টোকোনা পৰ্যটন ক্ষেত্ৰঃ ৰাষ্ট্ৰীয় উদ্যানৰ সংগ্ৰহৃত ৰাজহ শূন্যলৈ হ্ৰাস, ব্যতিক্ৰম মানস…

কোৰোনাত টোকোনা পৰ্যটন ক্ষেত্ৰঃ ৰাষ্ট্ৰীয় উদ্যানৰ সংগ্ৰহৃত ৰাজহ শূন্যলৈ হ্ৰাস, ব্যতিক্ৰম মানস…

ৰাজহৰ সিংহভাগ আদায় দিয়া ৰাজ্যৰ বনাঞ্চল, বন্যপ্ৰাণীৰ উদ্যান টোকোনা হ'ব নেকি? দেশী-বিদেশী পৰ্যটকৰ পৰা কোটি কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰা ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু ইয়াৰ সৈতে সংযুক্ত ব্যৱসায় ক্ষেত্ৰলৈ কোভিডে নমাই আনিছে ভয়ংকৰ আশংকা। প্ৰতি বছৰে ৫৫ লাখ দৰ্শনাৰ্থীৰ সমাবেশ ঘটা গুৱাহাটী মহানগৰীৰ চিৰিয়াখানালৈ এইবাৰ অহা নাই এজনো দৰ্শক। পবিতৰাত উপস্থিত হৈছে মাত্ৰ ৯জন বিদেশী পৰ্যটক। বিগত সময়ত প্ৰায় ২ লাখ দেশী আৰু ১২ হাজাৰ বিদেশী পৰ্যটকে পৰিদৰ্শন কৰা কাজিৰঙাত চলিত বৰ্ষত উপস্থিত হ'ল মাত্ৰ ৯১জন বিদেশী। এনে পৰিস্থিতিত ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰৰ ভৱিষ্যৎ কি?

ৰাজ্যৰ ৰাজভঁৰাললৈ বনাঞ্চলৰ সম্পদ আৰু বন্যপ্ৰাণীৰ দৰ্শনৰ জৰিয়তে প্ৰতি বছৰে সংগ্ৰহ হয় কেইবা হাজাৰ কোটি টকাৰ ৰাজহ। সৰ্বসাধাৰণৰ দৃষ্টিত সততে নপৰিলেও ৭৮ হাজাৰ বৰ্গ কিলোমিটাৰ একেলা সামৰি থকা অসমৰ প্ৰায় ৩০ হাজাৰ বৰ্গ কিলোমিটাৰ এলেকা চৰকাৰী নথি মতে সামৰি আছে বনাঞ্চলে। যি বনাঞ্চল সম্পদৰ মেটমৰা ভঁৰাল স্বৰূপ। কিন্তু বিগত প্ৰায় ডেৰটা বছৰত কোভিডৰ ফলতে ৰাজ্যৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত এই বন আৰু বন্যপ্ৰাণীৰ অভয়াৰণ্যসমূহে বিশেষ বৰঙণি আগবঢ়াব পৰা নাই। চোৰাং কাৰবাৰীৰ বেপাৰ ঠিকেই চলিছে, কিন্তু ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ লগতে ৰাজ্যিক চিৰিয়াখানাতো দৰ্শকৰ পদাৰ্পন কমি যোৱাৰ বাবে পৰ্যটন ক্ষেত্ৰখনত বিশেষ সম্ভাৱনা আৰু ভূমিকা বহন কৰা এই ক্ষেত্ৰখনৰ পৰা ৰাজভঁৰাললৈ সংগ্ৰহৃত পুঁজিৰ পৰিমান তেনেই নগণ্য হৈ পৰিছে।

