নৱগ্ৰহৰ ৩ নং ছিটাত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব তৰুণ গগৈৰ…

নৱগ্ৰহৰ ৩ নং ছিটাত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব তৰুণ গগৈৰ…

সাধাৰণ লোকৰ দৰেই নৱগ্ৰহৰ তিনি নং ছিটাত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব তৰুণ গগৈৰ। আৰু কেইটামান মুহূৰ্তৰ পাছত পঞ্চবূতত বিলীন হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ। এই সন্দৰ্ভত নৱগ্ৰহৰ পৰা অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ বিশেষ প্ৰতিবেদন।

নৱগ্ৰহহে হ'ব তৰুণ গগৈৰ অন্তিম ঠিকনা। ২৬ নবেম্বৰৰ দিনা পঞ্চভূতত বিলীন হ'ব অসমৰ অন্যতম জনপ্ৰিয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। মৰতৰ ঠিকনা এৰি সৰগৰ ঠিকনা বিচাৰি গুচি যোৱা প্ৰিয় নেতাজনৰ নশ্বৰ দেহ মিলি যাব জুইত ছাঁই হৈ।

তৰুণ গগৈ নামৰ প্ৰিয় মানুহজনৰ কায়িক অস্বিত্ব মুলতঃ শেষ হ'ব বৃহস্পতিবাৰে। প্ৰস্তুতি চলিছে নৱগ্ৰহত। সহস্ৰাধিক মানুহ সাক্ষী হ'ব তেওঁৰ শেষকৃতৰ। সেই ধৰণেই এতিয়া প্ৰস্তুতি চলিছে নৱগ্ৰহ শ্মশানত।

সাজু কৰা হৈছে নৱগ্ৰহ শ্মশান…

অসমৰ বাবে, অসমৰ হকে ৰাজনীতিৰ জৰিয়তে ওৰেটো জীৱন উৎসৰ্গা কৰা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত এক নিৰ্দিষ্ট স্থানত সমাধিস্থল নিৰ্মাণ কৰিব পৰাকৈ সম্পন্ন কৰাৰ দাবী উঠিছিল।

ইয়াৰ বাবে গুৱাহাটী মহানগৰীত এটুকুৰা চৰকাৰী ভূমি দিয়াৰ বাবে অনুৰোধ কৰিছিল তেওঁৰ গুণমুগ্ধ সকলে। বিভিন্ন কাৰণত সেয়া সম্ভৱ নহ'ল। আমিনগাঁৱত তেওঁৰ সমাধিৰ বাবে এটুকুৰা মাটি দিয়াৰ কথা কোৱা হৈছিল যদিও, পৰিয়ালে নৱগ্ৰহতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব বিচাৰিছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সদৰি কৰিছে। সেয়েহে সাধাৰণ ভাৱেই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া নৱগ্ৰহৰ শ্মশানৰ ৩ নং ছিটাত সম্পন্ন হ'ব।

ইয়াতেই হ'ব অন্ত্যেষ্টিক্ৰিয়া…

নৱগ্ৰহত ২৫ নবেম্বৰৰ নিশা প্ৰায় ২০-২৫জন বনুৱাই ইয়াৰ বাবে প্ৰস্তুতি চলাই আছে। তিনি নম্বৰ ছিটাৰ পৰা এক অংশ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে সাজু কৰি তোলা হৈছে দ্ৰুত গতিত।

বৃহস্পতিবাৰৰ পুৱাই অৰ্থাৎ ২৬ নবেম্বৰত তেওঁৰ নশ্বৰ দেহ কলাক্ষেত্ৰৰ পৰা নিয়া হ'ব বাসভৱনলৈ। তাতেই পৰিয়ালে ধৰ্মীয় নীতি অনুসৰি শেষকৃতৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিব।

তাৰপাছতেই তেওঁৰ নশ্বৰ দেহ মছজিদ, মন্দিৰ আৰু গীৰ্জালৈ নিয়া হ'ব। এনেদৰেই গুণমুগ্ধ আৰু তেওঁক ভালপোৱা মানুহেৰে এক বিশাল সমদলৰে নশ্বৰ দেহ লৈ যোৱা হ'ব নৱগ্ৰহলৈ। উল্লেখ্য যে নৱগ্ৰহ শ্মশানৰ সমীপতে আছে 'লোকপ্ৰিয় শান্তি স্থল'।

অসমৰ প্রথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ ১৯৫০চনৰ ৫ আগষ্টত মৃত্যু হৈছিল। বৰদলৈৰ সমাধিস্থল শ্মশানৰ কাষতেই অতি সুন্দৰকৈ নিৰ্মাণ কৰিছিল আৰু তালৈ যথেষ্ট সংখ্যক দৰ্শনাৰ্থীও যায়।

লোকপ্ৰিয় শান্তি স্থল…

লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমাধিস্থলৰ সমীপৱৰ্তী সাধাৰণ লোকৰ দৰেই নৱগ্ৰহ শ্মশানত অনুষ্ঠিত হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া। বহুতে ভাবিছিল নৱগ্ৰহৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কাষত তেওঁৰ সমাধিস্থল কৰা হ'ব। কিন্তু হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা মতে, পৰিয়ালে লোৱা সিদ্ধান্ত মৰ্মে নৱগ্ৰহ শ্মশানতহে শেষকৃত সম্পন্ন হ'ব তৰুণ গগৈৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in