ইফালে, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আদিক কেন্দ্ৰ কৰি গঢ় লৈ উঠা পৰ্যটন গৃহ, ৰিজৰ্ট, হোটেল, ধাবা আৰু জীপ, হাতী চাফাৰী আদিৰ জৰিয়তে সংস্থাপিত হোৱা বৃহৎ সংখ্যক ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীও বৃহৎ লোকচানৰ সন্মুখীন হৈছে। উদাহৰণ স্বৰূপে বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে পৰিগণিত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা বিদেশী পৰ্যটকৰ পৰা ১৯-২০ বৰ্ষলৈকে প্ৰতি বছৰে প্ৰায় ৫ কোটিকৈ টকা ৰাজ্যৰ ৰাজভঁৰাললৈ আহিছিল যদিও, চলিত বৰ্ষত এয়া ৪২ লাখ টকালৈ হ্ৰাস পাইছে।

উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুল সংৰক্ষিত এলেকা বৰ্তমানলৈকে ৮৫৯.৯৮ বৰ্গ কিলোমিটাৰ যদিও, ইয়াৰ সম্প্ৰসাৰিত এলেকা ১৯০৫ বৰ্গ কিলোমিটাৰ। উদ্যানখনলৈ প্ৰতি বছৰে বৃহৎ সংখ্যক দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটাৰ লগতে পৰিভ্ৰমী বিদেশী পক্ষীৰ উপৰি এশিঙীয়া গঁড়কে ধৰি অন্যান্য জীৱ-জন্তুৰ সংখ্যাও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বন বিভাগৰ তথ্য মতে, ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু ব্যাৰ্ঘ্য প্ৰকল্পৰূপে পৰিগণিত এক শতিকা পাৰ কৰা এই অভয়াৰণ্যক ১৯৮৫চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে ঘোষণা কৰা হৈছিল। তাৰ পৰৱৰ্তী কালত ইয়ালৈ দেশী-বিদেশী পৰ্যটকৰ সোত বলিবলৈ লয় আৰু এই পৰ্যটকক উপলক্ষ্য কৰিয়েই কাজিৰঙাত জীপ চাফাৰীৰ পৰা হোটেল-ৰিজৰ্টলৈকে এক বিশাল বাণিজ্য ক্ষেত্ৰ গঢ় লৈ উঠে।

প্ৰণিধানযোগ্য যে, ২০১৯-২০ বৰ্ষত অভয়াৰণ্যখন পৰিদৰ্শন কৰা মুঠ ১লাখ ৭৪ হাজাৰ ১৩জন পৰ্যটকৰ ভিতৰত ১১৫৯৫জনেই আছিল বিদেশী পৰ্যটক। যাৰ জৰিয়তে বিদেশী পুঁজিও ৰাজ্যখনে লাভ কৰিছিল। কিন্তু কোভিডৰ আৰম্ভণিৰ লগে লগে এই পৰিমান ২০২০ বৰ্ষত ঘৰুৱা পৰ্যটকৰ ক্ষেত্ৰত বৃদ্ধি পালেও বিদেশী পৰ্যটকৰ ক্ষেত্ৰত দ্ৰুতভাৱে হ্ৰাস পাবলৈ ধৰে। বিগত বৰ্ষত ১১৫৯৫গৰাকী বিদেশীৰ ঠাইত মাত্ৰ ৫৭০গৰাকী বিদেশী পৰ্যটকহে কাজিৰঙা অভয়াৰণ্য দৰ্শন কৰাৰ বিপৰীতে চলিত বৰ্ষত মাত্ৰ ৯১জন বিদেশী পৰ্যটকহে কাজিৰঙালৈ আহে। সেইদৰে দেশী পৰ্যটকৰ পৰিমানো ১৬ হাজাৰ ৮৫০জনলৈ হ্ৰাস পায়।

এনে পৰিস্থিতিৰ ফলতে ৫ কোটিৰো অধিক টকা দৰ্শনাৰ্থীৰ পৰা আহৰণ কৰা কাজিৰঙাই এই বৰ্ষত বৰ্তমানলৈকে মাত্ৰ ৪২,৩৯৬৯৯টকাহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এনে পৰিস্থিতিত অতি স্বাভাৱিকভাৱেই চাফাৰীৰ ব্যৱসায় কৰা অথবা হোটেল-ৰিজৰ্ট-ধাবাৰ ব্যৱসায়ত জড়িত সকলৰ মূৰতো কোভিডে এক মাধমাৰ সোধায়। কেৱল যে কাজিৰঙাৰ ক্ষেত্ৰতে এনে হৈছে সেয়া নহয়। ৰাজ্যখনৰ ডিব্ৰু চৈখোৱা, নামেৰি, ওৰাং, দিহিংপাটকাই আদিৰ ক্ষেত্ৰতো একেই অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰ বিপৰীতে পিছে অভাৱণীয় এক ফলাফল দেখুৱাইছে মানস ৰাষ্ট্ৰীয় উদ্যানে।

উল্লেখ কৰাৰ প্ৰয়োজন যে, মানস ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ ক্ষেত্ৰত পূৰ্বৰ পৰাই দেশী তথা অসমৰ পৰ্যটকৰ পৰিমান অতি বেছি। শেহতীয়াকৈ কোভিড পৰিস্থিতিৰ বাবে অসমৰ মধ্যবিত্ত আৰু উচ্চ মধ্যবিত্ত শ্ৰেণীটোৰ এটা বৃহৎ অংশ বহিঃৰাষ্ট্ৰলৈ যোৱাৰ পৰিৱৰ্তে মানস ৰাষ্ট্ৰীয় উদ্যানলৈকে যোৱাৰ ফলত চলিত বৰ্ষত আন সমূহ ৰাষ্ট্ৰীয় উদ্যানত ৰাজহৰ পৰিমান হ্ৰাস পোৱাৰ বিপৰীতে মানসত এয়া বিগত বৰ্ষত ১.২ কোটিৰ বিপৰীতে চলিত বৰ্ষত এয়া ১.৩০ কোটিলৈ বৃদ্ধি পাইছে।

মহানগৰীৰ গাতে লাগি থকা ৩৮ বৰ্গ কিলোমিটাৰজোৰা আৰু ১৯৮৭ বৰ্গ কিলোমিটাৰলৈ সম্প্ৰসাৰণ ঘটোৱাৰ প্ৰস্তাৱ থকা পবিতৰা অভয়াৰণ্যলৈকো স্থানীয় পৰ্যটকৰ বাহিৰে চলিত বৰ্ষত মাত্ৰ ৯জন বিদেশী পৰ্যটকহে পৰিদৰ্শনৰ বাবে আহে। যাৰ ফলত ২০১৯ বৰ্ষত ৬১ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰা পবিতৰাত ২০২০ বৰ্ষত এয়া আধালৈ নামি হয়গৈ ৩২ লাখ টকা। ২০২১ বৰ্ষতো ইয়াৰ পৰিমান সামান্য বৃদ্ধি পাই ৩২ লাখ ১৯ হাজাৰ ৮০০ হৈছে।

গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে থকা স্বত্বেও ৰাজ্যিক চিৰিয়াখানাখনত কোৰোনাৰ প্ৰভাৱ অভাৱণীয়ভাৱে পৰিছে। যোৱা কিছুদিনত এইখন সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে। চিৰিয়াখানাৰ সঞ্চালক হিচাপে থকা বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, সাধাৰণ অৱস্থাত প্ৰতি বছৰে কমপক্ষেও ২ কোটি টকাৰ ৰাজহ ৰাজ্যিক চিৰিয়াখানাত সংগৃহীত হয়। মুলত এয়া স্থানীয় দৰ্শনাৰ্থীৰ জৰিয়তেই সংগ্ৰহ হয়। কিন্তু কোভিডৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষত এই পৰিমান ৪০ লাখলৈ হ্ৰাস পাই আৰু চলিত বৰ্ষত বৰ্তমানলৈকে সংগৃহীত ৰাজহৰ পৰিমান এক প্ৰকাৰ শূন্য।তেওঁ লগতে জানিবলৈ দিয়ে যে, বছৰী প্ৰায় ৫৫ লাখ দৰ্শনাৰ্থীয়ে চিৰিয়াখানাখন দৰ্শন কৰে যদিও, বিগত বৰ্ষত এয়া প্ৰায় ৫ লাখলৈ হ্ৰাস পাই আৰু চলিত বৰ্ষৰ বিগত মাহ কেইটাত ইয়ালৈ কোনো দৰ্শনাৰ্থী অহা নাই।

ৰাজ্যখনৰ বন্যপ্ৰাণী সংৰক্ষিত গুৰুত্বপূৰ্ণ আন কেইখনমান বনাঞ্চল হ'ল ক্ৰমে- যোৰহাটৰ গিবন, কাৰ্বি আংলঙৰ গৰমপানী, তেজপুৰৰ বুঢ়াচাপৰি, দৰঙৰ বৰনদী, শোণিতপুৰৰ সোণাইৰূপাই, শিৱসাগৰৰ পানীদিহিং, তিনিচুকীয়াৰ ভেৰজান, বৰাজান, পদূমণি, কাৰ্বি আংলং-গোলাঘাটৰ সীমামূৰীয়া নামবৰ, পশ্চিম কাৰ্বিআংলং, নগাঁৱৰ লাওঁখোৱা, ধুবুৰী-কোকৰাঝাৰৰ চক্ৰশিলা, কাৰ্বি আংলঙৰ মাৰটলংৰী, গোলাঘাটৰ দৈগ্ৰুং, ডিব্ৰুগড়, তিনিচুকীয়াৰ দিহিংপাটকাই, ডিমাহাচাওৰ বৰাইল, গুৱাহাটীৰ আমচাং, দীপৰবিল আদি। তদুপৰি আছে ধেমাজিৰ পবাহ, ডিব্ৰুগড়ৰ জয়পুৰ আদি বৰ্ষাৰণ্য।

কেৱল সেয়ে নহয়, বৰাক উপত্যকাৰ পৰা গোলাঘাটলৈ , শিৱসাগৰৰ পৰা তিনিচুকীয়ালৈ, কোকৰাঝাৰৰ পৰা চাৰিদুৱাৰলৈ কেইবাখনো জিলা সামৰি আছে আন কেতবোৰ বন্যহস্তী তথা ব্যাৰ্ঘ্য প্ৰকল্পৰ প্ৰস্তাৱিত সংৰক্ষিত বন্যপ্ৰাণী এলেকা। কিন্তু সম্পদৰ মেটমৰা ভঁৰাল ৰূপে পৰিগণিত হোৱা এই অভয়াৰণ্য আৰু বনাঞ্চলৰ সম্পদে পৰ্যটন ক্ষেত্ৰৰ লগতে উদ্যোগ ক্ষেত্ৰৰ বিকাশৰ বাবেও অভূত বৰঙণি আগবঢ়োৱাৰ সম্ভাৱনা বহন কৰাৰ স্বত্বেও চৰকাৰৰ অৱহেলাৰ বাবেই এই সম্ভাৱনা ক্ৰমাৎ হ্ৰাস পোৱাৰ লগতে শেহতীয়াকৈ কোভিডৰ গ্ৰাসত পৰি বৰ্তমানলৈকে ৰাজভঁৰাললৈ আহি থকা ৰাজহৰ পৰিমানখিনিও দ্ৰুতভাৱে হ্ৰাস পাবলৈ ধৰিছে। এই ধাৰা যদি অব্যাহত থাকিবলৈ হয় তেনেহ'লে সেয়া বনজ সম্পদ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ নামত চৰকাৰে বহন কৰিব লগা হোৱা ব্যয়ৰ ক্ষেত্ৰতো ভাবিব নোৱাৰা এক সংকটৰ সৃষ্টি হ'ব ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in